কুলাংগাৰ (মূল: ইটালো কালভিনো, অনুবাদ: ৰঞ্জিৎ কুমাৰ বৰা)

 

 (ইটালো কালভিনোৰ ‘ব্লেকশ্বিপ’ গল্পটোৰ অনুবাদ প্ৰয়াস)

দেশখনত সকলোৰে এটাই বৃত্তি আছিল—চুৰি৷

নিশা নামি আহিলেই প্ৰত্যেকে হাতত চাবি একোছা আৰু লেম্প লৈ ওলাই যায়৷ প্ৰতিৱেশী এঘৰত চুৰি কৰি উদং কৰে৷ পুৱা দুহাতত চুৰি সামগ্ৰী লৈ যেতিয়া সকলোৱে নিজ নিজ ঘৰত প্ৰৱেশ কৰে, তেতিয়া দেখে তেওঁলোকৰো ঘৰসমূহ খালী হৈ গৈছে৷

দেশখনত সেয়ে সকলোৱে সুখে-সন্তোষে বসবাস কৰিছিল৷ কোনোৱে একো হেৰুৱাব লগা নহৈছিল৷ সকলোৱে সকলোৰেপৰা চুৰি কৰিছিল৷ ব্যৱসায়-বাণিজ্যও ভালদৰে চলিছিল৷ কিয়নো ক্ৰেতা-বিক্ৰেতা সকলোৱে পৰস্পৰক ঠগিছিল৷ দেশখনৰ শাসনত আছিল এটা অপৰাধী সংগঠন৷ চৰকাৰে জনতাৰ সা-সম্পত্তি চুৰি কৰিছিল৷ নাগৰিকেও চৰকাৰী সম্পদ চুৰ কৰিছিল৷ চৰকাৰে কোনো কথাতে জবাবদিহি হ’ব লগা নহৈছিল৷ নাগৰিকেও চৰকাৰী আইন-কানুনক অংগুষ্ঠ দেখুৱাই চলিছিল৷ সেইদৰে সকলোৰে জীৱন মসৃণভাৱে চলিছিল৷ দেশখনত ধনী-দুখীয়া নাছিল৷Kulongar_Ranjit Kr Bora

এদিন দেশখনত এজন সৎ লোকৰ আগমন ঘটিল৷ ক’ৰ পৰা কেনেকৈ আহিল, কোনেও নাজানিলে৷ তেওঁ নিশা চুৰ কৰিবলৈ নগ’ল৷ চুৰত আৰু উপন্যাস লৈ ঘৰতে এখন চকীত বহি থাকিল৷

চোৰে নিশা সৎ লোকজনৰ ঘৰত পোহৰ দেখি নঙলামুখৰপৰাই ওভতি গ’ল৷

তেনেদৰে কেইদিনমান গ’ল৷ এদিন কেইজনমান লোকে গৈ তেওঁক বিনম্ৰতাৰে বুজালে যে তেওঁ একো নকৰাকৈ বহি থাকিব পাৰে৷ কিন্তু আনক বহি থাকিবলৈ বাধ্য কৰাব নোৱাৰে৷ তেওঁ নিশা ঘৰৰ পৰা ওলাই নগ’লে এটা পৰিয়ালে নোখোৱাকৈ থাকিব লাগিব৷

সৎ মানুহজনে আপত্তি নকৰিলে৷ তেওঁ নিশা ঘৰৰ পৰা ওলাই গৈ আনৰ দৰে পুৱা ঘৰলৈ ওভতা হ’ল৷ কিন্তু তেওঁ চুৰি নকৰিলে৷ তেওঁ প্ৰকৃতাৰ্থত এজন সৎ লোক আছিল৷ তেওঁ নিশা এখন সাঁকোৰ ওপৰত উঠি তলেৰে প্ৰৱাহিত পানীৰ দৃশ্য উপভোগ কৰি থাকিল৷ পুৱা ঘৰলৈ ওভতি গৈ তেওঁ দেখে যে ঘৰত থকা সকলো সামগ্ৰী চুৰি হৈ গৈছে৷

এসপ্তাহৰো কম সময়ৰ ভিতৰতে তেওঁ সৰ্বহাৰা হৈ পৰিল৷ আনকি খাবলৈও একো বাকী নাথাকিল৷ কিন্তু তাৰ বাবে তেওঁ কাকো দূষিবও নোৱাৰে৷ কাৰণ দুৰৱস্থাৰ বাবে তেওঁ নিজেই দায়ী৷ কিন্তু আচল সমস্যাটো হ’ল আন ঠাইত৷ লোকজনে চুৰ নকৰাৰ বাবে প্ৰতিনিশা এঘৰত চুৰি নোহোৱাকৈ থাকিল৷ সেই লোকজনে চুৰ কৰি ঘৰলৈ ওভতি গৈ দেখে যে তেওঁৰ ঘৰত একোৱেই চুৰি হোৱা নাই৷ তেনে লোকসকল ক্ৰমশঃ ধনী হৈ পৰিল৷ তেওঁলোকে আৰু চুৰি কৰিবলৈ নিবিচৰা হ’ল৷ আনহাতে সৎ লোকজনৰ ঘৰলৈ চুৰি কৰিবলৈ যোৱাজনৰ বাবে ঘৰটোত চুৰ কৰিবলৈ একোৱেই নাছিল৷ ফলত সেই লোকসকল দুখীয়া হৈ পৰিল৷

ইয়াৰ মাজতে ধনী হৈ পৰাসকলৰ মাজত সৎ লোকজনৰ নিচাই ধৰিলে৷ তেওঁলোকেও নিশা দলঙলৈ গৈ বোৱতী পানীৰ ধাৰা উপভোগ কৰাত লাগিল৷ ফলত দেশখনত খেলিমেলিৰ সৃষ্টি হ’ল৷ কিয়নো সিয়ে আন বহু লোকক যিদৰে ধনীত পৰিণত কৰিলে, বহু লোকক দুখীয়াও কৰিলে৷

এতিয়া ধনীসকলে দেখিলে যে প্ৰতিনিশা দলঙলৈ ফুৰিবলৈ গ’লে তেওঁলোকে সোণকালে দুখীয়া হৈ পৰিব৷ তেওঁলোকে ভাবিলে—‘কিছু ধনৰ বিনিময়ত কিছু দুখীয়াক তেওঁলোকৰ হৈ চুৰি কাৰ্যত নিয়োগ কৰিলে কেনে হয়! ’ তেওঁলোকে কিছু গৰিৱৰ সৈতে চুক্তি কৰিলে৷ বেতনভুক্ত চোৰ নিয়োগ কৰিলে৷ কিছুমানক শতাংশৰ হিচাপত চুক্তিবদ্ধ কৰিলে৷ অৱশ্যেে ধনীসকলে তেতিয়াও পৰস্পৰক লুট কৰাৰ চেষ্টাত ব্ৰতী আছিল৷ কিন্তুু নতুন ব্যৱস্থাত ধনীসকল অধিক ধনী হৈ পৰিল৷ গৰিৱসকল গৰিৱ৷

কিছু লোক ইমানেই ধনী হ’ল যে তেওঁলোকৰ বাবে চুৰ কৰাৰ প্ৰয়োজনেই নোহোৱা হ’ল নাইবা ধনী হৈ থকাৰ বাবে আনক চুৰিৰ বাবে নিয়োগ কৰাৰ প্ৰয়োজনো নাইকিয়া হৈ পৰিল৷ কিন্তু তেওঁলোকে যদি চুৰি কৰা বন্ধ কৰি দিয়ে পুনৰ গৰিৱ হ’ব লাগিব৷ কিয়নো দুখীয়াসকলে তেওঁলোকৰ পৰা চুৰি কৰিব৷ সেয়ে তেওঁলোকে সবাতকৈ দুখীয়া লোকক দুখীয়াৰ পৰা তেওঁলোকৰ ধন-সম্পদ সুৰক্ষাত নিয়োজিত কৰিলে৷ গৰিৱসকলক লৈ তেওঁলোকে পুলিচ বাহিনী গঢ়িলে আৰু কাৰাগাৰ নিৰ্মাণ কৰিলে৷

এইদৰে সেই সৎ লোকজনৰ আৱিৰ্ভাৱৰ কিছু বছৰৰ ভিতৰতে দেশখনত সকলোৱে চুৰিৰ বিষয়ে ভাবিবলৈ এৰি দিলে৷ তেওঁলোকে গৰিৱ আৰু ধনীৰ বিষয়েহে চৰ্চা কৰা হ’ল৷ কিন্তু তেতিয়াও তেওঁলোক চোৰেই আছিল৷

এই সকলোৰে আৰম্ভণিত আছিল সেই সৎ লোকজন৷ তেওঁৰ খাবলৈ নাপাই কেতিয়াবাই মৃত্যু হৈছিল৷

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
6 years ago

Galpa to parhi khub val lagil. . 🙂