কেমেৰাৰ লেন্স আৰু কিছু অনুভৱ (ইন্দ্ৰনীল গায়ন)

” You Don’t Make A Photograph just With a Camera, you Bring to

the Act Of Photography, all the Pictures you have seen, the books

you have read, the music you have heard, The People you Have Loved “

– Ansel Adams

এটা কেমেৰা আৰু এখন লেন্স, এই লেন্সখনৰ জৰিয়তে যে আমি জীৱনৰ প্ৰতিটো মুহূৰ্তই বন্দী কৰি ৰাখিব পাৰোঁ, আমি কেৱল চাটাৰৰ(Shutter) ত আঙুলি থৈ ক্লিক কৰাৰ লগে লগেই সেই সময়খিনি আমাৰ বাবে বিশেষ হৈ পৰে, কাৰণ সেই মুহূৰ্তখিনিয়ে আমাক জীৱনৰ সুখ দুখবোৰৰ কথা সোঁৱৰাই দিয়ে।

Eudora Welty ৰ  ভাষাত ক’বলৈ গ’লে :-

” A Good Snapshot Stops a Moment From Running Away”

সঁচাকৈয়ে কেমেৰা আৱিস্কাৰ কৰোঁতাজনক আমি ধন্যবাদ জনাবই লাগিব। তেওঁৰ বাবেই আমি হয়তো পৃথিৱীৰ প্ৰতিটো সৌন্দৰ্য্য ধৰি ৰখাৰ প্ৰয়াস কৰিব পাৰিছোঁ লেন্সত।

উন্মুক্ত ৰঙীন আকাশখনৰ বুকুত যেতিয়া বেলি ডুব যোৱাৰ সময় হয় কেমেৰাৰ লেন্সত ধৰি ৰখাৰ প্ৰয়াস কৰোঁ। শুকান সৰা পাতখিলাৰ পৰা আৰম্ভ কৰি, আমাৰ চৌপাশেই প্ৰকৃতিৰ বৰ্ণময় বিভিন্ন ৰূপ আমি দেখিবলৈ পাওঁ। সেই দেখা পোৱা ৰূপবোৰ কেমেৰাৰ লেন্সৰ জৰিয়তে এক বিশেষ ধৰণে চোৱাৰ চেষ্টা কৰোঁ, আৰু সেই চেষ্টাই এটি সুন্দৰ মুহূৰ্তৰ পৰিচয় বহন কৰে।

 

 

আজি দিনটোৰ অনুভৱ:-
__________________

স্নেপশ্বট: (১):-

কালি বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ যে দেশৰ সমূহ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন তথা ফেডাৰেশ্বনে আহ্বান দিয়া ২০ আৰু ২১ ফেব্ৰুৱাৰীৰ দেশজোৰা দুদিনীয়া ধৰ্মঘটৰ প্ৰতি অসমৰ কেইবাটাও ট্ৰেড ইউনিয়ন তথা ফেডাৰেশ্বনে বন্ধৰ ঘোষণা কৰিছে। সেইবাবে আজি কৰ্মস্থলীলৈ যাব লগা নহ’ল। তথাপি কলেজৰ Director চাৰলৈ ফোন কৰি কথাটো অৱগত কৰালোঁ।

শ্নেপশ্বট:(২)

বৰদেউতাৰ সৰু ল’ৰাজন আৰু মই বয়সত প্ৰায় ৫ দিনৰ ডাঙৰ সৰু, সেইবাবে আমি দুয়োটা বন্ধুৰ দৰে। সৰুৰে পৰাই আমাক আইতাই লব আৰু কুশ বুলি মাতিছিল, আমি দুয়োটা একেলগে খেল -ধেমালি কৰিয়ে ডাঙৰ দীঘল হোৱা।
পুৱা ১০ মান বজাত সি আহি মোক ক’লে যে দুয়োটাৰে বন্ধ যেতিয়া অলপ ওলাই যাওঁ ব’ল ফটো উঠাবৰ বাবে। মই ভালেই পালোঁ, লগে লগেই দুয়োটা কেমেৰা লৈ ওলাই গ’লোঁ ঘৰৰ পৰা প্ৰায় ৪ কিঃমিঃ মান দূৰত্বত থকা ৰেল ষ্টেচন এটালৈ। পূৰ্বে পৰিকল্পনা কৰা মতেই দুয়োটাই বিষয়বোৰ বাছি লৈছিলোঁ আজি কেনেধৰণৰ ফটো উঠাম। সেই মতেই আমাৰ কাম আৰম্ভ কৰিলোঁ, ষ্টেচনৰ ওচৰে-পাজৰে বহুতো অস্থায়ীভাৱে বসবাস কৰা মানুহ আছে। মই কেমেৰাটো উলিয়াই দুটামান স্নেপ লৈছোঁহে মাথোঁ, তেনেকুৱাতে সৰু ল’ৰা এটা ওচৰ চাপি অহা দেখিলোঁ, মই তাক ক’লোঁ, “তোমাক মই ফটো এখন উঠাও দিয়া”। সি উত্তৰ দিলে, “নাই নুঠোঁ দিয়ক, লাজ লাগে”। তথাপি মই ক’লোঁ, “একো নহয় তুমি ৰৈ থাকা, মই এতিয়া তোমাক ফটো উঠাম।” সি মনে মনে ভাল পাইছিল কাৰণ সেই আনন্দৰ হাঁহি মই তাৰ ওঁঠত আৰু চকুত দেখা পাইছিলোঁ। তাৰ পিছতেই সি মোক ক’লে, “আপুনি ৰ’বচোন দেই অলপ সময়। মই আহি আছোঁ।” তাৰ ঠিক পাছতেই প্ৰায় ৫ টা মান সৰু ল’ৰা-ছোৱালী দৌৰি অহা দি আহিছে, বয়স সিহঁতৰ প্ৰায় ৩ বছৰৰ পৰা ৮ বছৰৰ ভিতৰত হ’ব, সিহঁতে আঁতৰৰ পৰাই কৈ অহা শুনিছিলোঁ আমাক ফটো উঠাব ব’ল ব’ল।
আজি সিহঁতৰ লগতেই আগবেলাটো পাৰ কৰিলোঁ। ইটোৰ পাছত সিটোক এখনকৈ ফটো উঠালোঁ, নাইবা কাৰোবাক একেলগেই উঠালোঁ, মোৰো সেই সময়খিনি খুবেই আনন্দৰ আছিল আৰু লগতে মোৰ দুখ লাগিছিল সেই কণমানি কেইটাৰ জীৱন আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি। সেই কথাই মোক বহুত সময় ধৰি খুন্দিয়াই থাকিলে বুকুৰ ভিতৰত।
অলপ সময়ৰ পাছতেই আমি সিহঁতৰ পৰা বিদায় লৈছিলোঁ, বিদায় লোৱাৰ সময়ত সকলোকে চকলেট খাবৰ বাবে আমি দুয়োটাই সৰুকৈ কিবা এটা দিছিলোঁ।
অলপ দূৰৰ পৰা সিহঁতে চিঞৰি কৈছিল আপোনালোক কাইলৈ আকৌ আহিবনে বাৰু ফটো উঠাবৰ বাবে…
সিহঁতলৈ চাই আমি হাঁহিছিলোঁ, যদিও ক’ব নোৱাৰাকৈয়ে বুকুখনত কিবা এটা খুব কষ্ট পোৱা যেন অনুভৱ কৰিলোঁ।
বহুতেই মোক কয় যে মই বেছিকৈ ৰংহীন ছবি উঠাও, অৰ্থাৎ Black and White Mood বুলি যাক কোৱা হয়, আচলতে সেই ছবিবোৰৰ মাজেৰে মই অনুভৱ কৰা কথাবোৰ প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰোঁ, আৰু লগতে সদায়ে চেষ্টা কৰোঁ মোৰ ছবিবোৰে যেন কথা কয়।
” When You Photograph People in Colour, You Photograph their Clothes, but When you Photograph People In black and White, You photograph Their Souls”

এইদৰেই পাৰ হয় সময়।

জীৱনৰ ৰংবোৰ সদায়ে মোৰ লগতেই থাকে, কাৰণ সেই ৰংবোৰৰ মাজত যে মোৰ মাজৰ মইটোক বিচাৰি পাওঁ।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
8 years ago

Bhal lagil Indranil

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক