কৈশোৰকালত যৌনশিক্ষাৰ প্ৰয়োজনীয়তা- ৰূপাঞ্জলি চেতিয়া

কৈশোৰ কালছোৱা মানৱ জীৱনৰ আটাইতকৈ জটিল সময় বুলি মনোবিজ্ঞানীসকলে ক’ব খোজে৷ কাৰণ এই সময়ছোৱাতে মানৱ শৰীৰত আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ ঘটে যিয়ে তেওঁলোকক মানসিক আৰু আবেগিকভাবে প্ৰভাৱান্বিত কৰে৷ হৰমনৰ তাৰতম্যৰ বাবে বহুবোৰ মনো-দৈহিক পৰিৱৰ্তনৰ সন্মুখীন হ’বলগীয়া হোৱাত কিশোৰ-কিশোৰীসকল প্ৰায়ে নিজৰ শৰীৰটোক লৈ কৌতূহলী হৈ পৰে ৷ ফলত বিভিন্ন ধৰণৰ ‘এক্সপেৰিমেণ্ট’ কৰিবলৈ আগবাঢ়ে৷ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ, প্ৰেম, যৌনতা, নিচাযুক্ত বস্তুৰ প্ৰতি আসক্তি ইত্যাদি কৈশোৰাৱস্থাৰ সাধাৰণ বৈশিষ্ট কেইটামান৷ পিছে এই বৈশিষ্টসমূহে একো একোটা সাংঘাতিক সমস্যাৰ ৰূপ ল’বলৈ বৰ বেছি সময়ো নালাগে৷ এইবোৰৰ উপৰি বহুসময়ত অজ্ঞতাৰ বাবেও সমস্যাৰ সৃষ্টি হোৱা দেখা যায়৷ এবাৰ মোৰ ছোৱালীজনীৰ অসুখত চিনাকি চিকিৎসক এগৰাকীৰ ওচৰলৈ লৈ গৈছিলো৷ সদায়েই প্ৰাণচঞ্চল ৰূপত দেখি অহা বাইদেউগৰাকীক বৰ হতাশ যেন দেখা গৈছিল সিদিনা৷ চৰকাৰী চিকিৎসক তেওঁ, চাকৰিয়াল গিৰিয়েক আৰু ল’ৰা-ছোৱালীৰে সুখৰ সংসাৰ। হতাশ হোৱাৰ কোনো কাৰণেই নাই৷ কিছু কথা-বতৰাৰ অন্তত আক্ষেপেৰে কৈছিল তেওঁ, “এৰি দিম এই চাকৰিটো৷ প্ৰাইভেটকৈ চেম্বাৰ খুলিম৷ বৰ জটিল হৈ পৰিছে সময়৷ দিনে কমেও দুজনীকৈ টিন এজাৰ ছোৱালীৰ এবৰ্চন কৰিবলৈ পাওঁ৷ মোৰ ছোৱালীজনীৰ বয়সৰ ছোৱালীবোৰৰ অপৈণত দেহটোক লৈ জীৱন-মৰণৰ টনাটনি৷ কষ্ট হয়; খাব-শুব নোৱৰা হৈছোঁ৷” কথাখিনি কৈ বহুপৰ মৌন হৈ ৰৈছিল তেওঁ৷ বুজি পাওঁ মই- তেওঁৰ যি অনুভূতি, সেই অনুভূতিত এগৰাকী মাকৰ হৃদয় লুকাই আছে৷ তেওঁ কোৱামতে সেই ভুক্তভোগী কিশোৰীসকলৰ বেছিভাগেই অনভিজ্ঞ নিজৰ দেহত ন কৈ হ’ব ধৰা পৰিৱৰ্তনক লৈ আৰু প্ৰায়ভাগেই নিষ্পেষিত তেওঁলোকৰ সম্পৰ্কীয় নাইবা চুবুৰীয়া কোনো লোকৰ দ্বাৰাই৷

কিশোৰ-কিশোৰীৰ ওপৰত হোৱা যৌন নিষ্পেষণ কোনো নতুন কথা নহয়৷ প্ৰায়ক্ষেত্ৰতে ইয়াৰ মূল কাৰণ সজাগতাৰ অভাৱ৷ বহুসময়ত অজ্ঞতাৰ বাবেও এনে ধৰণৰ বিপদ আহি পৰে৷ সেয়ে প্ৰত্যেকজন পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষকৰ এয়া এক গুৰুদায়িত্ব যাতে এই সময়ছোৱাত কিশোৰ-কিশোৰীসকলৰ যৌনশিক্ষা উপযুক্ত আৰু পৰ্যাপ্ত পৰিমাণৰ হয়৷ পৰ্যাপ্ত বুলি এইবাবেই কোৱা হৈছে যিহেতু এই সময়ছোৱাতে তেওঁলোকৰ দৈহিক আৰু মানসিক পৰিৱৰ্তন আটাইতকৈ বেছিকৈ হয়৷ সেইবাবে এই পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি উভয় দিশতেই উপযুক্ত শিক্ষা আগবঢ়াব লাগে যাতে তেওঁলোকে দেহত হোৱা পৰিৱৰ্তনৰ সৈতে সমতা বজাই ৰাখি মানসিকভাৱে সুস্থ আৰু সবল ভৱিষ্যতৰ দিশত খোজ দিব পাৰে৷

কিশোৰ-কিশোৰীসকলৰ মাজত কেৱল দৈহিক পাৰ্থক্যই নহয়, স্বভাৱগত মানসিক পাৰ্থক্যও বহু বেছি৷ সেইবাবে তেওঁলোক প্ৰত্যেকৰে লগত কৰা আচৰণ আৰু শিক্ষাদানো সেই পাৰ্থক্যসমূহক আগত ৰাখি কৰা উচিত৷ বৰ্তমান শিশু আৰু কিশোৰ-কিশোৰীসকলৰ ওপৰত হোৱা সকলো প্ৰকাৰৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ বাবে প্ৰণয়ন কৰা হৈছে কেতবোৰ আইন৷ এই আইনসমূহেও তেওঁলোকৰ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰখনত কিছু পৰিমাণে হ’লেও সুফল প্ৰদান কৰিছে যদিও এইক্ষেত্ৰত আৰু অধিক সজাগতাৰ আৱশ্যক আছে৷ কেৱল উপযুক্ত শিক্ষা আৰু জ্ঞানৰ দ্বাৰাহে সেই সজাগতা লাভ কৰিব পাৰি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments