কেইটামান পাৰহৈ অহা দিনৰ সৰু সৰু ঘটনা (নীতুল বৰা)


১) বহুদিনৰ আগৰ কথা৷ সেয়া আছিল ১৯৯০ চন মানৰ কথা, তেতিয়া মই প্ৰথম কি দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিলো ৷ আমাৰ পিতাইক উন্নত চিকিত্সাৰ বাবে ডিব্ৰুগড় অসম চিকিত্সা মহাবিদ্যালয়লৈ লৈ গ’লো, লগত মই, মোৰ বন্ধু এজন আৰু দেউতা। তালৈ নিয়াৰ এটাই কাৰণ তাত সৰু ভাইটিটো চিকিত্সা পাঠ্যক্ৰম পঢ়ি আছে বাবে সুবিধা হব বুলিয়েই গ’লো। ৰাতিৰ বাছত আটাইকেইটা গৈ ডিব্ৰুগড় পালোগৈ দোকমোকালিতে। তাতে মিলন নগৰত আমাৰ সৰ্ম্পকীয় দেউতাৰ ককাইদেউ এজন আছিল, ডিব্ৰুগড় আদালতত দণ্ডাধীশ।বেচ ধনী মানুহ,তেতিয়াৰ দিনতেই ৫মহলীয়া অট্টালিকা, দেখিয়েই ভয় লাগি যায়।আমি বহুবছৰৰ মুৰত যাম বুলি গম পাই বৰদেউতাই ক’লে বোলে তহঁত হোটেলত থাকিব নালাগে আমাৰ ঘৰতে থাকিবি। কথা মতেই কাম-আমিও ৰাতিপুৱাতেই বৰদেউতাহঁতৰ টোপনি ভাঙিবলৈ অসুবিধা পোৱাত আটাইকেইটাই ওচৰতে থকা চাহৰ দোকানত বহি চাহ একাপ একাপখাই ললো। ইফাল সিফাল কৰোতে কৰোতে তেতিয়ালৈ প্ৰায় ৭মান বাজিছে, দেউতাই বোলে ব’ল এতিয়া চাগৈ সিহঁত উঠিছে।

কিছুসময়ৰ পাছত মিলন নগৰৰ বৰদেউতাহতঁৰ ঘৰ পালোগৈ। আমাক দেখি আথে-বেথে বহিবলৈ দি খোৱা বোৱাৰ জোগাৰ কৰিলে, আমি হাত-মুখ ধুই বৰদেউতাই দেখুৱাই দিয়া ৰুম এটাতে কাপোৰ কানি সলাই অলপ ফ্ৰিহৈ ল’লো, তাৰ পাছত খাই-বৈ আমি মেডিকেল কলেজলৈ গ’লো। তাত ডাক্তৰে কলে বোলে দুদিনমান থাকিব লাগিব পাৰিব নহয় ? দেউতাই বোলে হব। এইখিনিলৈকে ঠিকেই আছিল।গন্ধগোলটো লাগিল পিচদিনা পুৱাতহে—-
মোৰ দেউতা আছিল হোজা, একেবাৰে মাটিৰ মানুহ। পিছদিনা পুৱা ৰাতিপুৱাই দেউতাৰ অভ্যাস উঠিয়েই বাহিৰৰ কাম ফেৰা কৰাৰ। সেয়ে শোৱাৰ পৰা উঠিয়েই ৰুমৰ লগতে থকা লেটিনলৈ গল। আমি দুয়োটা টোপনি, পিছে দেউতা গ’ল হয়,গৈ তাত এতিয়া বিমোৰত পৰিল ৷ মনতে অকলে অকলে ভাবিলে,কি কাণ্ড ! ইয়াত বা এতিয়া ক’ত, কেনি পায়খানা কৰে, এইটো বাখোলে কোনফালে, চেহ মহা বিপদ, ইহঁত কেইটাও শুই আছে, কি কৰা যায়, কাকো সুধিবও নোৱাৰো লাজো লাগে। (ৰাইজ বৰদেউতাৰহঁতৰ ঘৰত কুমুদ লেটিন আছিল, সেয়ে সমস্যা উদ্ভৱ) এনেকৈ ভাবি থাকোতেই কিছু সময় গ’ল, এনেকৈয়ে লিৰিকি-বিদাৰি থাকোতেই দেউতাৰ হাত খন লাগি কুমুদৰ ধাকনি খন ঘটংকৈ উঠিল, তেতিয়া দেউতাই গম পালে যেসেইখন খুলি দিব লাগে, ডাঙি চাই দেখে হয়, ঠিকেই এতিয়াহে পালো বিচাৰি, পিছে এইটোতআগে-পিছে দেউতাৰ ৰাতিপুৱাৰ কামফেৰা কৰাৰ অভ্যাস কেতিয়াও হোৱাই নাই। কেনেকৈ বা কৰে ! এহ্ যি হয় হব বুলি এইবাৰ দেউতাই দুই-ভৰি উঠাই বহিলৈ কামফেৰা কৰিয়েই পেলালে বাপ্পেকে। উহ ৰক্ষা! বুলি দেউতাই ঈশ্বৰক চিন্তিলে বোলে ভগৱান ভাল লাজৰ পৰা বচালা দেই। তাৰ পাছত কাম ফেৰা কৰি উঠিদেখে যে বস্তু কেইপিচ পাছহৈ যোৱা নাই , কিছু অংশ কাষতো লাগি আছে, আকৌ কিবিপদ, কি হব এতিয়া কেনেকৈ পানী মাৰা যায়। এনেকৈ হাতটো দি আউজি থাকোতেই কেনেকৈ জানো দেউতাৰ হাততো ফ্লাচৰ চুইচটোত লাগি গ’ল, লগে লগে হৰহৰনিৰে বিকত শব্দ এটাত দেউতা উচপ খাই উঠিল, ভাবিলে সেইটো কিবা বেয়াই হৈ গল নেকি? ৰৈ চাইআছে, অহ পানী বন্ধ নহয়হে নহয় যে ৷ এনেকৈ চাই থাকোতে কিছুসময়ৰ পাছত যেনিবা পানী বন্ধ হ’ল। গা-পা ধুই আহি আমাক জগাই দিলে, কিন্তু ঘটনাটো দেউতাই লাজতে আমাক নক’লে।

কিছুসময়ৰ পাছত মোৰো যাব লগা হল, ভিতৰত গৈ মোৰো একেই অৱস্থা, কাৰণ আগে-পিছে তেনেকুৱা পৰিবেশত থাকি পালেহে ! আমি হৈছো পথাৰে, বাঁহিনীয়ে কৰা মানুহ। মইয়ো ওলাই আহি কাকো একো নক’লো, আৰু তাৰ পাছত মোৰ বন্ধুৰো একেই সমস্যা। কোনেও কাকো একো নকৈ মনে মনে থাকিলো ৷ দুদিনমান পাছত যেতিয়া ঘৰলৈ আহিলো ৷ তেতিয়া দেউতাৰ মনত খু-দুৱাই থকা কথাটোৱে কেতিয়া ওলাই কেতিয়া ওলাই কৰি আছিল আৰু এদিন দেউতাই কৈয়েই দিলে ঘটনাটো।তেতিয়া আমি দুটায়ো সৈ কাঢ়িলো যে আমাৰো একেই অৱস্থা, ঘৰৰ আটাইৰে পেটৰ নাড়ীদাল দাল।

২) এদিন গুৱাহাটীলৈ গৈছিলো, চনটো মনত নাই, উত্তৰ গুৱাহাটীৰ আই আই টিলৈ যাম, কিবা এটা কামত ৷ ককাইদেৱে বোলে তইগুৱাহাটীলৈ গ’লে মালিগাঁৱতে মোৰ বন্ধু বিশ্বজিত থাকে তাৰ তাতে সোমাই এইকাগজখন দি আহিবি, মই বোলো হব পাৰিম।
সেইদিনা ৰাতিপুৱাই গুৱাহাটীলৈ ৰেলেৰে গ’লো, পল্টনবজাৰ ষ্টেচনৰ পৰা গৈ পানবজাৰৰ পৰা চিটি বাছত উঠি মালিগাওঁ পালোগৈ। গৈয়েই বিশ্বজিত দাৰ ঘৰটো বিচাৰি বিচাৰি উলিয়ালো। মাতি নিলে ভিতৰলৈ বহিলো, কিছুপৰ বহাৰ পাছত চাহ দিলে চাহ খালো, দুই এটা কথা পাতিলে,ঘৰৰকথা সুধিলে, তাৰ পাছত ক’লে তুমি একেবাৰে ভাতকেইটা খায়েই যাবা। নালাগে বুলি কোৱাৰ পাছতো নেৰে জোৰ জবৰদস্তি খাবই লাগে, মই বোলো ঠিক আছে তেনেহ’লে এতিয়া ১০বাজিছেহে মই আই আই টিৰ পৰা আহি পামহি। আই আই টিৰ পৰা ঘুৰি আহি সোমালো, মোক ক’লে তুমি গা-পা ধোৱা যদি ধুই লোৱা, এইয়া টাৱেল লোৱা, তাতে চেণ্ডেল পাবা যোৱা। সোমালো বাথৰুমত, ক’ত আৰু গা-ধোও, নাই সেইবোৰ বাদ ৷ ভাবিলো ভালকৈ হাতভৰি কেইটাকে ধুই লও, অলপ ফৰকালহৈ পৰিম তেতিয়া। তাৰ পাছত পানীৰ টেপ খুলিবোলো ধোওঁ ৷ দেখিলো ৱালত পানীৰ টেপৰ লগতে চুইট আছে দেখোন দুটা ৷ মনতে ভাবিলো ডিব্ৰুগড়ৰ লেখিয়াকৈ কিবা অঘটন নহয়তো ইয়াতো ৷ মনে মনে হাঁহিওউঠিল ৷ এইবুলি টেপটোৰ পোনতে ৰৈ আগগুৰি নাভাবি দিলো নহয় এটা টেপ খুলি ৷ ভাবিলো পানী হৰ-হৰাই ওলাব,অহ পানী নোলায়েই দেখোন,এনেকৈ ভাবি থাকোতেই কেতিয়ানো ওপৰৰ চাৱাৰৰ পৰা পানী আহি হৰহৰাই মোক জুৰুলি-জুপুৰি কৰিলে ততেই ধৰিব নোৱাৰিলো ৷ আঁতৰি আহো মানে চাৰ্টটো তিতি শেষ,চেহমহা বিপদত আকৌ পৰিলো ? কি কৰা যায় এতিয়া, তিতা চাৰ্টটো পিন্ধি কেনেকৈ বাহিৰ ওলাম মই। সিহঁতে দেখিলে বাৰু কি ভাবিব ? উপাই নাই উপস্থিত বুদ্ধি এটা আহিল মনলৈ ৷ লগে লগে চাৰ্টটো খুলিলো আৰু হাতেৰে যিমান পাৰো ইফালৰপৰা সিফাললৈ জোকাৰি জোকাৰি বতাহত শুকুৱাবলৈ চেষ্টা কৰিলো ৷ ক’ত আৰু শুকাই ইমান সোনকালে ? প্ৰায় ৩০মিনিটমানৰ পাছত অলপ অলপ দকচা হঁওতেই ওলাবলৈ বাধ্য নহ’লে গৃহস্থই কিবাহে ভাবিবগৈ ৷ গৰমৰ দিন আছিল বাবে বাচিলো ৷ ওলাইয়েই দাদাক ক’লো,উহ ! ইমান গৰম ৷ ভালকৈ গাটো ধুই ল’লো, এতিয়াহে ভাল লাগিছে ৷ বিশ্বজিত দাই কলে তোমাৰ চাৰ্টটো দেখোন তিতিলেই,মই বোলো একো নহয় গৰমত ভালহে লাগিছে। পিছে মইহে জানিছো কি হৈছে।

৩) যোৱা বন্ধ কেইদিনত ঘৰতে থাকি থাকি আমনি লগাত সন্ধ্যা ওলাই গ’লো খোজকাঢ়ি—গৈ দেখিলো তিনিমুনি টোতে সেইসময়ত কেইজন মান সৰু বৰে কথাৰ মহলা মাৰি আছে নতুনকৈ সজা ডেকাচংখনতে-ময়ো গৈ তাতে যোগ দিলোগৈ। কথা গৈ গৈ একেবাৰে সমাজৰ মাজ পালেগৈ ৷এজন তাৰে মাজতে ওচৰৰে দাদাইদেউ আছিল, দুজনমান কাণসমনীয়া, আৰু দুটামান কঠালগুটীয়া ৷ এপাকত দাদাইদেৱে ক’লে যে কি যে সমাজৰ নিয়ম বোৰ হ’ল আৰু দেই ! বামুনীয়ে হৰিধনীয়াৰ ঘৰত নাখায় ৷ হৰিধনীয়াই আকৌ বামুনীয়াৰ ঘৰত নাখায়। আগতে এইবোৰ নাছিল বুইছ আমাৰ দিনত। তেতিয়া ইঘৰে সিঘৰে যিয়েই নাপাতক কিয় সকলো সকলোৰে ঘৰলৈ গৈছিল আৰু খাইছিলো ৷ কথাৰ মাজতে বহুদিন ওকমুকাই থকা কথা কিছুমান মইয়ো গাই দিলো এই চেগত —
বোলোঃ-হেৰি নহয় দদাই..?
দদাইটিঃ-কি?
বোলোঃ-সমাজৰ নিয়মবোৰ এতিয়া আৰু সলাবৰ হল, কি জান তহঁতৰ দিনত বহুত নিয়ম ভুল আছিল অ।
দদাইটিঃ-কি নিয়ম আমাৰ দিনত ভুল আছিল হা ? যদি ভুলেই আছিল আমাৰ দিনত মানুহৰ মাজত ইমান মিলাপ্ৰীতি কিয় আছিল তেনেহলে ?
বোলোঃ- সেইটো ঠিকেই আছে, মই সেইটো ক’ব বিচৰা নাই অ দদাইটি।
দদাইটিঃ-কি কব বিচাৰিছ খোলা-খুলিকৈ ক ? পকাই-জকাই নাথাক।
বোলোঃ-এই ধৰি ল মোৰ পিতাই ঢুকাল, এতিয়া পিতাই ঢুকাল বুলি আমি ল’ৰা মখাই মুণ্ডন কৰিব লাগে হয়নে ?
দদাইটিঃ-হয়, তাতে কি হল, সেইটো অতীজৰে পৰা চলি আহিছে, তই কি এতিয়া সেইটো সলাবলৈ বিচাৰিছ নেকি ?

বোলো-কথা সেইখিনিতেই, আমি যে ল’ৰা মখাই মুৰৰ চুলি খুৰাই দিব লাগে-একে পিতাইৰ ছোৱালী বোৰৰ কিয় চুলি খুৰাব নালাগে ? পিতাই মৰাৰ চুৱা কি আমাৰ চুলিতহে লাগে নেকি ? ছোৱালীবোৰৰ চুলিত নালাগে নেকি? আমাৰ চুলিবোৰ চুলি আৰুকি সিহঁতৰ চুলিবোৰ চুলি নহয় নেকি? এইটো নিয়ম সলনি কৰিবৰ হল। কিমান অসুবিধা হয় তহঁতেতো নাজন, আমিহে ওলাই গলে গম পাওঁ। আৰু ছোৱালীবোৰ ঘৰতে থাকে সিহঁতক কোনে সুধিব কিয় চুলি খুৰালি বুলি।

বোলোঃ-অকল এইটোৱেই নহয় দদাইটি, আৰু আছে-পিতাই ঢুকাওতে যে আমি লৰামখাই চেলেং চাদৰ লৈ চুৰিয়া পিন্ধি পুহমহীয়া জাৰতো কঁপি কঁপি থাকিব লাগে, ছোৱালী বা তিৰোতা বোৰে আগৰ সাজেই পিন্ধিব পাৰে কিয় ? মাক-বাপেকৰ মৃ্ত্যুত কি আমিহে বগা সাজ পিন্ধিব লাগে বুলি কিবা কথা আছে জানো ? কিয় তিৰোতা বা জীয়েকহঁতে পিন্ধিব নালাগে বগা সাজ ?

দদাইটি-কি ঔ এইটো, কিবোৰ বলকিবলৈ লৈছে চা ? ঐ তোৰ মূৰটো ঠিকেই আছেতো ?
বোলোঃ-ঠিকেই আছে ঠিকেই আছে,–অ দেখিছা……মই এতিয়া সঁচা কথাটো কোৱাত মোৰ মূৰটোহে বেয়া হ’লনে পাই ? তয়েই কথাটো চিন্তা কৰি চা । এইটো নিয়ম একপক্ষীয় হোৱা নাইনে বাৰু ? নিয়ম সদায় সকলোৰে বাবে সমান হব লাগে। এয়া জানো সমান হৈছে ক ?

দদাইটিঃ-এইবোৰ মই কব নোৱাৰো, আমাৰ পুৰ্বপুৰুষৰ পৰা চলি আহিছে এইবোৰ নিয়ম, গতিকে চলিবই। ইয়াত কি ভুল কি শুদ্ধ ধৰিবলৈ মই কোন কুটা?

বোলোঃ-সেইবোৰ বাৰু বাদ দিলো, তই সেইবোৰত কিবা সাল-সালনি বাৰু অকলে কৰিব নোৱাৰ বুলি জানো। এটা কথা তই মোক কচোন ৷ এই যে বিয়া হোৱা মাইকী মানুহে সেন্দুৰ লব লাগে, মতা মানুহে কিয় সেন্দুৰ লব নালাগে নেকি?

দদাইটিঃ-আজি তোৰ হৈছে কি অ…? ঘৰত কাজিয়া লাগি আহিছ নেকি? এতিয়া উৰহৰ খংটো ভগা ঢাৰিত তুলিবলৈ আৰু মানুহ বিচাৰি নাপালি ? কটা গাতত পঁচা কৰবাৰ।

বোলোঃ-ৰহ অ দদাইটি, যি গালি পাৰ পাৰিবি বাৰু , আগতে মোৰ গোটেই কথাটো নুশুনাকৈ নামাতিবিচোন তই। তয়েই ক’চোন-খেলিমেলি হয় নহয় বুইছ।

দদাইটিঃ-কিহৰ খেলিমেলিখন হব অ’ ইয়াত ? তইহে খেলিমেলি কিবা দেখিলি ? তহঁত এই নতুন চামৰ এইটো এটা বেমাৰ, যিহকে পাই তিহকে বলকিবলৈ পালেই হল আৰু।

বোলোঃ-খেলিমেলি! কিহৰ খেলিমেলি ? ভালকৈ শুন তই, এই ধৰি ল খুড়ীটি কৰবালৈ ওলাই গল সাজি-কাচি, ইফালৰ পৰা ডেকা কেইটামান আহি আছে, সিহঁতে খুড়ীটিৰ লাইচেঞ্চ ডাল মানে তোৰ এই সেন্দুৰৰ দাগটো দেখিয়েই গম পাই যাব যে খুড়ীটি এজনী বোৱাৰী। হয়নে ? এইখিনিলৈকে ঠিকেই আছে। তাৰ পাছত তই ধৰি ল চুট-পেণ্টকৰি ওলাই গৈছ, চকুত চালিয়া চছমা, হাতত সোণালী ৰঙৰ ঘড়ী, ভৰিত জোতা, একেবাৰে সাইলাখ এটা ধুনীয়া ডেকা ল’ৰাহৈ। তাৰ পাছত সিফালৰ পৰা আহক ধুনীয়া গাভৰুকেইজনীমান, ওচৰ পাই ধুনীয়া ডেকাক দেখি সিহঁতে তোলৈ চালে আৰু তইও সিহঁতলৈ ঘূৰি ঘূৰি চালি, দুই পাৰ্টিৰ মাজত চকুৰ মিলন হল….তইও মিচিকিয়াই হাঁহি মাৰিলি আৰু সিহঁতেও হাঁহি মাৰি পাৰহৈ গল, সেইসময়ত তই পাহৰিলিয়েই যে ঘৰত এজনী তোৰ তিৰোতা আছিল। এইখিনিতেই ছোৱালী কেইজনীয়ে ৰাম ঠগন এটা খালেনে নাইবাৰু তই কচোন ? এতিয়া ক তই সেয়ে মতা মানুহৰো সেন্দুৰ লোৱা নিয়মটো লাগেনে নালাগে বাৰু ? মানিছো এয়া তহঁতৰ দিনৰে পৰা চলিছে, কিন্তু নিয়মবোৰ জানো সমান হৈছে কচোন তই ? কেতিয়াবা মতাবোৰক আৰু কেতিয়াবা মাইকী বোৰক তহঁতৰ দিনৰ এই নিয়মবোৰে ৰাম ঠগন দিয়া নাইনে বাৰু ?

দাদইটিঃ-শুন তোৰ খুড়ীটিও অকলে ওলাই নাযায় আৰু ময়ো ডেকাহৈ ওলাই নাযাও কেতিয়াওঁ আৰু গ’লেও ছোৱালীলৈ চোৱাৰ বয়স নাই মোৰ। তোৰ লগত লগলাগি এইবোৰত সোমাইমই পাপ চপাই ল’ব নোৱাৰো।

বোলোঃ-তই নাযাৱ, খুড়ীটিও নাযায়, কিন্তু তোৰ আৰু খুড়ীটিৰ দৰে হাজাৰহাল বিবাহিতা পুৰুষ মহিলা এনেকৈ ওলাই গৈ বহুতকে বিপদত পেলাইনে নেপেলাই ক ?

ক’ত আৰু দাইটিয়ে মোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰে ? দদাইটিয়ে ভাবিলে এইটোৱে লম্ভিলে যেতিয়া পলোৱাই ভাল হব ? এক, দুই, তিনি বুলি দদাইটি লাহে লাহে পলাই পত্ৰং দিলে।

৪) আমাৰ ওচৰতে কেইবছৰ মানৰ আগৰ বিয়া এখনত। বিয়া ঘৰীয়া শঙ্কৰ সংঘৰীয়া নিয়মৰ। সংঘৰীয়া বিয়াৰ দৰাই মোচখুৰাই যোৱাটো নিয়ম বুলি কয়। জোৰোণৰ আগৰ দিনাই ৰাইজ বহি আলোচনা কৰি আছে বিয়াঘৰৰ ৰভা তলিতে। এনেতে দৰা ওলাই আহিল,দৰাক দেখি দুজন মান সমাজৰ বৰমুৰীয়াই ক’লে –হেৰৌ ,তই মোচকেইদাল কটাই নাই হবলা…বাৰু ঠিক আছে কালিলৈ কাটি পেলাবি দেই।

তেতিয়া দৰাই মাত লগালে-বোলে কিয় খুৱাইদেউ, কিয় মোচ খুৰাব লাগে ? এহ মই এইবোৰ মোচ-চোচ নুখুৰাও দেই…এনেকৈয়ে ভাল। পাছত মানুহে যিহে ফিচিঙা-ফিচিং কৰিব। নোৱাৰি দেই।
খুৱাইদেউঃ-হেৰৌ আমাৰ নিয়ম মতে দৰা হ’ল সেইদিনা এজন দেৱতা, আৰু দেৱতাৰ মোচ নাথাকে নহয়, সেয়ে সেইদিনা তই মোচৰে সৈতেগ’লে মানুহে হাঁহিব। সমাজৰ অপমান হব। কাটি পেলাবি, কাটি পেলাবি, নাপায় নহয় এনেকৈ কব।

দৰাঃ-এহ যি বোলে বুলিব লোকে। মই মোচ নুখুৰাও দেই কৈথলো আজিয়েই, মোক জোৰ কৰিব। আৰু হেৰি নহয় আপোনালোকে যে দৰাক দেৱতা বুলি কৈমোচ খুৰাবলৈ কয়, তাতকৈ দৰাক দেখোন অসুৰ বুলি ভাবি ললেই হল, তেতিয়াতো মোচ নুখুৰালেও হৱ। এহ ধৰিলওক মই অসুৰ দৰা হ’লতো ….?? অসুৰ বোৰে কি বিয়া নাপাতে নেকি ????

খুৱাইদেউঃ-হেই এইডালক কোনে কথা কয় ঔ…..? অবুজনক বুজোৱা আৰু ধেৰুৱা ঠাৰি সিজোৱা লেখিয়াহে হৈছেগৈ আৰু। তই যি কৰ কৰিবি, কিন্তু মোচ নাকাটিলে আমি বিয়া নাখাও। আমি অসুৰৰ বিয়াৰ লগত যাবও নোৱাৰো কৈ থ’লো। ৰাইজ উঠক এতিয়া অসুৰৰ চোতালত বহি মেল মাৰিবলৈ মন নাই আমাৰ।

এইবুলি ৰাইজ গো-গোৱাই গুচি গ’ল। দৰাৰ দেউতাকে দৰাক ল’লে গালি—তই শিক্ষিত হৈ ৰাইজৰ লগত তৰ্ক কৰ…?

দৰাঃ- কিনো তৰ্ক কৰিলো, সঁচা কথা কলে লাগে লেঠা। নাহিলে নাই মোৰ বিয়া এনেকৈয়ে হব। পিতাই তই জাননে মোচ কাটাৰ পাছত কিমানক কিমান প্ৰশ্নৰ উত্তৰ দিব লাগিব?
দৰাৰ বাপেকঃ-চব তোৰ মতে নহব নহয় ?
দৰা আকোঁৰ গোজ, মোচ নাকাটিলে ৷ ৰাইজৰ কিছু সংখ্যকে বিয়ালৈ নাহিল, আৰু তাৰে কিছুসংখ্যকে লোভ সামৰিব নোৱাৰি বিয়ালৈয়ো আহিল দৰাৰ লগতো গ’ল।

৫) এদিন বৰশী মাৰিবলৈ গ’লো লগৰ সমনীয়াৰ লগত। চবেই বৰশী বায়-মইনো কিয় নোৱাৰিম বুলিগ’লো দোকানৰ পৰা ৩ টকাত পেৰাচুতৰ ৰচী ৫ মিটাৰ কিনি আনিলো আৰু লগতে আনিলো এটা১টকা দামৰ বৰশী। এইবুলি বাৰীৰ মাজৰ জাতি বাঁহ জোপাৰ পৰা পিতাই কব নোৱাৰাকৈ আনিলো জাতি বাঁহৰ মিহি চাই আগ এটা কাটি। কাটি চাচি তাৰ আগডোখৰ ধেনুভিৰিয়া অংশ ৰাখি কাটি তৈয়াৰ কৰিলো বৰশী চিপ। আগফালে লগৰবোৰে শিকাই দিয়াৰ দৰেবান্ধিলো এটা ওপুঙা মৰাঠাৰিৰ। ৰছীডালৰ একেবাৰে আগত বান্ধিলো বৰশীটো । ৰছীৰ আনটো আগ বান্ধিলো বাঁহৰ চিপটোৰ মূৰত। বচ হৈ গ’ল বৰশী তৈয়াৰ।

গৰমৰবন্ধ, স্কুল বন্ধ ৷ ৰাতিপুৱাই চাহ খাই-তিন টিলিকটে গৈ লগৰ কেইটাৰ ওচৰ পালোগৈ—বোলো যাবিহঁতনে বৰশী বাবলৈ। বোলে যামতো আকৌ ৰহ। এইবুলি সিহঁতৰ লগতে পথাৰৰ গৰুবাটৰ মাজেৰে গৈ ধাননীৰ মাজৰ পুখুৰীবোৰৰ কাষ পালোগৈ। মাটি খান্দি উলিওৱা কেঁচু পোৱালী এটা ধৰি তাৰে এটুকুৰা চিঙি বৰশীটোত চিলাই দিলো আৰু টিপিয়াইছো, লগতে সিহঁতেও টিপিয়াইছে। প্ৰায় এঘণ্টামান খাপ পিটিও এটাও মাছ ধৰিব পৰা নাই। লগৰ কেইটাই দুই এটা চেঙেলী মাছ পাইছে ৷ মোৰহে বহনি হোৱা নাই।মাজতে কুফা লাগিল বুলি বৰশীটো উলিয়াই মুখেৰে থুৱাই –থুই থুই বুলি কৈ আকৌ টিপিয়ালো ৷ কি কথা নাজানো,এইবাৰ এটা মাছে খুটিয়াইছে,মাজে মাজে ওপঙাটো চুইট কৰি তললৈ যায় আকৌ ৰয় ৷লগৰ কেইটাই কলে ঐ তোৰ বৰশী খুটিয়াইছে দেই..চাইথাক ভালকৈ টানিলেই চিপ মাৰি দিবি।

পিছে মই আগে পিছে চিপমাৰি পোৱা নাই, সিহঁতে মাৰা দেখিয়েই ভাবিলো সিহঁতৰ দৰেই কোব এটা মাৰিমবাপ্পেকে ৷ এইবুলি বাট চাই ৰৈ আছো মাছটোৱে টানি নিয়ালৈ। এবাৰত দেখিলো মাছটোৱে মোৰ বৰশীটো নিছে টানি, লগৰ কেইটাই ক’লে ঐ চিপ মাৰ, চিপ মাৰ বুলিচিঞৰটো মাৰ –লগে লগেই আগ-গুৰি নাভাবি দিলো চিপ মাৰি বাপ্পেকে….ওপৰলৈ কিছুদুৰ মাছটো ওলমি অহা দেখি মনটো ভাল লাগিছিল যদিও আধা বাটতে মাছটো সুলকি পৰিল ৷আৰু বৰশীৰ দোলডালে একে কোবে পাছফালৰ পৰা আহি মোৰ ভৰিত মাৰিলেহি কোবটো, আই ঔ বুলি চিটভুলুঙা খাই পৰি গ’লো বাটতে। পাছতহে দেখা পালো যে বৰশীটো আহি মোৰ ভৰিৰ পিটটোত সোমাই গল। বিষতে চিঞৰিবলৈ ধৰিলো। কি কৰিম কি নকৰিম লাগিল। ওচৰতে ঘাঁহ কাটি থকা ঘৰৰ ওচৰৰ ককাইটিয়ে দেখি দৌৰ মাৰি আহি সুধিলে বোলে-কি হ’ল তোৰ ? মই বোলো চিপ মাৰিব নাজানিলো বৰশী আহি ভৰিত সোমাল।তেতিয়া ককাইটিয়ে কৰবাৰ পৰা বাঁহৰ চেচু এডাল আনি ভৰিৰ চাল কাঁটি বৰশী উলিয়াইদিয়াতহে ৰক্ষা। সেইদিনাৰ পৰা আৰু সাৱধান হলো ।

(৬)আমাৰ গাঁৱৰ কাষতে ১৯৮৯ চনৰ পৰাই অস্থায়ীভাবে এটা সামৰিক বাহিনীৰ কেম্পআছিল, সেই সময়ত ৰাষ্ট্ৰপতি শাসন হোৱাত প্ৰস্তাৱিত অসামৰিক চিকিত্সালয় খনৰ ভৱনটিতেই প্ৰশাসনে সামৰিক বাহিনীৰ অস্থায়ী কেম্পটো পাতিছিল। তেতিয়াৰে পৰাআৰ্মিবোৰ পিন-পিনাই ফুৰিছিল, তাৰ আগলৈকে আমি আৰ্মিবোৰ দেখা মনতেই নপৰে।আৰ্মিৰ জোৱান বোৰলৈ তেতিয়া বৰ ভয় কৰিছিলো। এনেকৈ কেইবছৰ মান বাগৰিল, লাহেলাহে আমি আৰ্মি জোৱান বোৰক দেখি ভয় নোখোৱা হ’লো।

গৰমৰ দিন।এদিনাখন সন্ধিয়া সময়ত ফুৰিবলৈ বুলি খোজকাঢ়ি ওলাই গলো। পিন্ধনত হাফ-পেণ্টআৰু এটা টি-চাট। ভাবিলো অলপ ওলাই যাওঁ খোজকাঢ়ি, সেইখিনি সময়তে আকৌ আৰ্মিবোৰৰ কোনোবা অফিচাৰ যদি সেই বাটেৰে যাব লগা হয়, তাৰ ঠিক ২ঘণ্টা মানৰআগৰ পৰা জোৱান সকলে বাটত পহৰাৰ কাম কৰি থাকে প্ৰায়ে, সেয়া আমাৰ বাবেনিত্য-নিয়মিত ঘটনাত পৰিনত হৈ পৰিছে। সেইদিনাও সিহঁতে বাটটোত পহৰাদ্বাৰৰ কামত আছে, সন্ধিয়া নামি আহিছে আৰু, লাহে লাহে দূৰৰ পৰা চিনিব নোৱাৰা হৈ পৰিছে মানুহ বোৰ, তাতে সেইসময়ত আমাৰ গাঁৱত কাৰেণ্টৰ ব্যৱস্থা হৈ উঠা নাই।আৰ্মিবোৰৰ পোছাকবোৰ গছ-গছনিৰ পাতৰ লগত একে ৰঙৰ বাবে সিহঁতক চিনিবই নোৱাৰি ফটককৈ। মইও গৈ সেইখিনি পাওঁতেই ভাবিলো বৰকৈ লাগিছে এইখিনিতে ৷ কেঁঞাধাপৰ কাষতে সৰুপানী চুই লোৱাই ভাল হব, আগত আৰ্মি-চাৰ্মি থাকিব পাৰে। এইবুলি পেণ্টৰ জীপদাল খুলিছো আৰু নিচিন্ত মনে হেঁপাহ পলুৱাই এৰিদিছো ৷ ঠিক তেনেকুৱাতেই ঘটিল নহয় অঘটনটো ৷ হঠাতে অচিনাকি এক উচ্চস্বৰৰ কণ্ঠত উচপ খাই উঠিলো ৷ কোৱা শুনিলো:

হেই! ক্যা কৰ ৰাহা হেই……..(এটা ধমকি সূচক বাক্য)

ইফালে সিফালে চাওঁ একো দেখা নাপালো….ভাবিলো ওচৰতে কৰবাত আৰ্মি আছে হবপাই। কিন্তু মোৰ ধাৰণা ভুল আছিল ৷ তেতিয়াহে গম পালো যেতিয়া মোৰ একেবাৰে সন্মুখতে থকা আৰ্মিটোৱে মোক বন্দুকটোৰে ঠেলা এটা মাৰি দিলে, মোৰ সৰুপানী কৰা একেকোবে বন্ধ হৈ গল, ভয়তে পেপুৱা লাগিলো ৷ পুনৰ ক’লে:

দেখতি হ কি নাহি ?
বোলোঃ-আপ ইতিনা আন্ধেৰে মে পেৰ কে চাথ চামিল হো কে খাৰা হে তো কেইচে পাতা চলেগা…(কথা কেইটা ভয়ে ভয়ে কোনোমতেহে ওলাল মুখৰ পৰা)

আৰ্মি জোৱানটোৱে মোৰ কথা কেইটা বুজিলে চাগৈ, সেয়ে সি আৰু বিশেষ একো নক’লে ৷ ক’লে কেবল : “যাওঁ…যাওঁ…দেখকৰ চলনা ৷ ”

উহ, ভগৱান ভাল বচালা আজি, মনতে ভাবিলো, কিহে পাইছিল আহি সেইখিনিত সৰুপানী চুবলৈ বাৰু। তেতিয়াহে ভাবিলো যে ইমান সময়ে তাৰমানে মই নেদেখাকৈয়ে সেইটোৰ গাতে সৰুপানী কৰিলো নেকি? অকলে অকলে হাঁহিও উঠিল, ভয়ো খাইছিলো বহুত, ইচ্ছা কৰা হলে সি মোক দুই চৰ মান দিব পাৰিলে হয়, কিন্তু যেনিবা একো নকৰিলে।সেইদিনাৰ পৰা বাটে-ঘাটে কৰিব লগীয়া হলে ভালকৈ চাই লওঁ আগতেই।

(৭)আন এদিনৰ কথা, তেতিয়া আমাৰ গাঁৱত প্ৰায়ে চোৰে চুৰ কৰি গৰুবোৰ গোহালিৰ পৰাইলৈ যায় বাবে গাঁৱৰ গাঁওবুঢ়াই মেল পাতি ঠিৰাং কৰিলে যে আজিৰ পৰা গাঁৱত পহৰাৰ ব্যৱস্থা কৰা হব, প্ৰতিঘৰ মানুহৰ এজনে মাহত তিনিনিশা বা চাৰিনিশা পালপাতি পহৰা দিব লাগিব। এটা এটাকৈ গ্ৰুপ বনাই দিলে সেই মেলতেই। আমিও সেয়ে মনে মিলা লগৰীয়া চাই গ্ৰুপ বনাই ললো। আমাৰ গ্ৰুপত আছিল আটাইকেইটা মোৰ কাণসমনীয়া আৰু বন্ধু, মনতে ভাবিলো পহৰা দিয়াৰ নামত এইবাৰ ভাল জমিব, ৰাতিটো অন্ততঃ বেচ ফুৰ্টিৰে পাৰ কৰিব পাৰিম, তাৰ পাছৰ পৰা কেতিয়া পহৰা পৰে আমাৰ তাৰ খবৰ ল’বলৈ নাপাহৰিলো। ৰাতি আমাৰ পহৰাৰ পাল পৰিলেই কমিতিৰ ফালৰ পৰা দিয়া এটা সুহুৰি, এটা ৫বেটাৰীৰ টৰ্চ, এখন মেচি দা, এটা হাকোটা নালৰ ছাতি আৰু এটা ফ্লাক্সত গৰম চাহ এটোপোলা পকা মিঠৈৰ সৈতে লৈ ওলাই যাওঁ। ৰাতিতো গাঁৱৰ ইফালৰ পৰা সিফাললৈ প্ৰতিটো চুবুৰীত পিটপিটাই থাকোতেই কেতিয়া যে ঘৰত খাইযোৱা ভাতকেইটা নাইকিয়া হৈ যায় গমেই নাপাওঁ, ৰাতি ১২.৩০ মানৰ পৰা ভোক লাগিবলৈ ধৰেই।

এনেকৈ এদিন ৰাতি পহৰা দি আছো, ভোক লগাত আটাইকেইটাঘূৰি ঘূৰি আহি আমাৰ তিনিআলিৰ ওচৰৰ ডেকাচাংখনতে বহি ভাবিলো চাহ একাপ একাপ খাই লোৱা যাওঁক। তাৰ পাছত আকৌ যাম। কথামতেই চবেই চাহ খালো। কিছুপৰ বহি ভাগৰ মাৰি পুনৰ আমি খোজকাঢ়ি পেট্ৰলিংত ওলাই গলো, লগৰ কেইটাই বিভিন্ন কথাৰেফুচুৰি কৰি মাজে মাজে সুহুৰিটো বজাই বজাই গৈ আছে, সিহঁত পাছে পাছে ,আমিদুটামান আগে আগে। ঠিক তেনেতে সন্মুখৰ ফালৰ পৰা যে আৰ্মি এজাক পেট্ৰলিংত আহিআছে ,আমি কথাৰ মহলা মাৰি আহোতে গমেই নাপালো। সিহঁতে আমাক কিবা শত্ৰু বুলিভাবি বন্দুক টোৱাই পজিছন লৈ সাজু, আমি সেইবোৰ কবই নোৱাৰো ৷ কেইখোজমান আগবঢ়াৰ পাছতে,হঠাতে কিবা এটা ভাষাত (হিন্দী ভাষা নহয়) অৰ্দাৰ সূচক এশাৰী বাক্য শুনিলো,লগৰ কেইটাক বোলো ঐ ৰহচোন , কোনোবাই কিবা কৈছে। এইবুলি কবলৈহে পালো আমাৰ হাতত মেচি দা, লাঠি আদি দেখি কোনো কথা নাই, চিধাই পাছফালৰপৰা আহি আটাইকেইটাৰে মূৰত বন্দুকৰ নলীডাল লগাই ক’লে:
হেণ্ডচ্ আপ। হেণ্ডচ্ আপ।।

আমি থত-মত খাই সেপ ধুকি, জাঠি জোং পেলাই হাত ওপৰ কৰি থৰ-থৰকৈ কঁপিবলৈ ধৰিলো, মনতে ভাবিলো আজি আৰু ফিনিচ্ আমি।

সিহঁতে আমাক আৰু কিবা কিবি সুধিলে কিন্তু একো বুজি নাপায় তেনেকৈয়ে ৰৈ আছো।কি বা কৈছে এইকেইটাই ৷ একোৱেই নুবুজো নহয়…কি হব এতিয়া….আমাৰ আটাইৰে পেণ্ট ইতিমধ্যে গৰম পানীৰে তিতি ভৰিয়েদি বৈ গৈছে।

আমি মাত্ৰ এটাই ক’লো যে- হামলোক গাঁও কা ভি দি পি হাই।

সিহঁতে আৰু কিবা কিবি কলে…কিন্তু ভয়ৰ চোতত আমাৰ মাথাত সেইবোৰ একো নোসোমালেই, কেৱল কঁপিছোহে কঁপিছো।

তেনেতে এটাই আহি পাছফালৰ পৰা আমাৰ প্ৰত্যেকৰে গাত তালাচি চলালে, পকেটবোৰচেক কৰিলে। সেইটো আছিল অসমীয়া আৰ্মি, সি কথাটো বুজি পাই, চেক কৰাৰ চলতে ক’লে-এনেকৈ কিবা ক’লে বুজি নাপালেও তহঁতে হাত ওপৰ লগে লগেই কৰিবি, নহ’লে ধাইধাই গুলি কৰি দিব। তহঁতৰ ভাগ্য ভাল যে আজি গুলি নকৰিলে।

তাৰ পাছত অসমীয়াটোৱে আমাক দেখুৱাই চিনাকি নিদি হিন্দীতে ক’লে,তুম লোগ এইচে চৌৰমাচায় কে কিউ আয়া? এইচে হুইচেল কিউ বাজায়া ? যব কিচিক দেখগি তব বজনা হুইচেল, চৌৰ মত কিয়া কৰ, চুপ চাপ ডিউটি কৰৌ। আভি চল !!!

কোনোমতে ভগৱানে সেই অসমীয়া আৰ্মিটোক পঠালে বুলিহে, নহ’লে সেইদিনা যে কি হ’লহয় ঠিক নাই। সেইখিনিৰ পৰা কাৰো মুখত মাত নাই, কিছুদুৰ গৈ তেতিয়াহে কথা পাতিছো। বোলো ঐ আজি ভাল বাছিলো দেই, তেতিয়া পেণ্টবোৰ চালো সঁচাকৈয়ে দুই এটাই কাম ফেৰা কব নোৱাৰাকৈয়ে কৰি পেলালে। মোৰতো যমৰ দুৱাৰ দলিৰ পৰা ঘুৰি আহা নিচিনা লাগিছিল। তেতিয়াৰে পৰা সাৱধান হৈ গ’লো ।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
dipankar
6 years ago

Val lagil phri

Anonymous
3 years ago

Bhl lgil bhut

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক