কেৱল ময়েই ভাল (ডা° কুমাৰ পাৰ্থ প্ৰতিম)

খণ্ডচিত্ৰ(১): ৰসাতল
“কি যুগ আহিল হেৰৌ? কালি ছোৱালী এজনীয়ে মদ কিনা দেখিলোঁ৷ ”
“মানে? ”
“মানে আৰু কি বন্ধু? মোৰ ওচৰতে থিয় হৈ তাই বিনদাছ মদ কিনি আছিল সেই চাৰিআলিটোৰ মদৰ দোকানখনৰপৰা৷ তাইৰ মুখখনলৈ চালে তই বুজিবই নোৱাৰিবি, যে তাই ইমান বেয়া কাম এটা কৰি আছে৷ এনে লাগিছিল, যেন গেলামালৰ দোকানৰপৰা আলু হে কিনি আছিল তাই! বুজিছ সমাজখন ৰসাতলে গ’ল আৰু৷ ”
“বুজিলোঁ, সমাজখন সঁচাকৈয়ে ৰসাতলে গ’ল৷ কিন্তু তই কি কৰিবলৈ গৈছিলি মদৰ দোকানখনলৈ? ঘোঁৰা ঘাঁহ কাটিবলৈ? নে সমাজখন উদ্ধাৰ কৰিবলৈ?”
#কেৱল_ময়েই_ভাল৷
——————————-
খণ্ডচিত্ৰ(২):ব্যৱহাৰ

“বুজিছে দাদা, মানুহবোৰৰ ব্যৱহাৰ বৰ বেয়া হ’ল আজিকালি৷ ভালদৰে কথা পাতিবই নাজানে৷ কিবা সুধিলেই ভালকৈ কোৱাৰ সলনি কিবা দেখোন গেঙেৰি মাৰিহে উঠে৷ ”
“তোমাৰ কৈ শেষ হ’ল, নে আৰু কিবা ক’ব লগা আছে? ”
“নাই, কিয়? ”
“সেইখন হস্পিতেললৈ আজিৰ দিনটো ধৰি তুমি মুঠতে চাৰিবাৰ গ’লা৷ প্ৰথমদিনা এজন ৱাৰ্ড বয়ৰ লগত তোমাৰ তৰ্কা-তৰ্কি৷ দ্বিতীয় দিনা এজন টেকনিচিয়ানৰ লগত৷ তৃতীয় দিনা এজন ডাক্তৰৰ বদনাম গালাহি৷ আৰু আজি এজনী ৰিচেপচনিষ্টে বাৰুকৈহে তোমাক নচৰিয়ালে৷ ”
“কিয় শুনাই আছে এইবোৰ? ”
“কাৰণ আছে, শুনা৷ জানাই, পাঁচোটা আঙুলি কেতিয়াও সমান হ’ব নোৱাৰে৷ সকলোৰে কথা বতৰা বা ব্যৱহাৰো বেলেগ বেলেগ৷ কিন্তুু এইটো কথা মই কেনেকৈ মানি ল’ম যে প্ৰত্যেকবাৰেই তুমি গৈ সেই গেলা কেইটাৰ পাল্লাতহে পৰা! এবাৰ নিজকে চিকুটি চাবাচোন, কিজানি তোমাৰেই কিবা খুঁট বিচাৰি পোৱা৷”
#কেৱল_ময়েই_ভাল৷
———————————
খণ্ডচিত্ৰ(৩):আপোচ
“মাজনী ইয়ালৈ গুছি আহিল বোলে ডাঙৰ বা?”
“নক’বি আৰু সৰুবোপা৷ গিৰিয়েকৰ ঘৰখনে তাইক নিজৰ বুলি ভাবিবই নোৱাৰিলে৷”
“সঁচানে?”
“মিছা কিয় ক’ম?”
“সঁচা মিছা বাদ দিয়া৷ মই অলপ বেলেগকৈ ভাবিছোঁ কথাখিনি৷ চোৱা ডাঙৰ বা, মোৰ একমাত্ৰ ভাগিনী হিচাপে তাইক মই বহুত মৰম কৰোঁ৷ কিন্তুু তাই তোমালোকৰ ঘৰৰ বাহিৰে বেলেগ ক’ৰবাত এডজাষ্ট্ হ’ব পৰা দেখিছা জানো তুমি? তাই ক্লাছ টুৱেল্ভ পাছ কৰাৰ পিছৰ কথাখিনিলৈ মনত পেলোৱাচোন৷ প্ৰথমে চৰকাৰী হোষ্টেল এৰিলে, চিনিয়ৰখিনি বোলে বহুতেই বেয়া৷ দুমাহতেই প্ৰাইভেট হোষ্টেল তিনিটা সলালে, শেষত ভাৰাঘৰ লৈ ভিনদেউক ইয়াত অকলে ৰাখি তুমি তাইৰ লগত থাকি নিজে ৰান্ধি বাঢ়ি খুৱাইহে তাইৰ ক’ৰ্ছ তুমি কমপ্লিট্ কৰালা৷ তাইৰ এজনীমান অন্তৰংগ বান্ধৱী আছেনে? গিৰিয়েকৰ ঘৰখন ভাল নে বেয়া সেয়া বাৰু আমি আকৌ এবাৰ অনুসন্ধান কৰিম, কিন্তুু সমস্যাবোৰৰ প্ৰধান কাৰণ তাই নিজেই নহয়টো? ”
#কেৱল_ময়েই_ভাল৷
——————————–
খণ্ডচিত্ৰ(৪)মানৱতা:

“বুজিছ, আজিকালি মানুহবোৰৰ মানৱতা নাইকিয়া হ’ল একেবাৰে৷ ৰাস্তাত ওলালেই দেখিবি, এম্বুলেন্স এখনক ৰাস্তা এৰি দিবলৈও টান পায় গাড়ীবোৰে৷ আৰে ভাই, নিজৰ বেমাৰী এজন লৈ যাব লগা হ’লে এনেকুৱা পৰিস্থিতিত কেনেকুৱা লাগিব মানুহবোৰে এবাৰলৈও ভাবি নাচাই কিয়? ”
নৱম মানত পঢ়ি থকা ল’ৰাটোক নীতিবচনৰ শিক্ষা দি দি দেউতাকজনে গাড়ী চলাই থাকিল৷
“বুজিছ, মানুহক সহায় কৰিবি৷ ভগৱান আছেনে নাই নাজানোঁ, কিন্তুু এক শক্তি আছে, যিয়ে আমাক পৰিচালনা কৰি আছে৷ সৰগ-নৰক বুলি একো কথা নাই৷ সকলোৰে বিচাৰ এইটো জনমতে হয়৷ ”
অকস্মাতে কেকুঁৰিটো ঘূৰিয়েই মানুহৰ জুম এটা চকুত পৰিল৷ এজন বয়সস্থ মানুহৰ মুৰৰপৰা তেজ বৈ আছিল৷ বোধকৰো কিহবাই খুন্দিয়াইছে৷ জুমটোৰ মাজৰ এজন লোক গাড়ীখন ৰখাবলৈ ইঙ্গিত দি আগবাঢ়ি আহিল৷ দেউতাকজনে গাড়ীখন নৰখালে৷ বৰঞ্চ গতিবেগ আৰু অলপ বঢ়াই সেইখিনি পাৰ হৈ আহিল৷ দেউতাকৰ গোৱালগালি পুতেকৰ কাণত পৰিল,
“বেলেগ কাম নাই আৰু, বাটৰ কচু গাত ঘঁহিবলৈ মোৰ কিবা গৰজহে পৰিছে! তদুপৰি মানুহটোৰ তেজ ওলাই আছে ভাই৷ চিটকেইটা লেতেৰা নহ’বনে? ইমানেই সহায় কৰিবলৈ মন, এম্বুলেন্স এখন মাতি দে৷ বেলেগৰ গাড়ী ৰাখি দিগদাৰ দিয়াৰ কি দৰকাৰ?”
#কেৱল_ময়েই_ভাল৷
———————————-
খণ্ডচিত্ৰ(৫): চৌৰ্য্যবৃত্তি

“আজিকালি চাৰিওফালে কেৱল চোৰেই চোৰ বুজিছা প্ৰিয়ংকৰ৷ শিক্ষকে মধ্যাহ্ন ভোজনৰ চাউল চুৰ কৰে, চিকিৎসকে ৰোগীৰ বাবে অহা ঔষধেৰে প্ৰাইভেট প্ৰেকটিছ কৰে, অভিযন্তাই দলং বনাবলৈ অহা পইচাৰে নিজৰ বিল্ডিং বনায়, বাকী ঠিকাদাৰ, নেতা, পালিনেতাবোৰৰ কথা কি ক’ম আৰু তোমাক? দুই নম্বৰী কামেৰে কোনোবাই সুখী হ’ব পৰা দেখিছানে? বটিয়াব, বুজিছা৷ ইহজনমতে বটিয়াই থৈ যাব লাগিব৷ ”
চৰকাৰী স্কুল এখনৰ শিক্ষক হিচাপে কৰ্মৰত সম্পৰ্কীয় খুৰাকৰ ঘৰলৈ প্ৰিয়ংকৰ ফুৰিবলৈ গৈছিল৷ খুৰাকে কোৱা কথাবোৰ এশ শতাংশই সত্য৷ এবাৰত খুৰাকে তাক ক’লে,
“তুমি ভাল ছবি আঁকা বুলি শুনিছোঁ৷ আমাৰ ইয়াক কিবা এটা শিকাই থৈ যোৱা অ’৷”
“কি যে কয় খুৰা৷ অলপ অচৰপ কিবা আকোঁ আৰু কেতিয়াবা সময় পালে৷ ”
“হ’ব দিয়া৷ ক্লাছ থ্ৰীৰ ল’ৰাটোকনো কিনো সাংঘাতিক কিবা শিকাব লাগে? ফুল বা প্ৰাকৃতিক দৃশ্য এটাকে আঁকিবলৈ শিকাই দিয়া আৰু৷ অই বাবাটো, তোমাৰ বাহিৰা বহী এখন লৈ আনাচোন৷ দাদাই তোমাক কিবা এটা শিকাই দিব৷”
বাবাটোৱে তাৰ ‘বাহিৰা বহী’ এখন লৈ প্ৰিয়ংকৰৰ ওচৰত আগ্ৰহেৰে হাজিৰ হ’ল৷ প্ৰিয়ংকৰে বহীখনলৈ মন কৰিলে৷ খৰচী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়া বাবাটোৰ হাতত সেয়া সৰ্বশিক্ষা মিছনৰ তৰফৰপৰা চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা বিনামুলীয়া বহী এখন৷ প্ৰিয়ংকৰে ঠিকেই বুজিলে, চাৰিওফালে কেৱল চোৰেই চোৰ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments