কৃষকৰ মাটিৰ অপাৰ ৰহস্য ভেদি (- ড° অৰুন্ধতী বৰদলৈ)

বাৰিষাৰ বৰষুণজাকৰ পাছতে লাহে লাহে গাঢ় হৈ অহা পথাৰৰ সেউজীয়া ৰঙে আহিনত সোণোৱালী ৰঙ বিয়পাই কৃষকৰ ভঁৰালত প্রৱেশ কৰেহি। শীতৰ প্রকোপত লঠঙা হৈ পৰা গছৰ ডালবোৰ বসন্তত সেউজীয়া ৰং লৈ বতৰৰ পৰিবর্তনৰ আভাস দিয়ে। মৌ-মাখিৰ সহযোগত ফুলৰ পৰাগযোগ ঘটে, চৰায়ে কীট-পতংগ খাই কৃষকৰ ফচল ৰক্ষা কৰে, মাইক’ৰাইজা নামৰ ভেঁকুৰবিধ থাকিলেহে মনোমোহা অর্কিড ফুল ফুলিব পাৰে—এইদৰে অলেখ অপাৰ ৰহস্যই অনৰবৰতে প্রকৃতি ৰাজ্যত ঘটিব ধৰিছে আৰু ভৱিষ্যতে এইদৰেই ঘটি থাকিব। পৃথিৱীৰ উপৰিভাগত প্রকৃতিৰ ৰহস্যই যিদৰে ক্রিয়া কৰি আছে, ঠিক একেদৰে মাটিৰ সেউজীয়া আচ্ছাদনৰ তলতো প্রকৃতিয়ে অনন্য এখন বিশ্ময়কৰ জগতৰ সৃষ্টি কৰি ৰাখিছে। পাঠকসকল, কেতিয়াবা ভাবিছেনে গছৰ পাত, মৰা জীৱ-জন্তু আদি মাটিত কিদৰে জহি-খহি নিঃছিহ্ণ হে পৰে। সুস্বাদু ফল-মূলবোৰে বাৰু মাটিৰ পৰা এনে কি আহৰণ কৰে, যিয়ে আমাৰ জিভাক সোৱাদ দিয়াৰ লগতে শৰীৰৰ প্রয়োজনীয় শক্তিৰো যোগান ধৰে। খেতি প্রধানকৈ কেৱল মাটিতহে কিয় কৰা হয় ? —এনে অনেক প্রশ্নৰ সন্মূখীন কেতিয়াবা হৈছেনে? এনেবোৰ প্রশ্নৰ উত্তৰ বিচাৰি আমি আজি যাত্রা কৰিম সেউজীয়া আচ্ছাদনৰ তলত অবিৰত ক্রিয়া কৰি থকা প্রকৃতিৰ মাটিৰ কাৰখানাৰ ৰহস্যময় জগতলৈ।
মাটি, সেয়া লাগিলে কৃষকৰ পথাৰেই হওক অথবা চাহৰ বৃহৎ বাগিচাই হওক, ঝুমখেতিৰ এৰি অহা পথাৰেই হওক কিম্বা ৰঙাচানেকীয়া পাহাৰেই হওক, সৃষ্টি মূলতঃ একেধৰণেৰেই; উপাদানহে বেলেগ বেলেগ। ক’লাচানেকীয়া মাটিক আমি সাৰুৱা মাটি বুলি আখ্যা দিও। অর্থাৎ ক’লাচানেকীয়া মাটিত জৈৱিক পদার্থৰ পৰিমাণ বেছি থাকে, যিয়ে শস্যৰ বীজ ফুটি গছ হ’বলৈ অফুৰন্ত খাদ্যৰ যোগান ধৰে। মাটিত খাদ্য সঞ্চিত হৈ থাকে কার্বন, নাইট্র’জেন, ফচফ’ৰাচ, পটাছিয়াম, কেলচিয়াম, মেগনেচিয়ামকে আদি কৰি বিশটা অতি আৱশ্যকীয় খাদ্যমৌলৰ ৰূপত। সাৰুৱা মাটিত আৱশ্যকীয় খাদ্যমৌলৰ লগতে বৃহৎ সংখ্যক অণুজীৱই বাস কৰে।, যিয়ে এই খাদ্যমৌলসমূহক গছৰ শিপাই পাব পৰা পৰিৱেশ ৰচনা কৰে। এই সমূহ মৌল আৰু অণুজীৱই এক সমতা ৰক্ষা কৰি উদ্ভিদৰ ভৰণ-পোষণ কৰাৰ লগতে বীজ অথবা ফল প্রস্তুত কৰালৈকে খাদ্যৰ যোগান ধৰি থাকে। যেতিয়াই মাটিয়ে খাদ্যৰ যোগান ধৰিব নোৱাৰা হয় তেতিয়াই গছজোপা পুষ্টিহীনতাত ভোগে যাৰ বাবে বীজ বা ফলৰ গুণাগুণৰ অৱনতি ঘটে। কোনো কাৰণত খাদ্যমৌল আৰু অণুজীৱৰ সমতা ইফাল-সিফাল হ’লেও গছজোপা পুষ্টিহীনতাত ভূগিব পাৰে।

জন্ম হ’লে মৃত্যু ঘটিবই, আদি থাকিলে অন্ত থাকিবই। এইয়াই হ’ল প্রকৃতিৰ চিৰন্তন সত্য। মাটিত খাদ্যমৌলৰ ভঁৰালো বছৰে বছৰে খেতি কৰি অহাৰ ফলত ক্রমে সংকুচিত হ’বলৈ ধৰিলে। ইয়াৰ লগে লগে কৃষকৰ পথাৰত উৎপাদনো কমি আহিল। কিন্তু বিজ্ঞানৰ চমকপ্রদ আবিষ্কাৰসমূহে এই সমস্যাৰ অন্ত পেলালে। ৰাসায়নিক সাৰৰ আবিষ্কাৰে অপুষ্টিত ভোগা শস্য ঠন ধৰি উঠাত সহায় কৰিলে। কিন্তু অধিক লাভৰ আশাত, অধিক উৎপাদন পোৱাৰ মোহত এক শ্রেণী কৃষকে যধেমধে এই ৰাসায়নিক সাৰসমূহ মাটিত প্রয়োগ কৰিব ধৰিলে। এই সাৰবোৰ মুঠেই প্রাকৃতিক নহয়। অধিক মাত্রাত এনেবোৰ সাৰ ব্যৱহাৰ কৰাৰ ফলত প্রকৃতিৰ খাদ্যমৌল –আণুজীৱৰ সমতাক বেয়াকৈ ক্ষতিগ্রস্ত কৰিব ধৰিলে। অর্থাৎ লাহে লাহে মাটিত অণুজীৱৰ পৰিমাণ কমি আহিব ধৰিলে। ফলস্বৰূপে যিমানেই অধিক মাত্রাত এই কৃত্রিম সাৰ ব্যৱহাৰ হ’বলৈ ধৰিলে সিমানেই শস্যই এই সাৰ আহৰণ কৰিব নোৱৰা এক পৰিস্থিতি সৃষ্টি হ’ব ধৰিলে। আনহাতে অতি মাত্রাৰ ৰাসায়নিক সাৰে মাটিৰ গঠনত বিৰূপ প্রতিক্রিয়া ঘটাবলৈ ধৰিলে। তেনে মাটিৰ পানী ধৰি ৰখা ক্ষমতা কমি যোৱাৰ লগতে খাদ্যমৌল যোগান ধৰিব নোৱৰা হ’ল। ক্রমান্বয়ে সাৰুৱা মাটিডৰা অনুর্বৰ মাটিত পৰিণত হ’ল।
প্রকৃতিৰ ৰহস্যত হাত দি একাংশলোকে কৃষিভূমিৰ অকল্পনীয় ক্ষতিসাধন কৰিছে। অৱশ্যে এনে ক্ষতি ৰোধ কৰিবলৈঅধবা মাটিৰ ভঁৰালক প্রাকৃতিকভাবে টনকিয়াল কৰিবলৈ প্রচুৰ পৰিমাণৰ জৈৱিক পদার্থ, পচনসাৰ, কেঁচুসাৰ, সেউজসাৰ, জীৱাণুসাৰ আদি মাটিত প্রয়োগ কৰি অনুর্বৰ মাটিক পোনৰ উর্বৰ কৰিব পৰা যায়। এই ব্যৱস্থা্সমূহ সময় থাকোতেই হাতত লৈ ৰাসায়নিক সাৰৰ ব্যৱহাৰ কম কৰিব পাৰিলেহে প্রকৃতিৰ বিশ্ময়কৰ ৰহস্যত আমিও আংশীদাৰ হ’ব পাৰিম। লগতে যিমান দিন এই পৃথিৱীখনি জীয়াই থাকিব সিমান দিন কৃষকৱ পথাৰৰ মাটিত অর্ন্তনিহীত ৰহস্যই আমাক পুষ্টি প্রদান কৰি থাকিব। মানৱজাতি তথা জীৱকুলক জীয়াই ৰাখিব।

ম’বাইল: ৯৪০১৬-২৯৯৬৭

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Dr. K.K.Sharma
6 years ago

Nicely presented subject matter. Most people are not aware of the fact that soil is a living thing. Indiscriminate exploitation of soil is equally serious as that of pesticide use. Thanks to Dr. Bordoloi

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক