কেনে আছো সুধিছা? – মাধুৰ্য্য গোস্বামী

শিকলিৰে বন্ধা ঘামত লুটুৰি-পুতুৰি দেহা,

নিদানৰ মাত

আহাৰমহীয়া বন্যাৰ দৰে আহি সুধিছা কেনে আছোঁ বুলি।

জগলুৰ অৰ্ধউন্মিলীত চকুৰে

দেখি থকা কেঁচুৱাৰ লেলাউটিত ওলোৱা বীৰ্য

কেনেকৈ সহোঁ কোৱা?

অথবা কোৱা চকু-কাণত হাত থৈ শিকি যোৱা সংবিধানৰ ভাষা।

সুধিছা নেকি মনত, যৌনাংগত অগা-দেৱা কৰে নেকি

কোনোবা সুন্দৰী?

প্ৰেম-ঈৰ্ষাৰ অলিখিত বুৰঞ্জী

দেহা শুহি নিয়া যৌনকাতৰ চাৱনি।

প্ৰশ্ন কৰিছা জানো কোন ৰজাৰ কাহিনীয়ে চকুলো নিগৰায় অথবা নিৰলে কয় অনেক গাঁথা?

মুং-ডুং-চুন খামৰ সিপাৰৰ দুখন তৰোৱাল,

ভগদত্তৰ আৰু ভাস্কৰবৰ্মাৰ,

লুইত হৈ বৈ অহা ধ্যানলিংগৰ লাচিতৰ তেজ।

জঁটাত নৈখন বান্ধি নিয়া খামিডাঠ মানুহ এজন আছিল

যিয়ে কঢ়িয়াইছিল অজস্ৰ নাৰীৰ স্পন্দন;

চকুৰ দাবানলত দগ্ধ হৈছিল

অজস্ৰ অন্যায়,

সুধিছা জানো তেওঁক ভালপাওঁ নে নাপাওঁ?

সেইজন পুৰুষ যিয়ে অপমানেৰে সাজিছিল সৌম্যকূটীৰ,

জ্বলাই দিছিল অসূয়া

স্থিৰতাৰে কলুষতা মচিছিল,

তেওঁকতো ভালপোৱাৰ কথা নোসোধা।

বাৰে বাৰে সুধিছা খবৰ,

অজস্ৰ প্ৰহৰৰ কথা

পুৰুষে পুৰুষে কঢ়িয়াই অনা বতৰা

এপলকত কেনেকৈ কওঁ কোৱা?

ন্যায়ৰ প্ৰতিশ্ৰুতিত এবাৰলৈ

শিকলি খুলি কেনে আছোঁ সোধা,

দলিয়াই পেলাম কবিতাৰ পংক্তি আৰু ছন্দ নিমিলা কথা,

কাপুৰুষৰ বৰ্ম খুলি তোমাৰ কপালত চুমা এটা আঁকি ক’ম

“মই ভালেই আছো”।

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments