কুহুমীয়া গৰম তেজ! — নাজিফ হাজৰিকা

১৯৯৬ চন৷

: দে’তা মই নামিম, খোজ কাঢ়িম৷
: নালাগে দে, ভৰি বিষাব তোৰ৷
: না, নামিম মই৷ খোজ কাঢ়িম৷

মোৰ ৪ বছৰীয়া ল’ৰাটোক পিঠিৰ পৰা নমাই দিলোঁ৷ নুমলীগড় দেওপাহাৰ (বাবাথান) আহিছোঁ মই ফুৰিবলৈ৷ ২০০টা মান ষ্টে’প তাক পিঠিত তুলি আনোতে মোৰো কঁকালত ধৰিছে অলপ৷ মাটিত নামিলৈ সি দৌৰিব আৰম্ভ কৰিলে৷
: সেই ৰ ৰ পৰিবি৷
: নাই! নপৰো৷
সি আগে আগে দেও দি দি গৈ আছে, ময়ো লাহে লাহে পিছে পিছে গৈ আছোঁ৷ সি এটা এটাকৈ প্ৰশ্ন কৰি কৰি গৈ আছে –
: অ’ দে’তা, এইবোৰ মানুহৰ ছবিবোৰ শিলত কোনে আঁকিলে?
: ভালকৈ নাজানো৷ ইয়াত চাগে আগতে মন্দিৰ আছিল৷
: কেতিয়া আছিল?
: এহেজাৰ বছৰ মান আগতে হব পায়৷
: এহেজাৰ বছৰ মানে কিমান বছৰ হয়?
: ডাঙৰ হলে গম পাবি দে৷
সি একো বুজি নাপায় মোলৈ চাই থাকিল৷ তাৰ পিছত আকৌ জঁপিয়াই জঁপিয়াই গৈ থাকিল৷

“অ’ মা “……..হঠাৎ প্ৰচণ্ড চিঞৰ এটা মাৰি সি উজুটি খাই বাগৰি পৰিল৷ এঢলীয়া পাহাৰটোত সি বাগৰি বাগৰি তললৈ যাব ধৰিলে৷ চকুৰ সন্মুখত হোৱা ঘটনাটোত মোৰ জীউ উৰি যোৱা যেন হ’ল৷ তাক ধৰিবলৈ পিছে পিছে খেদি গলোঁ৷ এঢলীয়া পাহাৰ, দৌৰাটো সহজ নহয়৷ তথাপিও সমস্ত জোৰেৰে তাৰ পিছে পিছে দৌৰিছোঁ, হাউলি দিলেই ময়ো হাজাৰ ফুট তলত পৰিমগৈ৷ অৱশেষত তাৰ ওচৰ পাই ভৰিখন মেলি গোৰ মাৰি দিলোঁ৷ একে গোৰত সি ৰৈ গ’ল৷ ভগৱানে আমাক দুয়োকে বচালে৷
তাক দাঙি ধৰিলোঁ৷ ইতিমধ্যে তাৰ ওঁঠ আৰু কপাল ফাটি তেজ বিৰিঙি আছিল৷ সি কিন্তু কন্দা-কটা কৰা নাছিল৷
তললৈ আহি গাড়ীৰ পৰা first aid কিটটো উলিয়াই আনিলোঁ৷ কপালত বেণ্ডেজ কৰি থাকোঁতে তাৰ কপালৰ পৰা ওলোৱা তেজে মোৰ হাতখন প্ৰায় ৰাঙলী কৰিলে, কুহুমীয়া গৰম তেজ তাৰ!
মই ৰৈ থাকিব নোৱাৰিলোঁ, মোৰ চকুলো ওলাই আহিল৷

মই মোৰ ল’ৰাৰ তেজ চাব নোৱাৰো৷
কিছুমান তেজত শোক সোমাই থাকে৷


২০১১ চন৷

ল’ৰাৰ বয়স ১৯ হ’ল৷ মোৰো লাহে লাহে শৰীৰত বেমাৰে বাহ ললে৷ কিডনীৰ অসুখৰ ফলত মই লাহে লাহে দুৰ্বল হৈ পৰিলোঁ৷ মাহেকত ২ দিন গুৱাহাটী মেডিকেল কলেজ যাওঁ চিকিৎসাৰ বাবে৷ আজিও যাব লাগে৷

: দে’তা ওলোৱা আকৌ সোনকালে৷ যাব লাগে নহয়৷ – ৰাতিপুৱা ৪ বজাতে ল’ৰাই চিঞৰ বাখৰ লগালে৷
: ৰ, ৰ অলপ৷ ওলাইছোঁ৷

ল’ৰাই গাড়ী উলিয়াই আনিলে৷ মোক ধৰি নি লাহেকৈ গাড়ীত বহুৱালে৷ যাত্ৰা আৰম্ভ কৰি দিলে তেজপুৰৰ পৰা গুৱাহাটীলৈ৷
প্ৰায় ৩ ঘণ্টাৰ মূৰত আমি GMCH পালোঁগৈ৷ মোক গাড়ীতে বহুৱাই সি 3rd ফ্লু’ৰত থকা nephrology ডিপাৰ্টমেণ্ট পালেগৈ৷ তাৰ পৰা হুইল শ্বেয়াৰ এখন লৈ আহিল৷ আজিকালি মই বহুদূৰ খোজ কাঢ়িব নোৱাৰো৷
মোক হুইল শ্বেয়াৰত বহুৱাই সি ঠেলি ঠেলি লৈ গ’ল ডায়েলাইছিছ কেবিনলৈ৷
ডায়েলাইছিছ মেচিন লগোৱা হ’ল মোৰ গাত৷ লাহে লাহে মোৰ শৰীৰৰ সমস্ত তেজ এডাল মিহি নলীয়েদি গৈ মেচিনটোত ঘূৰি থাকিল৷ মেচিনৰ indicator চাই ডাক্তৰে ল’ৰাক কলে –
: হিম’গ্ল’বিন লেভেল কম আছে৷ ব্লাড এক ইউনিত দিব লাগিব৷ ডন’ৰ এজন বিচাৰা৷
: ডন’ৰ নালাগে, ময়েই দিম৷
: তুমি পাৰিবা দিব?
: উম, পাৰিম আকৌ৷
ডাক্তৰৰ পাছে পাছে সি pathology ডিপাৰ্টমেণ্টলৈ আগবাঢ়িল৷
১ ঘণ্টা মান পিছত হাতত ৩০০ ml তেজৰ পেকেট এটা লৈ, মুখত মেঙ্গ’ ফুৰ্তি এটা চুপি চুপি মোৰ ওচৰ পালেহি৷ তেজৰ পেকেটটো সি নাৰ্চলৈ আগবঢ়াই দিলে৷ তেজখিনিলৈ চালোঁ, মোৰ ল’ৰাৰ তেজ সেইয়া!
লাহে লাহে নাৰ্চে মেচিনত তেজৰ ইউনিটটো লগাই দিলে৷ কুহুমীয়া গৰম তেজৰ অনুভৱ এটা হ’ল৷ চিনাকি চিনাকি অনুভৱ!
ল’ৰাটোৰ মুখত ফুটি উঠা হাঁহিয়ে মোকো আনন্দ দিলে৷

কিছুমান তেজত আনন্দ সোমাই থাকে৷


২০১৭ চন৷

ইতিমধ্যে মোৰ স্মৃতিশক্তি নাইকিয়া হৈ পৰিছে প্ৰায়৷ স্নায়ুৰ সমস্যাও আহি পৰিছে৷ লাখুটি নহলে খোজ কাঢ়িবও নোৱাৰোঁ৷
: বৰদেউতা, আহক৷
: কলৈ?
: বাহিৰলৈ আহক৷

মোক চাৰিজন মান মানুহে ধৰি লাহেকৈ বাহিৰলৈ উলিয়াই আনিলে৷ আজিকালি ঘটনাবোৰ মই একো বুজি নাপাওঁ৷ দুই মিনিট আগৰ ঘটনাকে পাহৰি যাওঁ৷

কি হৈছে একো ধৰিব পৰা নাই, মাথোঁঁ মানুহ দেখিছোঁ বহুত৷ লাহে লাহে বাকচ এটাৰ ওচৰ পালোঁগৈ৷ অ’ত ত’ত থেতেলা খাই থকা ডাঙৰ ডাঙৰ মাংস পিণ্ডৰ বাহিৰে মই একো নেদেখিলোঁ৷ কেইবাজনো সেনা জোৱান ঘূৰি ফুৰা দেখিলোঁ৷ বাৰে বাৰে কাণত এটা শব্দই শুনিলোঁ – “শ্বহীদ৷ “
মোৰ ল’ৰাটো হেনো “শ্বহীদ“ হ’ল৷ চট্টিছগড়ত মাওঁবাদীৰ শিবিৰত হোৱা গুলি চলনাত হেনো “শ্বহীদ“ হ’ল সি৷
মই মাংসপিণ্ড কেইডোখৰৰ ওচৰলৈ গলোঁ৷ কাপোৰখন গুচাই হাতেৰে চুই চালোঁ৷ ইতিমধ্যে তেজবোৰ কড়াল মাৰিলে! চুই দিলে চেকুৰা চেকুৰকৈ এৰাই আহিছে৷

আচৰিত ধৰণেৰে তাৰ কপালৰ ওচৰৰ অলপ তেজ তেতিয়াও গোট মোৰ নাছিল৷ লাহেকৈ চুই চালোঁ৷
কুহুমীয়া গৰম তেজ! ২১ বছৰ আগৰ চিনাকি তেজ এইয়া৷
ধাচকৈ বাগৰি পৰিলোঁ মই৷ মুখেৰে ভ্ৰম বকিবলৈ আৰম্ভ কৰিলোঁ – “ই কষ্ট পাইছে “ ……
“মোৰ বাবাক এৰি দে, কষ্ট পাইছে “……

কিছুমান তেজত ……….■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক