কেটেপা-বাটুলগুটি-ডাৰিয়ামুণ্ডা-ক্রিং-কাবাড্ডি (সুৰজিৎ নেওগ)

(এনেকৈ নেখেলোৱাৰ কাৰণে মোৰ খং-দুখ দুইটাই লাগিছিল আৰু কেতিয়াবা খেলৰ মাজতে মই বহি দি ঘমঘন্ট লগাই দিছিলো । তেনে অৱস্থাত আমাৰ সক’লোতকৈ ডাঙৰ জলী বাইদেৱে মধ্যস্থতা কৰি মোক এক্সট্রা হিচাপে কোনো এটা দলত অন্তৰ্ভুক্ত কৰি দিছিল!)

মোৰ শৈশৱ, কৈশোৰৰ প্রায় আধা সময় ঘৰৰ ওচৰৰ প্রকাণ্ড খেলপথাৰখনত খেলা-ধূলা কৰিয়েই পাৰ হৈছিল । আমাৰ সৰুকালটো প্রধানকৈ তিনিটা কামক কেন্দ্ৰ কৰি ঘূৰিছিল—পঢ়া, খেলা আৰু শুৱা। তাৰ ফাকে ফাকে খোৱা কামটোও কৰিছিলোঁ অৱশ্যে । আন্ধাৰ হোৱালৈকে খেলি থকাৰ বাবে কিমানদিন যে দেউতাৰ হালোৱা এচাৰিৰ কোব খাইছিলোঁ তাৰ কোনো ঠিকনা নাছিল । সেই সময়ত আমাৰ কাণ-সমনীয়াজাকৰ বাবে কেটেপা এক এৰাব নোৱাৰা প্ৰধান আকৰ্ষণ আছিল । আমি খেলাপথাৰখনৰ ঠিক সীমাতে বন বিভাগৰ এখন হাবিয়নি আছিল, যিখন আমাৰ কেটেপা বিদ্যা প্রদৰ্শনৰ অন্যতম থলী আছিল। য’ত ইচ্ছামতে আমি কেটেপা চালনা কৰিছিলো, কাৰো মূৰত বাটুলগুটিয়ে আঘাত কৰাৰ ভয় নথকাকৈ । কেটেপাবোৰ আমি নিজেই তৈয়াৰ কৰিছিলো আৰু ইয়াৰ মূল আহিলাবোৰ আছিল এডাল ইংৰাজী V আখৰটোৰ আকৃতিৰ গছৰ ডাল, আধাহাতমান দীঘল দুডাল ৰাবাৰ (চাইকেলৰ চকাৰ টিউব) আৰু এডোখৰ এক-ডেৰ ইঞ্চিৰ চামৰাৰ টুকুৰা । আমাৰ অভিজ্ঞতাই কৈছিল, মধুৰী গছৰ V আখৰটোৰ আকৃতিৰ ফেৰেঙনি থকা ডালতকৈ ভাল আন একো নাছিল আৰু সেইবাবে এইবিধ বিচাৰি চলাথ কৰিছিলো; যতেই এনে ডাল দেখো সেইডাল গৃহস্থৰ অনুমতিত (প্রায়ে বিনা অনুমতিত) কাটি আনিছিলোঁ । চাইকেলৰ পুৰণা টিউব আমাৰ ঘৰে ঘৰে থাকেই; চামৰা ডোখৰ মুচিৰ পৰা খুজি আনো ।
এইখিনি বস্তু গোটাই মেলি কেটেপাখন তৈয়াৰ কৰাৰ সমান্তৰালকৈ বাটুলগুটি বনোৱা হৈছিল । ভাল আলতীয়া ৰঙা মাটি বিচাৰি আনি ভালকৈ পানীৰ লগত ফেতি গুল গুল (ঘূৰণীয়া আকাৰৰ) কৰি তামোলৰ ঢকুৱাত টিকাফটা ৰ’দত শুকুৱাই লৈ এখন মোনাত (যোগাৰ কৰিব পাৰিলে জাতিলাউৰ শুকান খোলাটোত) ভৰাই আমাৰ অভিযানৰ বাবে আমি সাজু হৈছিলোঁ । এনেধৰণৰ অভিযানবোৰ বিভিন্ন সময়ত কেইবাদিনলৈকো চলিছিল। মানে আমাৰ ৰচদপাতি, বাটুলগুটি শেষ নোহোৱাপৰ্যন্ত । কেতিয়াবা চৰম অৱস্থাত দুটা ফৈদৰ (পাতি লোৱা) মাজত তয়াময়া যুদ্ধৰ (!) ফলশ্ৰুতিত শত্রু-মিত্রৰ বহু আহতো হৈছিল । কেটেপাৰ ওপৰিও মোৰ ওচৰত বাটুলগুটি মাৰিব পৰা এখন ধেনুও আছিল । আপোনালোক বহুতেই হয়তো এই ধেনুখনৰ বিষয়ে নাজানিব পাৰে; বাটুলগুটিটো ৰাখিবৰ বাবে গুণডালৰ ঠিক সোমাজত বৰ্ফিৰ আকাৰৰ মাজত ভাগ কৰা বেতেৰে গুঠা এটা অংশ থাকে । ইয়াতে বাটুলগুটিটো থৈ ধেনুখনৰ ঠিক কাষেৰে মাৰি পঠিওৱা হয় । অৱশ্যে ধেনু-বাটুলগুটি মাৰিবৰ বাবে যথেষ্ঠ অনুশীলনৰ দৰকাৰ নহ’লে গুটিটো ধেনুত লাগি ভাঙি চকুত সোমোৱাৰ ভয় থাকে । ধেনুৰে মৰা বাটুলগুটিৰ গতি আৰু লক্ষ্য ভেদিব পৰা ক্ষমতা কেটেপাতকৈ অধিক আৰু বহু বেছি নিখুঁত । আমাৰ উজনীৰ গ্রামাঞ্চলত এইবিধ অস্ত্র বান্দৰ খেদিবলৈ অতি প্ৰভাৱশালী আৰু ইয়াৰ বহুল ব্যৱহাৰ মই জনাত এতিয়াও আছে ।

আগতেই কৈছো, আমি এজাক কাণসমনীয়া আছিলো য’ত প্রায় ১০ জনমান ল’ৰা আৰু ৭ গৰাকীমান ছোৱালী আছিল । সক’লোৱে এবছৰ দুবছৰৰ সৰু ডাঙৰ আছিল । ফুটবল আৰু ক্রিকেট বাদ দি আমি সক’লোৱে খেলিব পৰা খেল কেইবিধ আছিল ডাৰিয়ামুণ্ডা, ক্রিং আৰু কাবাড্ডি ।

ডাৰিয়ামুণ্ডা –

এইবিধ খেলৰ বিষয়ে জানেনে বাৰু ? হয়তো ঠাই ভেদে নামটো বেলেগ হ’ব পাৰে । অলপ কৈ দিছোঁ—এটা দলত ৫ জনকৈ দুটা দল থাকে । ৫ টামান আয়তাকাৰ ক্ষেত্র পথালিকৈ ইটোৰ পিচত সিটো লগলগাই এখন ক’ৰ্ট সজোৱা হয় । প্রতিটো আয়তাকাৰ ক্ষেত্রৰ সীমাত এজনকৈ ঠিয় দি থাকে আৰু প্রতিপক্ষই কোণা-কুণিকৈ ইটোৰ পৰা সিটোলৈ পাৰ হৈ যাব লাগে । পাৰ হৈ যাওতে সীমাত ঠিয় হৈ থকা জনে যদি হাতেৰে (বা ভৰিৰে) চুব পাৰে তেন্তে চুই দিয়াজন আউট মানে ‘মৰি’ যায় । এনেদৰে এজন এজনকৈ পাৰ হৈ আকৌ ঘূৰি আহিব লাগে । দুয়োটা দলে এবাৰকৈ সুবিধা পায় আৰু যাৰে আটাইতকৈ কম সদস্য ‘মৰে’ তেওঁলোক জয়ী হয় । পিছে  খেলটোত মোক প্রায়ে লোৱা নহৈছিল কাৰণ মই বোলে খুব সহজতে ‘মৰি’ যাওঁ মানে মোক ‘মৰা’ত বৰ সহজ আছিল । যিকি নহওক, এনেকৈ নেখেলোৱাৰ কাৰণে মোৰ খং-দুখ দুইটাই লাগিছিল আৰু কেতিয়াবা খেলৰ মাজতে মই বহি দি ঘমঘন্ট লগাই দিছিলো । তেনে অৱস্থাত আমাৰ সক’লোতকৈ ডাঙৰ জলী বাইদেৱে মধ্যস্থতা কৰি মোক এক্সট্রা হিচাপে কোনো এটা দলত অন্তৰ্ভুক্ত কৰি দিছিল!

ক্রিং –

৭-৮ টা শিলগুটি এটাৰ ওপৰত এটা থৈ বল এটাৰে ভাঙি পুনৰ শিলগুটিখিনি তাৰ ওপৰত এটা থৈ সজাব লাগে । দুটা দল । এটাই ভাঙে আৰু পাতে। আনটোৱে পুনৰ সজোৱাত বাধা দিয়ে । এই বাধা দিয়া অৱস্থাত বাধা দিয়া দলটোৰ সদস্যই ভঙা-পতা দলৰ সদস্যক লক্ষ্য কৰি সজোৰে বল মাৰে আৰু বল গাত লাগিলে সেই দলটো আউট হয় । তেতিয়া সিটো দলৰ ইনিংছ আৰম্ভ হয় । গোটেই খেলখনৰ মজা পিছে গাত (পিঠিত) ৰঙা পৰি চেৰচেৰাই যোৱাকৈ মাৰিব পৰাত । যি যিমান জোৰে নিখুঁতভাবে প্ৰতিপক্ষৰ গাত মাৰিব পাৰে সিয়ে ‘হিৰো’ । সাধাৰণতে আমাৰ ছোৱালীকেইগৰাকীয়ে খেলটোৰ পৰা আঁতৰত আছিল কাৰণ তেওঁলোক ইজি টাৰ্গেট হৈ পৰে । তথাপিও কেইগৰাকীমান অত্যুৎসাহী ছোৱালী আছিল, যি আমাৰ ল’ৰাকেইজনৰ লগত সমানে সমানে ফেৰ মাৰিছিল । মই ভাবো এই খেলবিধ আপোনালোক সক’লোৱেই এটা সময়ত খেলিছিল। হয়তো খেলবিধৰ নাম বেলেগ আছিল ।

কাবাড্ডি –

মোক লগৰবোৰে নেখেলোৱা আন এটা খেল এই কাবাড্ডি । কাৰণ সেই একেটাই । মই ইজিলী ‘মৰি’ যাওঁ । বহু ফাইটা-ফাইটি তৰ্ক-বিতৰ্কৰ পিচত মোক খেলালেও মোৰ শ্ল’ ৰিফ্লেক্সৰ (!) বাবে মই মোৰ দলটোক সাধাৰণতে বিপদত পেলাইছিলোঁ।  মই কথাটো জানিও কেতিয়াও মানি নলৈছিলোঁ!
আমাৰ শৈশৱ কৈশোৰৰ জীৱন পৰিক্রমা এই একেগতিত কেইবাবছৰো চলিল । লাহে লাহে ছোৱালীকেইগৰাকী ডাঙৰ হোৱাৰ বাবে আমাৰ খেলাৰ সংগী কমি আহিল । ডাঙৰ হোৱাৰ পিচত ছোৱালীকেইগৰাকীয়ে অকল আমাৰ খেলা চাইছিল, আমাৰ লগত খেলা নাছিল। মাতিলেও ভেকাহি মাৰি উঠে। ৰহস্যটো পিচতহে গম পালোঁ ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক