কৃপণ (দিগন্ত বৰা)

১)

এওঁ ঘৰত নাছিল। জন্মদিন এটা খাবলৈ গৈছিল! জন্মদিনটোলৈ এওঁক মতা নাছিল বাবে যাবলৈ হাক দিছিলোঁ। এওঁ আকৌ জাঙুৰ খাইহে আহিল। এওঁ বোলে: সিহঁতে মাতিবলৈ পাহৰিলে বুলি ময়ো যাবলৈ পাহৰিম নেকি? এই বুলি ওলাই গ’ল। তেনেতে মানুহ এজন সোমাই আহিল। আহিয়েই তেখেতে বোলে: চকু এটা কি হ’ল আপোনাৰ? মই বোলোঁ: ঢাকি থৈছোঁ আকৌ! তেখেতে বোলে: কিয়? মই বোলোঁ: এটা চকুৰেই আপোনাক ধুনীয়াকৈ দেখিছোঁ যেতিয়া ইটো চকুৰ পাৱাৰখিনিনো কিয় খৰছ কৰোঁ! বহিবলৈ মন আছিল যদিও তেখেত নবহিল আৰু।

 

২)

ইহঁতক ছাগলী খুৱাব লাগে বুলি এওঁৰ যিহে কেটকেটনি! টকা বিচৰাত কলে: এটকা এটা তোমাৰ আছেই দেখোন! কত বুদ্ধিত ঘৰ-বাৰী কৰিছে! বুদ্ধি খটুৱাই মাংস অকণো গোটাব নোৱাৰানে? খঙতে ওলাই আহিলোঁ কচাইৰ তালৈ। সি আকৌ ছাগলী আমাৰ ফালৰ পৰাই আনে। কটা মূৰটোলৈ চাই আন্দাজতে বোলোঁ: এইটো আমাৰ অকণৰ পঠাটো নহয়নে? সি বোলে: হয়। মই বোলোঁ: কুকুৰ! বলীয়া কুকুৰে খোৱা ছাগলী বিকিবলৈ আহিছ? সিও থতমত খাই গ’ল। কোনো নথকাত সৰুকৈ কলে: নিচিঞৰিব। ইয়াৰে আধাকেজি এনেই লৈ যাওক!

 

৩)

বে’ডৰুমৰ দৰজাখন এনেয়ে দিলোঁ বুজিছেনে! ৰাতি শোৱাৰ আগতে সেয়ে সেইখন খুলি পায়খানা ঘৰত লগাওঁগৈ। ৰাতি মূল দৰজা বন্ধই থাকে যেতিয়া শোৱনি-কোঠাৰখন নহ’লেও হয় নে নহয় আপুনিয়েই কওকচোন। আজিও পায়খানা দৰজাখন লগাই শুবলৈ ওলাইছোঁহে, তেনেতে এওঁ কলে: এই চেন্দেলপাত পিন্ধা আৰু ভৰি ধুই আহাগৈ। মই বোলোঁ: এপাত পিন্ধি কিদৰে যাম? এওঁ বোলে: আমাৰ এটা ঠেং নথকা কুকুৰাটো কিদৰে দৌৰি ফুৰে? তেনেকৈ যোৱা। মই বোলোঁ: তুমি কোৱাতহে তাৰ ঠেংটো কাটি মাংসৰ জোল খাইছিলোঁ সিদিনা!

 

৪)

এওঁ বোলে: আজি জুই জ্বলাবলৈও একো নাই! মই বোলোঁ: মোৰ এটকাৰে জুইশলা এটা পাম দেখোন। এওঁ বোলে: এটকা এটা থাকিলে দোকানীক দিওঁ দিওঁ কৰি থাকা কিয়? মই বোলোঁ: কেনেকৈ জুইকুৰা ধৰিবানো পিছে? এওঁ বোলে: আজি অসম বন্ধ বুলি গম নোপোৱা নেকি? মই বোলো: পাওঁ! এওঁ বোলে: আমাৰ ৰাস্তাটোতে টায়াৰ জ্বলাই আছে দেখোন! দৌৰি গৈ টিপচাকিটো জ্বলাই আনাগৈ। মই বোলোঁ: সিদিনা কঠালগুটি অলপ আনিছিলোঁ নহয়, সেইকেইটাও পুৰি আনোগৈ নেকি?

 

৫)

এশ গ্ৰাম মিঠাতেলেৰে তিনিদিন নগ’ল বুজিছেনে? এওঁক বোলোঁ: মিঠাতেল কিনিবলৈ নাই আৰু, পেকেটটোকে পানীত তিয়াই পানীখিনি দাইলত দিলেই গোন্ধ ওলাব। বাই আহিছে বুলিয়েই সিদিনা ব্ৰইলাৰৰ পেটৰ পাইপখিনি আনিলোঁ। তাই বোলে: জালুক কেইটামান লাগিছিল ভাইটি। এওঁ লগে লগে বুদ্ধিটো দিলে বাবেহে! জালুকৰ যিহে দাম! মইতো কিনিবলৈ গৈছিলোঁৱেই। এওঁহে ফুচফুচাই ক’লে বোলে ৰ’দত শুকুওৱা পকা অমিতাৰ গুটি অলপ আছে যে সেইখিনিত ভোট জলকীয়াৰ ৰস সানিলেই জালুক হৈ যায়চোন!

 

৬)

হেৰা, তুমি আজি ইমান ঢলং পলংকৈ আহিছা কিয়? মই বোলোঁ: বিনামূল্যে পাই বহি দিলো এঠাইত। এওঁ বোলে: ডিঙিলৈকে খাব নোৱাৰিলা? মই বোলোঁ: এতিয়াও চকুৰে ধোৱা-কোঁৱা দেখি গৈছোঁ! এওঁ বোলে: ভালেই হ’ল। এসাঁজ ৰাহি হ’ল। ভাজিৰে সৈতে তোমাৰ ভাত ভাগ কাইলৈ পুৱাতে খাই দিবা। তেতিয়া দুপৰৰ সাঁজটোও ৰাহি হৈ যাব! মই বোলোঁ: ভাজি ক’ত পালা? এওঁ বোলে: কালি টিউচনত খাবলৈ দিয়া চিংৰাটো যে ইহঁতলৈ লৈ আনিছিলা, সেইটোকে বখলীয়াই লৈ ইহঁতক বাকলিখিনি দি ভিতৰৰ ভাজিখিনি আমালৈ থলোঁ আকৌ!

 

৭)

বাটৰ মাছৰ বেপাৰীটোক বোলোঁ: মোৱা মাছৰ কেজি কেনে? সি বোলে: দুশ টকা। মই বোলোঁ: এক কেজি জোখা। জোখোতেই চৰিয়াটো পাল্লাৰ তলত পাতি থলোঁ। সি বোলে: মাছৰ পানীৰে কি কৰিব দাদা? মই বোলো: নেমু গছত এই পানী চটিয়ালে পোক নহয়! পানীৰ লগতে মোৱা মাছ তিনিটাও সৰি পৰিল চৰিয়াত। তেনেতে এওঁ ভিতৰৰ পৰাই চিঞৰিলে: হেৰা, সত্যনাৰায়ণ পূজা পাতি মাছ খাবানে? মাছ কেজি বেপাৰীটোক ঘূৰাই দি চৰিয়াটো এওঁক দি কলোঁ: মোৱা মাছ তিনিটা ইহঁতক ফ্ৰাই কৰি দিবা আৰু এই পানীতে আমালৈ দাইল ৰান্ধিবা!

 

৮)

এওঁক বোলো: বাইয়ে কি আনিছে ইহঁতলৈ? এওঁ বোলে: কিটো আনিব! ৰঙালাও এটাৰ গুটি অলপ ঘৰত নষ্ট হয় বুলি লৈ আনিছে! মই বোলোঁ: চাহৰ লগত তাইক তাকে দি দিব লাগিছিল! এওঁ বোলে: চাহ দিওঁহে ৰ’বা। এই বুলি এওঁ মগ এটাত ঠাণ্ডা পানী লৈ তাত ৰ’দাই থোৱা এবাৰ ব্যৱহাৰ কৰা চাহপাত কেইটামান দিলে। লগতে ৰং উঠিবলৈ শুকান বেলৰ পানী অকণো দিলে। সোৱাদৰ বাবে পকা কঠালৰ বাদু অলপ পেলালে। তাৰ পাছত জুইত ভৰাই ৰঙা কৰি থোৱা দাখন মগটোত ভৰাই দিয়াত দাখনৰ তাপখিনিতে চাহ গৰম হৈ গ’ল।

 

৯)

শহুৰ বুঢ়াই হেনো কালি বিচনাখন খুউব টান পালে। সেয়ে আজি দুপৰীয়া বাপেক-জীয়েক দুয়ো পুখুৰীৰ পাৰত থাকোঁতে কাম এটা কৰি বিচনাখন কোমল কৰি থৈছোঁ বাপেক্কে। চকোৱা ধানৰ ডাঙৰি তিনিটা নমৰাকৈ আছিল। তাৰে এটাৰ মুঠিবোৰ বিচনাখনত সমান আৰু ডাঠকৈ পাৰি ওপৰত বস্তা কেইটামান দি তাৰ ওপৰত বেডচীটখন ধুনীয়াকৈ পাৰি থৈছোঁ। এনেয়েও শকত-আৱত মানুহ। বিচনাত শোওঁতেও পাখিভগা চৰাইৰ দৰে চটফটাই থাকেই। সেই বাগৰত এডোন ধান সৰিলেও কিবা লাভ এটা হ’ব দিয়কচোন! হয়নে নহয়?

 

১০)

কলপটুৱা এখনৰ ভিতৰফালে ভাতৰ মাৰ সানি জুহালৰ ওপৰত ৰাখিলে ক’লা ধোঁৱা তাত কৰাল মাৰি লাগি ধৰে। চকুত লোৱা কাজল এওঁ তেনেকৈয়ে উলিয়ায়। আৰু সেন্দুৰৰ ফোঁটটো কিনো বুলি ভাবিছে? পুৰণা ৰঙা প্ৰেজেণ্ট-পেপাৰ এখনৰ পৰাই সিদিনা যিমানবোৰহে ফোঁট কাটি থৈছোঁ! ছমাহতো শেষ নহয়! আঠাহে লগাব লাগে! … কথাবোৰ ভাবি থাকোতেই ভাতৰ থালি লৈ এওঁ দৌৰি আহিল। মই বোলোঁ: খালি ভাত দেখোন! এওঁ বোলে: লিলিৰ ঘৰত মাংস ৰন্ধাৰ গোন্ধটো পাছফাললৈকে বিয়পিছে। গোন্ধটোকে লৈ খাওঁগৈ ব’লা।

 

১১)

পুৱাতে এওঁ কলে: হেৰা, আজি ভাত খাবলৈ একো নাই! মই বোলোঁ: মচুৰ দাইল নাই জানো?
এওঁ বোলে: দেউতা আহোঁতে তুমি যে মাইনাহঁতৰ ঘৰৰ পাৰ চৰাইটো মাৰিছিলা, সেইটো বাচোঁতে পাকস্থলীত যে মচুৰ দালি ৪০টামান ওলাইছিল, সেইকেইটাহে আছে!
মই বোলোঁ: সেইকেইটাকে লৈ দালি এখন ৰান্ধা। আৰু তুমি যে কালি বুলিহঁতৰ ঘৰৰপৰা অনা প্ৰসাদ খাওঁতে কাবুলী বুটকেইটাৰ চোকোৰাবোৰ থৈ দিছিলা সেইকেইটাত পিঠাগুৰি ভৰাই বৰ ভাজিব পাৰা দেখোন?
এওঁ বোলে: তুমিও ভাল মনত পেলালা দেই!

 

১২)

শুই থকা দেখি এওঁক ক’লোঁ: কিয় শুই আছা? কিয় মলিন বদন এই প্ৰভাততে? এওঁ বোলে: মাথাটো খুউব বিষাইছে! প্লীজ, নাইচ টেবলেট এটা আনি দিয়া মোক! মনতে মই বোলোঁ: মোৰ মাথা কামোৰোতে কোনোদিন পাচ টকা খৰছ কৰি তুমি নাইচ টেবলেট খুৱাই নাপালা! তোমাকো তাৰ বিহু দেখুৱাম! এইবুলি তেওঁক কলোঁ: তুমি চকু মুদি দিয়া। জাৰি দিয়া পানীকণ তোমাৰ গাত পৰিলেই ভাল হৈ যাব! তাৰ পাছত ভোট জলকীয়াৰ তেল অকণ চকুৰ কুমটোত লগাই দিয়াত এলাবিষতকৈ চেলাবিষ বেছি হৈ তেওঁ আৰোগ্যই হৈ গ’ল!

 

১৩)

এওঁ কলে: হেৰা, আমাৰ জৈৱিক লাইটটো জ্বলা নাই যে? মই বোলোঁ: প্লাষ্টিকৰ বটলটোত থকা জোনাকী পৰুৱাবোৰ উশাহ নাপাই মৰি গ’ল চাগে! এওঁ বোলে: তুমি বটলৰ সাঁফৰটো টাইটকৈ মাৰি থ’লা ছাগে! মই বোলোঁ: আজি আকৌ হাবিত সোমায় জোনাকী পৰুৱা এখিনি ধৰিব লাগিব! তেনেতে এওঁ কলে: হেৰা, গেছত প্ৰেছাৰ কুকাৰটো দি থৈ আহিছোঁ। হুইছেল দুটা মাৰিলেই তুমি মোৰ ধুই থোৱা কাপোৰযোৰত কুকাৰটোৰ তলিখনেৰে হেঁচা দুটামান মাৰি দিবা। বহুদিন কাপোৰযোৰত ইষ্ট্ৰি কৰা নাই বুজিছানে!

 

১৪)

সৰু ধুপ পেকেটটোৰ পৰা কাঠীবোৰ উলিয়াই প্ৰতিটো কাঠী তিনি টুকুৰা কৰি পেকেটটোত আকৌ ভৰাই থ’বলৈ মোৰ বেছি সময় নালাগিল। ভগৱানক পূজা কৰিবলৈ গোটেই দিনটো ধূপডাল জ্বলি থাকিবই বুলিতো কোনো কথা নাই! এনেকৈ জুখিমাখি নচলিলে যুগ যিটো আহিছে আমাৰ স্থানেই নহ’ব সমাজত! পকা ভীমকল চালনীত চালি এওঁ আকৌ গুটিবোৰ আঁতৰাই বটল এটাত পানীৰ সতে কলবোৰ ভৰাই থৈছে। চাহ বাকোঁতে তাৰ ৰস একাপ দি দিলে চাহত চেনী নিদিলেও হয়।

 

১৫)

শহুৰৰ বাবে অনিচ্ছা সত্বেও দহ টকাত দুটুকুৰা গেলা মাছ কিনি এটুকুৰা কচুৰ দাইলৰ সতে ঘোটনী মাৰি সিটুকুৰা ফ্ৰাই কৰি থলোঁ। ফ্ৰাইটুকুৰা ভাত এবাতিৰ সৈতে কোনেও নেদেখাকৈ আমাৰ বিচনাৰ তলত লুকুৱাই থলোঁগৈ। ৰাতি এওঁৰ টোপনি অহাৰ পাছত খাম বুলি। ৰাতি ভাত খাওঁতে এওঁ মাছবোৰ কি হ’ল বুলি সোধাত মই ঘোটনী মাৰি দিয়াত চব ভাগিল বুলি কলোঁ। শুবৰ সময়তে ঘটিল ঘটনাটো। বুঢ়াই ক’লে: তহঁতৰ লগতে শোওঁ। যোৱাবাৰ আহোঁতে তহঁতৰ ঘৰত ভূতে ৰাতি ভাতখোৱাৰ শব্দ নিজ কাণেৰে শুনিছোঁ!

 

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bikash Saikia
6 years ago

Bhut val lagil dei…………..bhut dinor murot mon khuli hahilu……..

Anonymous
6 years ago

bhal palu prhi….

6 years ago

মোবাইল ফোন’ৰ দোকানী এজনৰ পেটৰ বেমাৰ। পেট চলিছে…!! ডাক্তৰৰ ওচৰলে গৈ, নিজৰ ব্যৱসায়িক ভাষাতে ক’লে…,

: ছাৰ…, পূৰা unlimited outgoing হৈ গ’ল।

অনবৰতে…,
পেটত vibration,

তাৰোপৰি,
নতুন-নতুন ringtone বাজি আছে।

পেটৰ balance শেষ হৈ গৈছে।

recharge কৰিলেও,
পাঁচ মিনিটতে discharge হৈ যায়।

miscall দিলেও, …receive হৈ যায়।

বৰ কষ্ট পাইছো।
প্লিজ ছাৰ…,

.

.

.

.

.

“এই scheme টো বন্ধ কৰি দিয়ক…!”

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক