কৃপণ -(মুণিমন্ত শইকীয়া)

কৃপণ

মুণিমন্ত শইকীয়া

 

আবেলি দীপান্বিতা উপলক্ষে পোতা কলগছ দুজোপাৰ গুৰিটো গোবৰেৰে মচি দিয়া, মাটিৰ চাকিবোৰ ভালদৰে ঘঁহি তাত শলিতা কেইগছ লগাই ৰখা, কেইটামান লাড়ু পিঠাৰ যোগাৰ কৰা আদি কামবোৰতে মানুহ গৰাকী ব্যস্ত আছিল৷ ল’ৰা-ছোৱালী দুটিৰে সৈতে মানুহজনেও সহযোগ কৰিছিল৷ বীৰ ছহিদ কেইজনৰ লগতে গণেশগুৰিত সন্ত্ৰাসবাদীৰ হাতত নিহত সকলৰ বাবেও ডাঙৰ মাটিৰ চাকি তিনিটা সজাই থৈছিল৷ কেৰোণটো লাগিল সন্ধিয়াৰ আগে আগে চাকি কেইটা লগোৱাৰ সময়ত৷ ল’ৰাটোৱে জুইশলাটোলৈ জ্বলাবলৈ কাঠিটো মাৰে কিন্তু শলিতাত অগ্নি সংযোগ কৰাৰ আগতেই নুমাই থাকে৷

“তই নোৱাৰ, মোক দে৷ “অতিষ্ঠ হৈ ছোৱালী জনীয়ে ক’লে৷”

“কিয় নোৱাৰিম, এইবাৰ চা৷” বুলি লৰাটোৱে বহুতো কাঠি শেষ কৰিলে৷

ইমান সোপা কাঠি এনেয়ে নষ্ট কৰিলি৷ মই কোৱা নাছিলোঁ জানো যে মমবাতি এডাল জ্বলাই ললেই কামটো সহজ হব বুলি৷” মানুহজনীয়ে মুখেৰে ভোৰভোৰাই থাকিল৷

“তুমিও মহা কৃপণ দিয়া মা৷ কেইটানো কাঠি খৰচ হলনো? ইমানযে বকি আছা৷” –বিৰক্তি প্ৰকাশ কৰিলে ল’ৰাটোৱে৷

“হয় দিয়া, মাৰ এই কৃপণালি নুগুছিল আৰু৷” –ছোৱালী জনীৰ মন্তব্য৷

“চাও মোক জুইশলাটো দে, মমডাল জ্বলাই লও৷ তহঁতে কি বুজিবি৷” মাকে জুইশলাটো কাঢ়ি আনিব বিচাৰিলে৷ আটাইৰে কঢ়া আঁজোৰা লাগিল৷ সিহঁতৰ ঠেলা হেঁচাত এটা কল পুলি বাগৰি মাটিৰ চাকি কেইটা পৰিল আৰু ভাগিলো৷ মানুহজনে সকলো চাই আছিল৷ তেওৰ বৰ খং উঠিল৷ খঙৰ ভমকত সমস্ত দোষ মানুহজনীৰ গাতে আৰোপিত কৰি তেও কৈ উঠিল- “এই কাৰণেই টোকোনাৰ ঘৰৰ ছোৱালী বিয়া পাতিব নাপায়, কুলক্ষণী চব৷”

মানুহগৰাকী থৰ লাগিল৷ কিহৰ পৰা যে কি হ’লগৈ৷ লাহে লাহে গৈ ঘৰৰ ভিতৰ পালেগৈ তেও৷ বহিবৰ বাবেও যেন শক্তি নহ’ব গাত৷ বিছনাখনতে শুই দিলে৷ শহুৰ-শাহুলৈ মনত পৰিল৷ তেওঁলোক আজি থকা হ’লে৷ দুয়োযে কিমান মৰম কৰিছিল তাইক৷ লখিমী বোৱাৰী বুলি আনৰ আগত কৈছিল৷ শহুৰৰ কথাবোৰ মনত পৰিল তাইৰ–“বুইছা বোৱাৰী, ঘৰ এখন ধৰি ৰাখিবলৈ হ’লে তিৰোতা গৰাকীৰ বহুত দায়িত্ব আছে৷ তুমি মিতব্যয়ী হ’বই লাগিব৷ মুখেৰে উপদেশ দি নহয়, হাতে কামে কৰি দেখুৱাব পাৰিলেহে তোমাৰ সতি সন্ততিয়েও সেই গুণবোৰ আয়ত্ত কৰিব৷”

হয়, তাই নিজে দেখিছে শহুৰেকক অপ্ৰয়োজনত জ্বলি থকা লাইট, ফেনৰ চুইচ বন্ধ কৰা, অপ্ৰয়োজনত কোনো বস্তু নিকিনা, অদৰকাৰী চখৰ নামত ধন খৰচ নকৰা আৰু যে কিমান?

“তেন্তে মোৰ ক’ত ভুল হ’ল? মইতো কৃপণালি কৰা নাই, ঘৰৰ স্বাৰ্থতহে যি কৰণীয় বুলি ভাবিছোঁ কৰিছোঁ৷ তেনেহ’লে সিহঁতে মোক কিয় কূপণ বুলি ভাবিলে বাৰু? মই বাৰু সঁচাই কৃপণনে? “

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক