কেঞা পুখুৰীৰ ভূত (দীপাঙ্কৰ চেতিয়া)

সৰুৰে পৰা ককা আইতাৰ মুখত কিমান ভূতৰ সাধু(?) শুনিলোঁ তাৰ হিচাপ নাই; ককা আইতাহঁতে নিজেই নিজৰ জীৱনত মুখামুখি হোৱা ভূতৰ কাহিনীৰ পৰা আৰম্ভ কৰি তেওঁলোকে তেওঁলোকৰ পূৰ্ব পুৰুষৰ পৰা শুনা কাহিনীলৈকে। আচলতে মহাভাৰত, ৰামায়ণ বা পুৰাণৰ যিমান সাধু শুনিছিলোঁ সিমানেই চাগে’ তেওঁলোকৰ মুখত ভূতৰ সাধুও শুনিছিলোঁ। পিছে এইটো কাহিনী ককা আইতাই কোৱা নহয় দেউতাইহে কোৱা, দেউতাই কোৱা একমাত্ৰ ভূতৰ কাহিনী, আৰু মোৰ সকলোতকৈ প্ৰিয় ভূতৰ কাহিনী।

“গ্ৰেজিং”, মাজত চাৰিটা মান দোপনি পুখুৰী থকা বিশাল চৰণীয়া পথাৰ, দেউতাহঁত তেতিয়া এম.ই স্কুলৰ ছাত্ৰ। গৰখীয়া দলটোত মুঠ আঠ-ন জন মান ল’ৰা, দুজনী ছোৱালী সুৱৰ্ণ এপা* আৰু পখিটি পেহী। চেতিয়া-দুৱৰা চুবুৰিৰ ল’ৰা ছোৱালী, ক্লাছ চেভেনত পঢ়া সুৱৰ্ণ এপা আৰু মেৰকণ নিচাই** গৰখীয়া দলৰ সকলোতকৈ ডাঙৰ। গৰম বন্ধৰ কেইদিনত গৰু চৰাবলৈ যোৱাটো দেউতাহঁতৰ বাবে বাধ্যতামূলক আছিল। অৱশ্যে সেয়া তেওঁলোকৰ বাবে আনন্দৰ বিষয়হে আছিল, প্ৰতিদিনে দুপৰীয়া বনভোজ, টাংগুটি, গোলা খেলৰ প্ৰতিযোগিতা, আম, কঁঠাল ডুমৰ ডুবিৰ মাছ আৰু কত যে কি। আমাৰ ঘৰৰ চাৰিটা আৰু মেৰকণ নিচাহঁতৰ তিনিটা ম’হৰ আৰু প্ৰায় বিছ পশিছটা মান গৰু তেওঁলোকৰ দায়িত্বত।

গ্ৰেজিং আমাৰ গাঁৱৰ পৰা প্ৰায় এক কি.মি. দূৰত, ধলপুৰলৈ যোৱা যেনেতেনে চাইকেল মাৰি যাব পৰা লুংলুঙীয়া বাট এটাৰে ই আমাৰ গাঁৱৰ লগত গ্ৰেজিং সংযুক্ত, জয়াল ৰাস্তাটোত দিনটো মানুহে অকলে যাবলৈ ভয় কৰে, তাতে তেতিয়া এনেবোৰ ঠাইত দিন দুপৰতে বাঘ ওলায়, গ্ৰেজিং আৰু আমাৰ গাঁৱৰ ঠিক মাজবাটতে কেঞা ভেঁটি পুখুৰী। কেঞাভেঁটি নামটো শুনিলেই একেবাৰে খামি ডাঠ জনৰো সাহস অলপ স্তিমিত হৈ পৰিছিল, কেঞাভেঁটি যেন আমাৰ অঞ্চলৰ ভূতৰ কেন্দ্ৰস্থল আছিল, চাইকেল লৈ ৰাতি সেই পথেৰে ধলপুৰলৈ যোৱা বাটৰুৱাক কিমান বাৰ কেঞাভেঁটিৰ ভূতে ত্ৰাহি মধুসূদন সোঁৱৰাইছে তাৰ হিচাপ নাই। ককাহঁত সৰু হৈ থাকোঁতে বোলে সেই ঠাইত থকা পুখুৰীটোৰ পাৰত হাৰিয়ানাৰ পৰা বেপাৰ কৰিবলৈ অহা এঘৰ কেঞা মানুহে ঘৰ পাতিছিলহি, কিছুদিন ঠিকেই থকাৰ পাছত বোলে আৰম্ভ হৈছিল ভূতৰ তাণ্ডৱ, দিনতেই মানুহৰ গালৈ শেল মাৰি পঠিয়ায় পুখুৰীৰ মাজৰ পৰা কোনোবাই, কাণৰ কাষেদি, চকুৰ আগেদি শেল পাৰ হৈ, ঘৰৰ বেৰত ফুটা কৰি ওলাই যায়, গাত কিন্তু কেতিয়াও নালাগে, ৰাতি কেতিয়াবা হঠাতে ঘৰত ধাৰাসাৰ শিলাবৃষ্টি হয়। বাহিৰলৈ ওলাই গ’লে পিছে শেলো নাপায়, শিলো নাপায়, বেৰত পিছে শেলৰ ফুটাবোৰ থাকি যায়, ভয়াৰ্ত্ত কেঞা পৰিয়ালটোৱে কিছুদিন পাছত প্ৰাণৰ মমতাত ঘৰ এৰি পলাল। তেতিয়াৰ পৰাই পুখুৰীটোৰ নাম কেঞা ভেঁটি হ’ল, ঠাইখিনিত ভূতৰ প্ৰকোপো হেনো তেতিয়াৰ পৰাই বেছি হ’ল, লগতে আকৌ বাঘ-ভালুকৰো ঘাটি আছিল এই কেঞা ভেঁটি। সন্ধিয়া হোৱাৰ পাছত যিমান সাহিয়াল হ’লেও কোনেও অকলে সেইফালে নোযোৱা হ’ল।

তেতিয়া গ্ৰেজিঙৰ ওচৰে পাজৰে মানুহৰ বসতি নাছিল, গতিকে চৰণীয়া পথাৰৰ বাদে ওচৰত খেতি মাটিও তেনেকৈ নাছিল, তাত পাই গৰু ম’হ জাক মেলি দি দেউতাহঁতে দিনৰ দিনটো মুক্ত মনে খেলিব পাৰিছিল। আনদিনাৰ দৰে সেইদিনাও দেউতাহঁত ৰাতিপুৱাই গৰু ম’হবোৰ লৈ ওলাই গৈছিল, সেইদিনাৰ দুপৰীয়াৰ ভোজত আকৌ বিশেষ আয়োজন আছিল, আঢ়ৈ টকা নে দুটকা দি কোঁৱৰ চুকৰ কাৰোবাৰ ঘৰৰ পৰা মেৰকণ নিচাই মস্ত ডাক দিয়া কুকুৰা এটা কিনি লৈ গৈছিল, ল’ৰা কেইটাই থিক কৰি দিছিল, ছোৱালী কেইজনীয়ে ৰান্ধিছিল, খাই মেলি আজৰি হোৱালৈ আবেলিয়েই হৈছিল। তাৰ পাছত আৰম্ভ হৈছিল টাংগুটিৰ যুদ্ধ, অলপ অলপ আন্ধাৰ হোৱা যেন লগাতহে আটাইৰে হুচ আহিল, খেল সামৰি লৰা-লৰিকৈ সকলোৱে গৰুবোৰ খেদি আনি এঠাইত গোটোৱাত লাগিল, পিছে সমস্যা হ’ল ম’হ কেইটাক লৈ, কোমল ঘাঁহ বিচাৰি ম’হ কেইটা দোপনি পুখুৰী কেইটাৰ মাজলৈ সোমাই গৈছিল, পুখুৰীৰ ওপৰত থকা ডাঠ দোপবোৰৰ ওপৰত নল কহুৱা আৰু সৰু সৰু গছৰ হাবি ডাঠ হাবি আছিল, আনদিনা সন্ধিয়া হোৱাৰ আগতেই দোপৰ মাজৰ পৰা দেউতাহঁতে ম’হবোৰ উলিয়াই আনিছিল কিন্তু সেইদিনা টাংগুটিয়ে পোৱাত কেতিয়া সন্ধ্যা হ’ল ক’বকে নোৱাৰিলে, এতিয়া বাঘৰ ভয়ত দোপনিৰ মাজলৈ যোৱাৰ কাৰো সাহস নোহোৱা হ’ল। অগত্যা ল’ৰাকেইটাই মিলি ম’হ কেইটাক পুখুৰীৰ পাৰৰ পৰাই মাতিবলৈ ধৰিলে। তেনেকৈ কিবা প্ৰকাৰে ম’হ কেইটা বাহিৰলৈ উলিয়াই অনালৈকে ভালেখিনি আন্ধাৰ হ’ল, সকলোৰে মনত লাহে লাহে ভয় এটাই শিপাবলৈ ধৰিলে, খৰ খেদাকৈ গৰু ম’হ বোৰ খেদি লৈ আটাইকেইটাই গ্ৰেজিঙৰ পৰা ঘৰলৈ বুলি বাট ল’লে।

গ্ৰেজিঙ পাৰ হৈ কমলপুৰ, সেইসময়ত কমলপুৰত দুই তিনিঘৰমান মানুহহে আছিল, দেউতাহঁত পাৰ হৈ আহোঁতে কমলপুৰৰ মানুহ কেইঘৰৰ মানুহবোৰ চাকি বন্তি জ্বলাই ঘৰৰ ভিতৰ সোমাইছে। কমলপুৰ পাৰ হৈয়েই ডাঠ হাবি। একেবাৰে ঘৰৰ ওচৰ পোৱালৈকে মুকলি ঠাই আৰু প্ৰায় নায়েই। মাজত কেঞা ভেঁটি। কোনেও কাকো একো কোৱা নাই যদিও সকলোৱে বুজিছে যে সকলোৱে ভয় খাইছে। দুটামান ম’হৰ পিঠিত উঠি গৈছে। দেউতাও। বাকী বোৰে গৰুবোৰৰ মাজে মাজে খোজ দিছে, কিবা কিবি কথা পাতি ল’ৰাকেইটাই পৰিৱেশটো যিমান পাৰি পাতল কৰিবলৈ বিচাৰিছে, ছোৱালী কেইজনীৰ বহুত আগৰ পৰাই মাত বোল বন্ধ হৈছে। যিমানেই কেঞা ভেঁটিৰ ওচৰ চাপিছে, সিমানেই ল’ৰা কেইটাৰো মাতবোৰ ক্ৰমাৎ কমি আহিল। গৰুবোৰক কাষত লৈ সিহঁত যিমান পাৰি সিমান ওচৰা-ওচৰিকৈ আহিবলৈ ধৰিলে। পুখুৰীৰ পাৰ পায় মানে কাৰো মুখৰ মাত নোহোৱা হ’ল। সোঁৱে-বাঁৱে কেনিও নোচোৱাকৈ সকলোৱে পুখুৰীটো পাৰ হ’বলৈ খৰকৈ আগবাঢ়িছে। ঠিক তেনেকুৱা সময়তে ম’হৰ পিঠিত উঠি থকা দেউতাই উচাহেৰে কৈ উঠিল, সৌৱা বত্তা (আমাৰ ফালে ককাকক বত্তা বুলিও কোৱা হয়, দেউতাৰ বত্তাক মানে আমাৰ আজোককা) ৰৈ আছে পুখুৰীৰ সিপাৰে। ইমান পৰে ভয়ত মাতবোল নোহোৱা ল’ৰা ছোৱালী কেইটাৰ মুখলৈ পানী আহিল। সকলোৱে তত্ক্ষণাত কথা ক’ব পৰাকৈ পুনৰ শক্তিশালী হৈ উঠিল। সকলোৱে দেখিলে আজোককা পুখুৰীৰ পথৰ দাঁতিত পুখুৰীটোৰ আনটো পাৰত দেউতাহঁতলৈ চাই ৰৈ আছে। জোনৰ পোহৰত বত্তাৰ পাগুৰিটো জিলিকি আছে। ইমান দেৰি হোৱাৰ বাবে চাগৈ দেউতাহঁতক বিচাৰি আগবাঢ়ি আহিল। দেউতাহঁত খৰখেদাকৈ তেওঁৰ ফালে আগবাঢ়ি গ’ল। অলপ আগতে ভয়ত খোজ কাঢ়িবলৈ প্ৰায় শক্তিহীন হৈ পৰা ছোৱালী দুজনীও বেগাই খোজ কাঢ়িব পৰা হৈ উঠিল। হঠাৎ জানো কি হ’ল পুখুৰীৰ মাজ মান পাওঁতেই ইমান পৰে শান্ত ভাবে আহি থকা গৰু ম’হ কেইটাই ইফালে সিফালে যাবলৈ ধৰিলে। ল’ৰা কেইটাই সিহঁতক চম্ভালিবলৈ চেষ্টা কৰি থাকোঁতেই আচল ঘটনাটো ঘটিল। দেউতাহঁতলৈ পুখুৰীৰ সিপাৰে ৰৈ থকা বত্তা দেখোন লাহে লাহে পুখুৰীৰ পানীৰ ফালে নামি গৈছে। দেউতাহঁত যিমানে তেওঁৰ ওচৰ পাইছে সিমানেই তেওঁ পুখুৰীৰ গভীৰলৈ নামি গৈয়ে আছে। আৰু চকুৰ আগতে কেঞা পুখুৰীৰ পানীত পাগুৰি মৰা বত্তা বতাহৰ দৰেই ক’ত হেৰাই পৰিল কোনেও টলকিবই নোৱাৰিলে। বত্তাৰ ফালে ল’ৰা ছোৱালী কেইটা এতিয়া কোনফালে যাব থিৰাং কৰিব নোৱৰা হ’ল। ছোৱালী কেইজনীয়ে ভয়ত ল’ৰা কেইটাক সাৱটি ধৰিলে। দেউতাই ম’হৰ পিঠিৰ পৰা কেতিয়া জাপ মাৰি নামিল ক’ব নোৱাৰে। ইতিমধ্যেই গৰু ম’হ কেইটাই পুখুৰী পাৰ হৈ ঘৰৰ ফালে দুপদুপকৈ দৌৰি গুচি গ’ল। আটাইকেইটা ল’ৰা ছোৱালী পুখুৰীৰ পাৰতে শিল হৈ কিমান দেৰি থাকিল ক’ব নোৱাৰে। কিছু সময়ৰ কাৰণে চিন্তা কৰাৰ শক্তিবোৰ গোট মাৰি গ’ল। হঠাতে কোনোবা এজনে চিঞৰি উঠিল দৌৰ দৌৰ। চকুৰে কোনেও একো নমনা হৈ আহিছে। কিবাকৈ পুখুৰীটো পাৰ হৈ ঘৰৰ ফালে যোৱা পথাৰ খনেৰে এইবাৰ আটাইবোৰ দৌৰিব ধৰিলে। বুকুখন আৰু ভৰিকেইটা যেন শিলতকৈ গধুৰ হৈ পৰিছে। কোনোবা এটা এবাৰ পথাৰৰ আলিত উজুটি খাই পৰিছে। কোনোমতে সি উঠি আহি লগৰ কেইটাৰ লগ লাগিছে। দৌৰি দৌৰি আহি সকলো ঘৰৰ ওচৰত থকা নামঘৰৰ পাৰৰ আলিটোত উঠিলহি। দুটামান ভাগৰত আলিটোতে বাগৰি দিলে। হাতত চকুৱা লাখুটি এডাল লৈ বত্তা নামঘৰৰ বাটচ’ৰাৰ ওচৰতে ৰৈ আছিল দেউতাহঁতৰ বাবে বাট চাই।

“তহঁতৰ ইমান দেৰি কেলৈ হ’ল, বাঘৰ উত্পাত দেখা নাই এইকেইদিন? আৰু ইমানকৈ কেলৈ দৌৰিছহঁক?”

দেউতাহঁতে বত্তাক একো উত্তৰ নিদিলে। উশাহবোৰৰ গতি তেতিয়াও ধীৰ হোৱাই নাছিল।

 

[*এপা: দেউতাৰ বায়েক বা মাৰ ককায়েক (নিচা) ৰ পত্নী, **নিচা: মাৰ ককায়েক বা দেউতাৰ বায়েক (এপা) ৰ পতি। তাৰোপৰি মা দেউতাতকৈ ডাঙৰ সম্পৰ্কীয় নোহোৱা মানুহক সম্বোধন কৰিবলৈও এপা নিচা ব্যৱহাৰ কৰা হয়, ইংৰাজীৰ uncle/unty ৰ দৰে। কেঞা ভেঁটি পুখুৰী এতিয়াও আছে। কাষৰ ৰাস্তাটো এতিয়া পকী হ’ল। হ’লেও এতিয়াও কেঞা ভেঁটিক লৈ কাহিনীৰ অন্ত নাই। এতিয়াও বহুতে কিবা কিবি দেখা বুলি কয়। সন্ধিয়া অকলে পাৰ হৈ গ’লে গাটো এনেয়ে কিবা এটাই চুই যোৱা যেন লাগে।]

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments