কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ- (মেঘালী দিহিঙীয়া)

(১)
: হেৰা, তোমাৰ মাৰাক বুজাবা অলপ ৷ সদায় সদায় একেবোৰেই নাটক, মই নোৱাৰিছো আৰু ৷
: কিয়? আজি আকৌ কি হ’ল?
: হ’বলৈ আৰু কি আছে? মিচেছ হাজৰিকা আহিছিল, অলপ পৰ কথা পাতিবলৈ পালেহে, তোমাৰ সেই জকাইচুকীয়া গাঁৱৰ কথা লৈ গোটেইখন বকলা মেলিলে ৷ আৰু কি কৈছে জানানে, আমাৰ হেনো সংসাৰ বঢ়োৱাৰ কথা চিন্তা কৰিবৰ হ’ল, নাতি লাগে মাৰাক ৷ ছ’ ডিছগাষ্টিং… কিমান কওঁ, আলহী আহিলে ওলাই যাব নালাগে বুলি ৷ মিছেছ হাজৰিকাই চাগে কি ভাবিছে… ইজ্জত গ’ল আৰু আজি মোৰ ৷
: ৰ’বাচোন ৰবা, অলপ সৰুকৈ কোৱা কথাবোৰ ৷ মায়ে শুনিলে কি বুলি ভাবিব বাৰু?
: মই সেইবোৰ নাজানো ৷ তুমি মুঠতে সোনকালে কিবা এটা কৰা ৷ সদায় এনেকৈ হ’বলৈ হ’লে মই কিন্তু গৈ পাপাৰ তাত থাকিবগৈ লাগিব ৷
উহ্… কি যে বিপদ ৷ এই গেলা গৰমত আহি সোমাইছোহি মাত্ৰ, কমপ্লেইন বক্স অন হ’লেই ৷ হোৱাই নোহোৱাই অকল পাপাকৰ ঘৰলৈ গুচি যোৱাৰ ধমকি (সঁচাকৈয়ে যদি থাকি আহিলহেঁতেন ডেৰমাহমান)৷ এই মা জনীও কম নহয়, গাঁৱৰ কথা ক’বলৈ পালে আৰু একো নালাগে ৷ আৰু এই যে নাতিৰ কথা, যাৰ তাৰ আগতনো কৈ ফুৰিব লাগেনে? আজি সন্ধিয়া অলপ টানকৈয়ে কব লাগিব, সদায় একেবোৰ কমপ্লেইনকে পাই পাই কাণ ঘোলা হৈ গৈছে ৷ ইফালে কামৰ টেনশ্যন, এইফালে ঘৰত চাচ-বহুৰ চিৰিয়েল ৷ এইবোৰ কথা ভুক্তভোগীয়েহে বুজে ৷
সন্ধিয়া চাহৰ টেবুলত কথাটো কওঁ বুলি জুকিয়াই লৈছোহে মাথো ৷ মায়েই আগতে মাত মাতিলে-
: সৰুপোণা, মই কালিলৈমানে ঘৰলৈকে যাওঁনেকি
: ঘৰলৈ যাবৰ হ’লেইনে? আহিছিলিহে সৌ সিদিনা ৷
: এহ্, এমাহেই হ’বৰ হ’ল দেখোন ৷ তহঁতৰ এই বাকচহেন ঘৰটোত মই সোমাই থাকিব নোৱাৰো দেই, ক’লৈকো ওলায়ো যাব নোৱাৰি মুকলি বতাহ অকণ খাবলৈ ৷
: ৰ, এইকেইদিন মই বিজি থাকিম ৷ বুধবাৰেহে থৈ আহিব পাৰিম ৷
: নালাগে অ’, তই ডাঙৰপোণাকে মাতি দে ৷ কালিলৈ দেওবাৰ, স্কুল বন্ধ তাৰ ৷ মই কাপোৰবোৰ ভৰাই লওঁ আজিয়ে ৷
একো নক’লো ৷ হুমুনিয়াহ এটা ওলাই আহিল বুকুৰ একোণৰপৰা ৷ মায়ে যথেষ্ট স্বাভাৱিকভাৱেই কথাকেইটা ক’লে যদিও দুপৰীয়া যে দুই শাহু বোৱাৰীৰ মাজত সৰু সুৰা যুদ্ধ এখন হৈ গৈছে সেয়া ভালকৈয়ে গম পালো ৷
ফোনটো উলিয়াই ললো, দাদাক আহিবলৈ কওঁ কালিলৈ ৷
(২)
মূৰটো আচন্দ্ৰাই কৰিছে ৷ ভৰিৰ তলৰ মাটিখিনি থৰথৰকৈ কঁপিছে ৷ গোটেই পৃথিৱীখন যেন টুকুৰা টুকুৰকৈ খহি পৰিছে ৷
উহ্… কি কৰিলে এয়া পৰীয়ে… কেনেকৈ কৰিব পাৰিলে তাই এয়া?
কথাটো সাগৰে কলে ৷ সাগৰৰ ৱাইফ চিন্ময়ী গাইনোক’ল’জিষ্ট ৷ পৰীৰ ক্লাছমেট আছিল ৷ সৰু সুৰা প্ৰবলেম হ’লেই পৰী তেওঁৰ ওচৰলৈকে দৌৰি যায় ৷ কালিও গৈছিল ৷ কনচিভ কৰাৰ থ্ৰি মনথচ হৈ গ’ল, এতিয়াই বেবীৰ দৰকাৰ হোৱা নাই ৷ জাষ্ট ৱান্ট টু এব’ৰ্চ ইট ৷ চিন্ময়ীয়ে অলপ থেৰোগেৰো কৰিছিল প্ৰথমে, পৰীৰ হুলস্থুলত ৰাজী নহৈ নোৱাৰিলে ৷ ঘৰত আহি সাগৰক ক’লে, সাগৰে মোক ৷
মোৰ অৱস্থা দেখি সাগৰো হতবাক ৷ সি মাত্ৰ সুধিছিলহে, বিয়াৰ চাৰিবছৰ হৈ যোৱাৰ পাছতো কিয় বেবী বিচৰা নাই ৷ মই যে কথাটো একেবাৰেই নাজানো, সি হয়তো সপোনতো ভবা নাছিল ৷
ৰাতি পলমকৈ গ’লো ঘৰলৈ ৷ ড্ৰিংক কৰিলো বহুদিনৰ মূৰত ৷ প্ৰচণ্ড বিষ এটাই চেপি পেলাইছে মোৰ সমস্ত সত্তা ৷
মোৰ সন্তানটো…
আহ্… ইমান সংগোপনে আহিছিলা তুমি? অহাৰ খবৰ নাপাওঁতেই গুচিয়েই গ’লাগৈ ৷ মোৰ কি তোমাৰ ওপৰত একো অধিকাৰ নাই? মোৰ অংশ নাছিলা তুমি?
কিয়? কিয় কৰিলা তুমি এনেকুৱা, পৰী?
পৰীৰ নিৰ্বিকাৰ মুখ ৷ নেক্সট চিৰিয়েলখনৰ বাবে চাইন কৰিছে যোৱামাহত ৷ ইমান ভাল বাজেটৰ চিৰিয়েল, কেৰিয়াৰৰ এইটো ষ্টেজত এনেকুৱা ৰিস্ক লব নোৱাৰি কোনোপধ্যেই ৷ সংসাৰ বঢ়াবলৈ গোটেই জীৱন পৰি আছে ৷ নাউ, কেৰিয়াৰ ইজ ম’ষ্ট ইম্পৰটেণ্ট ৷
হলহলাই বমি কৰি দিলো চোফাৰ কাষতে ৷ বহুদিনৰ মূৰত ড্ৰিংক কৰিছো, অলপ বেছিকৈয়ে ৷ হজম হোৱা নাই ৷
উফ্… বুকুৰ বিষটোও বমিৰ লগতে ওলাই গুচি অহা হ’লে…
(৩)
ঘৰলৈ আহিয়েই থতমত খালো ৷ মিতালী ৷ কেতিয়া আহিল তাই? আগতকৈ অলপ শকত হ’ল ৷ ক’লা ফ্ৰেমৰ চশমা পিন্ধিছে ৷ পাতল ৰঙৰ চুৰিদাৰ ৷ গহীন যেন লাগিছে আগতকৈ ৷ হ’বও, কলেজৰ অধ্যাপিকা যিহেতু ৷ তথাপি, এই গহীনতায়ো লুকুৱাব পৰা নাই ওঁঠৰ চুকত জিলিকি থকা তিলটোৰ তিৰবিৰ চঞ্চলতা… সেই তিলটো, যিটোৰ বাবে পাগল আছিলো মই এটা সময়ত ৷
: সৰুপোণা? তই হঠাৎ ওলালিহি যে? পৰী নাহিল?
আচৰিত হৈছে মা ৷ দাদা আৰু নবৌও ৷ খবৰ নিদিয়াকৈ সাধাৰণতে নাহোৱেই মই ঘৰলৈ ৷ মহানগৰীৰপৰা চাৰিঘণ্টাৰ বাট, তথাপি ফোন এটা কৰিহে অহা হয় ৷ দাদাই লৰালৰিকৈ পুখুৰীত জালখন পেলায়গৈ, মায়ে মাটিমাহ এমুঠি তিয়াই কলাখাৰৰ যোগাৰ কৰে, নবৌৱে বাৰীৰপৰা কঁচুথোৰ দুডালমান ছিঙি আনে কণবিলাহীৰ সৈতে ৷ আদৰৰ সৰুপোণা আহিব, টাউনত থাকি চাকৰি কৰা সৰুপোণা গাঁৱৰ ঘৰলৈ আহিব ৷
: নাই অ’ ৷ এনেয়ে আহিবৰ মন গ’ল ৷ ঘৰলৈহে আহিছো, কিনো খবৰদাল দি আহিম, তহঁত দেখোন ঘৰতে থাকই ৷
যিমান পাৰো সহজ হৈ বহিছো ৷ কথা পাতিছো ৷ আদিত্য আৰু কল্যাণীৰ পঢ়াৰ খবৰ লৈছো ৷ সহজ হ’ব পৰা নাই মিতালীৰ লগত ৷ সেই মিতালী ৷ নবৌৰ ভনীয়েক মিতালী ৷ ৰাংঢালী মিতালী ৷ মোৰ একালৰ প্ৰেয়সী মিতালী ৷ কিমান নিবিড় মূহূৰ্ত পাৰ কৰিছিলো দুয়ো একেলগে… পুখুৰীৰ পাৰত, লেটেকুজোপাৰ তলত… পৰীক্ষা আছে বুলি ৰাতি দেৰিলৈকে পঢ়াৰ চলেৰে কিমানদিন তাইৰ সৈতে একেলগে উজাগৰী ৰাতি কটাইছিলো ৷ মনত পৰিছে, সকলো মনত পৰিছে ৷ গুৱাহাটীলৈ অহাৰ আগত সেই কান্দি কান্দি কোৱা কথা- আপুনি মোক পাহৰি যাব ন? টাউনৰ ছোৱালীবোৰ বৰ ধুনীয়াকৈ থাকিব জানে, আপুনি ভোল যায় যদি?
মিতালী সহজ হৈ আছে ৷ মোক চাহ দিছে, পৰীৰ খবৰ সুধিছে ৷ কলেজৰ বন্ধ চলি আছে, বহুতদিনৰ মূৰত বায়েকৰ ঘৰলৈ আহিছে তাই ৷ মোৰ বিয়াতো আহিব নোৱাৰিলে, এম এ পৰীক্ষা চলি আছিল ৷ মই তাইৰ চকুলৈ চাব পৰা নাই ৷ তাই চাই আছে ৷ আঃ… ইমান বিষণ্ন, অথচ ইমান তীক্ষ্ণ এই দৃষ্টি ৷ পঢ়ি পেলাইছে নেকি তাই মোৰ দুচকুৰ সমস্ত বিষাদ, সেই দিনবোৰৰ দৰেই?
দুপৰীয়াৰ ভাতসাঁজ নবৌৱে বৰ ধুনীয়াকৈ ৰান্ধিলে ৷ বৰ তৃপ্তিৰে খালো ৷ সৰু মাছৰ আঞ্জা, অমিতা দিয়া মাটি মাহৰ দালি, কলডিলৰ সৈতে পাৰৰ মাংস… খাই উঠি বাগৰ দিলো অলপ চৰাঘৰৰ বিচনাতে ৷ নবৌ আৰু মিতালীয়ে বাচন ধুই আছে কুঁৱাৰ পাৰত ৷ বহুদিনৰ মূৰত লগ হৈছে দুই বাই-ভনী, ঢেৰ কথা ৷
ফোনটো বাজিল ৷ পৰীৰ ফোন ৷ ৰিচিভ কৰিলো- মাই গড্, ক’ত আছা তুমি? পুৱাতে ওলাই গ’লা, এতিয়ালৈ দেখাদেখি নাই ৷ আজি ডিনাৰত মিষ্টাৰ শৰ্মা এণ্ড ফেমিলী আহিব, পাহৰিলানেকি? কিমান কষ্ট কৰি ইনভাইট কৰিছো, প্ৰপ’জেলটো এক্সেপ্ট কৰিলেই হয় যেনেতেনে ৷ ইট উইল বি এ ভেৰী বিগ চান্স…
আৰু কিবাকিবি কৈ আছিল ৷ কাটি দিলো ৷শুনিবলৈ মন নগ’ল ৷ ফোনটো চুইছ অফ কৰি দলিয়াই দিলো বিচনাখনলৈ ৷ উহ্, আকৌ বিষাইছে মূৰটো ৷ গধূৰ হৈ আহিছে, যেন এটা প্ৰকাণ্ড বোজা ৷ কোনোমতে উঠি মাৰ কোঠালৈ খোজ ললো ৷ মা বিচনাতে বাগৰি আছিল, দুপৰীয়া ভাত খাই উঠি কিছুপৰ জিৰোৱাতো পুৰণি অভ্যাস ৷ মোক দেখি উঠিল, আচৰিতো হ’ল অলপ ৷
: কি হ’ল সৰু? কিবা লাগে নেকি?
: একো নালাগে অ’ ৷ ইমানদূৰ গাড়ী চলাই অহা, মূৰটো বিষাইছে অলপ ৷ বাহিৰৰ কোঠাটোত টোপনি অহা নাই ৷ চাওঁ, তোৰ ইয়াতে শুব দেচোন অলপ ৷
: আহ, মই ভিক্স অকণ সানি দিম মূৰত ৷ ভাল পাবি ৷
মাৰ কোলাত মূৰটো থৈ শুই দিলো ৷ এই গোন্ধ, মাৰ চাদৰৰ এই মমতাময় গোন্ধ… কিমানদিন ধৰি এই গোন্ধৰপৰা আঁতৰি আছিলো মই… ক’ত গুচি গৈছিলো মই… এৰি থৈ গৈছিলো এই অনাবিল প্ৰশান্তিৰ আঁচল…
মাই মোৰ কপালত হাত ফুৰাই দিছে ৷ চুলিৰ মাজেৰে আঙুলি বোলাই দিছে ৷ টোপনিটো উজাই আহিছে মোৰ চকুলৈ ৷
চৰাঘৰত নবৌ আৰু মিতালীয়ে টিভি লগাইছে ৷ অসমীয়া চেনেল এটাত জয়ন্ত হাজৰিকাৰ পুৰণা গীতৰ প্ৰগ্ৰেম এটা দি আছে ৷ গানৰ সুৰ ইয়ালৈকে ভাহি আহিছে-
“কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ
কপালতে যেন হাত যোৱা বোলাই…”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments