কৃষ্ণচূড়া তলৰ গধূলি : ৰশ্মি বৰা

কৃষ্ণচূড়া তলৰ গধূলি

ৰশ্মি বৰা

ফাগুন মাহৰ অলপ অলপ ঠাণ্ডা আৰু ফিৰফিৰীয়া বতাহে তাৰকা ধোনীৰ ষ্টাইলত সজোৱা প্ৰাঞ্জল প্ৰতিমৰ চুলিকোছাক সামান্য অবাধ্য কৰি তুলিলে। হাতৰ আঙুলিকেইটা চুলিত বোলাই সি ভাবিলে- লোকৰ জিনছ, লোকৰ টিছার্ট, লোকৰ বাইক লৈয়েই এই ‘শেঠ’ ফকিৰালাল প্ৰাঞ্জলে কিমান ছোৱালীৰ লগত প্ৰেমৰ প্ৰি-প্ৰেইদ কানেকছন কৰিলে তাৰ কোনো হিচাপ নাই। কিন্তু জীৱনত প্ৰথমবাৰৰ বাবে সি নিজৰ বাইকত বহি মনে ভালপোৱা কাৰোবাৰ বাবে বাট চাই আছে। এইয়াই হয়তো ভাগ্য; আজি যেন সি অভিশপ্ত। এই বাটৰ কাষত ৰোৱা তাৰ তিনিকুৰি মিনিট পাৰ হ’ল। অথচ এটাও জীৱশ্ৰেষ্ঠ প্ৰাণীৰ আগমণ তাৰ দৃষ্টিগোচৰ হোৱা নাই। সিহঁতৰ লগৰ জাহ্নৱীয়ে জনোৱা মতে ঠিক এক বাজি বিশ মিনিটমানৰ ভিতৰতে দীপশিখাই এই পথেৰে সি ৰৈ থকা তিনিআলিটো অতিক্ৰম কৰিব লাগে। নানান নেতিবাচক চিন্তাই তাক জুমুৰি দি ধৰিছে। তাইৰ কক্ষপথত প্ৰাঞ্জল নামৰ এই দুষ্ট গ্ৰহটো খাপ পিটি আছে বুলি গম পাই তাই বেলেগ পথেৰে ধাৱমান হোৱা নাইতো! তাৰ বুজিবলৈ বাকী নাথাকিল আজি দীপশিখালৈ ৰওঁতে ৰওঁতে তিনিআলিৰ দোকানত সন্ধ্যাশিখা জ্বলিব। হাতৰ গোলাপ ফুলপাহ শুঙি চাই সি লক্ষ্মীনাথ বেজবৰুৱাৰ সেই বিখ্যাত কবিতাটো এবাৰ আওৰাবলৈ চেষ্টা কৰিলে-
‘প্ৰেমত ঘুৰিছে ভূমণ্ডল,
প্ৰেমত ফুলিছে শতদল।’
পিছৰখিনি বা কি আছিল? সি কোনোপধ্যে মনত পেলাব নোৱাৰিলে। নাই নাই তাৰ ব্ৰেইনৰ হার্ডডিক্সত ইমানখিনি ৰাখিব পৰাৰ কেপাচিটি নাই। নহ’লে ইজনীৰ পিছত সিজনীৰ পৰা প্ৰেমত বাৰে বাৰে লাথ খায়ো সি আকৌ এজনীলৈ বাট চাই থাকেনে! অপেক্ষাৰ তাড়নাত ধৈর্য্যৰ সীমা চেৰাই গৈ অধৈর্য্যৰ প্ৰাচীৰে ফাট মেলো মেলো কৰি আছে। সিফালে দীপশিখাৰ দেখা দেখায়েই নাই। মুখৰ ভিতৰতে দুটামান সংবিধান বহিৰ্ভুত শব্দৰ মৃদু ধ্বনি তুলি গুটখাৰ পেকেট এটা ফালি মুখত ঢালি ল’লে। অৱশ্যে কন্ঠমালাক লগ পোৱাৰ পিছৰে পৰাই তাইৰ অনুৰোধত এই নিষিদ্ধ পেকেটবোৰ খাবলৈ এৰি দিছিল। কিন্তু যিদিনাই সি কন্ঠমালাৰ হিয়াত তাৰ লগত গীতৰাজৰ একছত্ৰী অধিকাৰৰ কথা গম পালে সেইদিনাৰ পৰাই সি আকৌ আগৰ দৰে হৈ পৰিল। তথাপি তাৰ গ্লেমাৰ কমি যোৱা নাই এতিয়াও। মনিকা, নিবেদিতা, শর্মিষ্ঠা, চয়নিকাহঁতৰ দৰে ছোৱালীয়ে তাৰ লগত ফ্ৰেণ্ডচিপ কৰিবলৈ বিচাৰি থাকে। কথাবোৰ ভাবি ভাবি ইতিমধ্যে এমুখ হোৱা পিকখিনি কাষৰ কৃষ্ণচূড়াজোপাৰ গুৰিত পেলাবলৈ খুজি সি ৰৈ গ’ল। গছজোপাৰ গুৰিত তাৰ পিক পেলাবলৈ সত্‌ নগ’ল। তাৰ এনে লাগিল যেন সেইজোপা কৃষ্ণচূড়া নহয়, তাৰ নিচিনা বহুত প্ৰেমিকৰ ইতিহাস বহন কৰা এক জীৱন্ত ভাস্কর্য। যাৰ বুকুত ভাঁহি আছে কত প্ৰেমৰ আৰম্ভণি, কত প্ৰেমৰ অতি কৰুণ শেষ সমাধি, P+M,R+G,D+R ইত্যাদি ইত্যাদি।
তাৰ P+R এটাত চকু পৰিল। নিলাজী বনৰ দৰে জঁই পৰা মনেৰে ৰঞ্জনাক সি কিমান ভাল পাইছিল। তায়ো তাক বৰ মৰম কৰিছিল। সি গোটেই ৰাতি উজাগৰে থাকি তাইলৈ ইংৰাজী নোট লিখিছিল। কাষ্ট চার্টিফিকেট, পি আৰ চি আদি উলিয়াওঁতে তাইক সি কিমান যে সহায় কৰিছিল। সি সঁচাকৈয়ে ভাবিব পৰা নাছিল, ৰঞ্জনা যে টকাৰ সোঁতত উটি যাব পাৰে, ধনী ল’ৰা পাই তাৰ দৰে এজন ল’ৰাক পাহৰিব পাৰে। অলপ সময়ৰ কাৰণে তাৰ চকুযুৰি সেমেকি গ’ল। সি অনুভৱ কৰিলে দুটোপাল গৰম চকুলো তাৰ গালৰ ঘন দাড়িৰ মাজত সোমাই দিশহাৰা হৈ পৰিছ। আজিৰ দৰে গুৰুত্বপূর্ণ দিন এটাত দাড়িখিনি খুৰাই আহিব পাৰিলে ভাল আছিল। কিন্তু সময়ৰ অভাৱ। ছয়দিন একে লেঠাৰিয়ে এম বি এ দ্বিতীয় চেমিষ্টাৰৰ পৰীক্ষা। সময়ৰ মূল্য কি চিক্কিম মণিপালত পঢ়াসকলেহে বুজিব পাৰিব।

দূৰৈত চকা-মকাকৈ দেখা কিবা এটাই তাৰ চকুৰ দৃষ্টি টানি নিলে। সি ভালকৈ জুমি চালে। হয়, সেয়া দীপশিখা। দীঘল চুলি, ধেনুভিৰীয়া চেলাউৰি, তিলফুল যেন নাক, সাগৰ গভীৰ চকু, মৌসনা ওঁঠেৰে সৈতে তাৰফালেই আহি আছে। কেঁকুৰীটো পাৰ হোৱাৰ লগে লগে তাইৰ ওঁঠৰ ওপৰৰ সৰু তিলটো জিলিকি উঠিল। সি ক’ব পৰা নাই তাৰ কি হৈছে। ঔফুলীয়া গাল দুখন যিমানে তাৰ কাষ চাপি আহিছে, সিমানে তাৰ গা গৰম হৈ আহিছে। কোনোবাই যেন তাৰ চাৰিওফালে খোল, তাল, মৃদঙ্গ, বৰকাঁহ বজাই হৰিধ্বনিহে দিছে। সি সাহস গোটাবলৈ আপ্ৰাণ চেষ্টা কৰিছে। ‘অপোৰচুনিটি নেভাৰ কামচ টোৱাইছ’, ‘ডু অৰ ডাই’, ‘জো দৰ গয়া, চমজো ৱ’ মৰ গয়া’, কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিছে। সি যদি একো নকৰে হয়তো ক্ষন্তেক সময়তে সৰু তিলটো তাৰ চকুৰ আগেদিয়েই পাৰ হৈ গুচি যাব। সি গোটেই গাৰ বল দি কোনোমতে মুখখন মেলিলে। “দী…দী…দীপশিখা..কলেজৰ পৰা আহিলা?” চলনত তিলটো তাৰ সন্মুখত ৰৈ গ’ল। তাৰ এনে লাগিল যেন তাৰ ভৰিৰ তলত মাটি নাই, সি এফালৰ পৰা বেদ মতাদি মাতি গ’ল- “মই প্ৰাঞ্জল প্ৰতিম বৰা। বসন্তদাৰ মুখত তোমাৰ কথা শুনি আছিলোঁ। সেয়েহে তোমাৰ লগত অলপ কথা আছিল। ব’লা নহলে অলপ ওলাই যাওঁ।“ একে উশাহে কথাকেইটা কৈ ভয়ে ভয়ে দীপশিখাৰ মুখলৈ চালে। সি ভবাৰ দৰে একো বিপদ নঘটিল। ছোৱালীজনীয়ে নম্ৰভাৱেই ক’লে- “আই এম চ’ৰী প্ৰাঞ্জল দা, মোৰ এতিয়া সময় নাই। মোৰ দেউতা নার্ছিংহোমত আছে। কালি কোনোবা অভদ্ৰ ল’ৰা এজনে বাইকেৰে খুন্দিয়াই দেউতাৰ ভৰি এখন ভাঙিলে।“ প্ৰাঞ্জলৰ বুকুখন চিৰিংকৈ মাৰিল। সিও কালি কলেজৰ পৰা আহোতে মানুহ এজনক খুন্দিয়াই পলাইছিল। যদি সেইজনেই শিখাৰ দেউতাক হয় তেনেহ’লে কি হ’ব। কথাবোৰ চিন্তা কৰি কৰিয়েই সি তাইৰ লগত আগুৱাই গৈ থাকিল। তাই বহুত কিবা কিবি বকি আছিল, কিন্তু তাৰ কাণত একো নোসোমাল।
নার্ছিংহোমৰ সন্মুখত শিখাই মাক আৰু ককায়েকহঁতৰ লগত প্ৰাঞ্জলক চিনাকি কৰি দিলে। মাকে ফেকুৰি ফেকুৰি পলায়ন কৰা বাইকচালকজনক অভিশাপ দিলে, ককায়েকহঁতেও “লগ পালে পিঠি ফালি দিম বাপেকে” আদি ভয়ানক মন্তব্য দি মনৰ দুখ পাতলাবলৈ চেষ্ট কৰিলে। এইবাৰ পাল পৰিল দেউতাকৰ লগত চিনাকি হোৱা। সি ৰূমৰ পর্দাখন দাঙিয়েই চকুৰে সৰিয়হ ফুল দেখিলে। শিখাৰ মাকৰ আৰু ককায়েকহঁতে দিয়া গালিয়ে তাক থকা-সৰকা কৰি পেলালে। সি ৰূমটোৰ পৰা ওলায়েই কোবাকোবিকৈ বাইকখনৰ ফালে খোজ ল’লে। কৃষ্ণচূড়াজোপাৰ গুৰিত গোলাপপাহ দলিয়াই দি বাইকখনত কিক মাৰিলে। ভাগ্য ভাল, দীপশিখাৰ দেউতাক শুই আছিল। ঈশ্বৰক মনে মনে ধন্যবাদ জনালে। কেঁকুৰিটো পাৰ হৈয়ে সি বাইকৰ এক্সেচেলেটৰদাল পকাই দিও আকৌ কমাই দিলে, কিজানিবা পুনৰ কোনোবা দীপশিখাৰ দেউতাক বাটত ওলাই যায়। ফাগুনৰ পচোৱাৰ কোবত তাৰ চুলিকোছা আকৌ এবাৰ নাচি উঠিল আৰু মনটো উৰি গ’ল কৃষ্ণচূড়াজোপাৰ গুৰিলৈ। গছজোপাৰ ক্ষত-বিক্ষত ছালখন তাৰ নিজৰ বুকুখনৰ দৰে লাগি গ’ল। দুখত একো নাই হৈ সি বাইকৰ স্পীদ বঢ়াই দিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments