কেনে আছ ? অৰুন্ধতী ! (ধ্রুৱজ্যোতি শর্মা)

কেনে আছ ? অৰুন্ধতী !  (ধ্রুৱজ্যোতি শর্মা)
পৰিত্যক্ত অতীতৰ থকা-নথকা স্মৃতিৰ কোলাত
মনত পৰেনে অৰুন্ধতী ?
কালদিয়াপাৰত সত্কাৰ কৰা সোঁৱৰণীবোৰৰ কথা
আৰু আজি !
ইতিহাসৰ পাত লুটিয়াই লুটিয়াই কেনেকৈ সোধো
কেনে আছ !
কেনে আছ ? অৰুন্ধতী !
জানো
জীৱন সাগৰৰ কোৱাল সোঁতত
প্ৰতিভাৰ গুৰি-ব’ঠা ধৰি
নিত্যাগমন তোৰ পূৰ্ণিমাৰ দেশলৈ |
নাই তোৰ লয়লাস
অথবা সপোন দেখাৰ হাবিয়াস |
সকলোবোৰ জানিও কেনেকৈ সোধোঁ
সম্ভাৱনাৰ দুৱাৰমুখত কেনে আছ !
কেনে আছ ? অৰুন্ধতী !
মনত পৰেনে তোৰ
উদ্বাউল হৃদয়ৰ জুৰণি মলয়াত
ৰাঙলী যৌৱনৰ ছাঁলৈ |
সেই ওভতনি যাত্ৰা তোৰ কপৌফুলা দেশলৈ
পূৰ্ণতাৰ বাবে তোৰ পূৰ্ণ হাবিয়াস
আৰু জীৱন গৰকা অত্যুত্‍সাহ…
আজি কালদিয়াপাৰতেই বিস্মৃত
তোৰ সেই হাবিয়াস |
সকলো জানো
তথাপি ভাৱিছোঁ কেনেকৈ সোধোঁ
কেনেকৈ সোধোঁ..কেনে আছ !
কেনে আছ ? অৰুন্ধতী !
দেখিছোঁ এতিয়া
পোহৰ বিচৰা তোৰ কোমল হৃদয়ত
প্ৰজ্জ্বলিত নিৰাশাৰ দাবানল
সভ্যতাৰ হাততেই সমৰ্পিত সমস্ত তোৰ মনোবল |
কিমান আশাৰে ভৰি দিছিলি আহি মমতাৰ যাদুঘৰত
অথচ মমতাৰ হাততেই সমৰ্পিত তোৰ কীৰ্তিৰ অস্তিত্ব
দেখিছনে আধুনিকতাৰ কিমান বৰণ !
সম্ভাৱনাৰ দুৱাৰমুখত যশস্যাৰ কিমান ৰগৰ !
তথাপি সোধোঁ,
সুধিব খুজিও বাৰে বাৰে ৰৈ যাওঁ
কেনে আছ !
কেনে আছ ? অৰুন্ধতী !
ক’মনো কি ?
পাকখোৱা জিভাৰ ভাষা যে বেদনাৰে স্তব্ধ
তথাপি কওঁ
বৰ্তমানত লুপ্ত খ্যাতিৰ বোজাত নহ’বি কুব্জ
তোৰ সাধনাই দিব তোক শৌৰ্য-বীৰ্য
খ্যাতি-সুখ্যাতিনো কি..
তোৰ সাধনাই জগাব আহি
কালদিয়াপাৰত বিস্মৃত তোৰ সেই সেউজীয়া নৱসৌন্দৰ্য্য |
আজি নোসোধোঁ ত‍ই কেনে আছ !
জানো,
অলেখ ধুমকেতুৰ মাজতো ত‍ই জিলিকা সূৰ্য্য |
 

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
কৌশিক দাস
9 years ago

বহুত ভাল লাগিলে |

9 years ago

কবিতাটো পঢ়ি ভাল লাগিল ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক