কেচপাৰ হাউচাৰ: এক ৰহস্য — যশোৱন্ত নিপুণ

১৮২৮ চনৰ মে’ মাহৰ ২৬ তাৰিখ।
এজন অকলশৰীয়া কিশোৰে জাৰ্মানীৰ নুৰেমবাৰ্গৰ পথত খোজ কাঢ়ি আছিল। ল’ৰাজনৰ হাতত এখন চিঠি। চিঠিখন লিখা হৈছিল অশ্বাৰোহী সৈন্য এদলৰ কেপ্টেইনলৈ।

চিঠি লিখোঁতাজনৰ নামটো নাছিল আৰু চিঠিত উল্লেখ লিখা আছিল, ‘ল’ৰাজন শিশু অৱস্থাতেই তেওঁৰ তত্ত্বাৱধানত দিয়া হৈছিল ১৮১২ চনৰ ৭ অক্টোবৰত । তেওঁ ল’ৰাজনক পঢ়িবলৈ, লিখিবলৈ আৰু খ্ৰীষ্টান ধৰ্ম সম্পৰ্কে কিছু কথা শিকাইছিল। কিন্তু ল’ৰাজনক কেতিয়াও তেওঁৰ ঘৰৰ পৰা বাহিৰ হ’বলৈ দিয়া নাছিল। ল’ৰাজনে তাৰ দেউতাকৰ দৰেই এজন অশ্বাৰোহী সৈন্য হ’ব বিচাৰে। এতিয়া কেপ্টেইনে ল’ৰাজনৰ দায়িত্ব ল’বও পাৰে, নহ’লে তাক ফাঁচীত ওলমাবও পাৰে।
ল’ৰাজনৰ হাতত আৰু এখন চিঠি আছিল যিখন ল’ৰাজনৰ মাকে তাৰ তত্ৱাৱধায়কলৈ লিখা বুলি ভবা হৈছিল। এই চিঠিখনত ল’ৰাজনৰ নাম কেচপাৰ হাউচাৰ আৰু তাৰ জন্মদিন ৩০ এপ্ৰিল, ১৮১২ বুলি উল্লেখ কৰা হৈছিল। চিঠিখনত আৰু কোৱা হৈছিল যে ল’ৰাজনৰ দেউতাক এজন অশ্বাৰোহী সৈন্য আছিল আৰু তেওঁৰ মৃত্যু হৈছিল। চিঠি দুয়োখনৰে হাতৰ আখৰ একেই আছিল কাৰণে সেই দুয়োখন ল’ৰাজনে নিজেই লিখা বুলি পাছত সন্দেহ কৰা হৈছিল।
এজন মুচিয়ে কেচপাৰক কেপ্টেইন ভন ৱেজনিগ নামৰ ভদ্ৰলোক এজনৰ ঘৰলৈ লৈ যায়। তাত ল’ৰাজনে মাত্ৰ “মই দেউতাৰ দৰে এজন অশ্বাৰোহী সৈন্য হ’বলৈ বিচাৰোঁ। “ আৰু “ঘোঁৰা, ঘোঁৰা। “ সেই দুটা বাক্যহে কৈছিল। বেছি কিবা সুধিলে সি মাত্ৰ কান্দিছিল নাইবা “মই নাজানো“ বুলি বাৰে বাৰে কৈছিল। ল’ৰাজনে টকা-পইচা সম্পৰ্কে কিছু অৱগত যেন লাগিছিল। কেইটামান প্ৰাৰ্থনাও সি মাতিব পাৰিছিল, অলপ পঢ়িবও পাৰিছিল। কিন্তু তাৰ শব্দভাণ্ডাৰ খুবেই সীমিত আৰু তাৰ বৌদ্ধিক বিকাশো মন্থৰ যেন দেখা গৈছিল। নিজৰ বিষয়ে ভালকৈ একোৱেই ক’ব নোৱাৰাৰ কাৰণে ল’ৰাজনক জেইলত থোৱা হ’ল।
জেইলত ল’ৰাজনৰ শাৰীৰিক অক্ষমতাৰ কোনো চিন দেখা নগ’ল। সি নতুন কথাবোৰ কম সময়তে আয়ত্ব কৰিব পাৰিছিল। বহুতো অনুসন্ধিৎসু মানুহে ল’ৰাজনক দেখা কৰিবলৈ আহিছিল আৰু সেই কথাটোৱে ল’ৰাজনক আনন্দিত কৰিছিল। ল’ৰাজনে ৰুটী আৰু পানীৰ বাহিৰে বেলেগ কোনো খাদ্য গ্ৰহণ কৰা নাছিল।
প্ৰথমতে সকলোৱে ল’ৰাজনে হাবিত আধা বনৰীয়া জীৱন এটা কটোৱা বুলি ভাবিছিল। কিন্তু লাহে লাহে সি এক বেলেগ জীৱনৰ কথাহে প্ৰকাশ কৰিবলৈ ধৰিলে। সি কৈছিল – সি এটা সৰু এন্ধাৰ কোঠাতেই সদায় আছিল। কোঠাটোত মাত্ৰ এখন খেৰৰ বিছনা আৰু দুটামান কাঠৰ পুতলা আছিল। ৰাতিপুৱা তাৰ বিছনাৰ কাষত কোনোবাই ৰুটী আৰু পানী থৈ গৈছিল। কেতিয়াবা পানীখিনি অলপ তিতা লাগিছিল, আৰু সেই পানী খোৱাৰ পাছত সি আন দিনতকৈ বেছি গভীৰভাৱে টোপনি গৈছিল আৰু সাৰ পোৱাৰ পাছত তাৰ নখ আৰু চুলি কটা বুলি সি গম পাইছিল। তাক মুকলি কৰি দিয়াৰ কেইদিনমান আগতে এজন ৰহস্যময় মানুহে হাতত ধৰি তাৰ নামটো লিখিবলৈ শিকাইছিল। সেই মানুহজনেই “মই দেউতাৰ দৰে এজন অশ্বাৰোহী সৈন্য হ’বলৈ বিচাৰোঁ। “, এই বাক্যটো ক’বলৈ শিকাইছিল। কিন্তু সি বাক্যটোৰ অৰ্থ একেবাৰেই বুজি পোৱা নাছিল। সেই মানুহজনেই আছিল ল’ৰাজনে লগ পোৱা প্ৰথম মানুহ। কিন্তু মানুহজনে তাক তেওঁৰ মুখখন কেতিয়াও দেখুওৱা নাছিল।

বহুতেই কেচপাৰ হাউচাৰক কোনোবা ৰাজপৰিয়ালৰ সন্তান বুলি ভাবি লৈছিল। কিছুমানে আকৌ তাক এজন ধূৰ্ত বুলিহে ধাৰণা কৰিছিল।
নুৰেমবাৰ্গ নগৰে আনুষ্ঠানিকভাৱে কেচপাৰৰ দায়িত্ব ল’লে। ফ্ৰেডেৰিক ডমাৰ নামৰ এজন শিক্ষক আৰু দাৰ্শনিকে তাক বিভিন্ন বিষয় শিকাইছিল। এইজন লোকেই কেচপাৰৰ ছবি অঁকাৰ বিশেষ ব্যুৎপত্তি থকাটো গম পাইছিল।
১৮২৯ চনৰ ১৭ অক্টোবৰত কেচপাৰে দুপৰীয়াৰ আহাৰ খাবলৈ অহা নাছিল। পাছত তাক ডমাৰৰ ঘৰৰ তলৰ কোঠা এটাত পৰি থকা অৱস্থাত পোৱা গৈছিল। তাৰ কপাল পৰা তেজ ওলাই আছিল। সি কৈছিল যে তাক মুখা পিন্ধা মানুহ এজনে আক্ৰমণ কৰিছিল। মানুহজনৰ মাতটো সি ধৰিব পাৰিছিল। সেইজন মানুহেই তাক নুৰেমবাৰ্গত থৈ গৈছিল। মানুহজনে তাক কৈ গৈছিল, “নুৰেমবাৰ্গ এৰাৰ আগতেই তই মৰিব লাগিব। “ তেজৰ দাগবোৰৰ পৰা ধৰিব পৰা গৈছিল, কেচপাৰে প্ৰথমে তাৰ কোঠালৈ দৌৰিছিল আৰু তাৰ পাছত আকৌ ডমাৰ ঘৰৰ কোঠালৈ দৌৰি গৈছিল।
সি যে হাংগেৰীৰ বাদেন পৰিয়ালৰ সন্তান হ’ব পাৰে, সেই গুজৱটো এই ঘটনাৰ পাছত প্ৰবল হ’ল। সন্দেহবাদীসকলৰ মতে কিন্তু সি নিজেই তাৰ কপালত ক্ষুৰেৰে কাটিছিল আৰু ক্ষুৰখন থৈ আহিবলৈকে প্ৰথমে সি নিজৰ কোঠালৈ গৈছিল। ডমাৰৰো ভাব হৈছিল ল’ৰাজনৰ মিছা মতাটো এটা স্বভাৱ আছিল আৰু সেইবাবেই কেইদিনমান আগতে ডমাৰৰ তাৰ লগত কাজিয়াও হৈছিল। মানুহৰ সহানুভূতি আদায় কৰিবলৈকে এই “নাটক“খন ৰচা বুলি বহুতে ভাবিছিল।
এই ঘটনাৰ পাছত কেচপাৰক জোহান বিবাৰবেচ নামৰ নগৰপালিকাৰ সদস্য এজনৰ তত্ত্বাৱধানত ৰখাৰ ব্যৱস্থা কৰা হ’ল। ১৮৩০ চনৰ ৩ এপ্ৰিলত, কেচপাৰৰ কোঠাত পিষ্টলৰ গুলীৰ শব্দ শুনা গ’ল। কেচপাৰৰ মূৰৰ সোঁফালে তেজ ওলাই আছিল। কেচপাৰে কৈছিল, সি কিতাপ দুখনমান চকী এখনত উঠি ওপৰৰ পৰা আনিবলৈ ধৰোঁতে পৰি গৈছিল আৰু তাৰ হাতত লাগি পিষ্টলৰ পৰা গুলী ওলাই গ’ল। বহুতেই অৱশ্যে আঘাতটো গুলীৰ পৰা হোৱা নাই বুলি সন্দেহ কৰিছিল, সি নিজেই কিহবাৰে কাটি কপালৰ পৰা তেজ উলিয়াব পাৰে বুলি ভাবিছিল। এই ঘটনাটোৰ কিছু দিন আগতে কেচপাৰক মিছা কোৱাৰ কাৰণে বিবাৰবেচে গালিও পাৰিছিল। ইয়াৰ পাছত কেচপাৰক আন এজন সম্ভ্ৰান্ত লোকৰ ঘৰত ৰখা হৈছিল আৰু অতিপাত ভেম আৰু মিছলীয়া স্বভাৱক লৈ সেই পৰিয়ালটোও তাৰ ওপৰত অসন্তুষ্ট হৈছিল।

১৮৩১ চনত লৰ্ড ষ্টেনহ’প নামৰ এজন চহকী, অভিজাত বৃটিছ লোকে কেচপাৰৰ দায়িত্ব গ্ৰহণ কৰে। কেচপাৰৰ বিষয়ে তেওঁৰ অনুসন্ধিৎসা আছিল আৰু তেওঁ তাৰ বংশ আৰু আচল পৰিচয় উদ্ধাৰ কৰিবলৈ মনস্থ কৰিছিল। সেই কাৰণে তেওঁ বহু টকা-পইচাও খৰচ কৰিছিল। তেওঁ কেচপাৰক হাংগেৰীলৈ নিছিল, কাৰণ সি হাংগেৰীৰ কাউণ্টেচ এগৰাকীক তাৰ মাতৃ বুলি ঘোষণা কৰিছিল। কিন্তু সি হাংগেৰীৰ কোনো ঠাই বা ঐতিহাসিক ঘৰ আদি সি চিনিবলৈ অপাৰগ হৈছিল। ষ্টেনহ’পে কেচপাৰ সম্পৰ্কে চলোৱা সকলো অনুসন্ধান বিফল হৈছিল। শেহত তেওঁৰ তাৰ কথাৰ বিশ্বাসযোগ্যতা সম্পৰ্কেও সন্দেহ হ’বলৈ ধৰিছিল। ১৮৩১ চনৰ ডিচেম্বৰত তেওঁ কেচপাৰক জাৰ্মানীৰ এন্সবেচ নগৰৰ জোহান মেয়াৰ নামৰ এজন শিক্ষকৰ তত্ত্বাৱধানলৈ পঠিয়ালে আৰু ১৮৩২ চনৰ জানুৱাৰী মাহত তেওঁ কেচপাৰক চিৰদিনৰ বাবেই এৰি যায়। কিন্তু তেওঁ কেচপাৰৰ খৰচ-পাতি বহন কৰিয়েই থাকিল। তেওঁ আগতে কোৱামতে কেচপাৰক ইংলেণ্ডলৈ কেতিয়াও লৈ নগ’ল।
শিক্ষক মেয়াৰ এজন কঢ়া, পুৰণিকলীয়া, নিয়ম-নীতি মানি চলা মানুহ আছিল। কেচপাৰৰ বহু কথাই তেওঁ মিছা বুলি ধৰি লৈছিল আৰু তাৰ বহুত ওজৰ-আপত্তি, ভেম আদিৰ কাৰণেও প্ৰায়েই বৰ বিৰক্ত হৈছিল। কেচপাৰে ইতিমধ্যে ওচৰৰ চৰকাৰী কাৰ্যালয়ত নকলকাৰী হিচাপে নিযুক্ত হৈছিল। সি তাৰ এই অৱস্থাটোক লৈ খুবেই অসন্তুষ্ট আছিল। ১৮৩৩ চনৰ ৯ ডিচেম্বৰত কেচপাৰ আৰু মেয়াৰৰ ডাঙৰকৈয়ে তৰ্কাতৰ্কিও হ’ল। তাৰে পাঁচদিন পাছত সি বুকুত গভীৰ ক্ষত এটা লৈ আহিছিল আৰু কৈছিল যে, কোনোবা এজনে তাক এন্সবেচ ক’ৰ্টৰ বাগিচালৈ মাতি নি ছুৰিকাঘাত কৰিলে। পুলিচে পিছত বাগিচাত বিচাৰোঁতে এটা সৰু বেগ পাইছিল। বেগটোত সৰু কাগজ এখনত জাৰ্মান ভাষাত লিখা আছিল এনে ধৰণে– “হাউচাৰে ভালকৈ ক’ব পাৰিব আপোনালোকক মই দেখিবলৈ কেনেকুৱা আৰু মই কোন ঠাইৰ। কিন্তু তাৰ কষ্ট কম কৰিবলৈকে মই নিজেই ক’ম মই ক’ৰ পৰা আহিছোঁ । মই বাভাৰিয়া সীমান্তৰ নদীৰ __। মই আপোনালোকক আনকি মোৰ নামটোও ক’ম: এম্ এল্ ও।“

মৃত্যুশয্যাৰ পৰা কেচপাৰে এই ঘটনাটোৰ সুসংবদ্ধ বৰ্ণনা দিব পৰা নাছিল। সি বাৰে বাৰে কিবাকিবি ভ্ৰম বকি বকি কৈছিল, “পেঞ্চিলেৰে লিখা “-ৰ বিষয়ে। সি বেগটো পোৱা-নোপোৱাৰ বিষয়ে জানিবলৈ বৰকৈ মন কৰছিল, কিন্তু বেগটো পোৱা বুলি জনাৰ পাছত, বেগটোত কি আছিল জানিবলৈ অকণো ইচ্ছা কৰা নাছিল। লেখাখিনিত কিছুমান বানান আৰু ব্যাকৰণ ভুল আছিল, সেই ভুলবোৰ সাধাৰণতে কেচপাৰেও কৰিছিল। লিখা কাগজখনো কেচপাৰে যেনেকৈ সাধাৰণতে তিনিকোণীয়াকৈ ভাঁজ কৰিছিল, তেনেকৈয়ে ভাঁজ কৰা আছিল। বহুতেই সন্দেহ কৰিছিল যে সি নিজেই সেই ছুৰিকাঘাত কৰিছিল আৰু এইবোৰ কৰাৰ ঊদ্দেশ্য আছিল জনসাধাৰণৰ মনোযোগ তাৰ প্ৰতি পুনৰ জগাই তোলা, আৰু ষ্টেনহ’পক তাক ইংলেণ্ডলৈ লৈ যাবলৈ ৰাজী কৰোৱা। কিন্তু দুৰ্ভাগ্যক্ৰমে আঘাতটো সি ভবাতকৈ বেছি ছিৰিয়াছ হ’ল।

তিনি দিন অসহ্য যন্ত্ৰণা ভোগ কৰি, ১৮৩৩ চনৰ ১৭ ডিচেম্বৰত কেচপাৰে মৃত্যুক সাবটি লয়। তাক এন্সবেচতে সমাধিস্থ কৰা হৈছিল। তেওঁৰ সমাধিত এনেদৰে লিখা আছে, “ইয়াতে কেচপাৰ হাউচাৰ শুই আছে, তেওঁৰ সময়ৰ এক সাঁথৰ। তেওঁৰ জন্ম অজ্ঞাত, তেওঁৰ মৃত্যু ৰহস্যময়।“
১৯২৮ চনত চলোৱা এটা অধ্যয়ন মতে, কেচপাৰে নিজে সেই মৃত্যুদায়ী আঘাতটো কৰিছিল। কিন্তু ২০০৫ চনৰ আন এটা অধ্যয়ন মতে, আঘাতটো আত্মহত্যাৰ উদ্দেশ্যেও কৰা হ’ব পাৰে বা আন কোনোবাই হত্যাৰ উদ্দেশ্যে কৰাও হ’ব পাৰে আৰু কোনোটোৱেই থিৰাংকৈ ক’ব পৰা নাযায়। বহুতেই বিশ্বাস কৰিছিল যে কেচপাৰ জাৰ্মানীৰ বাদেন ৰাজপৰিয়ালৰ সন্তান আছিল। কেঁচুৱা অৱস্থাতেই তাক আন এটা মুমূৰ্ষু শিশুৰ সৈতে সলাই পেলোৱা হৈছিল। উত্তৰাধিকাৰিতা সম্পৰ্কীয় ষড়যন্ত্ৰৰ বলি হৈছিল কেচপাৰ আৰু ৰাজকুমাৰ হোৱাৰ কাৰণেই তাক পিছত হত্যা কৰা হ’ল। অৱশ্যে এই কথাৰ সপক্ষে তেনে কোনো প্ৰমাণ নাছিল, বৰঞ্চ এয়া ভিত্তিহীন বুলিহে বহুতে পাছত যুক্তি প্ৰদৰ্শন কৰিছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments