কেতিয়াবা কিবা-কিবি ভাবি থাকোঁ (প্ৰতিম প্ৰতাপ বৰুৱা)

কৰ’বাত পঢ়িছিলোঁ প্ৰতিজন মানুহৰ মাজত আচলতে আৰু এজন মানুহ লুকাই থাকে । বহুত মানুহ আছে যি বাহিৰে-ভিতৰে সকলো সময়তে একেই । তেওঁলোক ভাগ্যবান । কিন্তু বহুত ক্ষেত্ৰত বাহিৰৰ পৰা দেখা পোৱা মানুহজন সম্পূৰ্ণ মানুহজন নহয় । সকলোৰে অলক্ষিতে তেওঁৰ মাজত আন এজন মানুহৰ অৱস্থিতি থাকিব পাৰে ।

বাহিৰৰ পৰা দেখা পোৱা মানুহজন, তেওঁৰ মাত-কথা, আচাৰ-ব্যৱহাৰ আদি হয়তো সময়ৰ সৈতে, পৰিস্থিতিৰ সৈতে সালসলনি হৈছে বা আগলৈও হোৱাৰ সম্ভাৱনা আছে । কিন্তু তেওঁৰ ভিতৰত লুকাই থকা মানুহজন বেছিভাগ সময়ত প্ৰায় একেই থাকে যেন লাগে । বাহিৰৰ মানুহজনতকৈ ভিতৰত লুকাই থকা মানুহজনৰ স্বভাৱ-চৰিত্ৰ, আবেগ-অনুভূতি বেলেগ হ’ব পাৰে । কিন্তু জীৱনৰ ধামখুমীয়াই বেছিভাগ মানুহক ইমানেই ব্যস্ত (নে ব্যতিব্যস্ত) কৰি তোলে যে তেওঁ নিজৰ ভিতৰৰ সেই মানুহজনৰ অৱস্থিতিৰ কথা মনত পেলাবলৈ সময় নাপায় । লাহে লাহে সেই ভিতৰৰ মানুহজন তেওঁৰ বাবে ধূসৰ হৈ হেৰাই যায় । আৰু পৰিস্থিতিয়ে বাধ্য কৰা এটা পৰিবেশত জীয়াই থাকিবলৈ লৈ তেওঁ পৰিস্থিতিয়ে বিচৰা বা দাবী কৰাৰ দৰেই নিজকে গঢ় দি লয় । আনকি বহুতে নিজৰ ভিতৰতে আন এজন মানুহৰ অৱস্থিতিৰ কথাটোকেই বুজি নাপায় । কিন্তু মই বিশ্বাস কৰোঁ পৰিস্থিতিৰ দাস হৈ জীয়াই থাকি জীৱনত সফল হোৱাৰ পিছতো, প্ৰতিস্থিত হোৱাৰ পিছতো বেছিভাগ মানুহে নিভৃতে নিজক বিচাৰি ফূৰে । কিবা এটা হাহাকাৰে অনবৰতে তেওঁলোকক আমনি দি থাকে । এই হাহাকাৰেই হয়তো এজন মানুহক টানি লৈ যায় তেওঁৰ নিজা এনে এখন মানসিক জগতলৈ য’ত তেওঁ প্ৰতিনিয়ত জীৱন নিৰ্বাহৰ বাবে চলাই যোৱা যুদ্ধখনৰ পৰা কিছু সময়ৰ বাবে অব্যাহতি লয় । এই হাহাকাৰটো প্ৰয়োজনীয় । সেই মানসিক জগতখনলৈ সোমাই যাবলৈ মানুহজনে হয়তো আশ্ৰয় লয় এখন কিতাপৰ, এটা গানৰ, বা প্ৰকৃতিৰ । সেই জগতখনত মানুহে নিজকে নিজে আবিস্কাৰ কৰে ।

প্ৰতিজন মানুহৰ এটা নাম থাকে যিটোৰে তেওঁক মানুহে চিনি পায় । কিন্তু তেওঁৰ ভিতৰত থকা মানুহজনৰ নাম থাকেনে ? থাকে । সেই নামটো হ’ব পাৰে বিবেক, বিচাৰ-বুদ্ধি ইত্যাদি । বাহিৰৰ মানুহজনে কৰা সকলো কাম ভিতৰৰ মানুহজনে লক্ষ্য কৰি থাকে । কেতিয়াবা প্ৰয়োজনবোধ কৰিলে ভিতৰৰ মানুহজনে বাহিৰৰ মানুহজনক প্ৰশ্নও কৰে, খঙো কৰে । এই ভিতৰৰ মানুহজনক, সেই মানুহজন বাস কৰা মানসিক জগতখনক জীয়াই ৰখাটো অতি প্ৰয়োজনীয় ।

এই মানসিক জগতখন, এই জগতখন বিচাৰি যাবলৈ আশ্ৰয় লোৱা কিতাপখিনি, সেই জগতখনত বিচাৰি পোৱা নি:সংগতাখিনি আৰু এই সকলোৰে মাজত বাৰে বাৰে নিজকে নিজে আবিস্কাৰ কৰি থকাতো মোৰ বাবে প্ৰয়োজনীয় ।

বেছিভাগ সময়ত কিতাপৰ মাজত মই নিজৰ মানসিক জগতখন বিচাৰি পাও । হয়তো মোৰ দৰেই বহুতে কিতাপকে সৰ্বশ্ৰেষ্ঠ বন্ধু বুলি জ্ঞান কৰে ।

কিতাপৰ প্ৰতি সদায় এটা অদ্ভুত টান অনুভৱ কৰি আহিছোঁ । সৰুৰে পৰাই কিতাপ পঢ়িছোঁ । মোৰ জন্মৰ আগতেই দেউতাই মাক বহুত কিতাপ আনি দিছিল পঢ়িবলৈ । বেছিভাগ কিতাপ আছিল ভাল ভাল মানুহৰ জীৱনী । অলপ বুজন হৈ সেই কিতাপখিনিৰে নিজৰ পঢ়া অভ্যাসটো গঢ় দিবলৈ আৰম্ভ কৰিছিলোঁ । “ৰাইট ভাতৃদ্বয়” কিতাপখন বোধহয় মোৰ জীৱনৰ প্ৰথম মনত থাকি যোৱা কিতাপ আছিল । উইলবাৰ আৰু অৰভিলৰ কথা পঢ়ি পঢ়ি সেই তেতিয়াই মনটো আকাশলৈ উৰা মাৰিছিল । তাহানি বেগ এটা কান্ধত ওলোমাই শিৱসাগৰ-যোৰহাট-ডিব্ৰুগড়ৰ গ্ৰন্থমেলাবিলাকত ঘূৰি ফুৰা মনত আছে । এবাৰ শিৱসাগৰৰ এখন গ্ৰন্থমেলাত পৰাগ কুমাৰ দাসৰ কাষত বহুত সময় বহি আছিলোঁ । কথা পতা নাছিলোঁ তেওঁৰ লগত । মাত্ৰ মানুহজনক চাই আছিলোঁ । এতিয়াও এখন ভাল কিতাপে মোক বাহিৰৰ পৃথিৱীখন পাহৰাই ৰাখে ।

কৰ’বাত পঢ়িছিলোঁ যি কোনো এটা পৰিস্থিতিৰ সন্মুখীন হওঁতে কিতাপ পঢ়া আৰু কিতাপ নপঢ়া দুজন মানুহে বেলেগ বেলেগ আচৰণ কৰিব পাৰে । কিতাপে এজন মানুহৰ মানসিক জগতখন এনেকৈ গঢ় দিয়ে যে এটা পৰিস্থিতিৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়া কিতাপ নপঢ়া আন এজন মানুহতকৈ বেলেগ হয় ।

কিতাপ এখন অলপ পঢ়ি উঠি সামৰিব লগা হ’লে বহুতে পৃষ্ঠাটোৰ কাষটোত ভাঁজ এটা দি থয় । এই কামটো মই নকৰোঁ, তাতকৈ পৃষ্ঠাটোৰ সংখ্যাটো মনত ৰাখোঁ । এনে লাগে যেন ভাঁজ দি থলে পৃষ্ঠাটোৱে দুখ পাব । কৰ’বাত পঢ়িছিলোঁ প্ৰতিখন কিতাপ জীৱন্ত ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক