কেঁকুৰি — ডেইজী দাস বৰুৱা

সেয়াই আৰম্ভণি!
তেতিয়াৰ পৰাই তাই সংসাৰৰ বাঘজৰীডাল অকলেই টানি আছে; অসীম সাহস আৰু ধৈৰ্যৰে। শুভ্ৰনীল লগত থাকিও যেন নাই। একেখন ছাতৰ তলত, অথচ কিমান দূৰত্ব!
টিউমাৰৰ বাবে ওফোৰেক্ট’মী অস্ত্ৰোপছাৰৰ জড়িয়তে পাঞ্চালীৰ ওভাৰী আঁতৰোৱাৰ পিছৰ কথা। অকালতে তাইৰ মেন’প’জ হ’ল। তেতিয়া শতাব্দী মেট্ৰিক পৰীক্ষাৰ্থী। ভাল ফলাফল দেখুৱাই তাই দিল্লীলৈ পঢ়িবলৈ গুচি গ’ল। তাৰ পিছত ছাৰ্বিয়ালৈ। সৰুৰে পৰা মাক-দেউতাকৰ মাজৰ অকৃত্ৰিম মৰমৰ কটকটীয়া বান্ধোন দেখি অহা ছোৱালীজনীয়ে আজিলৈ নাজানিলে যে তাই ঘৰৰ পৰা ওলাই যোৱাৰ দিনৰ পৰা আজি দহ বছৰে শুভ্ৰ আৰু পাঞ্চালী এখন নদীৰ দুটি ঘাট হৈ পৰি ৰৈছে।
: তোমাৰ পাঞ্চালী নাম কোনে ৰাখিছিল? এজন পতিকেই সন্তুষ্ট কৰিব নোৱাৰিলা!
মৰি যাব খুজিছিল তাই। কি ভাষ্য তাৰ! ইমান বছৰৰ প্ৰেম আৰু বৈবাহিক বান্ধোনক বুঢ়া আঙুলি দেখুৱাই অভিযোগত মাতাল হৈ উঠিছিল সি। ধাৰাষাৰ চকুলো বৈছিল তাইৰ। আজি ইমান বছৰ পিছতো বয়। মেন’প’জে তাইক শুকুৱাই পেলাইছিল। শাৰীৰিক সুখেৰে শুভ্ৰক আহ্লাদিত কৰিবলৈ তাই অক্ষম হৈ গৈছিল। সেয়াই তাইৰ দোষ।
“তুমি আকৌ বিয়া পাতা। মই আঁতৰি যাম।”
তাইৰ কাতৰ অনুৰোধ সি ৰাখিব খুজিও নোৱাৰিলে। মৃত্যুৰ দুৱাৰদলিত তাৰ মাকে তাক শপত দি গৈছিল–“তাইক তই নেৰিবি। অকলে তাই জীয়াই থাকিব নোৱাৰিব। তাইৰ সাহস হ’বি।”
তাইক এৰি নগ’লেও তাইৰ সাহস সি হ’ব নোৱাৰিলে। মনেৰে বহুদূৰ আঁতৰি গ’ল।
শুভ্ৰ…..নে নীল…
কি বুলি মাতিছিল তাই তাক? আজি মনত নাই। ‘শুনাচোন’, ‘তুমি’ত আৱদ্ধ হৈ ৰ’ল পতি-পত্নীৰ সম্বন্ধটো। সিওবা কি মাতিছিল তাইক! ‘পাঞ্চু’ নেকি!

নাই, আজি সেইবোৰৰ প্ৰাসংগিকতা নাই। আৰু পাঁচটা বছৰ। অৱসৰৰ পিছত তাই এইখন ঘৰ এৰি গুচি যাব। তাইৰ বান্ধৱী মুন্মীয়ে চলোৱা বৃদ্ধাশ্ৰমখনতে মূৰ গুজি ল’ব। লগতে সমাজসেৱাত মনোনিৱেশ কৰিব।

ঘৰখনত দুয়োৰে লৰা-ঢপৰাত উখল-মাখল লাগিছে। শতাব্দী আহিব পূৰা এমাহৰ বাবে। লগত আহিব তাইৰ লিভ্- ইন্ পাৰ্টনাৰ ইভান। বিয়া হওক নহওক, মাক দেউতাকৰ মানত সি সিঁহতৰ জোঁৱাই। সম্পৰ্কৰ ডাঙৰ ফাঁট জী-জোঁৱাইক দেখুৱাবতো নোৱাৰি!
গতিকে কোঠাকেইটা নতুনকে সজোৱা হৈছে। দহ বছৰ আগৰ মাষ্টাৰ বেডৰুমে প্ৰাণ পাই উঠিছে। ইমান বছৰে বেলেগে বেলেগে শোৱা মানুহহালে জীয়েকক দেখুৱাই একেটা কোঠাতে শুব লাগিব। অভিনয় কৰিব লাগিব প্ৰগাঢ় বন্ধুত্বৰ। শতাব্দীয়ে চিনি পোৱা মাক-দেউতাকহাল হ’বলৈ দুয়ো আখৰাত ব্ৰতী হ’ল। মৌনতাৰেই দুয়ো অলিখিত চুক্তিপত্ৰত চহী কৰি দুয়োকে শুভেচ্ছা জনালে সফল হোৱাৰ!
তাই আহিল সম্পূৰ্ণ তিনি বছৰৰ মূৰত। লগত মৰমলগা ইভান। প্ৰথম নজৰতেই আপোন কৰি ল’ব পৰা ছাৰ্বিয়ান অভিযন্তা।
: মা তোমাৰ ভিডিও কেইটা খুব হিট্ হৈছে জানা। এতিয়াৰ পৰা সপ্তাহত দুটা লাগিব।
: বা:! ভাল কথা!
পাঞ্চালীয়ে কি ভিডিও পঠিয়ায় নজনাকে শুভ্ৰই প্ৰতিক্ৰিয়া দেখুৱালে।
: জানা দেতা, মোৰ ক্লাছত এতিয়া ছাত্ৰ-ছাত্ৰী দুশ। অসমীয়া ভাষাক মই তাত জনপ্ৰিয় কৰিহে এৰিম।
ইভানৰ অসমীয়া শুনিছা নহয়? তাৰ বন্ধু আছে দহজন। মোৰ ছাত্ৰ।
পাঞ্চালীৰ মন ভাল লাগি গ’ল। কলেজলৈ অহা যোৱাৰ ব্যস্ততাখিনিৰ বাহিৰে তাইৰ অৱসৰ কটোৱাৰ এটা সুন্দৰ উপায় হ’ল শতাব্দীৰ অসমীয়া ভাষাৰ অনুষ্ঠানটোত মাজে মাজে ভিডিও পোষ্ট কৰা। কেতিয়াবা অনলাইন্ ভিডিও ক্লাছো কৰে। ছাৰ্বিয়াত থকা অসমীয়া ল’ৰা-ছোৱালীৰ লগতে তাৰে স্থানীয় মানুহেও শিকি আছে। লগতে বিহু নৃত্যও। পাঞ্চালীয়ে ভাৱি আচৰিত হয়, শতাব্দীয়ে কেনেকে ইমান ডাঙৰ দায়িত্ব বহন কৰি আছে। তায়ো তাত কলেজ এখনত ইংৰাজী ভাষাৰ অধ্যাপিকা হিচাপে কৰ্মৰত।
:তই বিহু অলপহে শিকিছিলি। তাকেই সৰোগত কৰি স্কুলেই খুলি পেলালি!
: দিল্লীত নাচিছিলোঁ ন’। আমাৰ দেখোন দল এটাই আছিল।
: তুমি পাহৰিছা, তাই বিহু নাচিব নিদিলে পঢ়া বাদ দিয়াৰ হুমকি দিছিল যে!
শুভ্ৰৰ কথাষাৰে পাঞ্চালীৰ বুকু জুৰ পেলালে। জীয়েকৰ সৰু সুৰা কথাবোৰ যে পাহৰা নাই! তাইৰ সন্তুষ্টিখিনি খোলা হাঁহি এটাত মুকলি হৈ গ’ল।
শতাব্দীৰ লগতে ইভানেও এপাক বিহু মাৰিলে। ঘৰখন গীতে-মাতে মুখৰ হৈ উঠিল।
শতাব্দীৰ ঘূৰা ফুৰাৰ তালিকাখনে শুভ্ৰ-পাঞ্চালীৰ ৰুটিনত খেলিমেলি লগাই দিলে। পাঞ্চালীয়ে ছুটি ল’লে তিনিদিন, কাজিৰঙা যাবলৈ। শুভ্ৰৰ ওকালতি চৰ্চা; সিও মিলাই ল’লে। শুভ্ৰৰ গাঁওৰ ঘৰলৈও গ’ল দেওবাৰ এটাত। চাহবাগানৰ মোহনীয়া সৌন্দৰ্যত ইভান আত্মহাৰা হৈ পৰিল। আপোন মাটিৰ সুবাস বুটলি ফুৰা শতাব্দীক ইভানে ছাঁ হৈ লগ দি থাকিল। পাঞ্চালী-শুভ্ৰই পাৰেমানে সংগ দিলে। হাঁহে- মাহে পাৰ্যমানে খুৱালে পাঞ্চালীয়ে দুয়োকে।
আজি তাই যাব। তাইলৈ এযোৰ মুগাৰ কাপোৰ আনিছে পাঞ্চালীয়ে। ইভানলৈ মুগাৰ কামিজ এটা, এৰীৰ জেকেট এটা। সি খুব আনন্দিত।
দুয়ো বহিছে তাইৰ লগত লনত। হাতে হাতে বাগানৰ সতেজ চাহ।
:আপুনি আমাৰ লগত থাকিব লাগিব ৰিটায়াৰমেণ্টৰ পিছত।
জুখি জুখি কথাকেইটা ইভানে উচ্চাৰণ কৰিলে।
:শুভ্ৰৰ কি হ’ব মই গ’লে?
:এতিয়ানো কি হৈছে তুমি থকা স্বত্বেও?
শতাব্দীৰ প্ৰশ্নত পাঞ্চালী সচকিত হ’ল। তাই কিবা গম পালে নেকি!
: অভিনয় অভিনয়েই মা। ইভানে মোক কেতিয়াবাই বুজাই দিলে তোমালোকৰ অৱস্থাটো। কিমান বছৰে মা? কিমান বছৰ তুমি সহিলা?
চকুপানীবোৰো যে! লুকাই থাকিব নাজানে। ইভানে তাইৰ হাত দুখন সাৱটি ধৰি সাহস দিলে। তাই কৈ গ’ল। শুভ্ৰৰ সেই হৃদয় বিদীৰ্ণ কৰা কথাষাৰো বাদ নিদিলে। লাজত তলমূৰ কৰি ৰ’ল শতাব্দী।
: ফ’ৰগিভ্ এন্ড ফ’ৰগেট্।
ইভানে শান্তস্বৰত ক’লে।
: তুমি ভলন্টাৰী ৰিটায়াৰমেণ্ট লোৱা। আমি আহি লৈ যাম তোমাক। মানুহজনক এৰি যোৱাটোৱেই তেওঁৰ শাস্তি হ’ব।
কঠোৰ শতাব্দীৰ ঘোষণা।
: মই ইমান বছৰে পাৰিলোঁ যেতিয়া আগলৈও পাৰিম। প্ৰয়োজনত খবৰ দিম বাৰু তহঁতক।
——– —–—–
শতাব্দীহঁত গ’লগৈ। দেউতাকৰ প্ৰতি এবুকু ক্ষোভ লৈ। যোৱাৰ সময়ত তাইৰ আচৰণে শুভ্ৰক বুজাই গ’ল কথাটো।
আকৌ আগৰ অৱস্থাটোলৈ ঘূৰি যাব লাগিব। বেডৰুমৰ পৰা পাঞ্চালীৰ বস্তুবোৰ আঁতৰোৱাত তাই ব্যস্ত। হঠাতে শুভ্ৰ সোমাই আহি বিছনাত বহিল।
:আমি ইয়াতেই থাকিম পাঞ্চু, একেলগে।
পাঞ্চালীৰ একো প্ৰতিক্ৰিয়া নহ’ল। তাই বস্তু সামৰাত ব্যস্ত থাকিল।
: মোক এৰি নাযাবা।
: একেলগেনো কেতিয়া আছিলো? দহ বছৰ আগত? সেয়া বহুত পূৰণি কথা।
:ফৰগিভ্ এন্ড ফৰগেট্ পাঞ্চু।
: ইভানে কৈ গ’ল নেকি?
:প্লীজ্…
:নোৱাৰিম শুভ্ৰ..নীল।
দুহাতেৰে তাইৰ কঁকালত মেৰিয়াই ধৰি সি উচুপি উঠিল।
: অল আই চে ইজ ছৰি..ছৰি, ছৰি, ছৰি
কিবা এটা গলিবলৈ ধৰিছে তাইৰ ভিতৰত। অভিমান, অভিযোগ, আবেগ, অনুভূতি, বেদনা….
তাক বুকুত সামৰি ল’লে তাই। ফৰগিভ্ এন্ড ফৰগেট্। সচাঁই অনন্য!!!


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক