কেণ্টিন : দেৱব্ৰত গগৈ

কেণ্টিন

দেৱব্ৰত গগৈ

 

কেণ্টিন- সকলোৰে বাবে এটা চিনাকি নাম, এখন চিনাকি ঠাই। ধাবাত খোৱা বস্তু পায়, ৰেষ্টোৰাঁত খাবলৈ পায়, হোটেলত থকা খোৱাৰ দুয়োটাই ব্যৱস্থা আছে আৰু কেণ্টিনতো খাবলৈ পায়। কিন্ত কেণ্টিন যেন এইবোৰতকৈ অলপ বেলেগ। কলেজ আৰু কেণ্টিন এই দুটা শব্দ কেতিয়াবা একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি হোৱাৰ উপক্ৰম ঘটে। আশীৰ দশকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনোবা এখন কেণ্টিনতেই হয়তো অসমৰ জাতীয় জীৱনৰ বাবে গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত লোৱা হৈছিল। কলেজবোৰৰ কেণ্টিনৰ বেৰ কেইখনে কথা কব পৰা হ’লে কিমানটা যে ৰোমাণ্টিক কবিতা, গল্প বা উপন্যাস সৃষ্টি হল হয়! কেণ্টিনত থকা আওপুৰণি চকী-বেঞ্চকেইখনে কত প্ৰেম কাহিনীৰ সাক্ষী হৈ ৰৈ আছে কোনে জানে ?

বছেৰেকীয়া নিবিদাৰ যোগেৰে কলেজ, বিশ্ববিদ্যালয় বা আন অনুষ্ঠানৰ কেণ্টিনবোৰ চলাবলৈ কোনো ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানক আবণ্টন দিয়া হয়। দুই এজন নিবনুৱাৰ সংস্থাপন পথ হয় এই কেণ্টিনত। কেণ্টিন চলোৱাসকলে বেয়া পায় জুলাই আৰু অক্টোবৰ মাহটো। কাৰণ সেই সময়ত সৰহভাগ কলেজ বা বিশ্ববিদ্যালয়বোৰ বন্ধ থকা বাবে কেণ্টিনবোৰও বন্ধ থাকিবলৈ বাধ্য হয়। দুমাহৰ লোকচান হয় প্ৰতিবছৰে। কেণ্টিনবোৰৰ গ্ৰাহকো সীমিত। মাথোন ছাত্ৰ-ছাত্ৰী আৰু কেতিয়াবা শিক্ষক-শিক্ষয়িত্ৰী গ্ৰাহক হয়। গ্ৰাহক সীমিত ফলত উপাৰ্জনো সীমিত। কিন্ত কোনো কেণ্টিনৰ গৰাকীয়ে এই কেণ্টিন চলোৱাৰ সোৱাদ এৰিব নোৱাৰে। আচলতে এজাক তগবগীয়া যৌৱনক চম্ভালাৰ মজাই সুকীয়া। তাতে তেওঁলোকৰ মনবোৰৰ লগত মিলি গ’লে কথাই বেলেগ হৈ পৰে। চিগাৰেট, পাণ, চুইংগাম, প্ৰেমালাপ, কাজিয়া এইবোৰৰ মাজত সময়বোৰ কেতিয়া গুচি যায় কেণ্টিনৰ মালিকে গমকে নাপায়। সেয়ে অক্টোবৰ আৰু জুলাই মাহটো বেয়া পায় কেণ্টিনৰ গৰাকীয়ে। কেণ্টিন আবণ্টিত হৈ থকা নিৰ্দিষ্ট দিনটো শেষ হোৱাৰ পাছত পুনৰ কলেজৰ অধ্যক্ষ বা আন কৰ্তৃপক্ষৰ ওচৰলৈ যায় আৰু অনুৰোধ কৰে অহাবাৰো যেন তেওঁকেই দিয়ে কেণ্টিনখন চলাবলৈ, কাৰণ তেওঁ যে এৰিব নোৱাৰে সদা যৌৱনপ্ৰাপ্ত সেই কেণ্টিনখনৰ মোহটো।

কেণ্টিনৰ উচ্ছৃষ্ট খিনি খাবলৈ হোষ্টেল ধেকুৰাকেইটাই আহে, আন প্ৰতিদ্বন্দীক সিহঁতে তাৰ আশে পাশেও আহিবলৈ নিদিয়ে। নিদিবৰে কথ , কাৰণ হোষ্টেল দাদাহঁতৰ এৰেহাখিনিত অধিকাৰ কেৱল সিহঁতৰহে আছে। লাগিলে সেইয়া হোষ্টেলৰেই হওক বা কেণ্টিনৰেই হওক।
বেপাৰৰ কামত ঘুৰি ফুৰোঁ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কেণ্টিনবোৰত সোৱাদ লৈ ফুৰাৰ মোৰ সৌভাগ্য হৈছে। কেতিয়াবা যদি তেজপুৰ বিশ্ববিদ্যালয়ৰ কেণ্টিনত খাওঁ, কেতিয়াবা চিলঙৰ নেহুৰ কেণ্টিনকেইখনৰ সোৱাদ লওঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেণ্টিনকেইখনৰ প্ৰতিটো গিলাচলৈকে চিনাকি। বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনৰ ওচৰত থকা কেণ্টিনখনত ভিৰ বেছি। কেইবছৰমান সেইখন ঠাকুৰীয়া নামৰ লোক এজনে চলাইছিল। এতিয়া নাই। ঠাকুৰীয়াদাৰ কেণ্টিনৰ পোলাও বিখ্যাত। আপুনি যদি পোলাও খাবলৈ বিচাৰে তেন্তে সেইখিনি পোলাও নামত কলংকহে হয়, কিন্ত আপুনি মনতে যদি ভাবি লয় যে আপুনি নিৰামিষ ভাত এসাঁজ খাব তেন্তে সেই একেখিনি পোলাওয়েই এখিনি সৰ্বোত্তম ভাত হৈ পৰিব। পোলাও আৰু ভাতৰ মাজত ৰৈ যোৱা সেই বিশেষ আহাৰবিধ বহু বছৰ হেঁপাহ পলুৱাই খাইছিলোঁ।

গুৱাহাটী আই আই টিৰ কেণ্টিনখনে প্ৰতিনিধিত্ব কৰে আই আই টিৰ ছাত্ৰ-ছাত্ৰীসকলৰ মেধাক। এফালে চামুচ আনফালে কিতাপ। হ’ল বুলিনো ইমান কিতাপ পঢ়িব লাগেনে? এৰা ইয়াকেই কয় মেটেল অফ আই আই টি। তেজপুৰ বিশ্ববিদ্যালয়ৰ কেণ্টিনকেইখন অনন্য। এখনত বহিলে কৰবাৰ হাইৱে ধাবাত বহি থকা যেন লাগে। খাদ্যৰ মানদণ্ড অতি উন্নতমানৰ। অৱশ্যে দুয়োখন নতুন। পুৰণাখন ভাঙি পেলালে। চিলংৰ নেহুৰ কেইখন চিলঙৰ শেহতীয়া ফেচনৰ দৰেই ফেচ্যনেবল । ঠাণ্ডাৰ বতৰতো আইছক্ৰীম পোৱা যায় তাত। মোৰ অতিকৈ প্ৰিয় কেণ্টিন হৈছে খানাপাৰাৰ অসম পশু চিকিত্সালয় মহাবিদ্যালয়ৰ কেণ্টিনখন। খানা মোটামুটি ঠিকেই আছে। পিছে তাৰ বিশেষত্বটো হ’ল তাত পোৱা কালাকানকেইটা। পশু মহাবিদ্যালয়ত পোৱা বিশুদ্ধ গাখীৰেৰে তৈয়াৰী কালাকান কেইটাৰ সোৱাদ বুজাব নোৱাৰা ধৰণৰ। কটনৰ কেণ্টিনত সোমাই পোৱা নাই। সন্দিকৈ ছোৱালী কলেজৰ কেণ্টিনত ছোৱালীয়ে নাখায় কাৰণ তাত ল’ৰাবোৰে খাবলৈ নাযায়!

এই কলেজ, বিশ্ববিদ্যালয়ৰ কেণ্টিনবোৰৰ উপৰিও অন্য প্ৰতিষ্ঠানবোৰতো কেণ্টিন থাকে। জাগীৰোডৰ পেপাৰ মিলৰ কেণ্টিনখন প্ৰকাণ্ড। এবাৰ খোৱাৰ সৌভাগ্য হৈছিল তাত। ৰৌমাছ, শকত চাউল আৰু পেপাৰ মিলৰ সেই চিনাকী গেলা গেলা গোন্ধটো। এক আচৰিত সোৱাদৰ সৃষ্টি হৈছিল সেইদিনা। তেজপুৰৰ প্ৰতিৰক্ষা বিভাগৰ গৱেষণাগাৰৰ কেণ্টিনখনৰ কথা সুকীয়া। সেইখন অসামৰিক লোকে চলায়। তালৈ গলে ৰাতিপুৱাই ফোন কৰি জনাই দিওঁ ভাত খাম বুলি। বৃহস্পতিবাৰে মাংস, মঙলবাৰে মাছ প্ৰায় এনেধৰণৰ ৰুটিন। নিৰামিষৰ দিয়াখন ভাত পেটলৈ নাযায়। বেঙেনা আৰু আলুৰ দৰে নীৰস তৰকাৰী, লগত সেমেকা, বেজাৰ কৰি থকা পাপড়। দাম পিছে আৰ্কষণীয়। প্ৰতিসাজে ১০ টকা। এই মঙহা দিনতো।

শেষত কাহিনী এটা কৈ সামৰোঁ। ২০০৬ মানৰ পৰা ২০০৮ চন মানলৈকে এহালক দেখিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেণ্টিনত। তেওঁলোকক দেখিলে এনে লাগে যেন থীয়ৰী ক্লাচ, প্ৰেকটিকেল ক্লাচ, চেমিনাৰ যেন সকলো কেণ্টিনতেই হয়। আচল ক্লাচ কেতিয়া কৰে নাজানো। অনবৰতে কেণ্টিনত। কথা-বতৰা অৱশ্যে দুয়োজনৰে ভাল। মোক দাদা বুলি সন্মান সহকাৰে মাতবোল কৰিছিল। কৃষ্ণচূড়াৰ তলৰ প্ৰেম হেনো বহুতে কৃষ্ণচূড়াৰ তলতেই থৈ যায়। লগত নিনিয়ে। প্ৰমাণ হাতে হাতে পালোঁ। আমি বেপাৰী মানুহ। কত লৰা ছোৱালী আমাৰ সন্মুখেৰেই বিশ্ববিদ্যালয়লৈ আহে আৰু আমাৰ সন্মুখেৰেই যায়গৈ তাৰ হিচাব নাই। আমিবোৰ পিছে গৈয়েই আছোঁ, গৈয়েই আছোঁ। সেই ল’ৰা –ছোৱালীহালো আমাৰ সন্মুখেৰেই আহি আমাৰ সন্মুখেৰেই গুছি গ’ল । কৃষ্ণচূড়াৰ প্ৰেম কি হ’ল জনাৰ উপায় নাছিল। লগত নিলে নে এৰি থৈ গ’ল। ২০১০ চন মানৰ কথা। কাম শেষ কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ কেণ্টিনত সোমাইছোঁ। হঠাৎ চিনাকি ছোৱালীৰ মুখ এখনে মোক আৰ্কষণ কৰিলে। হয় ঠিকেই, সেইগৰাকী মই গুৱাহাটী বিশ্ববিদ্যালয়ত দেখা ছোৱালীগৰাকী। কেণ্টিনত ক্লাচ কৰা গৰাকী। কিন্তু এইয়া কি? তেওঁৰ সংগী দেখোন বেলেগ। কৃষ্ণচূড়াৰ প্ৰেম তাৰ তলতে এৰি ছোৱালী গৰাকীয়ে পি.এইচ.ডি কৰিবলৈ আহিছে তেজপুৰলৈ। তেওঁক মাতিলোঁ। কথা হ’লোঁ। কিন্ত কৃষ্ণচূড়াৰ তলৰ সংগীজনৰ কথা নুসুধিলোঁ। ইয়াৰ প্ৰায় চাৰিমাহ মানৰ পাছত এদিন চিলঙৰ নেহুলৈ গৈছিলোঁ।কাম শেষ কৰি কেণ্টিনলৈ গ’লোঁ। তাতো এখন চিনাকি মুখে মোক আৰ্কষণ কৰিলে। হয়, আমাৰ কৃষ্ণচূড়াৰ তলৰ নায়কজন, আৰু সেই সময়ত তেওঁ কৃষ্ণচূড়াৰ তলৰ স্মৃতি এৰি পাইন গছৰ সুবাস লোৱাত ব্যস্ত আছিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক