কুৱঁলিৰ আৰঁৰে ধাননি পথাৰ (আজমিন হক)

এনেকুৱা দিনত কুৱঁলি পৰে। পথাৰত কঠীয়া বিলাকে সেউজিয়া দলিছা এখন হে যেন পাৰি থয়।ৰাতিপুৱাৰ এই দৃশ্যটো মোৰ বৰ ভাল লাগে। স্কুলত থাকোতে এনেকুৱা দিনবোৰত সদায় এই মনোমুহা দৃশ্যটো চাবলৈকে সোনকালে উঠিছিলো।
১৯৯৯ চনৰ কথা…
সেইবাৰ আমাৰ স্কুলত শিশু দিৱস ডাঙৰকৈ পাতিছিল।আমি পাচঁজনী ছোৱালীয়ে(মই,প্রিয়ঙ্কা,প্রণামি,সুকন্যা আৰু ৰঞ্জিতা বা) “তুম্ৰা নাযায়’ নাযায়’ ” গীতটো নাচিছিলো।প্রিয়ঙ্কা প্রিঞ্চিপাল মেমৰ ছোৱালী আছিল।স্কুল ছুটিৰ পিছত প্রেক্টিছ কৰো সদায়।১২ নবেম্বেৰৰ দিনা আমি আমাৰ প্রিন্সিপাল মে’মৰ ঘৰত ফাইনেল ৰিহা্ৰছেল কৰিব গলো।আধা ৰাতিলৈকে প্রেক্টিছ…..ৰাতিপুৱা আমি চাৰিজনী ফুৰিব গলো গাঁওৰ ৰাস্তাত।ৰঞ্জিতা বা নগ’ল।পথাৰত কুৱলিৰ ৰূপ দেখি আমি পাগল হৈ গলো।সেই ৰাতিপুৱাতে লুকাচুৰি খেলিব ধৰিলো,পথাৰৰ সৰু সৰু আলিত।নিয়ঁৰত তিতি অৱস্থা বেয়া আমাৰ।ঘৰলৈ আহিহে দেখিছো আমাৰ হাত ভৰি কঠীয়া পাতে আঁচুৰি কাহিল কৰিলে।কোনো কোনো ঠাইৰ পৰা তেজো বিৰিঙিছিল।
১৪ তাৰিখ আহিল ৷
আমি দশৰ্কৰ হাত চাপৰিৰ মাজত নৃত্য পৰিৱেশন কৰিলো।খুব ভাল লাগিছিল,যদিও আমাৰ পাতে আচুঁৰি যোৱা অংশবোৰ বিষাইছিল।তাৰ পিছত অনেক বাৰ সেই নৃত্যটো আমি প্রদৰ্শন কৰিছো কিন্তু সেইবাৰৰ দৰে অনুভৱ কেতিয়াও হোৱা নাই।আৰু ১৩ নবেম্বৰৰ ১৯৯৯ চনৰদৰে মনোমোহা ৰাতিপুৱা লুকাচুৰিও খেলাৰ সুযোগো আৰু পোৱা নাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক