কৃষি আইন দুখনৰ কথাৰে: জ্যোতিষ বৰুৱা

যোৱা ২৪ চেপ্তেম্বৰ ২০২০ তাৰিখে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়ে তলত উল্লিখিত আইন দুখনক ৬ জুন ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অনুমোদন জনায়৷
ইয়াৰে প্ৰথমখন হৈছে Farmers’ Produce Trade and Commerce (Promotion and Facilitation ) act, 2020.
এই আইনৰ জৰিয়তে ভাৰতত কৃষি ব্যৱসায়ৰ এক নতুন পৰিৱেশৰ সৃষ্টি কৰি কৃষকসকলে উৎপাদিত সামগ্ৰী বিক্ৰী কৰা আৰু তেওঁলোকৰ পৰা ব্যৱসায়ীসকলে সামগ্ৰী সমূহ কিনাৰ ক্ষেত্ৰত আগতকৈ কিছুমান বিকল্প ব্যৱস্থাৰ সৃষ্টি কৰি কৃষক আৰু ব্যৱসায়ী সকলৰ মাজত লেনদেনৰ এটা সুচল পৰিৱেশ গঢ় দিবলৈ বিচৰা হৈছে৷ কৃষকসকলে যাতে উন্নত মানৰ শস্য উৎপাদন কৰি ব্যৱসায়ীসকলক আকৰ্ষণীয় মুল্যত এক কাৰ্যক্ষম, স্বচ্ছ পৰিৱেশত আৰু কোনো অসুবিধা নোহোৱাকৈ বিক্ৰী কৰিব পাৰে তাৰবাবে এই আইনৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ কৃষি সামগ্ৰী বেছা কিনা আৰু তাত হ’ব লগা ধনৰ লেনদেনত কৃষক আৰু ব্যৱসায়ীসকলৰ মাজত ইলেক্ট্ৰ’নিক মাধ্যমৰ ব্যৱহাৰ ( Electronic trade and transaction platform গঠন)ৰ ওপৰত জোৰ দিয়া হৈছে আৰু তাৰ দ্বাৰা কৃষকৰ উৎপাদিত শস্য (Farmer produce) বেচা কিনাত অনলাইন পদ্ধতিৰ ব্যৱহাৰক উৎসাহিত কৰিবলৈ বিচৰা হৈছে৷ এই আইনৰ বিশেষত্ব সমূহ—
এই আইনৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰবাবে Farmer producer organization খোলাৰ কথা কোৱা হৈছে৷ Farmer producer organization হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকসমূহক একেলগ কৰি খোলা কিছুমান পঞ্জীয়নভুক্ত সংগঠন বা গোট৷ বৰ্তমান গোটেই দেশত ১০০০০টা Farmer producer organization খুলিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে৷ ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকসকলক একেলগ কৰি উৎপাদিত কৃষি সামগ্ৰী বিক্ৰী কৰিবলৈ এই সংগঠনসমূহ খোলা হৈছে৷ ক্ষুদ্ৰ কৃষকসকলক একগোট কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মুল্য পোৱাটোৱেই এই সংগঠনসমূহৰ লক্ষ্য হ’ব৷
এই আইনৰ অধীনলৈ অনা কৃষি সামগ্ৰীসমূহ হৈছে—
১) চাউল, ঘেঁহু আদি খাদ্যশস্য, মাহজাতীয় শস্য, খোৱা তেল, তৈল বীজ, বিভিন্ন ধৰণৰ পাচলি, ফলমুল, বাদাম জাতীয় শস্য, কুঁহিয়াৰ আৰু ব্যৱসায় ভিত্তিত পালন কৰা হাঁহ, কুকুৰা, টাৰ্কী, গাহৰী, ছাগলী আদি আৰু মৎস্য ব্যৱসায় তথা গাখীৰৰ ব্যৱসায়ৰ বাবে কৰা পশুপালন৷
২) পোহনীয়া জীৱজন্তুৰ কাৰণে কৃষিভিত্তিত কৰা খাদ্যশস্য আৰু লগতে তেল উৎপাদনকাৰী শস্যৰ পৰা তেল নিষ্কাষণৰ পাছত ৰৈ যোৱা পশুধনৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা সামগ্ৰী৷
৩) কেঁচা কপাহ, কপাহৰ বীজ আৰু কেঁচা মৰাপাট৷
আগতে কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰী অকল নিজ ৰাজ্যত ৰাজ্য চৰকাৰৰ অধীনস্থ APMC (Agricultural produce marketing committee) আইনৰ অধীনস্থ মান্দি (কৃষি বজাৰ)ত কিছুমান মধ্যভোগীৰ জৰিয়তে বিক্ৰী কৰিছিল৷ কিন্তু এই আইনৰ জৰিয়তে মান্দি ব্যৱস্থাৰ বিলোপ ঘটোৱা হৈছে৷ কৃষকসকলে এতিয়াৰ পৰা নিজৰ উৎপাদিত সামগ্ৰী মান্দি-ৰ সলনি আন কিছুমান বিকল্প স্থানত বিক্ৰী কৰিব পাৰিব৷ বিকল্প স্থানসমূহ হৈছে,
১) শস্য উৎপাদনস্থলীৰ সন্মুখত৷
২) প্ৰক্ৰিয়াজাত খাদ্যসামগ্ৰী (Processed food) বনোৱা কাৰখানাত৷
৩) শস্য জমা ৰখা গুডামত৷
৫) শীতলীকৰণ ব্যৱস্থাৰ জৰিয়তে শস্য জমা কৰা স্থানত৷
৬) শস্য বিক্ৰী কৰিব পৰা আন যিকোনো স্থানত৷
এই ক্ষেত্ৰত এই আইনে APMC আইনৰ অধীনস্থ কোনো চৰকাৰী তথা বেচৰকাৰী এলেকা, মান্দি আদিত কৃষিশস্যৰ বাণিজ্য কৰাটো স্বীকৃতি দিয়া নাই৷
কৃষকসকলে উৎপাদিত ফচল এতিয়াৰ পৰা নিজ ৰাজ্যৰ (অন্তঃ ৰাজ্যিক ব্যৱসায় বা intra state trade) উপৰি বেলেগ ৰাজ্যতো বিক্ৰী কৰিব পাৰিব (আন্তঃ ৰাজ্যিক ব্যৱসায় বা inter state trade)৷ অন্তঃ ৰাজ্যিক ব্যৱসায় বা Intra state trade মানে কৃষি সামগ্ৰী ক্ৰয় বিক্ৰয় কৰা এটা প্ৰক্ৰিয়া য’ত এখন ৰাজ্যৰ এজন ব্যৱসায়ীয়ে সেই ৰাজ্যতে উৎপাদন কৰা সামগ্ৰী একেখন ৰাজ্যৰ ভিতৰতে কৃষকৰ পৰা ক্ৰয় কৰি বেচা কিনা কৰা প্ৰক্ৰিয়া৷ Inter state trade মানে এখন ৰাজ্যৰ এজন ব্যৱসায়ীয়ে আন এখন ৰাজ্যত উৎপাদন হোৱা কৃষি সামগ্ৰী সেই ৰাজ্যৰ কৃষক বা ব্যৱসায়ীৰ পৰা ক্ৰয় কৰি আন এখন ৰাজ্যলৈ পৰিবহণ কৰি লৈ যোৱা প্ৰক্ৰিয়াটো৷
ইয়াৰ উপৰি কৃষিখণ্ডত ব্যৱসায় বাণিজ্য উন্নীত তথা উৎসাহিত কৰিবৰ বাবে চৰকাৰে কিছুমান পদক্ষেপ হাতত লৈছে৷ ইয়াৰ বাবে আইনত উল্লেখ কৰা নীতি- নিয়মসমূহ,
যিকোনো এজন কৃষক, ব্যৱসায়ী বা যিকোনো Electronic trade and transaction platform ৰ জৰিয়তে কোনো লোকে intra state আৰু inter state এই দুইধৰণৰ ব্যৱসায়ৰ যিকোনোএবিধ বা এই দুইবিধ আইনে নিৰ্দিষ্ট কৰি দিয়া ব্যৱসায় এলেকা (trade area) ত কৰিব পাৰিব৷ এইক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই৷ ব্যৱসায়ী এজনৰ ভাৰতৰ আয়কৰ আইন১৯৬১ৰ অধীনত স্থায়ী একাউণ্ট নম্বৰ (PAN) থকা বা চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া আন পৰিচয় পত্ৰ থকাটো বাধ্যতামূলক৷ Farmer producer organization ৰ ক্ষেত্ৰত এনে কোনো PAN বা আন পৰিচয় প্ৰয়োজন নাই৷
ব্যৱসায়ীসকলে কৃষক বা আন ব্যৱসায়ীৰ পৰা কৃষি সামগ্ৰী ক্ৰয় কৰিলে, তাৰবাবদ পৰিশোধ কৰিবলগীয়া মূল্য একেদিনাই পৰিশোধ কৰিব লাগিব বা পৰৱৰ্তী তিনিটা কৰ্মদিনত পৰিশোধ কৰাটো বাধ্যতামূলক৷ এইক্ষেত্ৰত শস্য সামগ্ৰী প্ৰাপ্তিৰ ৰচিদ সামগ্ৰী ক্ৰয় কৰা দিনাই কৃষক বা বিক্ৰেতাজনক দিব লাগিব৷
কোনো কৃষক, ব্যৱসায়ী বা Electronic trade and transaction platform সমূহে আইনে নিৰ্দিষ্ট কৰি দিয়া ব্যৱসায়িক এলেকা সমূহত ব্যৱসায় কৰোঁতে APMC আইনৰ অধীনত ৰাজ্য চৰকাৰ সমূহক কোনো কৰ, কাটল আদায় দিব নালাগে৷
Electronic trade and transaction platformত ব্যৱসায় কৰিবলৈ স্থায়ী একাউণ্ট নম্বৰ (PAN) বা কেন্দ্ৰীয় চৰকাৰ বা Farmer producer organization য়ে এই বিষয়ত নিৰ্দিষ্ট কৰি দিয়া আন তথ্যপাতিৰ প্ৰয়োজন হ’ব৷ Electronic trade and transaction platform ত কাম কৰা লোকজনে এই বিষয়ত নিৰ্দিষ্ট কৰা নিয়মাৱলী মানি কাম কৰাটো বাধ্যতামূলক৷ নিয়মাৱলীমতে ইলেক্ট্ৰনিক মাধ্যমত ব্যৱসায়ৰ ধৰণ কেনেকুৱা হ’ব, ধনৰ লেনদেন কেনেকুৱা ধৰণৰ হ’ব, আন তেনেকুৱা trade platformৰ লগত কেনেকুৱা ব্যৱসায়িক সমন্ধ হ’ব, logistics arrangement কেনেকুৱা হ’ব, ইয়াত logistics arrangement মানে শস্য উৎপাদকৰ পৰা শস্য ক্ৰয় কৰাৰ পাছত পৰিবহণৰ পৰা আৰম্ভ কৰি মজুত কৰি ৰাখি উপভোক্তালৈকে যোগান ধৰাত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ইত্যাদি সকলো কথা ইলেক্ট্ৰনিক মাধ্যমত উপলবদ্ধ হ’ব লাগিব৷ কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত যদি প্ৰয়োজন বুলি ভাবে, কোনো সংস্থাৰ দ্বাৰা শস্যৰ মূল্য, ক্ৰয় বিক্ৰয়ৰ নীতি-নিয়ম আৰু অনলাইন বাণিজ্যৰ কাৰণে আনুসাংগিক সকলো কথা ইণ্টাৰনেটত উপলব্ধ কৰাব৷

কৃষিবিষয়ক আনখন আইন হৈছে The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services act 2020.
এই আইনৰ জৰিয়তে সৰ্বভাৰতীয় স্তৰত কৃষকৰ সুৰক্ষা তথা কৃষকক শক্তিশালী কৰাৰ উদ্দেশ্যে কৃষকে শস্য উৎপাদনৰ আগেতই কৃষি ব্যৱসায়ী, পাইকাৰী বিক্ৰেতা, প্ৰক্ৰিয়াজাত (processed) খাদ্য প্ৰস্তুত কৰা প্ৰতিষ্ঠান বা ডাঙৰ খুচুৰা বিক্ৰেতাৰ লগত কৃষিৰ বাবে প্ৰয়োজন হোৱা সা সামগ্ৰীৰ কৃষকক যোগান ধৰা তথা শস্য চপোৱাৰ পাছত উৎপাদিত শস্যৰ বিনিময়ত পাবলগীয়া ধনৰ বাবে কৃষক আৰু ব্যৱসায়ীৰ মাজত হ’বলগা এখন পাৰস্পৰিক বুজাবুজি চুক্তি কৰাৰ কথা কোৱা হৈছে৷ এই আইনৰ বিশেষত্ব সমূহ এনেধৰণৰ—
কৃষক আৰু ব্যৱসায়ীৰ মাজত হোৱা লিখিত চুক্তিমতে উৎপাদিত কৃষি শস্য কৃষকে ব্যৱসায়ীজনক কেতিয়া দিব, কৃষিশস্যৰ গুণাগুণ, মান, ব্যৱসায়ীজনে কৃষকজনক দিবলগা ধনৰ পৰিমাণ ইত্যাদিৰ বিষয়ে উল্লেখ থাকিব৷ এইক্ষেত্ৰত শস্যৰ গুণাগুণ কৃষিনীতি, কৃষি উৎপাদনৰ সময়ৰ জলবায়ু বা কৃষি বিষয়ক আন কাৰকৰ লগত খাপ খোৱা হ’ব লাগিব৷ কৃষকৰ লগত চুক্তিবদ্ধ হোৱা ব্যৱসায়ীজনে শস্য উৎপাদনৰ পৰা আৰম্ভ কৰি শস্য চপোৱালৈকে যিকোনো সময়ত শস্যৰ গুণাগুণ নিজে পৰীক্ষা কৰিব পাৰিব বা কোনো নিৰপেক্ষ মানুহৰ দ্বাৰা পৰীক্ষা কৰাব পাৰিব৷
চুক্তিত ব্যৱসায়ীয়ে কৃষকক যোগান ধৰিবলগীয়া Farm serviceৰ বিষয়েও উল্লেখ থাকিব৷ Farm service মানে ব্যৱসায়ীজনে কৃষকক যোগান ধৰিবলগা শস্যৰ বীজ, কৃষিৰ বাবে ব্যৱহাৰ হোৱা পশুৰ বাবে খাদ্য, সাৰ, কীটনাশক, কৃষিৰ বাবে প্ৰয়োজনীয় বিভিন্ন অত্যাধুনিক প্ৰযুক্তি তথা সা-সজুঁলি আদি যোগান ধৰাৰ কথা কোৱা হৈছে৷
কৃষি চুক্তিমতে চুক্তিৰ ম্যাদ শস্যৰ ক্ষেত্ৰত শস্য উৎপাদনৰ পৰা আৰম্ভ কৰি শস্য চপোৱালৈকে এটা চিজ্ন বা ব্যৱসায় ভিত্তিত কৰা পশুপালনৰ ক্ষেত্ৰত পশুপালন আৰম্ভ কৰি বিক্ৰী কৰিব পৰা হোৱালৈকে সম্পূৰ্ণ এটা production cycle বা সৰ্বাধিক পাঁচ বছৰ হ’ব৷ যদি কোনো সামগ্ৰীৰ production cycle পাঁচ বছৰতকৈ বেছি হয় তেনেহ’লে সেইক্ষেত্ৰত চুক্তি কৰা কেইজনে সামগ্ৰী আদায় দিয়াৰ সময়সীমাৰ বাবে পৰস্পৰৰ বুজাবুজিৰ মাজত চুক্তি কৰিব৷
কৃষক আৰু ব্যৱসায়ীৰ মাজত কৃষি সামগ্ৰীৰ ক্ৰয় বিক্ৰয়ৰ বাবে হ’বলগা ধনৰ লেনদেনৰ বাবেও দুয়োপক্ষৰ মাজত এই আইন মতে চুক্তি কৰাৰ কথা কোৱা হৈছে৷ সেইমতে উৎপাদিত কৃষি সামগ্ৰী ক্ৰয়ৰ বাবদ ব্যৱসায়ীজনে আদায় দিবলগীয়া ধনৰ পৰিমাণ আগতিয়াকৈ নিৰ্ণয় কৰিব লাগিব আৰু সেই পৰিমাণ চুক্তিত উল্লেখ থাকিব লাগিব৷ ইয়াক guaranteed price বুলি কোৱা হৈছে৷ যদি কৃষি সামগ্ৰী চুক্তি স্বাক্ষৰকাৰী ব্যৱসায়ীজনে প্ৰাপ্তি স্বীকাৰ কৰি লোৱাৰ সময়ত বজাৰ মূল্য কম হ’লেও কৃষকজনক ব্যৱসায়ীজনে guaranteed price আদায় দিব লাগিব৷ যদি বজাৰ মূল্য চুক্তিত উল্লেখ কৰাতকৈ বেছি হয় তেতিয়া কৃষকে অতিৰিক্ত বজাৰ মূল্য লাভ কৰিব৷
শস্য চপোৱাৰ পাছত শস্যখিনিৰ প্ৰাপ্তি স্বীকাৰ কৰি লোৱাতো এই আইনমতে ব্যৱসায়ীজনৰ দ্বায়িত্ব৷ এইক্ষেত্ৰত কৃষকজনৰ পৰা শস্য উৎপাদনস্থলীৰ সন্মুখত চুক্তিত নিৰ্ধাৰণ কৰা সময়ৰ ভিতৰত ব্যৱসায়ীজনে উৎপাদিত শস্য সামগ্ৰীৰ প্ৰাপ্তি স্বীকাৰ কৰিব লাগিব৷ এই ক্ষেত্ৰত শস্য প্ৰাপ্তিৰ বাবে সকলোখিনি ব্যৱস্থা চুক্তি স্বাক্ষৰকাৰী ব্যৱসায়ীজনে কৰাতো বাধ্যতামূলক৷
ওপৰত উল্লেখ কৰা কথাখিনিৰ বাহিৰেও দুয়োখন আইনতে কৃষক আৰু ব্যৱসায়ীৰ মাজত কোনোধৰণৰ মতানৈক্য হ’লে সেইবোৰ সমাধানৰ বাবে কিছুমান আইনী ব্যৱস্থাৰ বিষয়ে উল্লেখ আছে৷ এই দুয়োখন আইনেই ভাৰতৰ কৃষক সকলৰ সুৰক্ষাৰ বাবে এক যুগান্তকাৰী পৰিবৰ্ত্তন আনিব বুলি ভাৰত চৰকাৰ আশাবাদী৷


Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
8 months ago

লেখকে আইন ব্যখ্যা কৰিলে। বাস্তৱ নহয়। এনে লেখা পঢ়িলে মোৰ জুবিনৰ সেই গানৰ কথা মনত পৰে ‘পলিটিকচ নকৰিবা বন্ধু’। আচলতে নকৰাটোয়ে ডাঙৰ ‘কৰা’…