কৃষ্ণই আছিল সি (ময়ূৰী দত্ত)

কৃষ্ণই আছিল সি
নবজালেও বাঁহী,
উচপিচাইছিলোঁ নিতৌ আবেলি
শুনিবলৈ তাৰ সুঁহুৰি।
আইৰ হকাবধা, পিতাৰ ৰঙা চকু
ককাইদেউৰ ধমকি,
তথাপিও মই যেন চঞ্চলা হৰিণী,
অকল ময়েই নে?
মাজনী,জুনুকা, জুলু-লুলু,গীতুমণি………………
ফুটফুটীয়া ফ্রক পিন্ধা একোজনী গোপিনী।
আমি আমলৈ ফৰ্মুটিয়াওতে
খাইছিল সিয়েই গালি,
হাকুটিয়াই পাৰি দিছিল বগৰী
পকা কেইটা জেপত সাঁচিছিল
মোলৈকে বুলি…।
খোজত উঠিছিল জুনজুননি,
মাৰ্বলেৰে হৈছিল জেপভৰ্তি,
সদায়েই সি জিকিছিল,
মই পিছে হাৰিলেও
মাৰ্বল মোৰেই হৈ ৰৈছিল।
আইতাকৰ সাধুবোৰ ন-কৈ সজাইছিল,
সি ৰাম মই সীতা,
সি কৃষ্ণ মই ৰাধা,
সি ৰজা মই ৰাণী,
আইমনিহঁতে ওফোন্দাইছিল মুখ,
সিহঁতকো লাগে হেনো সেইকণ সুখ।
মোৰ বাবে সেইবোৰ সাধুৱেই আছিল
তাৰ বাবেও জানো নাছিল?
কৈশোৰক খামুচি নাৰী হোৱাৰ পথত খোজ দিছিলোঁহে
আয়ে যে খেলাৰ পথো ৰুধিলে,
কেৰাহিকৈ চাইছিল
তাৰ সুঁহুৰিত গুণগুণাই উঠিলে।
লাগিছিল অচিনাকী নিজৰে
শৰীৰো……….মনো………
লাজ নামৰ চাদৰেৰে
লুকুৱাইছিলোঁ নিজকে।
মই আগুৱালোঁ শব্দৰ হাত ধৰি,
সপোন দেখিলোঁ কল্পনাৰ নাৱত উঠি,
সি ৰৈ গ’ল সপোন এটা সাৱটি।
মই ভাও দিলোঁ
তাৰ দুচকুৰ ভাষা নুবুজাৰ,
যিদৰে দিছিল সি
লুকাভাকু খেলোতে মোক নেদেখাৰ।
আৰু নীৰবতাৰ আঁচলখনে
শৈশৱৰ স্মৃতিৰ সৰবতাবোৰ
সামৰিলে আলফুলে,
আজিলৈকে……………………………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments