কেতেকী মলেমলায় ঐ — নয়নমণি হালৈ

পুৱতি নিশাই বাটৰ পৰা চিঞৰে এজাক ল’ৰাই৷ ধহমহকৈ উঠি আহো৷ ঘৰৰ পিছফালে বাঁহনি, বাঁহনিৰ সিটোপাৰে মৰা এটা সুঁতি৷ বাৰিষা পানী থাকে, খৰালি তাৰ বুকুত ক’ত কিমান বনৰীয়া ফুল, বন, জংঘল ভৰি থাকে৷ আমি ল’ৰামখাই তাৰ পাৰলৈ লৰ ধৰোঁ৷ হাতীশুৰীয়া বন, ভেটেফুল, ৰঙাবেহু, বৰআগ্ৰা, কাজললতা .. গৰুবিহুৰ দিনাখন এনেকুৱা কম বস্তুৰ প্ৰয়োজন নে! কোনে কিমান আগতে বস্তুবোৰ গোট খুৱাব পাৰে তাৰ যেন অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈ যায়৷ ঘৰৰ চোতালত ’বৰধোৱা’ আৰু ঘৰত ’বিহুৱান’ দিয়াৰ বাবে কি কি বন লাগে, সেয়া আমাক কোনেও শিকাব নালাগে৷ তাৰ মাজতে বনৰীয়া গছ এডালত কিছুমান গুটি দেখি এটা-দুটা চাকি চাওঁ৷ সমনীয়া বাবুই কয় সেয়া হেনো ’ছাগলীৰ লাড’, লাটুখুড়াই কয় ’এয়া বনৰীয়া ষ্ট্ৰবেৰী’৷ ’ছাগলী লাড’ৰ তিতা-কেহা সোৱাদ এটা লৈ আমি ঘূৰ্মুটিয়াই ফুৰো৷ বাবুহঁতৰ বাৰীত এডাল ’মাখিয়তী’ আছে৷ সেই কথা বাবু আৰু মোৰ বাহিৰে কোনেও নাজানে৷ তাকে লৈ বাবু আৰু মোৰ মুখত কি যে সুখৰ হাঁহি৷

ঘৰ আহি পোৱালৈ বেলি আহি কাঠিৰ মূৰ পায়হি৷ বৰদেউতাই পৰম আগ্ৰহেৰে মোলৈ বাট চায় থাকে৷ চালনি এখনত বৰদেউতাই ইতিমধ্যে কলবেঙেনা, হালধি, কেঁতুৰি, পানীলাউৰ টুকুৰা এটা সজাই পেলাইছে৷ যোৱাৰাতিৰ বতাহত সৰি পৰা কণ-কণ আমবোৰো বুটলি আনি চালনিখনত থৈছে৷ যোৱাৰাতিতে কুমলীয়া বাঁহৰ টমাল তুলি থোৱা আছে৷ এই সকলোবোৰ সৰু সৰুকৈ কুটি টমালেৰে মালা গুঠাৰ গধুৰ দায়িত্ব মোৰ আৰু ভাইটীৰ৷ বনৰীয়া বস্তুকেইপদ মোৰ হাতৰ পৰা লৈ সেইখিনিও চালনিখনত বৰদেউতাই সজাই থলে৷

বেলি আহি চোতাল পোৱাৰ লগে লগে বাটত গৰু-গাইৰ গলৰ টিলিঙাৰ শব্দ বাজিবলৈ ধৰে৷ বাটৰ পৰাই অনিল খুড়াই চিঞৰে ’আজি ধনহতৰ গৰুকেইটা বাহী কৰিয়ে ৰাখিবি নেকি অ৷’ লগে-লগে বৰদেউতাই পঘাৰ পৰা বলধ দুটা, গাই দুজনী, দামুৰীকেইটা এৰি দিয়ে৷ গৰুবোৰক একো ক’বই নালাগে৷ সিহঁতেও যেন এই দিনটোলৈ বছৰদিন ৰখি থাকে৷ গৰুকেইটা বাটলৈ ওলাই আহিয়ে আন-আন গৰু-গাইৰ লগ লাগি গ’ল৷ আমি কেবল পিছে পিছে ’হেই-হেই’ কৰি গলোঁ৷ গাৱঁখনৰে গৰু-গাইৰ ডিঙিৰ টিলিঙাৰ শব্দত গাৱৰ কেঁচাআলি যেন ৰজনজনাই গ’ল৷ বৰপুখুৰীৰ পাৰত ইতিমধ্যে দুখন গাঁৱৰ গৰু আৰু মানুহ লগ লাগি যেন এখন মেলাহে পাতিছে৷ পুখুৰীত নামিবলৈ ভয় কৰাজাতে বাল্টিৰে পানী আনি গৰুবোৰ ধুৱাই গৈছে৷ বৰদেউতাই ভয়-ভীত নকৰাকৈ পানীত নামি যায়৷ মই পাৰত ৰৈ থাকো৷ পাৰত ৰৈ থকা গাইদুজনীক পানী ঢালি দিলে মুঠেও লৰচৰ নকৰে৷ কিন্তু দামুৰীহালক পানী দিবলৈ গলেই দৌৰ মাৰি কোনোবা লংকা পায়৷ আকৌ আহে, আকৌ লৰ মাৰে৷ দামুৰীহালৰ দৰে আমাৰ মনবোৰো আনন্দত জঁপিয়াই উঠে৷ আমি হেঁপাহ পলুৱাই উপভোগ কৰো গৰু আৰু মানুহৰ এই নিবিড় আত্মীয়তা৷ গৰুবোৰে ও উপভোগ কৰে৷ আজিৰ দিনটো যে কেবল সিহঁতৰ বাবে এই কথা জানো সিহঁতে নুবুজাকৈ থাকে!

গৰু মানুহৰ এই উৎসৱ সামৰি ঘৰ পাওঁতে বেলি চোতালৰ মাজ পায়হি৷ টিলিঙাৰ শব্দ শুনিয়ে বৰমায়ে আথে-বেথে পীৰা এখনৰ ওপৰত পানী এলোটা, তাতে তুলসীৰ আগ এটা, চাকি এগছ, মিঠাতেলৰ বাটি এটা আৰু নতুন বিচনী এখন লৈ ওলাই আহে৷ আজি গৰুবিহুৰ দিনা গোলক্ষ্মী কিবা এনেয়ে ঘৰ সোমাবনে! পানীলোটাৰ পৰা তুলসীৰ আগটোৰে গৰুকেইটাৰ ভৰি ধুৱাই দি তাত অকণ-অকণ মিঠাতেল সানি দি বৰমায়ে গোধনলৈ সেৱাভাগ জনায়৷ অবুজ আনন্দত গল জোকাৰি গৰুকেইটাইও যেন হিয়া উজাৰি গৃহস্থক আশীৰ্বাদ দি যায়৷ তাৰপিছত নতুন বিচনীৰে আটাইকেইটাকে বা দিয়ে৷ সিহঁতৰ যে আজি অকনো আমনি নাই৷ আজি যে সিহঁতৰে দিন৷

যোৱাৰাতিতে বটি থোৱা মৰাপাটৰ নতুন পঘাৰে বৰদেউতাই গৰুবোৰ বন্ধাৰ লগে-লগে আমি ল’ৰাবোৰে লাউ-বেঙেনাৰ মালাবোৰ লৈ গৰুকেইটাৰ শিঙত পিন্ধাই দিওঁ৷ দিঘলতী আৰু মাখিয়তী পাত গুজি দিয়া এছাৰিডাল লৈ আমি গৰুবোৰক জাৰিবলৈ আৰম্ভ কৰো৷ বৰদেউতাই গায় যায়, আমি বৰদেউতাৰ লগেলগে আওৰাই যাও-
“দীঘলতিৰ দীঘল পাত,
গৰু জাৰো জাত জাত৷ ”
“লাও খা বেঙেনা খা,
বছৰে বছৰে বাঢ়ি যা৷ “
“মাৰে সৰু বাপেৰে সৰু,
তই হ’বি বৰ গৰু৷ ”

দুপৰীয়াৰ জলপানৰ পিছত বৰদেউতাই ৰাতিপুৱা বিচাৰি অনা বনৰীয়া ফুল আৰু পাতবোৰ ধুনীয়াকৈ ঘৰ আৰু গোহালীঘৰৰ মূধচত গুজি দিয়ে৷ এয়া হেনো ঘৰৰ বিহুৱান৷ বিশ্বাস কৰা হয় এই বিহুৱানে ঘৰখনক বেয়া নজৰৰ পৰা সদায় ৰক্ষা কৰে৷ তাৰপিছত বাকী থকা বনখিনি তুঁহজুইৰ লগত চোতাল আৰু গোহালিত ধোঁৱা দিয়া হয়৷ বৰদেউতাই কয় চোতালৰটো হেনো ’বৰধোঁৱা’ আৰু গোহালিৰটো ’সৰুধোঁৱা’৷ এনে ধোঁৱাই হেনো ঘৰখনৰ পৰা বেমাৰ-আজাৰ, অপায়-অমঙ্গল দূৰ কৰি লৈ যায়৷

বছৰদিনলৈ গৰুবিহুৰ সামৰণি মাৰি সন্ধিয়া বৰমায়ে শালৰ পৰা ’আঢ়ৈহতীয়া’ গামোছা কটা দৃশ্য হেঁপাহ পলুৱাই চাই থাকোঁ৷ কাইলৈ আমাৰ বিহু আৰু সেয়া আমাৰ বিহুৱান৷ চেনেহৰ বিহুৱান৷
………
এইবাৰৰ গৰুবিহুও ব্যতিক্ৰম নহল৷ ৰাতিপুৱা বিছনাত থাকোঁতেই বৰদেউতা আহিল৷ মোক গাত ধৰি ধৰি মাতিলে “ঐধন উঠ উঠ, চাগৈচোন যা গাঁৱৰ ল’ৰাই বিহুৰ বস্তু আনি সাং কৰিলে আৰু তই বেলা দুপৰলৈ শুই আছ!“ ধহমহকৈ মই উঠি বহিলোঁ৷ দেখিলো কোনো নাই৷ মূৰৰ ওপৰত চক্ৰাকাৰে ফেনখন ঘূৰি আছে৷ চাৰ্জত দি থোৱা ম’বাইলৰ এলাৰ্মটোৱে বৰ বেসুৰাকৈ চিঞৰি আছে৷ বিছনাৰ পৰা মই উঠি আহিলোঁ৷ তাৰমানে ইমানখিনি সময়ত মই শৈশৱলৈহে উভতি গৈছিলোঁ নেকি! সেয়া কি এটা সপোনহে আছিল নেকি! লোৰ গেটখন খুলি বাটলৈ ওলাই আহিলোঁ৷ সন্মুখৰ ঘৰৰ কণমানিজনীয়ে হাৰমণিয়ামত ৰেৱাজ আৰম্ভ কৰিছে৷ তাইৰ মাতটো বৰ ভাল৷ কাষৰ ঘৰৰ কণমানিটোৱে চোতালত বেডমিণ্টনৰ ৰেকেট এপাত লৈ দৌৰি ফুৰিছে৷ তাৰ কোনো লগ নাই৷ যেতিয়াই দেখো তাক অকলে দৌৰি ফুৰাই দেখো৷ চাইকেল মাৰি অনন্ত খুড়াৰ ল’ৰাটো আহি আছে৷ সুধিলোঁ ’বাবা কলৈ গৈছিলা? ’
:’টিউছন’৷ মোৰ পিনে নচোৱাকৈয়ে সি উত্তৰ দিলে৷
:’কিয় আজি গৰুবিহু পতা নাই? ’
:’গৰুৱেই নাই’৷ এটা নিৰুদ্বেগ উত্তৰ দি সি গুচি গ’ল৷

..মই চকুহাল মুদি দিলো৷ বৰদেউতা ঢুকোৱাৰ পোন্ধৰ বছৰ হ’ল৷ এই পোন্ধৰটা বছৰে মৰানদীৰ বুকুত বহু ওখ ওখ ঘৰ হ’ল৷ গাৱৰ কেঁচা আলিবাট পকা হ’ল, গৰুবোৰো দুৰণিৰ কোনো পথাৰলৈ গুচি গ’ল৷ মই যিমানেই নিচিঞৰো সিহঁতে আৰু লাও বেঙেনা খাবলৈ মোৰ চোতাললৈ নাহে৷ সিহঁত গুচি গ’ল৷ মোৰ বৰদেউতাৰ হেঁপাহৰ বলধহাল, ৰাঙী গাইজনী, চুবুৰীৰ ল’ৰাবোৰ, হাঁহি থকা অপাপ মুখবোৰ .. সকলোবোৰ বৰদেউতাৰ সৈতেই যেন কোনো অজান মুলুকলৈ বৰ দ্ৰুতগতিত গুচি গ’ল৷ দি থৈ গ’ল কেবল দুখ আৰু এবুকু সোঁৱৰণি৷ মই আৰু চকুপানী ৰখাব নোৱাৰিলোঁ৷ এক বিশাল শুণ্যতাই মোক যেন গ্ৰাস কৰি পেলালে৷ শুণ্য পদূলীমুখতে মই এইবাৰ উচুপি উঠিলোঁ৷ ■ ■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰিণ্টুমনি
1 year ago

সুন্দৰ, ভাল লাগিল নয়নমনি

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক