কৃত্ৰিম বুদ্ধিমত্তা আৰু মানুহৰ ভৱিষ্যত (দেৱাঞ্জন বৰঠাকুৰ)

মানুহৰ নিজৰ মাজতে হোৱা সংঘৰ্ষৰ পটভূমিত ধ্বংস হোৱা পৃথিৱী এৰাৰ পাচত মানৱ সভ্যতা ৪০ মিলিয়ন বছৰ ধৰি হাৰ্মনি নামৰ গ্ৰহটোত বাস কৰি আছে । পৃথিৱীত মানৱ সভ্যতাৰ পতন হোৱাৰ বাবে জগৰীয়া ভুলবোৰ আকৌ নোদোহাৰিবৰ বাবে ‘অভাৰচ’ল’ নামৰ কম্পিউটাৰটোক হাৰ্মনি গ্ৰহটোৰ অভিভাৱকৰ দায়িত্ব দিয়া হৈছে । অভাৰচ’লৰ মূল কাম হৈছে মানৱক নতুন প্ৰযুক্তি বিকশিত কৰাত বাধা দিয়া, যি প্ৰযুক্তিয়ে আকৌ এখন যুদ্ধৰ আশংকা আনিব পাৰে । তাৰ বাবে মানুহবোৰক জেনেটিকেলি মডিফাই কৰা হৈছে যাতে মানুহে ‘অভাৰচ’ল’ৰ লগত যোগাযোগ কৰিব পাৰে । বুদ্ধিমান কম্পিউটাৰ ‘অভাৰচ’লে’ এই যোগাযোগৰ মাধ্যমেৰে মানুহৰ চিন্তাক প্ৰভাৱান্বিত কৰিব পাৰে, তাৰ দ্বাৰা ই মানৱক নতুন প্ৰযুক্তি সম্পৰ্কীয় চিন্তাৰ পৰা নিলগাই ৰাখে, মানুহৰ মনটোক এক অৰ্থত নিয়ন্ত্ৰণ কৰে । কিন্তু ইমান বছৰ পাৰ হৈ যোৱাৰ পাছত ‘অভাৰচ’ল’ লাহে আহে বিফল হৈ আহিছে । সেয়ে অভাৰচ’লে কেইজনমান মানুহক পৃথিৱীলৈ পঠোৱাৰ সিদ্ধান্ত ল’লে, পৃথিৱীৰ অভিভাৱকক বিচাৰি, যাতে অভাৰচ’লে ক্ৰমান্বয়ে হেৰুৱাই পেলোৱা সেই আধিপত্য হাৰ্মনিৰ ওপৰত বৰ্তাই ৰাখিব পাৰে । কিন্তু কথাবোৰ অভাৰচ’লে ভবা মতে হ’ব জানো ? নে সেই মানুহকেইজনেই অভাৰচ’লক বিশ্বাসঘাটকতা কৰিব?

কাহিনীটো অৰ্চন স্কট কার্ডৰ  “The Memory of Earth” নামৰ কিতাপখনৰ । এক বিস্ময়কৰ কল্পকাহিনী । আৰু এই কাহিনীৰ মূল চৰিত্ৰ ‘অভাৰচ’ল’ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এক নিখুঁত উদাহৰণ । আজি সময় সলনি হৈছে, সেইদিনালৈকে আমি ম’বাইল ফোন দেখা নাছিলোঁ ৷ আজি সকলোৰে ভার্চুয়েল জগতত নিজা নিজা অস্তিত্ব আছে। বাস্তৱিকতাৰ পৰা আতঁৰি আমি নিজক এই ভার্চুয়েল জগতৰ লগত সাঙুৰি পেলাইছোঁ । এনেকুৱা সময় আহিব নেকি, যেতিয়া মেত্ৰিক্স চিনেমাখনত দেখুওৱাৰ দৰে আমি এক কম্পিউটাৰ প্ৰগ্ৰেমৰ ভিতৰত আৱদ্ধ হৈ পৰিম, আমি নিজেই নজনাকৈয়ে বাস্তৱ আৰু অধিবাস্তৱৰ মায়াজালত আমি সোমাই পৰিম ! সেই প্ৰশ্নৰ উত্তৰ পাবলৈ হয়তো আমি আৰু কিছু দশক অপেক্ষা কৰিব লাগিব, হয়তো নালাগিব  ! সময়ে সেই উত্তৰ দিব।

কৃত্ৰিম বুদ্ধিমত্তা (ARTIFICIAL INTELLIGENCE) হৈছে যন্ত্ৰৰ দ্বাৰা প্ৰদৰ্শিত বুদ্ধিমত্তা । কৃত্রিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটি শাখা, য’ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তা শক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৃত কৰাৰ চেষ্টা কৰা হয় । মানুহৰ জিজ্ঞাসাৰ অন্ত নাই । কৃত্রিম বুদ্ধিমত্তাৰ ধাৰণাও এই জিজ্ঞাসাৰ এক ফলশ্ৰুতি । কৃত্রিম বুদ্ধিমত্তাৰ ইতিহাস পুৰণি । কল্পকাহিনীৰ লেখকে নিজৰ কল্পনাৰ শক্তিৰে ভৱিষ্যতৰ ছবি আকিব পাৰে । অৰ্চন স্কট কার্ডৰ  ‘ডা মেম’ৰী অব আৰ্থ’ খনো তেনে এক কল্পকাহিনী । বুদ্ধিমান জীৱলৈ জড় বস্তুৰ ৰূপান্তৰৰ ধাৰণা প্ৰাচীন । গ্ৰীক সকলৰ ৰ’বটক লৈ উপাখ্যান আছিল, চীনা আৰু ইজিপ্তিয়ান সকলেও স্বয়ংচালিত যন্ত্ৰৰ উদ্ভাৱন কৰিছিল বুলি পঢ়িবলৈ পোৱা যায় । আধুনিক কৃত্রিম বুদ্ধিমত্তাৰ ধাৰণা দাৰ্শনিক আৰু গণিতজ্ঞ সকলৰ মনলৈ আহিছিল যেতিয়া ‘গাণিতিক লজিক’ ৰ ধাৰণাই ভুমুকি মাৰিছিল গণিতৰ এই বিস্ময়কৰ জগতত । ‘কৃত্রিম বুদ্ধিমত্তা’ নামটো প্ৰথম উল্লেখিত হৈছিল ১৯৫৬ চনত ডাৰ্থমাউথ কলেজৰ এখন গৱেষণা সন্মিলনত । কিন্তু এটা কৃত্রিম ভাৱে বুদ্ধিমান মেচিন বনোৱাটো সেই সময়ত ইমান সহজ নাছিল ।  এই নতুন আৰম্ভনিটোয়ে সমালোচনাৰ পৰা হাত সাৰিব পৰা নাছিল । ফলত চৰকাৰী অনুদানৰ পৰা এই গৱেষণা বঞ্চিত হ’ব লগীয়া হৈছিল । ১৯৭৪-১৯৮০ লৈকে এই সময়খিনিক ‘কৃত্রিম বুদ্ধিমত্তাৰ শীতকাল’ বুলি কোৱা হৈছিল, য’ত এই গৱেষণা স্থবিৰ হৈ পৰিছিল ।  ১৯৮০ চনত ব্ৰিটিছ চৰকাৰে আকৌ ইয়াৰ গৱেষণাৰ বাবে সাহায্য দিবলৈ ধৰে, যাতে জাপানৰ প্ৰযুক্তিৰ লগত ফেৰ মাৰিব পৰা যায় । তাৰ পাচত সময়বোৰ পাৰ হৈ গ’ল আৰু কৃত্রিম বুদ্ধিমত্তাৰ গৱেষণাও আগবাঢ়ি গ’ল । ১৯৯৭ চনত আই বি এমৰ ‘DEEP BLUE’ মেচিনটোয়ে ৰাছিয়ান গ্ৰেণ্ডমাষ্টাৰ গেৰি কাছপাৰভক হৰুৱাই নতুন যুগৰ সূচনা কৰে । আৰু ২০১১ চনত আই বি এম ৰেই ‘WATSON’ কম্পিউটাৰ মেচিনটোয়ে ‘Jeopardy/জেপাৰ্ডি’ প্ৰতিযোগিতাত  ব্ৰেড ৰাথাৰক হৰুৱাই কৃত্রিম বুদ্ধিমত্তাক আন এটা স্তৰলৈ লৈ যায়।

কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আমি দৈনিক কৰি আছোঁ । আমাৰ মবাইলত থকা ভার্চুয়েল ব্যক্তিগত সহকাৰী যেনে ‘SIRI’, ‘GOOGLE’, ‘CORTANA’ ক আমি নিতৌ ব্যৱহাৰ কৰোঁ । আপুনি ‘SIRI’ ক সুধিব পাৰে, “আজিৰ দিনটোৰ উল্লেখনীয় খবৰবোৰ কোৱাচোন” আৰু পলকতে আপুনি পাই যাব সেই তথ্য । বিত্তীয় সেৱা বোৰতো কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ হৈ আছে, যেনে ক্ৰেডিট কাৰ্ড ফ্ৰ্ড ধৰা পেলোৱা কাৰ্য আদিত । গুগলৰ মুখ্য কাৰ্যালয়লৈ এবাৰ যাব পাৰিলে দেখিব স্বয়ংচালিত গাড়ী । এই গাড়ীৰ আঁৰতো আছে কৃত্রিম বুদ্ধিমত্তা ৷ ৰবট অচিম’ (ASIMO) ৰ বিষয়ে আমি জানো ৷ আজিৰ যুগত চিকিৎসা সেৱাতো ৰবট ব্যৱহাৰ হৈছে ৷ কৃত্রিম বুদ্ধিমত্তা এই ৰবটবোৰৰ  আঁৰৰ বিজ্ঞান । যদিওবা আমি কল্পকাহিনীৰ সেই বুদ্ধিমান কম্পিউটাৰ ‘অভাৰচ’ল’ৰ কাষ চাপিব পৰা নাই, সেই দিন নিশ্চয় দূৰত নাই । ফেচবুকত ফটো টেগ কৰাৰ পৰা বৰষুণৰ ভৱিষ্যতবাণী কৰালৈকে কৃত্রিম বুদ্ধিমত্তাই নিজৰ পৰিসৰ বহল কৰিছে । সেয়ে বিজ্ঞানী আৰু দাৰ্শনিক সকলে আকৌ এবাৰ ভাবিবলৈ বাধ্য হৈছে, এই কৃত্রিম বুদ্ধিমত্তাই এদিন মানুহতকৈও বেছি বুদ্ধিমান হৈ মানুহৰ ওপৰতেই নিজৰ শাসন চলাব নেকি? আৰু সেয়ে নতুন শাখা মেচিন নীতিশাস্ত্র (MACHINE ETHICS) ৰ প্ৰয়োজনীয়তা অনুভৱ হৈছে । নৈতিকতাৰ প্ৰয়োজন যেনেকৈ মানুহৰ আছে, তেনেকৈ যন্ত্ৰৰ বাবেও কিছুমান নিয়ম এতিয়াই বান্ধি দিবৰ বাবে বৈজ্ঞানিক সমাজ আগবাঢ়ি আহিছে ।

কৃত্রিম বুদ্ধিমত্তাই আমাৰ নিয়োগ ক্ষেত্ৰত প্ৰভাৱ পেলাব নেকি? আৰু সেই কল্পকাহিনী আৰু চিনেমাৰ কিলাৰ ৰবট (KILLER ROBOT) বোৰে আমাৰ অস্তিত্ব বিপন্ন কৰিব নেকি? বিল গেটচৰ মতে ই এক প্ৰত্যাহ্বান আৰু চিন্তা কৰিবলগীয়া কথা । ষ্টিফেন হকিঙৰ ধাৰণা আৰু আশংকাও অনুৰূপ । আই ফোন নিৰ্মাতা ‘FOXCONN’ কোম্পানীয়ে অলপতে ৬০,০০০ ফেক্টৰী বনুৱাক কামৰ পৰা অব্যাহতি দি ৰবটক সেই স্থান দিছে । আজি আমেৰিকাৰ পেট্ৰল পাম্পত কোনো কর্মচাৰী নাথাকে । স্বয়ং চালিত গাড়ীবোৰ অহাৰ লগে লগে ড্ৰাইভাৰ সকলৰ কি হ’ব ? এই স্বয়ংক্রিয়তা বা ‘AUTOMATION’ য়ে যে আগন্তুক সময়ত আৰু বহুত নিবনুৱাৰ সৃষ্টি কৰিব তাক লৈ অৰ্থনীতিবিদ সকলে এতিয়াই পূৰ্বানুমান কৰিছে ৷

যান্ত্ৰিক প্ৰগতি আনিবাৰ্য্য, আমাৰ বিজ্ঞান শিক্ষাৰ এটা দিশেই হৈছে যান্ত্ৰিক প্ৰগতিত অৰিহণা যোগোৱা । লগে লগে  নীতিশাস্ত্ৰৰো নতুন নতুন শাখা তৈয়াৰ হৈছে যাতে যন্ত্ৰৰ সুপ্ৰয়োগ কেৱল মানৱ কল্যাণৰ বাবেহে হয় । যুদ্ধত ৰবটৰ ব্যৱহাৰ সেয়ে এতিয়াও এটা নৈতিকতাৰ ফালৰ পৰা বিতৰ্কৰ বিষয় । মানুহ হৈছে কৌতুহলী প্ৰাণী । মানুহৰ কৌতুহল আৰু প্রকৃতিক জনাৰ এই ইচ্ছাই মানৱ প্ৰগতিৰ এটা উল্লেখযোগ্য কাৰক । কৃত্ৰিম বুদ্ধিমত্তাৰ এই উত্থানে  আমাৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব নেকি? হয়তো আনিব, কিন্তু সেই বুলি মানৱ থমকি ৰ’ব জানো? নৰয় কেতিয়াও, মানুহৰ কৌতুহল সীমনাহীন ।  মানুহৰ বুদ্ধিও সময়ৰ লগে লগে বাঢ়ি আহে, আমি যিমানেই শিকো, সিমানেই আমাৰ বুদ্ধিমত্তাও বাঢ়ি আহে, আৰু হয়তো ই জেনেটিক ক’ড হিচাপে পাছৰ প্ৰজন্মলৈও প্ৰসাৰিত হ’ব । হয়তো মানুহৰ বুদ্ধিমত্তা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ মাজত এক অঘোষিত প্ৰতিযোগিতা হ’ব অনাগত সময়ত আৰু এই প্ৰতিযোগিতাত বিজয়ী হোৱা নোহোৱাটোয়েই বিচাৰ কৰিব মানৱ সভ্যতাৰ ভৱিষ্যত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক