কেইখনমান নোট আৰু কিছু মিঠা অনুভূতি (শাৰদা শ্ৰেষ্ঠ)

(মোৰ অন্তৰাত্মাই মোক কিজানি কিবা সংকেত দিছিল, মামাৰ সেয়াই মোৰ বাবে অন্তিম আশীৰ্বাদ হ’ব।
নাজানো। নোটখন দেখিলেই মামালৈ মনত পৰে । মামাৰ স্মৃতিত সজল হৈ উঠে মোৰ দুচকু। কিমান পল মই স্মৃতিৰ বুকুত উমলি ফুৰোঁ তাৰ কোনো হিচাপ নাথাকে । সেয়ে খৰছ কৰিবলৈ মন নাযায়।…)

কাগজৰ নোট এখনতো থাকিব পাৰে স্মৃতিৰ সঁফুৰা । তেনে কিছু অভিজ্ঞতা আপোনালোকৰ সৈতে ভগাই ল’ব বিচাৰিছোঁ। এবাৰ এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ বয়স্ক মহিলাই আমাৰ কাৰ্যালয়ৰ সকলোকে চকচকীয়া পাঁচশটকীয়া নোট একোখন আগবঢাই দিলে। চকু মুখত অপাৰ বিস্ময় লৈ মানুহগৰাকীলৈ চাই নোটখন ল’বলৈ অস্বীকাৰ কৰিলো। মহিলাগৰাকীয়ে ক’লে – ‘য়ে আপকো য়েছে নেহা দিয়া। ইচ কো ভগৱান কা আশীৰ্বাদ সমঝকৰ অপনে পাচ হি ৰখিয়েগা। য়ে ছিৰ্ফ ৰুপৈয়া হী নেহী হায়, বলকি সমঝ লিজিয়ে কী য়হ ভগৱান কা প্ৰসাদ হায়।’ লেকিন ইচকো খৰ্চ মত কিজিয়েগা।’ মানুহগৰাকীৰ কথা শুনি আচৰিতেই হ’লো। ইমানদিনে কেৱল ঈশ্বৰৰ পূজা-পাৰ্বণ বুলি টকা অনুদান বা চান্দা হিচাপেহে দি আহিছোঁ, প্ৰসাদ হিচাপে নানাবিধ ফল, মাহ প্ৰসাদ খাই আহিছোঁ ! আজি প্ৰসাদৰ নামত পাঁচ টকা! প্ৰসাদ বুলি কোৱাত আৰু আপত্তি কৰিব নোৱাৰিলো। মানুহগৰাকীৰ অনুভূতিক আঘাত দিবলৈ মন নগ’ল । নোটখন ৰাখি থলো । আজিও মোৰ মানিবেগত সাদৰে সোমাই আছে সেইখন। পাঁচশটকীয়া নোটখনত আছে মানুহগৰাকীৰ ভক্তিভৰা আৱেগ, অনুভৱ আৰু গভীৰ বিশ্বাস । কি বা মানসেৰে ঈশ্বৰলৈ আগবঢ়াইছিল মানুহগৰাকীয়ে সেই পাঁচটকীয়া নোটকেইখন !

আমাৰ সম্প্ৰদায়ৰ মাজত দুৰ্গাপূজাৰ দশমী তিথিত বয়োজ্যেষ্ঠ তথা সন্মানীয় লোকসকলে চাউলেৰে ফোঁট দি সৰুক আশীৰ্বাদ দিয়া প্ৰথা প্ৰচলিত আছে । আশীৰ্বাদ দিওতে ফুল, প্ৰসাদৰ লগতে সাধ্যানুসৰি টকা-পইচা দিয়া হয়। সেই টকা-পইচাবোৰ আমি নিজৰ কামত খৰচ কৰিব পাৰোঁ । এবাৰ তেনেকৈ মোৰ মামা এজনে মোক আশীৰ্বাদৰ লগতে ১০ টকীয়া নোট এখন দিলে । সেইবাৰো আন কেইবছৰৰ দৰে আশীৰ্বাদ হিচাপে মই কিছু টকা-পইচা পাইছিলো। সকলোবোৰ খৰচ কৰি পেলালো যদিও মামাই দিয়া সেই বিশেষ টকাখন খৰচ কৰিবলৈ মন নগ’ল । আজিও ভাবিলে আচৰিত লাগে, মামাই আগে পিচেও মোক এনেকৈ টকা দি আহিছিল, কেতিয়াও মোৰ মামাই দিয়া টকালৈ তেনেকৈ মোহ লগা নাছিল । নিৰ্দ্বিধাই খৰছ কৰিছিলো । সেই বছৰেই মামাই পৰলোকলৈ গমন কৰিলে। মোৰ অন্তৰাত্মাই মোক কিজানি কিবা সংকেত দিছিল, মামাৰ সেয়াই মোৰ বাবে অন্তিম আশীৰ্বাদ হ’ব।
নাজানো। নোটখন দেখিলেই মামালৈ মনত পৰে । মামাৰ স্মৃতিত সজল হৈ উঠে মোৰ দুচকু। কিমান পল মই স্মৃতিৰ বুকুত উমলি ফুৰোঁ তাৰ কোনো হিচাপ নাথাকে । সেয়ে খৰছ কৰিবলৈ মন নাযায়। উলিয়াই লিৰিকি বিদাৰি আকৌ সাঁচি থৈ দিওঁ, যি ভাঁজে যেনেকৈ আছিল তেনেকৈয়ে । থাওক, মামাৰ আশীৰ্বাদ এনেকৈয়ে মই জীয়াই থকালৈকে মোৰ সৈতে থাকিব!

কেতিয়াবা কিছুমান নোট মই পাওঁ, যিবোৰত স্মৃতি যুগমীয়া কৰি ৰখাৰ মানসেৰে কোনো কোনোৱে নাম, ঠিকনা বা কিছুমান সাংকেতিক শব্দ লিখি দিয়ে। আকৌ কেতিয়াবা কিছুমান সংখ্যা আৰু সাধাৰণ হিচাপ লিখাও থাকে । সেইবোৰ দেখি প্ৰায়েই মোৰ খং উঠে । মনে মনে ভোৰভোৰাই উঠোঁ, ইহ্! কৰিবলৈ আৰু কাম বিচাৰি নাপালে । এনেকৈ নোটখন নষ্ট কৰি কি পায় মানুহবোৰে? প্ৰমাণ কৰিব খোজে নেকি পৃথিৱীখন ঘূৰণীয়া! নে নিজকে এনেকৈ জীয়াই ৰখাৰ নিষ্ফল প্ৰয়াস!
কিছুদিন পূৰ্বৰ এটি কৰ্মব্যস্ত পুৱা। এখন ধুনীয়া পাঁচটকীয়া নোট এখন মোৰ হাতত পৰিল। নোটখন হাতত পৰাত মন কৰিলো, নোটখনৰ বগা অংশত কেইটামান হাতে লিখা সুন্দৰ আখৰ। স্বাভাৱিকতে কৌতুহলী হৈ উঠিলো মই। নোটখন খুলি মেলি চালো, মোৰ ওঁঠযুৰি দ্বিতীয়বাৰ কাঁচিজোনৰ লেখীয়াকৈ বহল হৈ গ’ল। এক মিঠা অনুভুতিয়ে মোৰ হৃদয়ত ক’ব নোৱাৰাকৈয়ে ঢৌ তুলিলে । তাত সুন্দৰ গোট গোট হাতৰ আখৰেৰে লিখা আছে, ‘my dear (sister) sabita, happy new year 2006. I love you.’ ছিষ্টাৰ শব্দটি মইহে বন্ধনীৰ ভিতৰত লিখিছোঁ । লিখোঁতাজনে ছিষ্টাৰ শব্দটি লিখি আকৌ লাহেকৈ কাটি থৈছে। লিখোঁতাজনৰ নাম পকোৱাকৈ লিখা বাবে পাঠোদ্ধাৰ কৰিব নোৱাৰিলো । মই নোটখন লৈ কিছুসময় ভাবৰ সাগত ডু’ব গলো । নৱবৰ্ষৰ শুভেচ্ছা হিচাপে আগতে নানা ৰং-বিৰঙৰ ধুনীয়া গ্ৰীটিংছ কাৰ্ড পাইছিলো । নিজেও বন্ধুবৰ্গক তেনে কাৰ্ড দি নৱবৰ্ষৰ শুভকামনা জনাইছিলো । আজিকালি ম’বাইল, ইন্টাৰনেটৰ যুগত গ্ৰীটিংছ কাৰ্ডৰ গুৰুত্ব কমি আহিল । ডিচেম্বৰ মাহটোত কিতাপৰ দোকানবোৰত নানাৰঙী গ্ৰীটিংছ কাৰ্ডে কিতাপবোৰ সযতনে ঢাকি ৰাখিবলৈ সক্ষম হৈছিল । আজি আৰু সেই দিন নাই । মোৰ ভাবনাই ডেউকা কোবাই উৰিবলৈ খোজোতেই পুনৰ নোটখনলৈ চকু গ’ল । নোটখনত নৱবৰ্ষৰ শুভেচ্ছা বাণী ৰূপে মাত্ৰ এষাৰি বাক্য লিখা আছে, কিন্তু সেই বাক্যটিৰ গভীৰতাই মোক আকৌ ভবাই তুলিলে । মৰমৰ সবিতাই বাৰু সম্ভেদ পালে নে, এজনৰ বুকুৰ এবুকু কোমল অনুভূতি। নে এনেকৈয়ে এই অনুভূতিয়ে ইখন হাতৰ পৰা সিখন হাতলৈ বাগৰি গৈ আছে, তাক কোনে জানে? নোটখন চকচকীয়া, অনুমান ই এতিয়াও বৰ বেছি হাত বাগৰা নাই। নোটখন চলাই দিওঁ, নে কাৰোবাৰ কোমল অনুভূতিৰ স্মৃতি হিচাপে সাঁচি ৰাখোঁ নিজৰ ওচৰত, মই ভাবি পোৱা নাই । কেতিয়াবা ভাবো নোটখন চলাই দিওঁ নেকি। সবিতাৰ হাতত কিজানিবা পৰেগৈ ! সবিতাই যদি গম পোৱা নাই, গম পাওক এখন কোমল হৃদয়ৰ আহ্বান । কিন্তু কেতিয়াবা আকৌ ভাবো—‘নাই, আজি ছয় বছৰৰ পূৰ্বৰ সেই কোমল অনুভূতিয়ে সবিতাৰ জীৱনটো আকৌ ওলট-পালট কৰি নিদিয়েতো! কোনে জানে, পৰিস্থিতিয়ে কাৰ লগত কেতিয়া কি খেল খেলে। নে সবিতা আৰু শুভেচ্ছা বাণী লিখাজনে সুখৰ সংসাৰত উটি ভাহি ফুৰিছে! সেয়াই হওক, মই আন্তৰিকতাৰে দুয়োকে শুভেচ্ছা জনালোঁ ।
নাই, মই নোটখন কাকো দিয়া নাই আৰু নিদিওঁ । আন কেইখনৰ দৰে সেইখনো মই সাঁচি ৰাখিম, কোনোবাৰ মৰমৰ চিনস্বৰূপে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments