কুণ্ডলিনী (একত্ৰিংশ খণ্ড) – পৰী পাৰবিন

“মাৰ্শ্বাল আৰ্টৰ কৌশলসমূহৰ প্ৰতিটোৰে নিজা এক শৈলীৰে থাকে। নিৰ্দিষ্ট শৈলীৰে এক পৰিক্ৰমাৰ মাজেৰে ই শৃংখলাবদ্ধ হৈ ৰয়। এই শৈলীসমূহৰ নিয়মিত অভ্যাসে তোৰ শৰীৰৰ লগত পেশীসমূহৰ সঞ্চালন স্বয়ংক্ৰিয় কৰি তুলিব। তই কালি সন্ধ্যা সেই ল’ৰাকেইজনৰ লগত যি কৌশল ব্যৱহাৰ কৰিলি, সেয়া তোৰ মনৰ গতিৰে চলমান এক কৌশল। সিহঁত হয়তো তেনেই কেঁচেলুৱা আছিল। সিহঁতে পুৰুষ নামৰ অহংকাৰেৰে তোক দমন কৰিবলৈ আহিছিল। সিহঁতে গম পোৱা নাছিল, জাগ্ৰত নাৰীতকৈ শক্তিশালী একোৱেই হ’ব নোৱাৰে। কুণ্ডলিনীৰ শক্তিয়েই ইয়াৰ উপযুক্ত প্ৰমাণ। তয়ো কুণ্ডলিনী হোৱাৰ পথত আগবাঢ়ি গৈছ ঈশানী,” যোগগুৰুৱে কথাবোৰ কৈ গ’ল ঈশানীক।

“যোগগুৰু, নাৰী যদি ইমানেই শক্তিশালী, পদে পদে লাঞ্চিত কিয়?”

“সেইটোৱেই আচল প্ৰশ্ন কুণ্ডলিনী। নাৰী পদে পদে লাঞ্চিত কিয়? কাৰণ নাৰীয়ে নিজৰ শক্তিৰ কথা অনুধাৱন কৰিব নোৱাৰে। আচলতে অনুধাৱনৰ সুযোগসমূহ লুকুৱাই থোৱা হয়। প্ৰকৃতিয়ে কি বিচাৰ কৰি নাৰীৰ গৰ্ভক বংশ ৰক্ষাৰ দায়িত্ব দিলে? সামৰ্থ আছে কাৰণেইতো; নহয়নে? প্ৰকৃতিৰ দৃষ্টিত ইমান শক্তিৰ আকৰ এটাক পুৰুষপ্ৰধান সমাজে বশ কৰিবলৈকে অতবোৰ নীতি-নিয়মৰ সৃষ্টি কৰিলে। তই এই দায়িত্ব ল’ব লাগিব কুণ্ডলিনী। নাৰীৰ শক্তি উজ্জীৱিত কৰাৰ পণ ল’ব লাগিব। নহ’লে মোৰ মৃত দুহিতাৰ আত্মাই শান্তি নাপাব।”

কথাখিনি কৈ যোগগুৰু কিছুসময় ৰ’ল। দুচকুৰ কোণ বিৰিঙিছিল নেকি?

ঈশানীয়ে নেদেখিলে। কিছুমান অনুভৱক বুকুত কঢ়িওৱা দৰকাৰ। তাই লৈছে সেই পণ, গভীৰ আত্মবিশ্বাসেৰে, গভীৰ মূল্যবোধেৰে অধৰ্মক নাশ কৰাৰ পণ লৈছে তাই।

তাই চকু দুটা মুদি ৰ’ল। যোগগুৰুৰ স’তে অকলে ধ্যানস্থ আসনত। তাৰ পিছত কেৰাটেৰ অনুশীলনৰ কাৰণে সাজু হ’ল।

“তোৰ সমস্ত মনসংযোগ তোৰ অন্তৰাত্মালৈ লৈ যা। তই নিজৰ হৈ যা। বহিঃজগতৰ সমূহ চিন্তা আঁতৰাই থ।”

“এতিয়া যিমান পাৰ জোৰেৰে উশাহ ল।”

“এতিয়া তোৰ অৱস্থান নিৰ্ণয় কৰ। সুস্থিৰ হৈ থাকিব পৰাকৈ নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবি। শৰীৰৰ প্ৰতিটো অংগৰ মাজত বুজাপৰা ৰাখিবি।”

“প্ৰতিপক্ষৰ ওপৰত চকু থ। সেয়া তোৰ কাল্পনিক প্ৰতিপক্ষ।”

যোগগুৰুৰ প্ৰতিটো নিৰ্দেশ মানি তাই উপযুক্ত অৱস্থান লৈ ল’লে। কাল্পনিক প্ৰতিপক্ষ বোলোতেই মনৰ গতি চঞ্চল হৈ পৰিল।

কাল্পনিক প্ৰতিপক্ষ মানে কালিৰ ল’ৰা চাৰিটা নে সাহিত্য দুৱৰাৰ দল নে দাঁত নিকটাই হাঁহি থকা শিথিল সমাজ নে সন্দেহৰ জুয়ে পুৰি ছাই কৰা আত্মীয়-স্বজন?

চঞ্চল হৈ পৰিল তাই। বিমৰ্ষও হ’ল কিছু পৰিমাণে। যি অখণ্ড মনোনিৱেশৰ পণ লৈ তাই প্ৰশিক্ষণত নামিছিল, সেয়া ভংগ হ’ল। পানী এগিলাচৰ প্ৰয়োজনবোধ কৰিলে বৰকৈ। কিন্তু যোগগুৰুৱে এতিয়া পানী খাবলৈ নিদিয়ে। প্ৰশিক্ষণৰ সাধনাৰ সময়ছোৱা অতি কঠিন। মন নবহিলে আৰু বেছি কঠিন হৈ পৰে।

আগৰ দিনৰ কথাবোৰ মনলৈ আহিল। বহুদিনৰ মূৰৰ বৰষুণজাকে তাইক বাৰুকৈয়ে তিতালে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কেবাখনো কিতাপ ডিকিত ভৰাই স্কুটি ষ্টাৰ্ট দিওতেই মাতিছিল তেওঁ। দুই-তিনিঘণ্টাৰ বাবে লগ পোৱা নতুন মানুহ এজনৰ বাবে তাই যেন অতি চিনাকী হৈ পৰিছে, তেনে লাগিল। বিমুগ্ধ নয়নে তাইলৈ চাই ৰৈছিল তেওঁ। এনেকৈয়ে চাইছিল সাহিত্য দুৱৰায়ো। ক্লাছ টেনতো একেই দৃষ্টি নিক্ষেপিত হৈছিল খিড়িকীৰ সিপাৰৰ পৰা। কোনযোৰ চকুত ছলনা থাকে, কোনযোৰত প্ৰত্যয়ে বাস পাতে, তাই হয়তো বুজিব নোৱাৰে। কিন্তু তথাপিতো চকুৱে টানে। চকুত হেঁপাহৰ বা’ বলি থাকে অহৰহ। চকুত তৃষা লুকাই থাকে, সেয়া জীৱনৰ তৃষা। চকুত নিচা থাকে; সেয়া জীৱনৰ নিচা।

“কুণ্ডলিনী কি হৈছে তোৰ?”, যোগগুৰুৱে তাইৰ অস্থিৰতা ধৰা পেলাইছে।

যোগগুৰুলৈ ফোন আহিছে। যোগগুৰুৱে প্ৰশিক্ষণৰ পৰা বিৰতি ল’লে। থানালৈ যাব লাগে। এছ পি ছাৰে মাতিছে।

 

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক