কুকুৰ (ইন্দিৰা গোস্বামী)

গুৰু দ্ৰোণাচাৰ্যই তেওঁৰ প্ৰিয় শিষ্য অৰ্জুন আৰু আন-আন শিক্ষাৰ্থীৰ লগত চিকাৰৰ উদ্দেশ্যে বনত সোমাল৷ লগত তেওঁলোকৰ কুকুৰটো৷ তাৰ ভুক-ভুকনিয়ে একলব্যৰ মনোযোগত ব্যাঘাত হনা বাবে একলব্যই কুকুৰটোৰ মুখখন শৰবিদ্ধ কৰিলে৷ তাৰ পাছৰখিনি আমাৰ সকলোৰে জ্ঞাত৷

ধৰ্মৰাজ যুধিষ্ঠৰৰ স্বৰ্গযাত্ৰাৰ অন্তিমটো ক্ষণলৈকে সংগ দিছিল এই কুকুৰেই৷ কুকুৰ আৰু মানুহৰ সংগ বহুযুগ পুৰণি৷ প্ৰভুভক্ত কুকুৰকো পাছে আমি প্ৰায়ে সুদাই নেৰোঁ৷ কুকুৰৰ জাত, কুকুৰৰ পোৱালি, চাল্লা কুকুৰ আৰু ক’ত যে কি! ?

: জানেনে বাৰু কুকুৰ কেনেকৈ ঘৰচীয়া হ’ল?
: স্বইচ্ছাই৷

উত্তৰটো মনঃপূত নিশ্চয় হোৱা নাই……

আহকচোন! সাধু এটা কওঁ তাৰপাছত কিজানি উত্তৰটো মনঃপূত হয়৷

আন- আন বনৰীয়া জন্তুবোৰৰ মাজৰে এবিধ জন্তু আছিল কুকুৰ৷ নিজৰ মালিক নিজে৷ স্বতন্ত্ৰ৷ বন্য জীৱকুলৰ মাজত নিজৰ স্থিতি বজাই ৰাখি জীৱন নিৰ্বাহ কৰা, নিজতকৈ বলী আন জীৱৰ পৰা নিজকে বচাই ৰখা, খাদ্যৰ অনুসন্ধান কৰা এইবোৰ কৰি কৰি কুকুৰৰ এদিন আমনি লাগিল৷ বহু চিন্তা চৰ্চা কৰি সিদ্ধান্ত ল’লে নিজতকৈ বলৱান আন কোনো জীৱৰ তলত বশ্যতা স্বীকাৰ কৰাৰ যাতে সি নিৰাপত্তা অনুভৱ কৰিব পাৰে৷

এদিন জংঘলত ঘূৰি ফুৰোতে কুকুৰটোৱে এটা কুকুৰনেচীয়া বাঘক লগ পালে৷ ভাব বিনিময়ৰ অন্তত কুকুৰটোক কুকুৰনেচীয়াটোৱে তাক সেৱা কৰাৰ সুযোগ দিলে৷ কেইদিনমানৰ পাছত দুয়ো একেলগে ঘূৰি ফুৰোঁতে এটা ভালুকৰ সন্মুখীন হ’ল৷ ভালুকটো দেখি কুকুৰনেচীয়া বাঘটো একে লৰে গৈ জোপোহাৰ আঁৰ হ’ল৷ কথাটো বুজি উঠি এইবাৰ কুকুৰটো ভালুকৰ লগ লাগিল৷ কিছুদিন যোৱাৰ পাছত কুকুৰটোৱে গম পালে ভালুকে সিংহলৈ ভয় কৰে৷ যিহেতু সিংহ ভালুকতকৈ শক্তিশালী এইবাৰ কুকুৰটোৱে সিংহৰ সেৱা কৰাৰ সিদ্ধান্ত ল’লে৷ বহুত বছৰলৈ কুকুৰটোৱে নিশ্চিত হৈ সিংহৰ সেৱাত নিজকে নিয়োগ কৰিলে৷ খুব সুন্দৰকৈ তাৰ সময়বোৰ পাৰ হ’বলৈ ধৰিলে৷ আগৰদৰে আৰু আন বনৰীয়া জন্তুৰ আগত ভয় ভয়কৈ থাকিব নলগা হ’ল৷

এদিনাখন জংঘলত সিংহৰ স’তে ক’ৰবালৈ গৈ থাকাতোঁ সিংহই মানুহৰ গোন্ধ পালে আৰু কুকুৰটোক ক’লে ব’ল পলাও৷ নহ’লে আমাৰ কি অবস্থা হয় ঠিকনা নাই৷ কথাশুনি কুকুৰটোৱে সিংহক এৰি মানুহৰ লগ ল’লে৷

আৰু তেতিয়াৰ পৰাই কুকুৰে মানুহক সেৱা আগবঢ়াই আহিছে একমাত্ৰ প্ৰভুভক্ত জীৱ হিচাপে৷
( পাঠ এটাৰ সহায়লৈ)
☆★☆

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
shan
3 years ago

বঢ়ি্য়া লাগিল