কুলি চৰাইজনী আৰু এটা বিস্ফোৰণ (সত্যজিৎ শইকীয়া)

(আবেলিলৈ আমাৰ অফিচত এখন জৰুৰী ছিকিউৰিটি মিটিং অনুষ্ঠিত হ’ল। মিটিঙৰ সিদ্ধান্তমতে মোৰ নেতৃত্বত মুঠ তিনিজনীয়া কমিটী গঠন কৰি ঘটনাটোৰ তদন্ত কৰিবলৈ। মই হাঁহিম নে কান্দিম, নে সঁচা কথাটো সকলোৰে আগত কৈ দিম একো বুজি পোৱা নাছিলো।আচলতে সেই এলেকাটো ভাৰতীয় সেনাবাহিনীৰ এটা বিশেষ এলেকা আছিল, তাত ফটকা ফুটোৱা দূৰৈৰ কথা আনকি দেৱালীত ফুলজাৰি জ্বলোৱাও নিষিদ্ধ কৰি থোৱা আছে)

মোৰ জীৱনত ঘটা এটা সঁচা কাহিনী এইটো।

যোৱা বছৰৰ এপ্ৰিল মাহৰ কোনোবা এটা দিন। চাকৰি সূত্ৰে মই তেতিয়া মুম্বাইত। মই থকা বিল্ডিঙটোৰ নিচেই কাষতে এজোপা প্ৰকাণ্ড আমগছ আছিল। সাধাৰণতে মোৰ ৰাতি শোৱা অলপ দেৰি হয় আৰু পুৱা প্ৰায় ৮ বজাত উঠো ।কিন্তু বসন্তৰ সেই কেইটাদিনত আমজোপাত থকা কুলি চৰাই এজনীয়ে পুৱাই পুৱাই কুউউ.. কুউউ কৈ তাইৰ প্ৰ’গ্ৰাম আৰম্ভ কৰি দিয়ে ।সদায় তাইৰ কাৰণে পুৱা ৪ মান বজাতে সাৰ পাওঁ, খুব খং উঠে মোৰ, কোঠাটোৰ খিৰিকীখন খুলি তাইক চাপৰি এটা মাৰি খেদি দিওঁ যদিও, অলপ সময়ৰ পিচত আকৌ তাই আহি তাইৰ ফাংচন আৰম্ভ কৰি দিয়ে। খিৰিকীখন খুলি হাতখন মেলি দি চাও। হাতখন আৰু ২ফুটমান দীঘল হোৱা হ’লে তাইক হাতেৰে ধৰি আনিব পাৰিলোঁহেঁতেন। আমজোপাৰ সেই ডালটো মোৰ ৰুমটোৰ ইমান কাষতে আছিল। মই মনতে ভাবো, হে ভগৱান কি কৰা যায়! ৰাতি এপৰলৈকে অফিচৰ কাম, লগৰ ল’ৰা, ফে’চবুক, গাৰ্লফ্ৰেণ্ডৰ মেছেজৰ প্ৰকোপত শুব নোৱাৰো। তাতে আকৌ দোকমোকালিতে এই কুলিজনী, কেতিয়াবা ৰাতি নোশোৱাৰ কাৰণে অফিচতে চকু জাপ খাই আহে।কেতিয়াবা খুব মূৰৰ বিষ হয় আৰু পুৱা সদায় সদায় কুলিজনীৰ একেটাই কাণ্ড !
মোৰ মূৰত বুদ্ধি এটাই বাহ ল’লে ! ৬/৭ দিন মান সহ্য কৰাৰ পিচত এদিন, দেৱালীত ফুটোৱা কেইটামান ফটকা কিনি আনিলো আৰু ৰাতিয়েই ৩টা ফটকা একেলগে বান্ধি থ’লো যাতে পুৱা কুলিজনী অহামাত্ৰকে একেলগে ফুটাব পাৰোঁ আৰু  কুলিজনীয়ে ভয় খাই আৰু কেতিয়াও নাহে।খিৰিকীখন ৰাতিয়েই খুলি থৈ দিলোঁ, পিছদিনা ভবামতেই কাম ! পুৱা কুলিজনী অহা মাত্ৰকে একেলগে বান্ধি থোৱা ফটকা কেইটা জ্বলাই আমজোপাৰ ডালটোৰ ফালে দলি মাৰি দিলোঁ।এটা কাণতাল মৰা শব্দ কৰি ফটকাকেইটা ফুটিল.. দোকমোকালিতে সকলোৱে সাৰো পালে, কিন্তু কি হ’ল, ক’ৰ পৰা ইমান ডাঙৰ শব্দ হ’ল, কোনেও উৱাদিহ নাপালে।মোৰ বহুত স্ফূৰ্তি লাগিল। ৱাহ কিমান স্মাৰ্ট মই! পুৱা ৮ মান বজাত উঠি বেলকনিলৈ গৈ আমজোপালৈ চালো। গছজোপাৰ তললৈ চাই মোৰ কলিজা কঁপি উঠিল। ৰাতিৰ কৰ্তব্যৰত অফিচাৰজন আৰু আমাৰ ছিকিউৰিটি অফিচাৰ ইনচাৰ্জজন আৰু তেওঁৰ লগত থকা দুজনমান বিষয়াই কৌতূহলী চাৱনিৰে আমজোপালৈ চাই আছে।তাৰে এজন মোৰ লগৰ, তেওঁলৈ মোৰ ৰুমৰ পৰাই ফোন কৰি পুৱাই কি হ’ল সুধিলোঁ, তেওঁ মোক ক’লে আজি কাহিলিপুৱাতে আমজোপাত কিবা বোমা ফুটাৰ দৰে শব্দ হৈছিল, ইমান কটকটীয়া নিৰাপত্তাৰ মাজতো কিদৰে বোমা বিস্ফোৰণৰ দৰে শব্দ হ’ল, তাকে তদন্ত কৰিবলৈ তেওঁলোক আহিছে।মোৰ মুখৰ মাত মুখতে হেৰাল।মই ক’লো মইচোন একো নুশুনিলো কিবা বেলেগ হে হ’ব নেকি ? তথাপিও তেওঁক সহায় কৰিম বুলি কৈ ফোনটো কাটি দিলো।উস, কি ভাবিছিলো আৰু কি যে হৈ গ’ল ! এতিয়া মই ফুটোৱা বুলি বেলেগে গম পালে মোৰ কি অৱস্থা হ’ব! এটা ভয় ভয় ভাব লৈ অফিচ পালোগৈ। আবেলিলৈ আমাৰ অফিচত এখন জৰুৰী ছিকিউৰিটি মিটিং অনুষ্ঠিত হ’ল। মিটিঙৰ সিদ্ধান্তমতে মোৰ নেতৃত্বত মুঠ তিনিজনীয়া কমিটী গঠন কৰি ঘটনাটোৰ তদন্ত কৰিবলৈ। মই হাঁহিম নে কান্দিম, নে সঁচা কথাটো সকলোৰে আগত কৈ দিম একো বুজি পোৱা নাছিলো।আচলতে সেই এলেকাটো ভাৰতীয় সেনাবাহিনীৰ এটা বিশেষ এলেকা আছিল, তাত ফটকা ফুটোৱা দূৰৈৰ কথা আনকি দেৱালীত ফুলজাৰি জ্বলোৱাও নিষিদ্ধ কৰি থোৱা আছে। মই কি কৰিলো তেতিয়াহে মোৰ গালৈ হুঁচ আহিল। পিছদিনা পুৱা আকৌ কুলিজনী আহিল। এনে লাগিছিল কুলিজনী যদি মাংসহাৰী হ’লে মই ফটকা ফুটোৱা মোৰ হাতখনকে কাটি তাইক খাবলৈ দিলোহেঁতেন। প্ৰতিজ্ঞাবদ্ধ হৈছিলো— এনে দিন যাতে আৰু দুনাই নাহে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments