কৃত্ৰিম বানপানীৰ পৰা চহৰীয়া অঞ্চলক ৰক্ষা কৰোঁ আহক৷ —ড. অনুজ বৰুৱা

বাৰিষা কেতিয়বাই আৰম্ভ হ’ল৷ অথালি-পথালিকৈ ঘৰ দুৱাৰবোৰ সাজি চহৰীয়াসকলে পানী ওলাই যোৱাৰ বাটপথবোৰ ভেটি থৈছেই৷ এতিয়া চৰকাৰ আৰু প্ৰশাসনকে গালি পাৰি নাথাকি আমি চহৰবাসী সকলে নিজেই ব্যৱস্থা কৰোঁ আহক৷

পাকঘৰৰ পৰাই আৰম্ভ কৰোঁ৷ দুটা পাত্ৰ বা বেগ লওক -এটা বায়’ডিগ্ৰেদেব’ল আৰু নন- বায়’ডিগ্ৰেদেব’ল পেলনীয়া সামগ্ৰীৰ বাবে৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে-এবাৰ এই দুই প্ৰকাৰৰ সামগ্ৰীবোৰ লগ লাগিলে পাছত কোনো এটা খণ্ডতে পুনৰ বিভাজন নহয়গৈ, মিউনিচিপেলিটিৰ ট্ৰাকে নি কোনোবা ডাম্পিং চাইটত পেলাই দিয়াৰ পাছততো কোনো সহজ উপায় নায়েই৷
পাছৰখিনি সহজ৷
• ২০০ গ্ৰাম মান উন্নত জাতৰ কেঁচু (যেনে – Eisenia fetida)
• কেঁচু সৰকি যাব নোৱাৰাৰ জোখৰ সৰু সৰুকৈ নিৰ্দিষ্ট স্থানত ফুটা কৰি লোৱা ২০ লিটাৰমান জোখৰ তিনিটা প্লাষ্টিকৰ দ্ৰাম (চাৰিজনীয়া পৰিয়ালৰ বাবে)
• দ্ৰামটো খাপ খায় পৰাৰ জোখৰ এটা বাল্টি জাতীয় মুখ বহল পাত্ৰ সিমানেই প্ৰয়োজন৷
এতিয়া আৰম্ভ কৰক৷
পাকঘৰত আহি গোটখোৱা পেলনীয়া সামগ্ৰী সমূহ জীবাণুবিয়োজ্য (বায়’ডিগ্ৰেদেবল) আৰু অ-জীবাণুবিয়োজ্য (নন-বায়’ডিগ্ৰেদেবল) -এই দুটা ভাগত ভাগ কৰিবলৈ দুটা পাত্ৰ বা মোনা তৈয়াৰ ৰাখিব লাগে৷ এবাৰ লগ হলে পাছত পুনৰ কেতিয়াও ভাগ ভাগ নহয়গৈ, আৰু, সেইটোৱেই এই সমস্ত প্ৰচেছটোৰ সাফল্যতাৰ মুখ্য কাৰক৷ গতিকে, জমা কৰোঁতেই বেলেগে বেলেগে জমা কৰক, একেলগে জমা কৰি আকৌ ভাগ ভাগ কৰাটো সহজসাধ্য নহয়৷ এতিয়া কেইদিনমানৰ গোটখোৱা বায়’ডিগ্ৰেদেবলখিনি তিনিটা দ্ৰামৰ এটাত গোটাই যাওক৷ মাজে মাজে লাঠি এডালেৰে জাবৰখিনি তল-ওপৰ কৰি থাকিব, নহ’লে অক্সিজেন ৰহিত অৱস্থাৰ সৃষ্টি হৈ গোন্ধ ওলাব পাৰে৷ জাবৰখিনি শুকাই যাবলৈ নিদিব৷ জাবৰখিনি অলপমান পঁচি যোৱাৰ পাছত কেঁচুবোৰ তাত এৰি দিয়ক৷ড্ৰামটোৰ তলত বহল মুখৰ বাল্টি এনে হিচাপত দিয়ক যাতে সেইটো কেইআঙুলমানহে বাল্টিৰ ভিতৰলৈ সোমাই পৰে, দ্ৰামটো ধৰি ৰাখিব পৰাকৈ৷ দ্ৰামটোৰ তলফালে থকা ফুটা কেইটা এনে জোখৰ হব লাগে যাতে সেইফালে কেঁচু ওলাই যাব নোৱাৰে কিন্তু কেঁচুসাৰ পানী (ভাৰ্মিৱাছ) ওলাই যায়৷ আপোনাৰ জৈৱিক সাৰৰ ঘৰুৱা ক্ষুদ্ৰ কাৰখানা আৰম্ভ হৈ গ’ল!
এতিয়া বায়’ডিগ্ৰেদেবল জাবৰ জমা কৰিবলৈ আন এটা দ্ৰাম ব্যৱহাৰ কৰক৷ একেটা দ্ৰামতে নতুনকৈ জাবৰ ঢালি নাথাকিব৷ বতৰৰ গৰম ঠাণ্ডা, কেঁচু এৰাৰ আগতে জাবৰখিনি কিমান পচিছিল আৰু কেঁচুৰ সংখ্যা – এইকেইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰি কেঁচুসাৰখিনি তৈয়াৰ হওঁতে এমাহৰ পৰা দুমাহ পৰ্যন্ত সময় লাগিব পাৰে৷ প্ৰতি কিউবিক ফুটত দুশ দাল মানেৰে আৰম্ভ কৰিব পাৰিলে ভাল হয়৷ গৰম দিনত সোনকালে হয়৷ মাজে মাজে বাল্টিটোত জমা হোৱা ভাৰ্মিৱাছখিনি বটলত ভৰাই থাকিব৷ দ্ৰামটোৰ জাবৰখিনি শুকাই যাবলৈ নিদিব৷

তৈয়াৰ হোৱাৰ পাছত হাতেৰে এটা এটাকৈ কেঁচুবোৰ ভাৰ্মিকম্পষ্টৰ পৰা আঁতৰাবৰ প্ৰয়োজন নাই৷ এখন পকাৰ ওপৰত বা পলিথিন এখনৰ ওপৰত দ্ৰামৰ সকলোখিনি উলিয়াই লৈ এমুৰে নতুনকৈ পঁচাই লোৱা জাবৰ আলপ থৈ বস্তা ধৰণৰ কিবা এটাৰে ঢাকি থৈ দিয়ক, তৈয়াৰ হোৱা কেঁচুসাৰখিনি শুকাই যাবলৈ দিয়ক, পোহৰ পৰিবলৈ দিয়ক, নতুনকৈ দিয়া জাবৰখিনিতহে পানী চতিয়াই থাকক৷ গোটেই কেঁচুখিনি গৈ নতুনকৈ দিয়া জাবৰৰ তলত সোমাবগৈ একেদিনাই৷ এতিয়া কেঁচুখিনিৰ সৈতে নতুন জাবৰখিনি এটা ড্ৰামত লওক আৰু পুনৰাবৃত্তি কৰক৷ জাবৰ বেছি হ’লে ড্ৰামৰ আকৃতি বঢ়াই নিদিব, ধৰামেলা কৰিবলৈ অসুবিধা হব৷ তাতকৈ ড্ৰামৰ সংখ্যা বঢ়াই দিয়ক৷ এই কামটোত শিকিবলৈ বিশেষ একো নাই, মাত্ৰ কৰিবলৈ ইচ্ছা থকাটোৱেই সকলো৷ কোনোবাই যদি প্ৰয়োজনবোধ কৰে আমাৰ কৃষি জীজ্ঞাসলৈ আহি শিকি যাব পাৰে, এদিনৰ কাম৷ এইদৰে এটা নেটৱৰ্ক কৰি আৰম্ভ কৰিলে কিছুদিনৰ ভিতৰতে গোটেই চহৰখনত সামৰি লব পৰা যায়৷

নন-বায়’ডগ্ৰেদেব’লখিনি শুকান হৈ থাকিলে জমা কৰি কিছুদিনলৈ থবৰ বাবে বিশেষ অসুবিধা নহয়, যিবোৰ মাজেসময়ে কাবাৰিৱালাক মাতি বিক্ৰী কৰি দিব পাৰে৷ কিন্তু লগত অলপমানো বায়’ডিগ্ৰেদেবল থাকি গ’লে – সেইখিনি ঘৰৰো যোগ্য নহয়, বা ঘাটৰো! সেইখিনি মাথোঁ বানপানী সৃষ্টিৰ মুখ্য কাৰণহে হব পাৰে – নলা-নৰ্দমাবোৰ জাম কৰি৷ বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহে আগভাগ লব পাৰে শৃংখলাৱদ্ধভাৱে কামটো বহলকৈ আৰম্ভ কৰি চলাই লৈ যাবলৈ৷ গুৱাহাটীৰ দৰে ঠাইৰ কৃত্ৰিম বানপানী অন্তত ৭০% কমাব পৰা যাব, পাহাৰৰ মাটি খহি হোৱা আপদটোৰ কথা একাষৰীয়া কৰি৷ চহৰীয়াই ঘৰতে জৈৱিক সাৰ পানী পাব৷ চহৰীয়া জৈৱিক কৃষিয়ে সন্তোষজনকভাৱে খৰতকীয়াকৈ প্ৰতিষ্ঠা লাভ কৰিব৷ গুৱাহাটী বুলিয়েই নহয়, যিকোনো চহৰীয়া ঠাইৰ বাবে ই প্ৰযোজ্য৷ সকলোদিশৰে পৰা ভাল হব৷ নিজেও জানক আৰু শ্বেয়াৰ কৰি সকলোকে জনাওক৷ কোনোবাই আগবাঢ়ি আহিলে সহায় কৰি দিবলৈ আছোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক