কেচ ১৩- (প্লাবিতা বৰুৱা)

‘কেচ ১৩- এৰ’গেণ্ট ৱাইফ’

‘চিম্পল কেচেচ্’ লিখা ফাইলটো উলিয়াই ডাক্তৰজনে লিখিলে।
“মই কোৱাৰ দৰে ধুনীয়া গিফ্ট এটা দি আপোনাৰ পত্নীক মৰমেৰে বুজাই চাব। নহ’লে অহা সপ্তাহত লৈ আনিব মোৰ চেম্বাৰলৈ।” মানুহজনলৈ চাই ডাক্তৰজনে ক’লে।
‘ডাক্তৰ চৌধুৰী’ বুলিয়ে চহৰখনত বিখ্যাত তেওঁ, পেচাত এজন মানসিক চিকিৎসক। দিনটো বিভিন্ন পেচেণ্ট চাই চাই তেওঁৰ যেন শেষৰ কেচটোলৈ নিজৰে ‘পেচেঞ্চ’ নোহোৱা হৈ গৈছিল। পিছে মানুহজনলৈ অলপ বেয়াও লাগিল। তেওঁ অতি অমায়িকভাবে কথাকেইটা কৈ গৈছিল। আজি বহুত দিন হ’ল ঘৈণীয়েকে মাত-বোল কৰা নাই। তেওঁৰ অশেষ চেষ্টা আৰু বুজোৱাৰ পিছতো সেই একেই মৌনব্ৰত। আজিকালি হেনো ঘৰৰ বাহিৰলৈ ওলাবলৈয়ো মন নকৰা হ’ল। তেওঁৰ সন্দেহ যে ঘৈণীয়েকৰ কিবা মানসিক ৰোগ হৈছে।

এসপ্তাহ পাছত:
“ডক্তৰ প্লিজ, আপুনি এবাৰ মোৰ ঘৰলৈ আহক। মোৰ পত্নীক মানসিক ৰোগৰ পৰা উদ্ধাৰ কৰক যেনেতেনে। আপোনাৰ পৰামৰ্শ মতেই মই মোৰ পত্নীক এখন ৰঙা শাৰী গিফ্ট দিলোঁ। পিছে নাই, মাতবোল নকৰেই। আপোনাৰ ওচৰলৈ আহিবলৈ বহুত কাকুতি-মিনতিও কৰিলোঁ, নাই নামানে কোনোপধ্যে, যোৱা চাৰিবছৰ ধৰি একেই অৱস্থা।”
“হা?? যোৱা কিমানদিনৰ পৰা??”
“চাৰি বছৰৰ ওপৰেই হ’ল….”
পৰাপক্ষত ‘হ’ম ভিজিট’ নকৰে যদিও কিবা এটা ভাবি তেওঁ মানুহজনৰ লগত ওলাল পেচেণ্টৰ ওচৰলৈ। চাৰি বছৰ মাতবোল নকৰাকৈ থকা ৰোগী এজনৰ লগত কেনেকৈ ‘দীল’ কৰিব তেওঁ চিন্তা কৰি গৈ থাকোঁতে জৰাজীৰ্ণ পথটোৰে কিমানদূৰ গ’ল গমেই পোৱা নাছিল। গৈ গৈ গছৰ পাত আৰু ডালেৰে আবৰি থকা পুৰণি ঘৰটোলৈ চাই তেওঁ নিজৰ মনতে ক’লে, “এনেকুৱা পৰিৱেশত থাকি মানসিক ৰোগ নোহোৱাটোহে আচৰিত কথা হ’ব”।
“ডাক্তৰ এইফালে….”
ঘৰৰ বাহিৰখন যিমান বিশৃংখল আছিল ভিতৰখন আৰু লেতেৰা। অসহ্য এটা ভেকেটা গোন্ধ আহি তেওঁৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ল। তথাপি মানুহজনৰ পিছে পিছে ভিতৰৰ কোঠাটোলৈ খোজ ল’লে।দুৱাৰখন খুলিয়েই মানুহজনে ক’লে,
“ডক্তৰ চাওকচোন মোৰ পত্নী এই বিচনাখনৰ পৰা নামিবই নোখোজে; মই যিমান বুজালেও….”
বিচনাখনলৈ চাই তেওঁ একে দৌৰে ঘৰৰ বাহিৰলৈ ওলাই আহিল। মানুহজনো পিছে পিছে আহিল আৰু কান্দোনমুৱা হৈ ক’লে,
“ডক্তৰ প্লিজ, এওঁক ভাল কৰি দিয়ক, এনেকৈ এৰি গুচি নাযাব”।
তেওঁ অলপ সময় মানুহজনলৈ একেথৰে চালে। মানুহজনৰ চকুৰ পৰা চকুপানী এটোপাল বাগৰি আহিল।
“হ’ব, মই যদি পেচেণ্ট এৰি পলাই যাওঁ মই কিহৰ ডাক্তৰ। কাইলৈ ৰাতিপুৱাই মোৰ ওচৰলৈ আহিব আপুনি। অকলে আহিলেই হ’ব। মই কাইলৈৰ পৰায়ে চিকিৎসা আৰম্ভ কৰিম”।
উভতি আহি থাকোঁতে গোটেই ৰাষ্টা ৰঙা শাৰীখনে ঢাকি থোৱা জকাটোৰ বাদে তেওঁ অন্য একো ভাবিব পৰা নাছিল।
********

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments