কৃতিত্ব: কমল কুমাৰ তাঁতীৰ ডক্টৰেট ডিগ্ৰী লাভ

অসমীয়াত কথা-বতৰা গোটৰ সদস্য শ্ৰীমান কমল কুমাৰ তাঁতীয়ে  গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা “Massive Star Formation” শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে পি এইচ ডি ডিগ্ৰী লাভ কৰিছে৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড° কল্পনা দুৱৰা আৰু টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান (Tata Institute of Fundamental Research)ৰ অধ্যাপক ড° ডি. কে. ওজাৰ তত্বাৱধানত গৱেষণা কৰিছিল৷ তেওঁ তেজপুৰ নিবাসী শ্ৰী সঞ্জয় কুমাৰ তাঁতী আৰু শ্ৰীমতী বাণী তাঁতীৰ পুত্ৰ। গৱেষণাৰ সময়চোৱাত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ISRO) ৰ UVIT প্ৰকল্পৰ লগতো জড়িত আছিল।  ‘অসমীয়াত কথা-বতৰা’ তথা সাহিত্য ডট অৰ্গৰ সমূহ সদস্যা-সদস্যাৰ তৰফৰপৰা আমি শ্ৰীমান তাঁতীৰ এই সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক