কেইটিমান চুটি গল্প

এক মিনিটৰ গল্প  – দ্বীপেন শইকীয়া
ভোকত কেকাই থকা ল’ৰাটোৱে মাকক সেহাই সেহাই ক’লে,
মা- জুমনৰ দেউতাকক উগ্ৰপন্থীয়ে গূলীয়াই মৰাৰ বাবে
চৰকাৰে ১০ লাখ টকা সাহায্য আগবঢ়াইছে, আমাৰ দেউতাকো কোনোবাই গূলীয়াই মৰা হ’লে… |
———————————————————-
পঞ্চাচ টকা – পাৰ্শ্ব নেওগ


এজাক মানুহৰ পাছফালে এজন মানুহে মূৰে কপালে হাত দি বহি আছে ৷ মাইকত কাৰোবাৰ উদাত্ত ভাষণ চলি আছে যদিও মানুহজনৰ সেইফালে অকনো ভ্ৰূক্ষেপ নাই ৷এশ টকা আৰু খানা খুওৱাৰ প্ৰতিশ্ৰুতি দি ডাঙৰ নেতাক চাবলৈ তেওঁক গুৱাহাটীলৈ লৈ আহিছিল ৷ পিছে এতিয়া তেওঁক লৈ অহা মানুহজনৰ ছাঁটোও দেখি পাবলৈ নাই ৷ ৰাতিপুৱা ৰঙা চাহৰ সৈতে মূড়িকেইটামান খাই অহা তেওঁৰ পেটটোৱে এতিয়া হৰতাল আৰম্ভ কৰিছে ৷ অলপ পিছতে তেওঁৰ
আকাংক্ষিত মানুহজন আহি ওলালহি আৰু হাতত গুজি দিলে নতুন খমখমীয়া পঞ্চাচ টকীয়া নোট এখন ৷ গোটেই কোৱামতে টকা কেইটা নাপাই মনটো অলপ বেয়া লাগিছিল যদিও নতুন পঞ্চাচ টকীয়া নোটখন চুই চাই আনন্দ মনেৰে মানুহজনে গৈ বাছৰ ছিটত বহিলগৈ ৷হওক দে ঘৰত এনে বহি থকাতকৈ গুৱাহাটীলৈ আহি পঞ্চাচ টকা এটাকে পালোঁ ৷ ঘৰলৈ গৈ অন্তত: পঞ্চাচ টকাটোৰে ৰমেনৰ দোকানৰ ধাৰটোকে মাৰিব পাৰিম ৷ মাইকত তেতিয়া অসম ৰাজ্যৰ উন্নয়নৰ ফটাঢোল বাৰুকৈয়ে বাজি আছিল !
————————————————————————————
এহাল চৰাইৰ হৃদয়স্পশী প্ৰেম কাহিনী ::
– লক্ষ্য জ্যোতি নাথ



এহাল চৰাইয়ে ইটোৱে সিটোক বৰ ভাল পাইছিল।
এদিন চৰাইজনীয়ে চৰাইটোক ক’লে – তুমি মোক এৰি উৰি গুছি নোযোৱাটো ?
চৰাই – নাযাওঁ দেহা। উৰি গুছি গ’লে মোক ধৰি লবা, হ’বনে !
চৰাইজনী – হব কিন্তু তোমাক যে মই আৰু নাপাম আগৰ দৰে ।
সেই কথা শুনি চৰাইটোৰ বৰ দুখ লাগিল আৰু সি তাৰ পাঁখি দুখন কাটি পেলালে ।
তাৰ পিছত ক’লে- চোৱা এতিয়া মোৰ পাঁখি নাই, মই উৰিব নোৱাৰোঁ আৰু ।
মই তোমাৰ লগতে থাকিম সদায় ।
এদিন সিহঁত থকা ঠাইখনত ডাঙৰ ধুমুহা-বতাহ আহিল । চৰাইজনী উৰি বেলেগ ঠাইত যাব খুজিলে। তেতিয়া চৰাইটোৱে চৰাইজনীক ক’লে -তুমি যোৱা দেহা, মই উৰিব নোৱাৰো গতিকে নাযাওঁ মই,
ইয়াতে থাকিম।
চৰাইজনীয়ে চৰাইটোক ভালকে থাকিব কৈ উৰি গুছি গ’ল।
ধুমুহা কমা পাছত চৰাইজনীয়ে তাক বিচাৰি আক’ সেই ঠাইত আহিল ।
কিন্তু ওভতি আহি তাক নাপালে, তাৰ মৰাশটোহে পালে ।
চৰাইজনীয়ে চৰাইটোৰ মৰাশতোৰ কাষৰ ডাল এদালত কিবা লিখি থোৱা দেখিলে ।
তাত চৰাইটোৱে লিখি থৈ গৈছিল –
“তুমি যদি এবাৰো ক’লাহেতেন – মই তোমাক এনে অৱস্হাত অকলে এৰি নাযাওঁ, তোমাৰ লগতে থাকিম তেতিয়া চাগে মই ধুমুহা অহা আগতেই নমৰিলোঁহেতেন !”
—————————————————————————-
চুনামী – লক্ষ্য জ্যোতি নাথ

এজন ৬ বছৰীয়া লৰাৰ পিতৃ-মাতৃক সি সৰু থাকোতেই সাগৰীয় চুনামীয়ে উটুৱাই লৈ গ’ল। সি তেওঁলোকক দেখা পাওঁ বুলি সদায় সাগৰৰ পাৰত বহেগৈ। সি বহি থাকোতে যেতিয়া সাগৰৰ ঢৌয়ে তাৰ ভৰি দুখন ধুৱাই যায় ৷ সি তেতিয়া বৰ কান্দে আৰু সাগৰ খনক কয় “তুমি যিমানে মোৰ ভৰি নুচুৱা, কিয় মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ”!

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
1 year ago

সুন্দৰ

Anonymous
1 year ago

Comment text..

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক