কেলেণ্ডাৰ চিনেমাখন আৰু ব্যক্তিগত – উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্য

দুপৰীয়া দীঘলীয়াকৈ ফোনটো ৰিং কৰে৷ ফোনটো নাচালেও গম পাওঁ কাৰ ফোন৷ কামত থাকিলে ধৰিবলৈ অসুবিধা হয়৷ নধৰোঁ৷ বাৰে বাৰে বাজি থাকে৷ কেতিয়াবা খং উঠি যায়৷ “এইখিনি কথাও বুজি নাপায়নে? ” “নিজৰ দুপৰীয়া কাম নাথাকিল বুলি কি মোৰো নাথাকিব নেকি?” মনতে ভোৰভোৰাওঁ৷ ৰাতি এঘাৰমান বজাত আকৌ বাজে৷ তেতিয়া কেতিয়াবা ষ্টুডিঅ’ত থাকোঁ, কেতিয়াবা ৰুমত আলুৰ বাকলি গুচাই থাকোঁ৷ কামখিনি শেষ কৰি ফোনটো কৰিম বুলি ভাবোঁ৷ আকৌ দীঘলীয়াকৈ বাজি থাকে৷ কেতিয়াবা ভুলতে ৰিচিভ কৰি দিওঁ—
“ধেৎ, ফোনটো ধৰিলি কিয়? মই মিচকলহে দিছিলোঁ৷ এতিয়া এটকা এটা বেলেঞ্চ আছে।”৷ মা!
কেলেণ্ডাৰ চালোঁ— মনত পৰি গ’ল৷
দেউতা থকা দিনত কিবা কাৰণত সাংঘাতিক খুচ হৈ থাকিলে দেউতাই মালৈ এসোপামান কাপোৰ লৈ আহে৷ মায়ে উৰাই-ঘূৰাই পিন্ধি পিন্ধি চায়৷ তেতিয়াই মোৰ ঠেহ লাগে৷ তোমাৰ কাৰণে সদায় সদায় কাপোৰ লৈ আহে৷ মই ফটা হাফপেণ্ট পিন্ধি হোষ্টেলত থাকিবলগীয়া হৈছে৷
মাৰো খং উঠে৷
‘তোক আৰু ভাইটিক দেখোন যোৱা মাহত দুটা জিন্স কিনি দিছিল! এতিয়া ঘৰলৈ আহোঁতে ট্ৰেক পেণ্টটো পিন্ধি আহিছ৷’— মই তাপ মাৰোঁ৷ জিন্সটো হেৰুৱালোঁ৷ হোষ্টেলৰ কোনোবা এটাই পিন্ধি গ’ল৷
সিটো ৰুমৰ পৰা দেউতাই শুনি থাকে৷ একো নকয়৷
পিছদিনা ৰাতি শুৱাৰ সময়ত মায়ে আহি নতুন জিন্সটো আৰু চোলাটো দেখুৱায়৷ জিন্সৰ ৰংটো মোৰ পচন্দ নহয়৷ চোলাটোও দেউতাৰ গাৰ জোখৰ৷
দেউতা ঢুকুৱাৰ পাছত, এতিয়া দেউতাৰ জেকেটটো মই পিন্ধোঁ৷ ঘৰত পিন্ধা চেণ্ডেলযোৰো৷ পইচা পালেই মাক কাপোৰ এযোৰ দিয়াৰ কথা ভাবোঁ৷
“নালাগে দে, কাপোৰবোৰ আছেই৷ গডৰেজটো খোলাই নহয়।”—মায়ে ফোনত কয়৷
কেলেণ্ডাৰ চালোঁ— মনত পৰি গ’ল৷
হোষ্টেলত থাকোতে ঘৰলৈ গ’লে গুৱাহাটীৰ পৰা বাছত যাওঁ৷ দেউতাই অফিচৰ পৰা অহা সময়টো মিলাই আহিবলৈ কয়৷ একেসময়তে দুয়ো আহি পালে দেউতাৰ লগতে নলবাৰীৰ পৰা পুৰণি স্কুটিখনত সদায় একেটা গতিতে আহি ঘৰ পাওঁ৷ কেতিয়াবা আমনি লাগি যায়৷
‘তুমিনো সদায় সদায় কি একেটা স্পীডতে আহি থাকা! আমি চাইকেলেৰে নলবাৰীলৈ যাওঁতেই আধা ঘণ্টা লাগে৷ তোমাৰ এইখনত আজিলৈ পঞ্চলিছ মিনিটৰ কম সময়ত আহি পোৱা নাই৷ এইখন বেচি দিয়া৷ ’— দেউতাই একো নকয়৷
এতিয়াও স্কুটিখন আছে৷ সিদিনা ঘৰলৈ যাওঁতে মানুহ এজন আহিছিল৷ স্কুটিখন বেচিব নেকি সুধিলে৷ একো নভবাকৈ মুখৰ পৰা ওলাই গ’ল— “নেবেচোঁ৷ চলাবলৈ ভাল৷ ঘৰলৈ আহিলে ভাইটি আৰু মই চলাওঁ।”
কেলেণ্ডাৰ চালো— মনত পৰি গ’ল৷
মায়ে চিনেমা হ’লত কেৱল ‘ককা দেউতা নাতি আৰু হাতী’খন চাইছিল৷ এতিয়াও চিনেমাৰ কথা ওলালে মায়ে সেইখনৰ কথা বাৰে বাৰে কয়৷ দেউতাই চিনেমা ভাল নাপাইছিল৷ টিভিত আমি চিনেমা চালেও দেউতা আহি পালে নিউজ চেনেলটো লগাই নিদিলে কৈছিল— “বাতৰিটো দে, এইবোৰ চাই কি হ’ব? আমাক কোনে চায়?”
সেয়ে মাৰো পিছলৈ চিনেমা চোৱা সুবিধা নহ’ল৷ অৱশ্যে চিনেমা চাবলৈ ওচৰত চিনেমা হলো নাই৷
খুৰাৰ ল’ৰাটোৰ চাকৰি হ’ল৷ কালি সি ফোন কৰি ক’লে৷ ভাল লাগিল, লগতে ঠিক কৰিলোঁ— ঘৰলৈ অন্ততঃ কেইদিনমান নাযাওঁ৷ নহ’লে মায়ে পুৱাই গধুলিয়ে কৈ থাকিব— ‘চাকৰি এটা কৰ৷’
: কিনো আকৌ চাকৰি! ষ্টুডিঅ’টো দেখোন চলিয়েই আছে৷ পইচাও পাই আছোঁ৷
: হ’লেও চাকৰি এটা কৰচোন৷ মানুহক ক’বলৈয়ে ভাল৷ এইবাৰ জি পি এফৰ পইচাকেইটাৰ অলপ চাকৰিৰ বাবে দিবও পাৰিম৷ শৰ্মা খুৰাৰো ভাল চিনাকি আছে৷
: হয় দিয়া৷ গোটেই অসম চৰকাৰখন কেৱল মোক চাকৰি দিবলৈয়ে ৰৈ আছে৷
কেলেণ্ডাৰ চালো৷ চাই আহিয়েই মালৈ ফোন কৰিলোঁ— “তুমি আহা৷ ধুনীয়া চিনেমা এখন দেখুৱাম৷ পৰহি আহা ভাইটিৰ লগত।”

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

valei lagil.cinema khonot kintu technical problem besi.

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক