কৃষ্ণচূড়াৰ দেশ (মিতালী গোস্বামী)

কৃষ্ণচূড়াৰ দেশ

 

ওপৰলৈ চকুযুৰি তুলিলে জয়াই।অকস্মাৎ নামি অহা বৰষুণজাকে বিকলাঙ্গ কৰি থৈ গ’ল কৃষ্ণচূড়াঁবোৰ। ঠাল-ঠেঙুলিবোৰে আগুৰি ধৰিছে তলৰ আলিবাট। সেমেকা জালুকবাৰীৰ চৌহদ। কিছুপৰৰ আগতে গছকেইজোপাই হাঁহিছিল। জেৰক্সৰ দোকানখনত ৰৈ ৰৈ তাই উপভোগ কৰিছিল সেইহাঁহিবোৰ। জয়াৰ চকুৱে-মুখে থূপ খাই জমা হোৱা বিৰক্তিসমূহ মূহুর্ততে শাম কাটিছিল। ছয় বছৰৰ আগে এৰি যোৱা এই জালুকবাৰীখন আজিও একেদৰে আছে। একেবোৰ কৃষ্ণচূড়াঁ আজিও ঠিয় দি আছে। ৰঙীন ৰংবোৰ বুকুত সাৱতি সিহঁতবোৰে নতুন চামক হয়তো ৰঙীন কৰিছে! তাৰ মাজতেই ক’ৰবাত সমাধিস্থ হৈ ৰৈছে জয়াৰ জীৱনৰ কেইটামান মধুৰ বছৰ। হয়, কোনোবাই সঁচা কথাই কৈছে কৃষ্ণচূড়াঁ হেনো আজিও ৰঙীন। মনত পৰিছিল তাইৰ এ.টি.থ্রী, আৰ.চি.চি.টুৰ ৰঙীন আড্ডাবোৰলৈ; ভার্ছিটি উইক, য়ুথফেষ্টিভেললৈ।সেই আনন্দৰ দিনবোৰ ক’ত যে হেৰাই গ’ল! ছন্দোময় জীৱনৰ গতিশীলতাত বিলীন হৈ গ’ল সকলো। বর্তমান কেৱল জীৱন্ত হৈ স্মৃতিৰ বুকুত সমাহিত হৈ আছে জীয়া জীয়া যেন লগা ছবি কিছুমান!

সেই দিনবোৰেই যেন আজি অতবছৰৰ মূৰত আকৌ ৰিঙিয়াই মাতিছে। একেই ঠাই; একেই দোকান; আৰু একেই জেৰক্স মেছিন। কেৱল সময় সলনি হ’ল। পৰিৱর্তনৰ ব’তাহ লাগিল সকলোতে। মেছিনৰ কাষত ৰৈ বুটাম টিপি থকা ল’ৰাকেইজন সলনি হ’ল। হয়তো কম-বেছি পৰিমাণে তাইও। তাইৰ জীৱনলৈও এজাক বৰষুণ নামিছিল! কৃষ্ণচূড়াঁৰ ৰঙীন ফুলবোৰৰ মাজেৰে সৰি পৰিছিল সময়। জয়াৰ ওঁঠ দুপাহিয়ে হাঁহি উঠিল। বৰষুণজাকৰ সৈতে ভাঁহি আহিছিল প্রেমৰ সুগন্ধি। এটা মুগ্ধ চাৱনি আৰু এটি মিঠা হাঁহি! কোনোবাই গাইছিল নেকি বাৰু তাইৰ কাষত ৰৈ —‘তোমাৰ মিঠা এই চাৱনি.. ।’জেৰক্স মেছিনবোৰ চলি আছে। তিনিজন ল’ৰা তিনিটা মেছিনৰ সৈতে ব্যস্ত! হঠাৎ আকাশখন গর্জি উঠিল। বলীয়া বৰষুণ এজাকে পলকতে ধৰাৰ বুকুখন বিদীর্ণ কৰিলে। বাৰিষাৰ বৰষুণ! জয়াৰ মনৰ মাজত সৰিবলৈ ধৰা নিয়ঁৰ যেন লগা প্রেম-বৰষুণৰ পানীবোৰ মচ খাই গ’ল। ভিজি গ’ল তাই। বেঁকাকৈ মৰা বৰষুণৰ চিটিকনিবোৰে তিয়াঁই দিলে বাৰান্দাখনৰ খুঁটাত ভৰ দি কৃষ্ণচূড়াঁৰ সৌন্দর্য উপভোগ কৰি ৰোৱা জয়াৰ দুহাত আৰু মুখ। দোকানৰ ভিতৰলৈ তাই সোমাই গ’ল; ঠিয় দিবলৈ অলপ ঠাই লাগে।অন্যথা বৰষুণবোৰে সম্পূর্ণকৈ তিয়াঁই পেলাব তাইৰ সর্বশৰীৰ।

‘কোনোবাই দেখিলে নেকি বাৰু হাঁহি থকা’—চকুহাল ঘূৰাই জয়াই চাৰিওফালে চাইছিল। হয়তো নাই। সকলো ব্যস্ত আছে নিজৰ কামত। জেৰক্স মেছিনকেইটাৰ কাষত ৰৈ বহী-কিতাপবোৰৰ পাত লুটিওৱাত দোকানখনৰ ল’ৰাহঁত ব্যস্ত। দোকানত ভিৰ কৰি ৰৈ থকা ল’ৰা-ছোৱালীবোৰ ব্যস্ত নিজৰ মাজত! অনুক্রমে বাঢ়ি অহা ভিৰটোৱে আজি কিছুপৰলৈ জয়াক লৈ গৈছিল বাহিৰৰ মুকলি ব’তাহ বোৰৰ মাজলৈ; সময় দিছিল তাইক তাইৰ অতীতটো বিচাৰি চোৱাৰ।

:তোমালোক ডাঙৰ মানুহ! আমাক পাহৰিয়েই যাবা হয়তো! তথাপি পাৰিলে কন্টেক্টত থাকিবা।

ৰূপমে কৈছিল; শেষবাৰ লগ পাওঁতে। ইমান সহজভাৱে সি কেনেকৈ কৈছিল সৰু মানুহ, ডাঙৰ মানুহ; পাহৰি যোৱাৰ কথা! প্রায়েই ৰূপমে তেনেধৰণৰ কথা কয়।কিন্তু সেইটো মূহুর্তত তেনেবোৰ কথা? একেবাৰেই ভাল লগা নাছিল জয়াৰ। অতদিনে সি তাইক সিমানখিনিহেনো চিনিলেনে? তাইৰ মনটোকনো বুজিবলৈ চেষ্টা নকৰিলেনে সামান্যও?  অভিমান হৈছিল জয়াৰ। মিছা আছিল নেকি অতদিনৰ দুয়োৰে প্রেম-প্রেম লগা কথা বোৰ? অলিয়ে-গলিয়ে ঘূৰি-ফুৰি পাৰ কৰা সময়বোৰ? হোষ্টেলৰ আৱাসী, লগ-বন্ধু সকলোৰে চকু সেমেকি উঠিছিল জয়াৰ বিদায়ক্ষণত। হাঁহিছিল মাথো ৰূপমে। কিয়? নাজানে জয়াই। জানিবলৈ ইচ্ছাও যেন হোৱা নাছিল তেতিয়া। আৰু কন্টেক্টত তাইক থাকিবলৈ ক’লে মানে? নুবুজিলে তাই। হয়তো তাই খবৰ ল’লে সিও তাইৰ খবৰ ল’ব। অন্যথা নলয়!

:গুৱাহাটীলৈ আহিলে সোমাম হোষ্টেলত। লগ পাম নিশ্চয়!

ৰূপমৰ কথাত কষ্ট পাইছিল যদিও চকু-মুখত কোনোধৰণৰ অভিব্যক্তি ফুটি উঠিবলৈ দিয়া নাছিল জয়াই। অন্য ছুপাৰছিনিয়ৰবোৰৰ দৰে হোষ্টেলৰ ৰূমতে ৰূপমক অন্ততঃ কেইটামান বছৰলৈ বিচাৰি পোৱা যাব বুলি এক আশা কৰিছিল তাই। তাইৰ কথাৰ প্রত্যুত্তৰত সি মাথো হাঁহিছিল। তীক্ষ্ণ হাঁহিটোৱে জয়াৰ ভিতৰলৈ জোকাৰিছিল। অন্ততঃ সেইদিনটোত, বিশ্ববিদ্যালয় এৰাৰ আগমূহুর্তত মনৰ কথাবোৰ খোলা-ভঙাকৈ কৈ দিয়াতো উচিত নাছিলনে ৰূপমে? কোৱাহেঁতেন দৌৰি গ’লহেঁতেন জয়া তাৰ পাছে পাছে।মাক-দেউতাকৰ সম্পত্তিত খামোচ মাৰি ধনৰ গর্বেৰে ওফন্দি থাকিবলৈ ভালপোৱা বিধৰ ছোৱালী তাই নহয়। অতদিনে ৰূপমে তাইক দিয়া সময়বোৰ আৰু তাই ৰূপমক দিয়া সময়বোৰ সস্তীয়া আছিল বুলি জয়াই কেতিয়াও ভবা নাছিল আৰু আজিও নাভাবে। তেন্তে? ভাল লাগিছিল সেই সময়বোৰ! তাৰেই সাক্ষীস্বৰূপ এই কৃষ্ণ চূড়াঁবোৰ আজিও বিশ্ববিদ্যালয় কেম্পাছৰ চাৰিওফালে ঠিয় দি আছে; আছে পদুম পুখুৰীবোৰো।

নাইন এইট ছিক্স ফোৰ জিৰো…  আছে! ৰূপম ৰনম্বৰটো আছে জয়াৰ হাতত। সযতনে থৈ দিছে তাই। কিন্তু নিটিপে তাই সেই নম্বৰ? আগতীয়া কৈ তাইৰ ফালৰ পৰা আৰু কোনোধৰণৰ ফোন নাযায় সেই নম্বৰটোলৈ। একপক্ষীয়াকৈ  সম্পর্ক  এটা বজাই ৰাখিব নোৱাৰি। সদায় তায়েই ফোন কৰিব নেকি? সঘনাই অহা-যোৱা হৈ থকা ফোন কলবোৰ কিয় কমিব ধৰিছিল জয়াই ভাবি পোৱা নাছিল। তাইতো কোনো জগৰ লগোৱা নাই। ধনীৰ ঘৰত জন্মি তাইতো অপৰাধ কৰা নাই। প্রেমক ধনী আৰু দুখীয়াৰ মানদণ্ডৰে নোজোখাহেঁতেন ভাল পালেহেঁতেন জয়াই। প্রেম জানো ইমান তুচ্ছ?

:অহা সপ্তাহত মই ঘৰলৈ যাম।

প্রথম খবৰ ৰূপমকে দিছিল জয়াই। ৰূপমৰ মনটো মৰি গৈছিল লগে লগে।একো মতা নাছিল সি। তেতিয়াও আশা কৰিছিল জয়াই; কিজানি সি কিবা কয়েই? নক’লে।লাহে লাহে ফোন কলবোৰ নহা হ’ল; ৰূপমো নহা হ’ল ক’লৈকো।

:কাইলৈ যাম মই।আশাকৰোঁ এবাৰ দেখা পাম।

আগদিনা ফোন কৰিছিলজয়াই। আহিছিল ৰূপম; তাই ভাল পোৱা নীলা ৰঙৰ চার্টটোপিন্ধিছিল সি। দুই-এষাৰ কথা পাতিছিল। সামান্য কথাতে মাজে মাজে উচ্চ শব্দৰে হাঁহিছিল। কিন্তু যেন সহজ হ’ব পৰা নাছিল সি; জয়াও। কিয় জানো ইমান দুর্বল হৈ পৰিছিল? জয়া ধনী ঘৰৰ ছোৱালী! মাথো সেইবাবে?

ছটা বছৰ চকুৰ আগেদিয়েই পাৰ হৈ গ’ল। একেদৰেই ৰৈ আছে তাই। সময় পালেই ৰূপমলৈ মনত কৰিছে। কুশলে আছেনে সি?  তাৰ জানো মনত নপৰে তাইলৈ? ঘৰৰ মানুহ বোৰে বিয়াৰ কথা ক’লেই গা-মূৰ গৰম হৈ আহে আজিকালি। অন্ততঃ আৰু দুটামান বছৰ..! মাকে প্রায়েই বুজায়— সময় ৰৈ নাথাকে। তথাপি? বুজিবলৈ ইচ্ছা নহয় জয়াৰ কোনো কথা।

হোষ্টেল এৰি অহাৰ পাছত এৰাতিৰ বাবে তাই আলহী হৈছিল  তাইৰ পুৰণি হোষ্টেল কেম্পাছত। আশা কৰিছিল— বিশ্ব বিদ্যালয় চৌহদৰ ক’ৰবাত কিজানি ৰূপমক দেখা পায়! নাপালে। হেমেনদাক লগ পাইছিল। তেৱেঁই কৈছিল,  ৰূপমে জালুকবাৰী এৰি যোৱা বহুদিন হ’ল। শান্তাৰ বিয়ালৈও সি হেনো আহিছিল; জয়াৰ হে যোৱা নহ’ল। দেখাও নহ’ল সেয়ে। তেতিয়াৰ পৰা আৰু আজিলৈ ৰূপমৰ কোনো ধৰণৰ খবৰ পোৱা নাই জয়াই। খেতি কৰিছেনে ক’ৰবাত কিতাপৰ দোকানেই দিছে সি? কোনোবা ক’লেজতো হয়তো যোগদান কৰিব পাৰে; যোগ্যতা আছে তাৰ!

সহজ-সৰল ছোৱালী জয়া। প্রেমৰ সেউজীয়া কঁঠীয়া ৰূপমে তাইৰ দুচকুত সিঁচি দিছিল। বন্ধুত্ব কেতিয়াগৈ এক এৰাব নোৱাৰা সম্পর্কত পৰিণত হ’ল তাই তাৰ খবৰ নাপালে। বেয়া লগা হৈছিল ৰূপমক লগ নোপোৱা দিনবোৰ। হয়তো ৰূপমৰো। সেয়েই কিজানি সি কৈছিল।

:কালি ফাৰ্ষ্ট ছেটাৰডে।ওলাই যাম দিয়া এপাক। বহুদিন পাণ্ডু ঘাটলৈ যোৱা নাই; ‘মা মনসা’ত খোৱা নাই এসাঁজ।

আৰু কেতিয়াবা?

:এদিনতো বিয়া হৈ গুছি যাবা। টকাৰ ওপৰত শুই শুই ডাঙৰ হোৱা ছোৱালী; ক’ৰবাৰ টকাৰ মাজতেই শুই থাকিবাগৈ। আমিবোৰহে! পঢ়ি-শুনি খেতিয়ক হ’বলৈও লাজলাগিব।কিতাপৰ দোকান এখন দি বহিব পাৰিলেও..।

:কি যে কোৱা?

উচাত মাৰি উঠি গৈছিল জয়া। তাই বেয়া পায় এনেবোৰ কথা। টকাৰ প্রয়োজন তাইৰ নাই। পৰোক্ষভাৱে তাই তাইৰ অন্তৰখন উন্মোচিত কৰি দিছিল সেইমূহুর্ততে ৰূপমৰ সম্মুখত। কিন্তু তথাপি? কথাবোৰ যে কি হৈ গ’ল। ক্ষিপ্র বেগেৰে গুছি গ’ল দিনবোৰ!

:বাইদেউ লওঁক, সত্তৰ টকা হ’ল।

জেৰক্স কৰা ল’ৰাজনে কিতাপখনৰ সৈতে পাতকেইখিলা তুলি দিলে জয়াৰ হাতত। বেগটোৰ পৰা খুচৰি খুচৰি জয়াই টকাকেইটা উলিয়ালে। বেগটোত কিতাপ আৰু পাতকেইখিলা ভৰাই ওলাই আহিল জয়া দোকানখনৰ পৰা। সেইখনৰ আশে-পাশে আৰু অনেক দোকান হ’ল এইকেইটামান বছৰৰ ভিতৰতে। কৃষ্ণচূড়াঁকেইজোপালৈ তাই আকৌ এবাৰ চালে। বৰষুণ জাক পাৰ হৈ যোৱাত আকাশখন ফৰকাল হ’ল।

ছয়বছৰৰ মূৰত গৱেষণাৰ স্বার্থত জয়া আহি আকৌ কৃষ্ণচূড়াঁৰ দেশত ভৰি থৈছে। ৰঙীন হৈ উঠিছে তাইৰ মনটো। কি জানো মহিমা আছে ইহঁতৰ গাত! এটা দীঘলীয়া হুমুনিয়াহ এৰিলে জয়াই।

:ৰিচার্ছ স্কোলাৰ হোষ্টেললৈ যাম। যাবা?

জাঁপ মাৰি জয়া ৰিক্সাখনৰ বুকুত উঠিল। ৰূপমলৈ বৰ মনত পৰিছে; তাৰ সৈতে আজি কথা পাতিবলৈ বৰ মন গৈছে। ক’ত বা কি কৰি আছে সি? এটা খবৰ ল’ব পাৰি! নম্বৰকেইটা টিপি খবৰ এটা ল’লে কাৰোতো একো অপৰাধ নহয়। ভাবিলে জয়াই। এদিন দুয়োৰে মাজত এটা বৰ ভাল সম্পর্ক আছিল। সেই সম্পর্কৰ স্বার্থতে..!

টকা দহটা ৰিক্সাৱালাজনৰ হাঁতত তুলি দি ৰিক্সাখনৰ পৰা নামি হোষ্টেল কেম্পাছৰ গেইটখনেৰে জয়া সোমাই গ’ল। এফালে এ.টি.থ্রী, আৰু আনফালে আৰ.চি.চি.টু। ৰাস্তাটোৰে আগুৱাই গৈ থাকিলেই পাব তাই ৰিচার্ছ স্কোলাৰ হোষ্টেলৰ গেইটখন। চিৰি বগাই উঠি গৈ ফার্ষ্টফ্লোৰটেই জয়াৰ ৰূম। ৰূমমেট হায়েনা আজি ঘৰলৈ গ’ল। অকলশৰীয়া অনুভৱ এটা হ’ব সেয়ে। তথাপি! মনটো আজি ফৰকাল লাগিছে; কিবা এটা ভাল লাগি আছে। কৃষ্ণচূড়াঁৰ ৰঙীন ৰংবোৰ বহুদিনৰ মূৰত আজি তাইৰ চকুৱে-মুখে লাগিছে। হয়তো সেয়ে। বহুদিনৰ মূৰত তাই আজি শান্তিৰে শুব। এমুঠি মিঠা স্মৃতিৰ মাজত জয়া আজি টোপনি যাব।

ৰূমৰ তলাটো খুলি বন্ধ কোঠালিটোৰ ভিতৰলৈ জয়া সোমাই গ’ল। গৰম হৈ আছে কোঠাটো। ফেনখন চলাই দিলে তাই। হাতৰ বেগটো বিচনাখনত থৈ তাই চকিখনত বহি পৰিল। এটা দীঘলীয়া উশাহ ল’বলৈ মন গ’ল তাইৰ। জীৱনটো আকৌ আগৰ দৰে হৈ পৰিল। আকৌ আহি জয়া পুৰণি হোষ্টেল কেম্পাছটোত ভৰি থৈছে। ভার্ছিটি উইক আকৌ আহিব; আকৌ আহিব সেই য়ুথ ফেষ্টিভেল! ঘূৰি আহিব যেন জয়াই হেৰাই পেলোৱা প্রতিটো পুৰণি দিন।

****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments