কেন্দ্ৰীয় বাজেট – ৰাজনৈতিক হেতালি খেলাৰ অৱকাশ নাথাকিল (ধীমান সিংহ)

নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছত নৰেন্দ্ৰ মোডীয়ে তেওঁৰ অৰ্থনৈতিক গুৰু জগদীশ ভাগৱতীৰ সৈতে যেতিয়া কথা হয় তেতিয়া তেওঁ হেনো উপদেশ দিছিল যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনক (ইউ পি এ চৰকাৰৰ দিনত নিযুক্ত) সেই পদত বাহাল ৰাখিবলৈ। কথাটোৰ বাজেট বিষয়ক আলোচনাৰ লগত প্ৰত্যক্ষ সম্পৰ্ক নাথাকিলেও ই এটা কথাই দৰ্শায় যে বিশ্বায়নৰ পিছত অৰ্থনৈতিক নীতি সমূহৰ ধাৰাবাহিকতাই আটাইতকৈ গুৰুত্বপূৰ্ণ। চৰকাৰ সলনি হ’লেই যে অৰ্থনৈতিক নীতি বা নীতি নিৰ্ধাৰক আমোলা সকল সলনি হ’বই যে তেনে কথা নাই।


৯০ৰ দশকত যেতিয়া উদাৰীকৰণ আৰম্ভ হৈছিল বামপন্থী সকলে এইটোৱে ভয় কৰিছিল যে দলীয় আদৰ্শৰ উৰ্ধ্বত মুক্ত অৰ্থনীতিয়ে একধৰণৰ নিৰবিচ্ছিন্ন কৰপ’ৰেট শাসন শৈলীৰ সৃষ্টি কৰিব। মই বাম অৰ্থনীতিত বিশ্বাসী নহয় অৱশ্যে লেকাম বিহীন মুক্ত অৰ্থনীতিতো বিশ্বাস নকৰোঁ। তদুপৰি চীনৰ বৰ্তমান অৰ্থ ব্যৱস্থা আৰু খোদ আমেৰিকাৰ অৰ্থনীতিত ক্ৰমশঃ বৃদ্ধি পোৱা চৰকাৰী হস্তক্ষেপৰ ঘটনাবোৰে মোক আশ্বস্ত কৰিছে যে অন্ততঃ প্ৰত্যক্ষ কৰপ’ৰেট শাসনৰ শংকা অমূলক।
গতিকে বৰ্ষ ২০১৩-১৪ৰ বাজেটখন যদি অৰুণ জেটলীৰ ঠাইত চিদাম্বৰমেও প্ৰস্তুত কৰিলেহেঁতেন তেতিয়াও বিশেষ একো মূলগত পৰিবৰ্তন নহ’লহেঁতেন। কোন ৰাজনৈতিক দল কি মতাদৰ্শলৈ ক্ষমতালৈ আহিল বা গ’লগৈ সেয়া গৌণ হৈ পৰিছে, কেৱল আন্তঃৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি আৰু বিনিয়োগ সমূহৰ গেৰাণ্টীৰ ৰূপায়ণ আৰু ত্বৰিত গতিত বিকাশমান প্ৰযুক্তিৰ সৈতে তাল মিলাই চলিব পৰাৰ ওপৰতে দেশ এখনৰ বা দেশখনৰ চৰকাৰৰ সফলতা বা বিফলতাৰ সূচকাংক হৈছে গৈ।
বাজেটে কি কি দিলে বা নিদিলে সেয়া আলোচনা কৰা আমাৰ উদ্দেশ্য নহয় (বাতৰি কাকত, টি ভি চেনেল সমূহে সেয়া বলকি আছে), আমি কেৱল বাজেট সাপেক্ষে নতুন চৰকাৰখনৰ সামগ্ৰিক নীতিসমূহ কোন দিশে গৈ আছে তাৰহে এটা সম্যক আভাষ দাঙি ধৰিবলৈ চেষ্টা কৰিম। মনমোহন সিং চৰকাৰৰ শেষৰ কালচোৱাক যদিও নীতি পক্ষাঘাটত (পলিচি পেৰালাইছিছ) ভুগি থকা বুলি কোৱা হৈছিল কিন্তু বিত্তীয় ঘাটি কমোৱাৰ ক্ষেত্ৰত শেষৰ ফালে কিছু সফল হৈছিল। বিত্তীয় বৰ্ষ ২০১৩-১৪ চনৰ ৪.৫% বিত্তীয় ঘাটিক ৪.১% লৈ হ্ৰাস কৰিবলৈ জেটলী বদ্ধপৰিকৰ। কিন্তু ৪.১% ঘাটিও মুঠেই সুবিধাজনক নহয়। সেয়েহে অভিলাষী আঁচনি মতে বিত্তীয় বৰ্ষ ২০১৭ লৈ এই ঘাটি ৩% লৈ হ্ৰাস কৰা হ’ব। যদি মনত আছে, চিদাম্বৰমেও ৩.৭%-৩.৮% আদিলৈ ঘাটি কমোৱাৰ চেষ্টা কৰিছিল। আচলতে ৩% হাৰলৈ বিত্তীয় ঘাটি কমাব পাৰিলে সেয়া বৰ্তমানে চলি থকা উন্নয়নৰ মন্থৰ গতিক তৰান্বিত কৰিবলৈ যথেষ্ট পৰিমাণে অৰিহণা যোগাব। যিটো চীনত সম্ভৱ হৈছে। আৰু এটা অন্যতম বিষয় হৈছে অবিনিয়োগ (ডিছইনভেষ্টমেন্ট)। আশা কৰা হৈছে যে যোৱা মধ্যৱৰ্তী বাজেটৰ তুলনাত অন্ততঃ ১২.৫% অধিক অবিনিয়োগ কৰিব পৰা যাব। অৱশ্য ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহৰ অবিনিয়োগ সম্পৰ্কে চিৰকালেই দ্বিমত আছে। কেৱল বামপন্থী সকলেই নহয়, অন্যান্য ৰাজনৈতিক দলসমূহেও ৰাজহুৱা খণ্ডৰ উদ্যোগৰ অবিনিয়োগৰ বিৰোধ কৰে। মই ব্যক্তিগত ভাবে চৰকাৰে বণিজ চলোৱাৰ পক্ষপাতী নহওঁ, সেয়া অকৰ্ম্যনতাৰ বাহ হয়গৈ। একেসময়তে এইটোও পাহৰিলে নহ’ব, ৰাজহুৱা খণ্ডৰ এই উদ্যোগবোৰেই স্বাধীন ভাৰতৰ চালুকীয়া অৰ্থনীতিত যথেষ্ট অৱদান যোগাইছিল। মোডী চৰকাৰৰ শ্লোগান ‘নূন্যতম চৰকাৰ, অধিকতম চৰকাৰী সেৱা’ যদি সঁচা হয় তেনেহ’লে অন্ততঃ লোকচান ভৰি থকা বগা হাতী কেইটাক অবিনিয়োগ কৰা হ’ব সোনকালেই। আকৌ প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰত্যক্ষ বিনিয়োগ ৪৯% লৈ বৃদ্ধি কৰা হৈছে। বিৰোধীৰ আপত্তি যে প্ৰতিৰক্ষাৰ দৰে সংবেদনশীল ক্ষেত্ৰত বিদেশী বিনিয়োগ বিশ্বাসযোগ্য নহয়। কিন্তু ভাৰতৰ প্ৰযুক্তিৰ জগতখন এতিয়া বিশ্বৰ উন্নত দেশসমূহৰ সৈতে খোজ মিলাব পৰা হৈছে(ডি আৰ ডি অ, ইচৰো আদিকে ধৰি)। বিদেশী বিনিয়োগে ভাৰতক এখন প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কাৰী দেশলৈ ৰূপান্তৰিত কৰিব পাৰে, যিটো ভাৰততকৈ বহু সৰু ইউৰোপীয় দেশ বা ইজৰাইলে লাভজনক ভাবে কৰি আছে।
কৰ আৰু সকল ঘৰুৱা উৎপাদন ( জি ডি পি)ৰ অনুপাত ভাৰতত অতি কম। বহুতে আশাপালি আছিল পাঁচ লাখ টকালৈকে আয়কৰ সীমাৰ পৰা মুক্ত হ’ব বুলি। কিন্তু সেয়া নহ’ল। আচলতে বৰ্তমানৰ অৰ্থনৈতিক অৱস্থাত ৫০ হাজাৰতকৈ অধিক ৰেহাই ( দুই লাখৰ ওপৰত) আশা কৰাটো মূৰ্খামি। এহাতে কৰ আধাৰ (টেক্স বেছ) বঢ়োৱাৰ তাগিদা আনফালে কৰ আৰু জি ডি পি অনুপাত বঢ়োৱাৰ প্ৰয়োজনীয়তা, তাৰ মাজতে এনে সৰু সৰু ৰেহাই। আচলতে অৰ্থনীতিৰ প্ৰতিটো কথাই এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল- যদি কৰ ৰেহাই অধিক হয় সেয়া বিত্তীয় ঘাটিত প্ৰভাৱ পেলাব, সেয়া আকৌ উন্নয়নৰ হাৰ স্থবিৰ কৰিব, সেয়া আকৌ আপোনাৰ আয় হ্ৰাস কৰিব- ইত্যাদি এক চক্ৰাকাৰ প্ৰক্ৰিয়া। এনেধৰণৰ চক্ৰাকাৰ ঋণাত্মক প্ৰভাৱসমূহৰ পৰা আঁতৰি থাকিবলৈ আচলতে বিশ্বায়নৰ পিছত দেশসমূহৰ অৰ্থনৈতিক নীতি সাধাৰণতে চৰকাৰ পৰিবৰ্তনৰ সৈতে বিশেষ সলনি নহয়।
শেষত আহিছোঁ বিশেষ সাহায্য, ৰাজসাহায্য (ছাব ছিদি) আদিৰ বিষয়টোলৈ। বাজেটে ৰাজসাহায্য কমাই অনাৰ প্ৰতি ইংগিত কৰিছে। সেয়া স্বাভাৱিক কাৰণ বিত্তীয় ঘাটিত বিশেষকৈ ইন্ধন আৰু খাদ্যসামগ্ৰীৰ ওপৰত দিয়া ৰাজসাহায্যই আটাইতকৈ ব্যাপক প্ৰভাৱ পেলায়। অথচ এইটো বিষয়ত মানৱীয় দিশটো ওতঃপ্ৰোত ভাবে জৰিত কাৰণ সমাজৰ দুৰ্বলতম শ্ৰেণীটোক ই কিছু সকাহ দিয়ে। ইয়াক বিৰোধ কৰা সকলে ক’ব খোজে যে ৰাজসাহায্যৰ অধিকাংশই মধ্যভোগীৰ হাতত শেষ হয় আৰু শেষত বিত্তীয় ঘাটি বঢ়াই ই গৰীব শ্ৰেণীটোকে মাধমাৰ শোধায়। মোৰ যুক্তিটো হ’ল যেতিয়ালৈকে দুৰ্নীতি আৰু মধ্যভোগী শ্ৰেণীটো নিৰ্মূল নহয় চৰকাৰৰ সৈতে গৰীব শ্ৰেণীটোৰ একমাত্ৰ যোগসূত্ৰ হ’ল ৰাজসাহায্য। কল্যাণকামী ৰাষ্ট্ৰৰ ক্ষীণ সম্পৰ্ক দৰিদ্ৰ জনসাধাৰণৰ লগত কেৱল খাদ্য ৰাজসাহায্যৰ মাধ্যমত। সেয়া জেটলীয়েও জানে, সেয়েহে মনৰেগা ইত্যাদি আঁচনিৰ সুদৃঢ় কৰণ, সৰ্বশিক্ষা আঁচনি আদিৰ নামত অধিক ধনৰ আৱণ্টন,২০২২ চনৰ ভিতৰত সকলোৰে বাবে গৃহ আদি আঁচনি ঘোষণা। কিন্তু এয়াও সত্য যে ৰাজসাহায্য চিৰদিন চলিব নোৱাৰে। সমাজৰ নিম্নতম স্তৰটোক অৰ্হতা সম্পন্ন কৰক, নিয়োগৰ সুবিধা সৃষ্টি কৰক, মধ্যভোগী শ্ৰেণীটোক মষিমূৰ কৰক, তাৰ পিছত ৰাজসাহায্য সম্পূৰ্ণৰূপে বন্ধ কৰক। একেধৰণে উত্তৰ-পূৱবাসী সকলেও বিশেষ পেকেজৰ দিনবোৰ গ’ল বুলি ভবাই ভাল। এইবাৰ মাত্ৰ ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে ২০০০ কৌটি, ৰেলপথৰ বাবে ১০০০ কৌটি আৰু এখন খেল বিশ্ববিদ্যালয় দিছে (মুখ্যতঃ)। বহুত হ’ল চাতক পখীৰ দৰে সাহায্যলৈ অপেক্ষা, আন্দোলন(তাৰো দৰকাৰ আছে), দক্ষিণ পূব এচিয়াৰ ক্ষুদ্ৰ দেশসমূহৰ দৰে সুপটু আৰু সুশিক্ষিত মানৱ সম্পদ গঢ়ি তোলক। সৌ সিদিনা আশীৰ দশকত মানৱ সম্পদৰ উৎকৰ্ষ সাধন কৰি আজি আৰু মালয়েছিয়া, ইণ্ডোনেছিয়াৰ দৰে দেশবোৰে আজি আৰু চীন, জাপানৰ দৰে শক্তিবোৰক ভয় নকৰে।
সি যিয়েই নহওক অৰুণ জেটলীৰ বাজেটখনক মই যুগ দৰ্শী অৰ্থনৈতিক দস্তাবেজ বুলি নাভাবোঁ। কিন্তু বাধ্যবাধকতাৰ মাজত প্ৰায় সুষম প্ৰচেষ্টা। অপ্ৰিয় সত্যটো হ’ল মনমোহন সিঙৰ প্ৰথম বাজেটখনেই আছিল দিকনিৰ্ণায়ক বাজেট, তাৰ পিছত ৰাজনীতি পৃথক হয় অৰ্থনীতিৰ পৰা। এতিয়া অৰ্থনৈতিক প্ৰচেষ্টাবোৰত গোলকীয় অৰ্থ তত্বৰ পেছাদাৰী কুচকাৱাজ, সেই কেজুৱেল ৰাজনৈতিক হেতালি খেলাৰ অৱকাশ বৰ কম।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments