কুকুৰ (ৰক্তিম গোস্বামী)

কুকুৰ

ৰক্তিম গোস্বামী

 

 

“Bird of Prey, Bird of Prey
Flying high, Flying high
In the summer sky”
……ৰিণিকি ৰিণিকি মৰিচনৰ মাতত গীতটি ভাঁহি আহিছিল দুপৰ নিশাৰ নিস্তব্ধতা ভেদি। মানসৰ মনটো অলপ সজীৱ হ’ল দুপৰ নিশা এই গীতৰ যাযাবৰী আৱেশত। কি কৰিব? টোপনি কেতিয়াবাই ফাইচিটিকা মাৰিলে চকুৰ পৰা। চিন্তাৰ বিশাল যন্ত্র এটা শুবলৈ ধৰিলেই ঘৰ ঘৰ শব্দ কৰি মগজুৰ ভিতৰত চলিবলৈ আৰম্ভ কৰে। এবাৰ ইফালে, এবাৰ সিফালে বাগৰ সলালেও কামত নাহে। গাৰুটোত মূৰটো থলেই যেন প্রাণ পই উঠে মেচিনটোৱে, গঢ়ি যায় এটাৰ পিছত আন এটা ভয়ানক চিন্তাৰ ফচল।
মানসে এম.এ পাছ কৰিলে আজি কিছু বছৰ আগেয়ে। প্রাক্-প্রাথমিক, প্রাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক, স্নাতক, স্নাতকোত্তৰ এডাল বেচ শকত আবত শিক্ষাৰ ৰেখাৰ ওপৰেদি এখোপ এখোপকৈ জুপি জুপি বগাই আহি শিক্ষা সাং কৰিলে সি। কিন্তু কিয় কৰিলে? এটি খোজৰ পিছত আনটো খোজ দিবলৈ ইমান কম সময় আৰু ঠাই আছিল যে অলপ পৰ ৰৈ কোনফালে যোৱাটো উচিত তাক ভাবি চাবলৈ সময়ে নাপালে। আজি ২৮টা বছৰ গ’ল। এতিয়া তাৰ হাতত সময়ে সময়। দিনত সময়,
আবেলি সময়, ৰাতি দুপৰলৈকে সময়।
“বাপেৰৰ টকা কেইটাৰে টেটুলৈকে ভাত গাল গিলিবলৈ লাজ নালাগে? ছবি আঁকি দেখুৱাব আহিছে। কোনে কিনিব তোৰ ছবি? ৰং কিনিবলৈ পইছা কেইটা মোক খোজ। গলগ্রহ হ’বলৈ ইমান পঢ়ালো-শুনালো।”
…ওলাই আহিছিল ঘৰৰ পৰা মানস। অভিমান কৰি নহয়, অলপ নিস্তব্ধতা বিচাৰি।ৰং ভাল পোৱা মানসৰ জীৱনটো ৰং ভালপোৱাৰ বাবেই বগা-ক’লা ছবিৰ লেখীয়া হ’ল।ঘৰৰ পৰা সি বেংগল’ৰ গুচি আহিছিল পোনে পোনে। বন্ধুৰ মূখেৰে শুনিছিল ইয়াত চাকৰি অসমৰ দৰে এক দূৰ্লভ বস্তু নহয়। এটা ক’ল চেণ্টাৰত কাম কৰাৰ সহজতে সুযোগ পাইছিলে মানসে। কম সময়তে সি নিশাচৰ হ’ল। পলকতে তাৰ ৰঙৰে আবৰি থকা জীৱনটো বগা গাড়ীবোৰ আৰু বগা পোচাকী গাড়ীচালকবোৰে সামৰি পেলালে।
সি নাম দিলে চহৰখনৰ – “Bangalore- The City of White Cabs”। টোপনি খেদি খেদি চাওতেই বহুদিন পাৰ হ’ল। অলপ ভাল টোপনিৰ চিন্তাই বহুদিনৰ পৰা তাক নিজৰ পৰা আঁতৰাই ৰাখিছিল। এটা কোঠালী, ঘৰত দি থৈ যোৱা ভাতৰ টোপোলা আৰু নিশাৰ ৯ঘন্টাৰ কৰ্মব্যস্ততাক কেন্দ্র কৰি ঘূৰি থাকিল মানসৰ জীৱন নামৰ চকৰিটো।
“এখন নামি চহৰ, বিদেশী কোম্পেনীত কষ্ট আৰু যোগ্যতাৰে অৰ্জা ধন, ঘৰৰ কিছু দায়িত্ব। বছৰত এক্-দুইবাৰকৈ ঘৰ গৈ মা-পিতাই, বন্ধু বান্ধৱক লগ ধৰো। সকলোতো স্থিৰ, মেথমেটিকেলি কৰেক্ট।… নাই সকলো স্থিৰ নহয়। মোৰ মনটো কিবা কাৰণত স্থিৰ নহয়। …….ক’ৰবাত কিবা এটা ভুল হৈ আছে যি মোক অশান্তিত ৰাখিছে। সকলো থাকিও, সকলো কৰিও কিহৰ এই উদং উদং ভাব?
কিয় কোনো এক অজ্ঞাত অনুভৱে তিলতিলকৈ চেপি-খূন্দি মোক বাৰে বাৰে কিবা এটা সকীয়াই দিব খূজিছে? কিয় অনুভৱ হয় বাৰে বাৰে – মহাকাশত ওপঙি ফুৰা মই যেন এডাল বিশাল শিপাহীন গছ …”
বাস্তৱৰ দুহাতত ধৰি ওলমি থকা সময়ে তৰপে তৰপে ৰুকি ৰুকি পেলায় যায় জীৱনৰ মিছাবোৰ। চকামকা পোহৰত পলকতে চকুমুদি আমিবোৰে সেইফালে চাই চকু মেলো যি ফালে পোহৰ স্থিৰ। অত্যাধিক যান্ত্রিকতা আৰু গতানুগতিকতাই মানসৰ জীৱনৰ পৰা কাঢ়ি নিয়া ৰঙবোৰে, মানসৰ ছবিবোৰে লাহে লাহে মানসক বছিকৈ আমণি কৰি আহিব ধৰিলে। অহৰহ নিজৰ পৰা নিজকে লুকুৱাব বিচাৰি লুকুৱাব নোৱাৰাৰ এক অসঁহনীয় যন্ত্রণাই লাহে লাহে কোঙা কৰি আহিছিল মানসক মানসিকভাবে। সি প্রায়েই কৈছিল -“অমূল্য বৰুৱাৰ খাবলৈ জীয়াই থকা ‘কুকুৰ’টোক মাৰি পেলোৱাই ভাল কাৰণ তাৰ ভাগৰ খাদ্যভাগ তেতিয়া জীয়াই থাকিবলৈ খোৱা কুকুৰ এটাৰ কামত আহিব।”
…মানসে চাকৰি বাদ দিলে আজি এসপ্তাহ আগতে। বাহিৰৰ পৃথিবীখনত তাৰ নিজকে নাঙঠ নাঙঠ অনুভৱ হৈছিল। সি বিচৰা কাপোৰযোৰো যে আনৰ হাতত বিচাৰি নাপালে। তাৰ অকলশৰীয়া কোঠালীতে নিজকে আবদ্ধ কৰি ৰাখিছে কিবা এটাৰ সন্ধানত, আঁকি গৈছে এখনৰ পিছত আনখন কোনেও নুবুজা ছবি।তাৰ সময়বোৰ অকস্মাৎ ৰখি গ’ল কিবা এটা বিচাৰি। ঘৰখন, ঘৰখনে স্থিৰ কৰা তাৰ ভবিষ্যত, তাৰ শিক্ষা, তাৰ চাকৰি, তাৰ দায়িত্ব আৰু তাৰ ছবিবোৰৰ মাজতে কিবা এটা বিচাৰি আছে আজি কিছুদিনৰ পৰা সি। এটা যঁট আছে কৰবাত। মাৰ পেটতে আৰম্ভ হৈ এই মহানগৰৰ যান্ত্রিকতালৈকে বিষাক্ত বৰলৰ জাকৰ দৰে খেদি ফুৰা প্রশ্নবোৰৰ উত্তৰবোৰ এই যঁট ভাঙিলেই ওলাব। মানস পুৱাৰ পৰা দুপৰ নিশালৈকে এতিয়া উত্তৰৰ সন্ধানত যি উত্তৰৰ অবিহনে সি হয়তো তাৰ কোঠালীৰ বাহিৰলৈ কাহানিও ওলাই আহিব নোৱাৰিব….
….পুৱতি নিশা, মানসৰ চিলিমিলিকৈ অলপ টোপনি আহিছে। দূৰণিৰ আন কোনো এক মানসৰ কোঠালীত দূৰু দূৰুকৈ এতিয়াও বাজি আছে গীতটি…..

Bird of Prey,Bird of Prey
Flying high,Flying high
Am i going to die ?
Bird of Prey,Bird of Prey
Flying high,Flying high
Take me on your flight…..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments