কেইটামান স্নেপশ্বট আৰু কিছু অনুভৱ (অনিমেষ বৰা)

 

স্নেপ ১: ২৯ ডিচেম্বৰ, ২০১২, স্থান: চাঙলাঙ জিলা, অৰুণাচল প্ৰদেশ

দূৰ-দূৰণিলৈ কেৱল কুঁহিয়াৰ খেতি। জনবসতি তেনেই কম… ইয়াৰে এখন কুঁহিয়াৰ শালত সোমালোঁ। তাত দুজনী যুৱতীয়ে কুঁহিয়াৰ পেৰি আছে আৰু এজন বৃদ্ধ মানুহে এখন ডাঙৰ কেৰাহীত গুড় প্ৰস্তুত কৰি আছে। মেচিনটোৰ কাষতে দুটা জুপুৰি। মাথো দুটা পৰিয়ালে তাত বাস কৰে। তেওঁলোকৰ লগত কথা পাতি গম পালোঁ তেওঁলোক মাৰ্ঘেৰিটা-জাগুন অঞ্চলৰ নেপালী সম্প্ৰদায়ৰ মানুহ। যোৱা ১৮ বছৰ ধৰি তাতে গুড়ৰ ব্যৱসায় কৰি আছে। লগতে কেতিয়াবা শাক-পাচলি আদি বেচে। পঢ়া-শুনাৰ লগতে আধুনিক সমাজৰ পোহৰৰ অভাৱ।

স্নেপ ২: ২৬ জানুৱাৰী, ২০১৩, স্থান: টাৱাং, অৰুণাচল প্ৰদেশ
বজাৰৰ ওচৰৰ ষ্টেডিয়ামত গণৰাজ্য দিৱস উদ্‌যাপন কৰিছে। জিলা উপায়ুক্তৰ লগতে বহু স্থানীয় লোক, সৈনিক আৰু কেইবাজনো দেশী-বিদেশী পৰ্য্যটক এই অনুষ্ঠান চাবলৈ আহিছে। স্থানীয় স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ভাৰতীয় সেনাৰ কেইবাটাও প্লেটুনে ইয়াত মাৰ্চ-পাষ্টত অংশ গ্ৰহণ কৰিছে। অনুষ্ঠানৰ শেষত মোৰ বন্ধুৰ সৈতে ইয়াৰে এজন গোৰ্খা সৈন্যৰ লগত কথা পাতিলোঁ। জানিব পাৰিলোঁ তেওঁৰ ঘৰ নেপালত। ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেণ্টৰ কোনো এটা গোটত কৰ্মৰত। তেওঁৰ পৰিয়াল আৰু সকলো সম্বন্ধীয় লোক নেপালতে বাস কৰে।

স্নেপ ৩: ২৪ জানুৱাৰী, ২০১৩, স্থান: ভালুকপুং, অসম-অৰুণাচল সীমান্ত
দুপৰীয়া প্ৰায় ১২-৩০ বাজিছে। ভাতসাজ খাবৰ বাবে ভালুকপুঙৰ এখন হোটেলত সোমালোঁ। দুগৰাকী যুৱতীয়ে আমাক খোৱাৰ যোগান ধৰিছে। মই আৰু তিনিওজন বন্ধুৰ সৈতে তৃপ্তিৰে ভাতসাজ খালোঁ। (ভাত সাজ খাই ভাল পালোঁ বাবে টাৱাঙৰ পৰা ঘূৰি আহোঁতেই তাতেই ভাত খাইছিলোঁ।) পইচা দিয়াৰ সময়ত মালিকে ক’লে “দুজন লোক ঘৰলৈ যোৱাৰ বাবে অলপ অসুবিধা হৈছে। আপোনালোকে যেন বেয়া নাপায়।” তেওঁৰ লগত কথা পাতি জানিব পাৰিলোঁ যে তেওঁ এজন নেপালী সম্প্ৰদায়ৰ লোক। তেওঁলোকৰ গোটেই পৰিয়ালটো এই হোটেলখনৰ ওপৰতে নিৰ্ভৰশীল। ঘৰ নেপালত। তেওঁলোকৰ আজু-ককাক হেনো অসমলৈ আহিছিল। তেওঁলোকৰ পৰিয়ালৰে কিছু লোক লক্ষীমপুৰ, গহপুৰ অঞ্চলত বাস কৰে।

স্নেপ ৪: অক্টোবৰ, ২০১২ স্থান: হোষ্টেল
মণিপুৰৰ এজন নেপালী ল’ৰা, মই আৰু আন এজন বন্ধু। তিনিও মিলি অনুপ্ৰৱেশকাৰীৰ কথা পাতি আছিলোঁ। এনেতে কথাৰ মাজতে নেপালী মানুহৰ কথা ওলাল। তাৰ মাজতে নেপালী ল’ৰাজনে তাৰ পৰিয়ালটো মণিপুৰলৈ কেনেকৈ আহিল তাৰ বিষয়ে ক’লে। বন্ধুজনৰ মতে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বহুতো নেপালী লোক সৈন্য ৰূপে উত্তৰ-পূৰ্বাঞ্চললৈ আহিছিল। তাৰ মাজতে বন্ধুৰ ককাকো আছিল। কিছুমান সুভাষ চন্দ্ৰ বসুৰ সেনা আৰু আন কিছুমান ব্ৰিটিছ সেনাৰ গোৰ্খা ৰেজিমেণ্টৰ অন্তৰ্গত আছিল। বিশ্বযুদ্ধ শেষ হোৱাৰ পিছৰ পৰাই বন্ধুৰ পৰিয়ালো মণিপুৰতে থাকে।

স্নেপ ৫: জানুৱাৰী, ২০১২ স্থান: অসম – ভূটান সীমান্ত, ভৈৰৱকুণ্ড
মই, মোৰ দুজন বন্ধু আৰু এজন দাদা: চাৰিও মিলি টংলাৰ পৰা ভৈৱৱকুণ্ডলৈ গৈছিলোঁ। ভূটানৰ মাটিত প্ৰৱেশ কৰি দেখিলোঁ যে সেই অঞ্চলৰ অধিকাংশই লোক নেপালী। কেইজনমানহে ভূটীয়া লোক লগ পালোঁ। বজাৰত চেল ৰুটি, ম’ম’ বেচাৰ পৰা আৰম্ভ কৰি কমলা বেচা, ৰেষ্টুৰেণ্ট, দোকান সকলোতে নেপালী মহিলা।

এইয়া হৈছে মোৰ নিজা অভিজ্ঞতাৰ কিছু দৃশ্যাংশ। উপৰোক্ত ঘটনা কেইটাৰ ভিতৰত অবিভক্ত অসমৰ টাৱাঙ আৰু চাংলাংৰ কথা দুটাই নেপালী সম্প্ৰদায়ৰ লোকসকলৰ বিষয়ে মোক ভাৱিবলৈ বাধ্য কৰালে। কলেজত নামভৰ্তি কৰাৰ পিছত, সাতো ভনীৰ বিভিন্ন জাতি, জনজাতিৰ লোকৰ লগত মিলিবলৈ সুযোগ পাইছোঁ। সৰুৰে পৰা এটাই ধাৰণা আছিল নেপালী সকল কেৱল দাৰ্জিলিং, ছিক্কিম আৰু নেপালতহে তেওঁলোকে বাস কৰে। কিন্তু, অবিভক্ত অসমলৈ নেপালী সকলৰ প্ৰব্ৰজন কেনেকৈ ঘটিল? তেওঁলোকৰ পৰিচয়? সংস্কৃতি? নিজৰ পেটৰ তাড়না পুৰোৱাই তেওঁলোকৰ মূল উদ্দেশ্য নেকি? (চাংলাংৰ প্ৰসংগত) মনত কেইবাটাও প্ৰশ্নৰ উদয় হ’ল। কিছুমানৰ উত্তৰ বন্ধু-বান্ধৱ অথবা কিতাপ বা ইণ্টাৰনেটৰ সহায়ত বিচাৰি উলিয়ালোঁ। তথাপি এতিয়াও বহুতো প্ৰশ্ন সাঁথৰ হৈয়ে থাকিল…….

ভাৰত-নেপালৰ সম্পৰ্ক:
ইতিহাস খুচৰিলে ভাৰত আৰু নেপালৰ মাজত থকা সু-সম্বন্ধৰ কথা পোৱা যায়। বহু যুগৰ পৰা । ৰামচন্দ্ৰৰ ধৰ্মপত্নী সীতাৰ জন্মস্থান জনকপুৰ বৰ্তমান নেপালত অৱস্থিত। ভগৱান বুদ্ধৰো জন্ম নেপালৰ লুম্বিনি নামৰ ঠাইত হৈছিল। পাছত তেওঁ ভাৰতৰ বুদ্ধগয়াত বুদ্ধত্ব লাভ কৰি বৌদ্ধ ধৰ্মৰ প্ৰচাৰ কৰিছিল। নেপালৰ ক্ষত্ৰিয় ৰাজকুমাৰ দেৱপালৰ লগত ৰজা অশোকৰ জীয়ৰী চাৰুমতিৰ বিবাহ হৈছিল। লুম্বিনিত অৱস্থিত অশোক স্তম্ভই এই ঐতিহাসিক বিবাহৰ স্বাক্ষৰ বহন কৰি আছে।

ভাৰতলৈ নেপালী লোকৰ প্ৰব্ৰজন:
দুয়োখন দেশৰ মাজত হোৱা ১৯৫০ চনত স্বাক্ষৰিত সন্ধিৰ ফলতে নেপালৰ লোকসকলৰ ভাৰতলৈ প্ৰব্ৰজন হোৱাৰ কাৰণ বুলি আঙুলিয়াব নোৱাৰি। বিভিন্ন ঐতিহাসিক, ধাৰ্মিক, সাংস্কৃতিক তথা ৰাজনৈতিক কাৰণ ইয়াৰ লগত জড়িত হৈ আছে। ইতিহাস চালে দেখা যায় যে, ঊনবিংশ শতিকাৰ পৰা ভাৰতলৈ নেপালী সকলৰ প্ৰব্ৰজন ঘটিছিল। প্ৰথম কাৰণ হ’ল: ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত গোৰ্খা সৈনিকৰ নিযুক্তি। ব্ৰিটিছসকলে যুদ্ধত গোৰ্খা সৈন্যৰ বীৰত্ব দেখি ব্ৰিটিছ আৰ্মিত গোৰ্খা লোকক নিযুক্তি দিয়া আৰম্ভ কৰিছিল। ইয়াৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে ডেৰাডুন, কুমাও, নৈনিতাল, দাৰ্জিলিঙলৈ বহু নেপালী লোকৰ আগমন ঘটিল। এই গোৰ্খা সৈন্যই প্ৰথম বিশ্বযুদ্ধত অষ্ট্ৰিয়া, আফগানিস্তান, মেছ’পটেমিয়া আৰু দ্বিতীয় বিশ্বযুদ্ধত ইটালী, ইজিপ্ত, বাৰ্মা, চিংগাপুৰ, ইংলেণ্ড আৰু হঙকঙত ব্ৰিটিছ সৈন্যবাহিনীৰ হৈ যুদ্ধত আগভাগ লৈছিল। ইয়াৰে বহু সৈন্য তাৰে স্থানীয় লোকৰ লগত বিবাহ পাশত আৱদ্ধ হৈ তাতে থাকিবলৈ ল’লে। এনেদৰে ভাৰতৰ দাৰ্জিলিঙ, কালিমপঙ, পাটনা, ডেৰাডুন, কাশি আৰু অসমতো নেপালী লোক থাকি যায়।
অসমলৈ নেপালী সকলৰ আগমন কেনেকৈ ঘটিল তাৰ কোনো সঠিক তথ্য পোৱা নাযায়। ব্ৰিটিছসকলৰ লগতে নেপালীসকলৰ অসমলৈ প্ৰব্ৰজন ঘটিল বুলি বিশ্বাস কৰা যায়। ১৮২৬ চনৰ কথা। ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্ৰিটিছে অসমক নিজৰ অধীনলৈ নিয়ে। অবিভক্ত অসমত ব্ৰিটিছ সকলৰ কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিলে। ফলত নেপালী লোকৰো সংখ্যা অসমত বৃদ্ধি পাবলৈ ধৰিলে। এ চি সিনহাৰ মতে, অসমলৈ নেপালী লোকৰ আগমন ১৮২৪ চন মানতে আৰম্ভ হৈছিল। তেতিয়া ইংৰাজৰ গোৰ্খা প্লেটুনৰ জয়চন্দ ঠাকুৰ নামৰ এজন সুবেদাৰ শ্বিলঙত থাকিবলৈ লৈছিল। তাৰ পিছৰ পৰাই বিভিন্ন কাৰণত অসমলৈ নেপালী লোকৰ আগমন ঘটে। সিন্‌হাৰ মতে, নেপালত জীৱন-নিৰ্বাহ কৰাতো কঠিন আছিল। ইয়াৰ উপৰিও, ব্ৰিটিছৰ শাসনৰ দিনত নেপালীসকলক অসমৰ চাহ বাগিচা আৰু কয়লা খনিৰ শ্ৰমিক হিচাবে প্ৰব্ৰজনৰ বাবে উৎসাহিত কৰা হৈছিল।
ব্ৰিটিছে অধিক ৰাজহ সংগ্ৰহ কৰাৰ আশাত বহিৰাগত নেপালী সকলক চন পৰি থকা মাটিত থাকিবলৈ ব্যৱস্থা কৰি দিলে। নেপালী সকলে লখিমপুৰ, শিবসাগৰৰ পূব অঞ্চলত আৰু দৰঙত নদীৰ কাষৰ হাবি কাটি ঠাই টুকুৰা পৰিষ্কাৰ কৰি তাত কুঁহিয়াৰ খেতি আৰম্ভ কৰিলে। লগতে গুৰৰ ব্যৱসায়ো আৰম্ভ কৰিলে। ওপৰৰ স্নেপশ্বট- ১ত উল্লেখ কৰা নেপালী সকলৰ কথাই ক’ব পাৰি। অসমত আন খেতিয়কৰ পৰা প্ৰত্যাহ্বান নোপোৱাৰ বাবে তেওঁলোক এই ব্যৱসায় দখল কৰে।
অবিভক্ত অসমৰ বিভিন্ন ঠাইত আসাম ৰেজিমেণ্টৰ উপৰিও কেইবাটাও গোৰ্খা ট্ৰেইনিং চেণ্টাৰ স্থাপন কৰা হয়। এই বহুতো গোৰ্খা লোক অৱসৰ লোৱাৰ পাছত ইয়াৰে চুবুৰীয়া অঞ্চলত থাকি যায়। অসমত ১৩খন, মণিপুৰত আঠখন, মিজোৰাম আৰু নাগালেণ্ডত সাতখনকৈ, অৰুণাচল প্ৰদেশত তিনিখন, মেঘালয় আৰু ত্ৰিপুৰাত এখনকৈ এনেকুৱা ঠাই আছে, য’ত এইসকলক সংস্থাপিত কৰা হৈছিল। অসমৰ শদিয়া, মণিপুৰৰ মন্ত্ৰীপুখুৰী, মিজোৰামৰ আইজল আৰু নাগালেণ্ডৰ মুককচুঙ ইয়াৰ উদাহৰণ। নেপালী সকলে এই ঠাইসমূহৰ স্থানীয় লোকসকলৰ ভাষা, সংস্কৃতি আয়ত্ব কৰি আৰু বৈবাহিক সম্বন্ধ স্থাপন কৰি তেওঁলোকৰ লগত মিলি যায়।
মণিপুৰত নেপালী সকলেই ঘৰচীয়া জন্তু পুহা আৰু দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰে। অৱসৰ লোৱা সৈন্যসকলক পাহাৰ আৰু বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত থাকিবলৈ ব্যৱস্থা কৰি দিয়া হয়। এই লোকসকলক উগ্ৰপন্থীৰ উপস্থিতি থকা অঞ্চল সমূহত পুনৰ সংস্থাপিত কৰা হৈছিল। কাৰণ তেওঁলোকে উগ্ৰপন্থীৰ গতিবিধি আৰু কাৰ্য্যকলাপৰ কথা সেনা বাহিনীক অৱগত কৰিছিল। মণিপুৰৰ কাঙচুপ, বিষ্ণুপুৰ, ইৰাঙত নেপালী লোকসকলে বসতি স্থাপন কৰিলে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাপৰি অঞ্চলত জন্তু চৰাবৰ বাবে সংৰক্ষিত বনাঞ্চল আবণ্টিত কৰা হ’ল। ১৯১৯ চনত কাংলাট’ম্বি-কাংক’ক্‌পি গোৰ্খা ৰিজাৰ্ভ স্থাপন কৰা হৈছিল। ইয়াৰ বিনিময়ত ব্ৰিটিছ সকলে নেপালী সকলৰ পৰা যথেষ্ট ৰাজহ লাভ কৰিছিল।

নিজৰ পৰিচয় দিয়াত অসুবিধা:
১৯০৩-০৪ চনৰ কথা। কাজিৰঙাক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰিবৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল। কাজিৰঙাৰ মাজত থকা গাঁওৰ মানুহ সকল তাৰ পৰা আঁতৰি যাবৰ বাবে অধিসূচনা জাৰি কৰা হ’ল। নেপালী লোকসকল সময় মতে তাৰ পৰা আঁতৰি যোৱাত অসমৰ্থ হৈছিল। কাৰণ, যদি পৰৱৰ্তী সময়ত ঘৰচীয়া জন্তুসমূহৰ কোনো বেমাৰে দেখা দিয়ে, তেতিয়া সমগ্ৰ বনাঞ্চলৰ গছ-গছনি আৰু জন্তুৱে ইয়াৰ ভোগ কৰিব। ফৰেষ্ট ৰেঞ্জাৰ আৰু বনৰক্ষীসকলে নেপালীসকলৰ বহুতো গাঁও জ্বলাই দিয়ে। এয়াই হৈছে অসমত নেপালী সকলৰ বিৰুদ্ধে হোৱা প্ৰথম ৰাজনৈতিক চক্ৰান্ত।
নেপালীসকলে অসমত নিজৰ পৰিচয় দিবলৈ অসমৰ্থ হৈছে। ইয়াৰ কাৰণ দুটা: বাহিৰাগত সমস্যা আৰু আভ্যন্তৰীণ সমস্যা । বাহিৰাগত সমস্যা মানে তেওঁলোকৰ ওপৰত সামাজিক-ৰাজনৈতিক জটিলতাৰ কাৰণ দৰ্শাই তেওঁলোকক আছুতীয়াকৈ ৰখা। আভ্যন্তৰীণ সমস্যা নেপালীসকলে নিজেই নিজৰ ওপৰত কৰি লোৱা সমস্যা সমূহ। জাগীৰোড কলেজৰ জেষ্ঠ্য প্ৰবক্তা, পুৰুষোত্তম এল. ভাণ্ডাৰী আৰু নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি, (NEHU) শ্বিলঙৰ নৃতত্ব (anthropology) বিভাগৰ প্ৰফেছাৰ টি.বি চুব্বাৰ মতে বহিৰাগত ৰাজনৈতিক কাৰণ যেনে ভাবুকি দিয়া, উচ্ছেদ কৰা কাৰ্যই তেওঁলোকৰ নিজা পৰিচয় দিয়াত হেঙাৰ হিচাপে দেখা দিছিল। আভ্যন্তৰীণ সমস্যা যেনে অনগ্ৰসৰ, অনৈক্যতাও ইয়াৰ বাবে সমানে জগৰীয়া। ভাণ্ডাৰীৰ মতে অসমত নেপালী সকলৰ মূল সমস্যা হৈছে তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক ৰূপে গণ্য কৰা হয়। প্ৰথমতে উল্লেখ কৰা, ঘটনা- টোৰ পৰা নেপালী সকলক অসমত উপেক্ষিত কৰা হয়, তাৰেই প্ৰমাণ পোৱা ইয়াৰ বাবে তেওঁলোক স্থায়ী ঠিকনাৰ অভাৱ আৰু নিৰাপত্তাহীনতাৰ সন্মুখীন হ’বলগীয়া হয়। নাগৰিকত্ব নথকাৰ বাবে তেওঁলোকৰ ভোটধিকাৰ লাভ নকৰে। ইয়াৰ উপৰিও, নেপালীসকল মাজে-সময়ে স্থানীয় লোকৰ দ্বাৰা বলি হ’বলগীয়া হৈছে। ইয়াৰ এক উদাহৰণ হৈছে: ২০০৭ চনৰ কথা। মণিপুৰৰ সেনাপতি জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলিছে। সেই অঞ্চলৰ সংখ্যাগৰিষ্ঠ লোক হৈছে নেপালী আৰু কুকি জনগোষ্ঠী। কিন্তু, ভোটদানৰ কিছু দিনৰ পূৰ্বে কেইবাখনো নেপালী গাওঁ দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে। ইয়াৰ আঁৰত আছিল গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ।
অসমত হোৱা বড়োলেণ্ড আন্দোলনতো বহুতো অ-বড়ো লোকক খেদি পঠোৱা হৈছিল। BAC অঞ্চলৰ আমটেকা, পাটবাৰী, মালভিটা, কয়লা আদি ঠাইৰ গাঁওসমূহত নেপালী লোকসকল হিংসাত্মক কাৰ্যকলাপৰ সন্মুখীন ৯০ দশকৰ সময়ত পশ্চিমবংগ-পশ্চিম অসমৰ সীমান্ত শ্ৰীৰামপুৰ চেক গেটত বিদেশী প্ৰব্ৰজনকাৰী গতি বিধি ৰোধ কৰাৰ নামত আৰক্ষীয়ে নানান অত্যাচাৰ চলাইছিল। প্ৰশাসনে ইচ্যু কৰি দিয়া পৰিচয় পত্ৰ থকাৰ সত্বেও আৰক্ষীয়ে তেওঁলোকৰ পৰা ঘোচ লোৱাৰ কথা জনা যায়। বৰ্তমান, এনে অত্যাচাৰৰ সন্মুখীন হোৱাৰ বাতৰি পোৱা নাযায়।

নিজৰ পৰিচয় দিয়াৰ প্ৰচেষ্টা:
বহুবছৰ ধৰি অসমত বাস কৰা সত্বেও তেওঁলোকে অসমত বিশেষকৈ দুটা বিশেষ অসুবিধাৰ সন্মুখীন হৈ আছে ‘বিদেশী’ আৰু ‘অপসৰণ’। তেওঁলোক বৰ্তমানেও বঞ্চনা, অসুৰক্ষিত আৰু প্ৰয়োজনীয় সা-সুবিধাৰ মাজত জীয়াই আছে। বৰ্তমান নানা দল- সংগঠন গঠন কৰি ৰাজ্যখনৰ স্থানীয় লোকসমূহৰ দৰে সংবিধানিক অধিকাৰ সমূহ বিচাৰি তেওঁলোকক Special Protected Class ৰূপে স্বীকৃতি দিবৰ বাবে দাবী কৰি আহিছে। ২০০১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত বিভিন্ন সমষ্টিৰ পৰা নেপালী লোকে প্ৰতিদ্বন্দিতা আগবঢ়ায়। এই নিৰ্বাচনৰ সময়ত All Assam Nepali Students’ Union (AANSU)য়ে Special Protected Class Demand Committee (SPCDC) গঠন কৰে আৰু মাৰ্ঘেৰিটা আৰু চতিয়াৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়ায়। ইয়াৰ পৰা দেখা যায় যে, নিজৰ সংস্কৃতি তথা নিজৰ পৰিচয়ৰ খাটিৰত নেপালী লোকসকল অসমৰ ৰাজনৈতিক পটত খোজ পেলাইছে। আন সম্প্ৰদায়ৰ লোকসকলৰ দৰে তেওঁলোকেও আইন-সংগত ৰাজনৈতিক ক্ষমতা লাভ কৰাই তেওঁলোকৰ মূল উদ্দেশ্য। তেওঁলোকে উপলব্ধি কৰিলে যে, উত্তৰ-পূবত নিজৰ পৰিচয় বজাই ৰাখিবৰ বাবে তেওঁলোক ৰাজনৈতিক প্ৰেক্ষাপটত অহাটো প্ৰয়োজনীয়। সেয়ে তেওঁলোকে বিধান সভাত প্ৰতিদ্বন্দিতা কৰে, যাতে চৰকাৰৰ মাজত কোনো গুৰুত্ব স্থান লাভ কৰিবলৈ সক্ষম হয়।

(বি. দ্ৰ.: এই লেখাটোত ভাৰত স্বাধীন হোৱাৰ সময়ৰ অবিভক্ত অসম (বৰ্তমানৰ অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, নাগালেণ্ড)ৰ কথা সন্নিৱিষ্ট কৰা হৈছে। ছিক্কিম আৰু দাৰ্জিলিঙ অঞ্চলৰ কথা ইয়াত অন্তৰ্ভূক্ত কৰা হোৱা নাই। মণিপুৰৰ তথ্যসমূহ মোৰ বন্ধু শশী শৰ্মা আৰু আন কিছু তথ্য মোৰ বান্ধৱী প্ৰকৃতি পাঠকৰ সহায়ত সংগ্ৰহ কৰা হৈছে। বাকী তথ্যসমূহ ইণ্টাৰনেট আৰু তলত উল্লেখ কৰা কিতাপ, গ্ৰন্থ আৰু গৱেষণা পত্ৰৰ পৰা সংগ্ৰহ কৰা হৈছে:
গৱেষণা পত্ৰ:
* Brahmaputraka Chheuchhau: A Saga of Nepali Migrants’ Identity Crisis by Hem Raj Kafle, Kathmandu University, Nepal, 2007
ৰিপ’ৰ্ট:
Trans-border Identities (A study on the impact of Bangladeshi and Nepali migration to India) by Dr. Subhakanta Behera – ICRIER Policy Series May 2011
গ্ৰন্থ:
*The Nepalis in Northeast India A Community in Search of Indian Identity – Editors A.C.Sinha & T.B.Subba
প্ৰবন্ধ:
The North-east Frontier and the Nepali immigrants – A.C. Sinha
The Nepalis in North-east India: Political Aspirations And Ethnicity – T.B Subba
Soldiers and Settlers: The recruitment of Gorkhas – Imdad Hussain
Evolution and growth of the Nepali Community in North-East India – Purushottam L. Bhandari
Human Movement and the colonial State: The Nepalis of North-east India under the British Empire – Tejimala Gurung
Conflict-Afflicted Nepalis of Assam: The Reality – Lopita Nath)

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bhaskar
4 years ago

জয় গোৰ্খা

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক