কেইটামান স্তৱক- ভালপোৱাৰ, ভাল লগাৰ (মেৰিলিন দত্ত)

এক :
দুখ
নদীখন বৈ থাকে
মই ডুবি থাকোঁ !
দুই:
প্ৰেম
মোৰ বুকুত এখন চহৰ
এজোপা গছ
বুকু ডুবুৱা এন্ধাৰ আৰু অলপ পোহৰ !
তিনি:
ছাঁয়া প্রচ্ছায়া
লেডাৰৰ পার্চৰ এচুকত সোমাই থাকে এটুকুৰা দুখ
মন গলে হাঁহিব পাৰে
মন গলে কান্দিব পাৰে
পাগলৰ দৰে ………
চাৰি:
শূন্যৰ সৈতে সহবাস কৰি চাইছানে কেতিয়াবা?
বেঙে মতা ৰাতি
কলিজাত কাৰেবাৰ খোজৰ ধৰফৰনি ।
পাঁচ :
সময় কটাবলৈ কামাখ্যালৈ মাতিছা ?
ধুৰৰ..
তাতোকৈ,
কোনোবা বেশ্যা গলিলৈ যাওঁ ব’লা
নহ’লে কোনো দামী ৰেষ্টোঁৰালৈ..
মাছৰ মূৰ চোবাই চোবাই
তোমাক কৈ যাম
প্ৰেমিক নৰকাসুৰৰ জীৱনগাঁথা !
ছয়
নিশা ফুটপাথত ফুলে পানীৰ ফুল
আৰম্ভ হয় আৰু এটা জাৰজ জীৱন ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments