কেৰালাৰ বাচ যাত্ৰাৰ এটা দিন (পৰী শ্যামলী ভূঞা)

চেপ্তেম্বৰ মাহ, অ’নামৰ উখল মাখলে ভৰি পৰিছে কেৰালাৰ চৌপাশৰ বজাৰ৷ অ’নাম কেৰালাৰ জাতীয় উৎসৱ৷ এনে এটা দিনতে মই ক’চিনত উপস্থিত হ’লোগৈ৷ বছৰ বছৰ ধৰি বাস কৰি থকা মোৰ বাইদেউ আৰু ভিনদেউৰ বাবে কচিনখন মোৰ তন্নতন্ন কৈয়ে পৰিচিত৷ উৎসৱমুখৰ পৰিবেশত কেৰেলাৰ চাৰিওফাল মুখৰিত হৈ পৰিছে৷ মুঠতে “এ“ টু “জেদ“লৈকে স্থায়ী অস্থায়ী দোকান বজাৰৰ সামগ্ৰীৰে জোঁৱাৰ উঠিছে৷ মোৰ মনতোও লাহে লাহে ৰাইজাই কৰিব ধৰিলেই৷ পিচে বা আৰু ভিনি দুয়োজন চাকৰিয়াল, ঘূৰে গধূলিলৈ, গতিকে বজাৰ যাওঁ বুলি ৰ’ব লাগিব তেওঁলোকৰ দেওবাৰটোলৈ৷ আৰু বায়ে কোৱা মতে দেওবাৰে কেৰালাৰ সকলো দোকান বজাৰ বন্ধ থাকে মলৰ বাহিৰে৷ তদুপৰি সপ্তাহৰ দিনকেইটাতো অস্থায়ী দোকানবোৰ ৫/৬তে বন্ধ কৰে৷ স্থায়ী দোকানো খোলা থাকে ৭: ৩০লৈকেহে৷ এটা বন্ধৰ দিন আছে তাকো অহা সপ্তাহত৷ ইফালে মনেটোৱেও লিকলিকাই আছে পচন্দ অপচন্দৰ কি নো ওলাই বজাৰখনত৷ কিবা কিবি অলপ চাবলৈ এপাক ওলাই যাও বুলি মনতে থিৰাং কৰিলো৷ নেহেৰাও, চিনি পাওঁ নহয় ঠাইবোৰ, নামেৰে সৈতে ৰাস্তাও চিনি পাও, গতিকে চিন্তা নাই আৰু যাব পাৰি অকলেই, ইয়াত ঠগ প্ৰবঞ্চক চিন্তাৰ পৰাও মানুহ বহু দূৰ এইবুলি দুয়োজনকে আশ্বাস দি বাচেৰে এপাক দি আহো বুলি ডাঙৰ হেন্দ বেগটো লৈ বাচ ষ্টেণ্ডলৈ ওলাই আহিলো৷ অলপ পৰ দিওঁতেই বাচ এখন আহি মুখৰ আগত ৰ’লহি৷ হেন্দিমেনজনে কিবা চিঞৰিছে৷ একো বুজি পোৱা নাই৷ তাৰ স্থানীয় মানুহবোৰে তাকে শুনি কিছুমানে খৰখেদাই লগাই উঠিছে, কিছুমান ৰোৱাতে ৰৈ আছে৷ মই চকুৱে বাচখনৰ ইফাল সিফাল কৰি কিবা এটা জানিব বিচাৰিলো পিচে নাপালো৷ ক’তোৱে লিখা নাই একোৱে ইংৰাজীত৷ মাত্ৰ মালয়ালম আখৰেৰে লিখা শব্দবোৰ জলমলাই আছে৷ স্থানীয় ভাষাতে লিখি থোৱা সেই শব্দবোৰ মানে গন্তব্যস্থানবোৰ বুজি পালো৷ মোৰ এক্সপেৰিমেণ্ট চলি থাকে মানে বাচ চলিলেই৷ আৰু এখন বাচ আহি ৰ’লহি মোৰ মুখৰ আগতে, আকৌ হেন্দিমেনজনৰ মই বুজি নোপোৱা ভাষাৰ চিঞৰ৷ বাচত সেই একেই অঁকোৱা পকোৱা আখৰেৰে লিখা স্থানীয় লিখন৷ এইবাৰ সুধিয়ে দিলো “মেনকা জংচন“…“yes yes ৱা ৱা“৷ ৱা ৱা মোৰ দৰকাৰ নাই yes yes শুনিয়ে মই লৰালৰিকৈ উঠি ললো৷ তাত চলা সকলো বাচৰে দুটায়ে ৰং ৰঙা নহলে নীলা৷

বাচত উঠিয়ে খালি চিট বিচাৰি বিচাৰি পিচৰ চিট পালোগৈ৷ তাতে দুজনীয়া চিট এটা খালি পাই বহি ললো৷ মোৰ পাছফালে বাচৰ শেষৰ দীঘলীয়া চিটতো৷ মোৰ সম্মুখৰ চিটবোৰত মানুহ ভৰ্তি৷ সম্পূৰ্ণ বাচখন দুজনীয়া চিটৰ৷ দ্ৰাইভাৰ বহা চিটৰ কাষতে বাওঁফাললৈ এটা দীঘলীয়া চিট৷ তাৰ পাছত দুৱাৰখন৷ দূৱাৰখনৰ পাছৰ পৰাই তিনি নম্বৰ চিটলৈকে মহিলা বহি গৈছে৷ সোঁফালেও দ্ৰাইভাৰ বহা চিটৰ পাছফালৰ পৰাই পাঁচ নম্বৰ চিটলৈকে মহিলা বহি গৈছে৷ পাছফালৰ চিটবোৰ পুৰুষেৰে ভৰি আছে৷ মই বহা চিটতো পুৰুষৰ মাজৰ চিট৷ হেন্দিমেনজন মোৰ ফালেই আহি থকা দেখিলো৷ মোৰ ওচৰত ৰ’লহি৷ তেওঁ কিবা কোৱাৰ আগতেই মই মেনকা জংচন বুলি কৈয়ে পেলালো৷ তেওঁ কিবা এটা ক’লে বুজি নাপালো৷ বুজি নোপোৱা দেখি তেঁও ক’লে ’নাইন ৰোপিচ’৷ মই ভাড়াটো দিলো৷ তেঁও টিকটটো দিলে৷ চালো তাত তেওঁলোকৰ ভাষাৰ আখৰকেইটাৰ লগতে ইংৰাজীতো নাইন লিখা আছে৷ ষ্টপেজত মানুহ নামিছে আকৌ নতুন মানুহে চিটবোৰ ভৰি পৰিছে৷ অলপ পাছতে লক্ষ্য কৰিলো যিমান মহিলা বাচত উঠিছে চিধাই সম্মুখৰ চিটত বহিছে৷ যিমানে পুৰুষ উঠিছে পিছৰফালে বহিছে৷ লাহে লাহে ভিৰো বাঢ়িব ধৰিলে৷ থিয় হৈ যোৱা মানুহে বাচখন ভৰি পৰিব ধৰিলে৷ কোনো পুৰুষেই বাচখনৰ সম্মুখ ফালে থিয় হৈ যোৱা নাই৷ সেই ঠাই মাইকী মানুহে ভৰা৷ পিচে উঠোতে যেনি তেনিয়ে উঠিছে৷ উঠাৰ পাছতে তিৰোতা সম্মুখৰ ফালে পুৰুষ পিছফালে ভাগ হৈ যোৱা ইমান নিয়মানুবৰ্তিতা নিজৰ চকুৰে দেখিলো৷ বাচ ৰখাওতেও মতা মানুহ পিছফালৰ দুৱাৰেদি আৰু মাইকী মানুহ সম্মুখৰ দুৱাৰেদি নামিছে৷ কোনেও খৰখেদা লগাই দুৱাৰ সলনি কৰা নেদেখিলো৷ কেঁচুৱা এটা লৈ গিৰিয়েক ঘৈণীয়েক এহাল অলপ আগত একেলগে বহিছে৷ ভিৰ বাঢ়ি যোৱা দেখি মই মোৰ বেগতো হাততে তুলি ললো৷ ভাবিলো কোনোবাই সুধিবলে বেয়া পাই বহা নাই চাগে৷ তথাপিও থিয় হৈ থকা এজনো মতা মানুহ মোৰ কাষত খালি হৈ থকা চিটতোত নবহিল৷ সম্মুখৰ ফালে থিয় হৈ থকা ছোৱালী এজনী আহি মোৰ ওচৰত বহিলহি৷ কিছুদূৰ এনেকৈয়ে গলো৷ অলপ পাছতে বাচত ভিৰ কমিল৷ থিয় হৈ যোৱা মানুহো নোহোৱা হল৷ তাৰ পাছৰ ষ্টপটোতে দুজনী ছোৱালী উঠিল৷ দুয়োজনীয়ে খালি চিট বিচাৰি ইফালে সিফালে চাবলৈ ধৰিলে৷ তৎক্ষণাত এজন ব্যক্তিয়ে চিটতো এৰি পিছফাললৈ গুচি আহি থিয় হৈ ৰ’ল৷ কাকো নেদেখি ব্যক্তিজনে মহিলা চিট দখল কৰি আছিল৷ দুয়োজনী আহি তেওঁ এৰি দিয়া চিটতোত বহি কথাৰ মহলা মাৰি গৈ থাকিৰ৷ পাছৰ ষ্টপটোত এগৰাকী বুঢ়ী মানুহ বাচত উঠিছে কোনোমতেহে উঠিছে৷ লগতে এগৰাকী মাইকী মানুহ কেঁচুৱা কোলাত৷ বাচত কতো খালি চিট নাই৷ মতা মানুহলৈ কোনেও অপেক্ষা কৰিবলে নাই, পোন চাটেই তেঁওলোকৰ ওচৰতে বহি থকা দুগৰাকী ছোৱালী থিয় হৈ চিট খালি কৰি বৃদ্ধাগৰাকীক আৰু কেঁচুৱা লৈ থকা গৰাকীক বহিব দিলে৷ দুয়োজনী থিয় হৈয়ে গলগৈ৷ মাৰ্জিত সাজ পাৰ তিৰোতাসকলৰ৷ পিন্ধনত চুৰিদাৰ আৰু শাৰী৷ বোৰখা পিন্ধা তিৰোতায়ো বাচৰ একাংশ ভৰি আছিল৷ এতিয়াহে কথাটো মনত পৰিল বায়ে ঠিকে কৈছিল জিনচ পেণ্টতো পিন্ধি নোলাবি নিজৰে আচহুৱা লাগিব৷ সঁচাকৈয়ে মোৰ এই পোচাকত নিজকে ভুচুং পহুটো যেনহে লাগিছিল৷ তেওঁলোক শিক্ষিত, আধুনিক, আগবঢ়া, পিছে সাজপাৰৰ চৌখিনতাটো একেবাৰে কম৷ বাচৰে কিছুসংখ্যক পুৰুষৰ পিন্ধনত বগা ধুতী৷ কেৰালাৰ প্ৰধান সাজপাৰ৷ গতিকে সেই ধুতী পিন্ধি তেওঁলোক বাচ, বাইক, চাইকেল, বজাৰ, ম’ল ৰেঁষ্টুৰা সকলোতে ঘূৰে৷ বাচখনতে মোৰ পৰিলক্ষিত হল অ’নামৰ ধুম৷ সোণালী পাৰী লগা বগা শাৰী পিন্ধা জাক জাক তিৰোতাসকল৷ ভৰিৰ আঙুলিত যোৰাকৈ পিন্ধা ৰূপৰ আঙুঠি আৰু পাণখিলাৰ আকৃতিৰ সৰুকৈ সোণত খোদিত কৰা লকেটটো তেওঁলোকৰ মহিলাৰ বিয়া হোৱাৰ চিন৷ চুলিত দীঘল দীঘল ফুলৰ মালা, চিকমিকাই থকা সোণৰ আভূষণে হাত, ডিঙি, কাণ ভৰিপৰা৷ ধূনীয়া লাগিছিল দেখিবলৈ৷

এইবোৰ চাই থাকোতে দেখিলো মোৰ নামিবৰ হ’ব এতিয়া৷ আৰু এটা কেঁকুৰি পাৰ হ’লেই মোৰ ষ্টপেজটো৷ যথা সময়ত বাচ ৰ’ল৷ হেন্দিমেনজনে চিঞৰিছে কিবাকিবি নিজৰ ভাষাত৷ বাচৰ ভালেখিনি মানুহ নামিল ময়ো নামিলো৷ পিছে মই পিছদুৱাৰেদি নামিলো মতা মানুহৰ লাইনতে৷ মোৰ লগত বহি যোৱা গৰাকী সম্মুখৰ দুৱাৰেদি নামি গ’ল৷ বাচৰ পৰা নামিয়ে অট’ এখনৰ কাৰণে ইফালে সিফালে চাওতেই এখন আহি ওচৰতে ৰলহি৷ তেওঁ মোক দেখিয়ে গম পাইছিল মই যে অট’ৰ সন্ধানত৷ “ইউ ৱাণ্ট অট’? “….“য়েছ ব্ৰড ৱে“…….“অ’কে প্লিজ চিট “…বুলি কৈ তেওঁ মোক বজাৰখনৰ মাজত লৈ গৈ ৰখাই দিলেগৈ৷ মই ভাড়া দিলো, তেওঁ থেংকিউ বুলি মিঠা হাঁহিৰে অট’খন ঘূৰাই অহা বাটেৰে উভতি গল৷ ৰাষ্টা চিনি নাপালেও ইয়াত অট’ এখনৰ সহায় লবলৈ আগবাঢ়ি যাবলৈ ভাল বায়ে কৈছিল৷ বেছিভাগ অট’ টুৰিষ্ট গাইডৰ কাম কৰে৷

বজাৰখন এই অঞ্চলৰ নামী বজাৰ৷ খোজ কাঢ়ি কাঢ়ি আগবাঢ়ি গলো৷ যিহে ভিৰ ভিতৰত উৱাদিহ নোপোৱা হ’লো৷ তাতে গাড়ী, অট’, বাইক, চাইকেল সোমাই আহি যান যঁতৰ সমস্যা বঢ়াই পৰিবেশটো আৰু অসাধাৰণ কৰি তুলিছে৷ সঁচাকৈ কিবা এটা বিশেষ দিন নজনা এজনৰো এনে এটা ভাব আহি যাব৷ বহুতো পুলিচ কৰ্তব্যৰত৷ বহু পৰ ধৰি মই ৰাষ্টা এটা পাৰ হব পৰা নাই৷
এখোজ দিওঁ দুখোজ উলটি আহো৷ আকৌ যাওঁ উলটি আহো৷ আজিও ধন্যবাদ জনাওঁ সেই পুলিচজনক৷ হাতেৰে ট্ৰেফিক পুলিচৰ দৰে কাম কৰি যানবাহনবোৰ ৰখাই মোক ৰাষ্টা পাৰ কৰাই দিলে তেওঁ৷ এয়া নহয় যে এজাক মানুহৰ কাৰণে তেওঁ হাত দাঙি গাড়ীবোৰ ৰখাই দিলে৷ অকল মইহে পাৰ হলো৷ তেওঁক বহুত ধন্যবাদ দি মই বজাৰমুৱা হৈ পৰিলো৷ শালিকাজনীযেন হৈ ইফালে সিফালে জঁপিয়াই কি কি যে নাচালো৷ কি কি যে নিকিনিলো৷ কেইবাখনো দোকানত, বজাৰত ফুলেৰে বনোৱা ৰংগুলী দেখা পালো৷ অ’নামৰ সময়ত সতেজ ফুলেৰে বনোৱা ৰংগোলীৰ কথা শুনিছিলো, দেখা পাই ফটাফট ফটো কেইখনমান তুলি ললো৷ এইদৰেই ভালেমান সময় গ’ল৷ লাহেকৈ হাত দুখনো বন্দী হৈ পৰিল বজাৰৰ টোপোলাৰে৷ কি কৰো কি নকৰো কৈ বাইদেউক ফোন লগালো৷ বায়ে মোক তাতে ৰ’বলৈ ক’লে৷ কিবা এটা খাই ইফাল সিফাল কৰি থাকোতে হাঁহি হাঁহি বা ভিনদেউ গাড়ী লৈ পালেহি৷ তেওঁলোকৰ মোক অলপমান লগ দি ইফাল সিফাল ফুৰাই ৰাতি বাহিৰতে ডিনাৰ কৰাৰ পৰিকল্পনা৷ মই জঁপিয়ায়ে উঠিলো৷ ডিনাৰৰ কাৰণে বহোতে তেওঁলোকে আমাক অ’নাম সন্ধ্যা খোৱাত জোৰ দি আগ্ৰহ প্ৰকাশ কৰিলে৷ সেই সময়ত প্ৰায়বোৰ লোকেই অ’নাম সন্ধ্যা খোৱাত আগভাগ লয়৷ ময়ো কেৰালাৰ জাতীয় উৎসবৰ এসাঁজ খাই ভাগৰে টোপনিয়ে দিনটোৰ ধুনীয়া স্মৃতিৰে ঘৰলৈ ৰাওনা হ’লো৷ পিচত তাত থকা কেইদিন বাইদেউক বাচেৰে অহা যোৱা কৰিবলৈ উনুকিয়াই থৈ আহিলো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments