কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিৰ লগত জড়িত মহিলা কেন্দ্ৰিক পূজা “হুদুম দেও”_অজয় বৰুৱা

“হুদুম দেও হুদুম দেও
আমাক ফুটাক পানী দেও
আমাৰ দেশত নাই পানী
জীৱন ধৰি টানা-টানি।”
অনাবৃষ্টিৰ ফলত দেশত দেখা দিয়া দুৰ্ভিক্ষৰ পৰা পৰিত্ৰাণ পাবলৈ কৃষি নিৰ্ভৰশীল কোচ-ৰাজবংশী জনগোষ্ঠীৰ নাৰী সমাজ উভতি যায় পূৰ্বপুৰুষৰ সাতামপুৰুষীয়া আৰণ্যক জীৱন সংস্কৃতি যিটো তে‌ওঁলোকৰ একান্ত ব্যক্তিগত, স্বকীয়। ইয়াৰ দ্বাৰা অনাবৃষ্টিৰ দেৱতা “হুদুম” ক বৃষ্টি আয়নৰ বাবে ব’হাগ মাহৰ শেষৰ পৰা জেডমাহৰ যিকোনো মংগলবাৰ বা শনিবাৰে এই পূজা অনুষ্ঠিত কৰে। বিবাহিত আৰু বিধবা তিৰোতা সকলেহে কেৱল ইয়াত অংশ গ্ৰহণ কৰে। গাঁৱৰ তিৰোতাসকলে অতি গোপনীয়তাৰে নৃত্য-গীতৰ মাজেৰে এই উৎসৱ বা পূজা পাতে। এই পূজাৰ লগত জড়িত (মানুহৰ মাজত প্ৰচলিত)অনেক গীত আছে। দুটা গীতৰ অংশ তলত দিয়া হ’ল, , ,
১) হুদুম দেও হুদুম দে‌ও
নেও পূজা হাসিয়া খেলিয়াৰে, , , , ,
২)কালা মেঘ ধলা মেঘ ডাকিনা আন ঝাৰি,
আন্ধাৰ কৰিয়া দেওয়া
আইসে দাবাৰি। আদি
উত্তৰ পূৰ্বাঞ্চলত বাস কৰা বিভিন্ন জন-গোষ্ঠীৰ মাজত কোচ-ৰাজবংশীসকল অন্যতম। প্ৰাচীন কালৰ পৰাই এই জনগোষ্ঠীটোৱে উন্নত কৰ্ম সংস্কৃতি নিদৰ্শন ধৰি আহিছে‌। কৃষিৰ ওপৰত নিৰ্ভৰশীল এই জনগোষ্ঠীটোৰ সংস্কৃতিও সেয়ে কৃষিকেন্দ্ৰিক। কৃষিনিৰ্ভৰ এ‌ই সমাজখনে কেতিয়াবা অনাবৃষ্টিৰ আকাংক্ষাত ভুগিবলগীয়াত পৰে। প্ৰকৃতিৰ পৰা প্ৰাপ্ত অনাকাঙ্খিত এই সময়ছোৱাতে নামনি অসমৰ পুৰণি গোৱালপাৰা জিলা, বংগৰ কোচবিহাৰ, জলপাইগুৰি, দাৰ্জিলিং, বাংলাদেশৰ দিনাজপুৰ আৰু পূৰ্ব দিনাজপুৰ, ৰংপুৰ আদিৰ কোচ-ৰাজবংশী সম্পদায়ৰ কৃষক সমাজৰ মহিলা সকলে বৰ্ষাকামনাৰে পালন কৰে “হুদুম দেও ব্ৰত।” আচলতে এই ব্ৰত বা পূজা একান্ত ভাবে নাৰী কেন্দ্ৰীক অনুষ্ঠান। হুদুম মানে হ’ল হুদু চৰাই। যাক বৰষুণৰ দেৱতা ইন্দ্ৰৰ প্ৰতীক বুলি ভৱা হয়। হুদু চৰাইয়ে কাচিৎহে কান্দে। খৰাং বতৰত এই চৰাইটোৱে যদি একে লেথাৰিয়ে তিনিৰাতি কান্দে তেতিয়া বৰষুণ হয় বুলি এক জনবিশ্বাস আছে। পূৰ্বতে আঁউসীৰ নিশা হুদু চৰাই এটা ধৰি আনি পথাৰৰ খুটি পুতি বান্ধি গৈ গাঁৱৰ বিবাহিত মহিলা সকল একত্ৰিত হৈ সম্পূৰ্ণ উলংগভাৱে তাৰ চাৰিওফালে নাচ, গান কৰিছিল। বৰ্তমান বন্দীদশা প্ৰাপ্ত জীৱন্ত হুদু চৰাইক পূজাৰ বেদীত স্থাপন কৰা পৰিবৰ্তে (এতিয়া দুস্প্ৰাপ্য আৰু আইনৰ চকুত অপৰাধ) খেতিপথাৰত কলগছৰ (আঠীয়া কলৰ) পুলি পুতি এই পূজা কৰা হয়। এই কলগছৰ পুলিটোক “হুকুম খুটি” বোলা হয়। এই খুটিটো খুব সততা আৰু নিষ্ঠা সহকাৰে আনি পোতা হয়। “এক কুশিয়া ছাত্তয়া” মানে এটি সন্তানৰ মাতৃ এগৰাকীয়ে একে উশাহতে ৰাতিৰ এন্ধাৰত উলংগ হৈ কাটিব লাগে। এই খুটি পোতাৰ সাত দিন আগৰ পৰা প্ৰধান পূজাৰিনীৰ আহ্বানত তেওঁৰ নেতৃত্বত পূজাৰ আগৰ প্ৰত্যক দিন সাত-‌আঠজনীয়া মহিলা আৰু অকুমাৰী ছোৱালী “মাগন” ত বাহিৰ হয়। নেত্ৰী আগে আগে যায় আৰু মূৰটো ফটা কৰা বাঁহৰ লাঠিৰে মাটিত স্পৰ্শ কৰি শব্দ কৰে। প্ৰতি গৰাকীয়ে কঁকালত বহন কৰে মাটিৰ একোটা ডাঙৰ কলহ আৰু হাতত একোখনকৈ কুলা। সিহঁত অহাৰ শব্দ শুনিলে ঘৰৰ ছোৱালীখিনিয়ে ঘৰৰ পৰা ওলাই যায় বা অইন কোনো ঘৰত সোমাই থাকে। ব্ৰত ধৰা মহিলা বা ছোৱালীবোৰে যি ঘৰত পানী “মাগন” কৰিবলৈ যায় সেই গৃহত গৃহস্থনীয়ে চোতালত ৰখা ধান খুন্দা চায়ত পানী থৈ দিয়ে। মূল পূজাৰিনীয়ে “বান্নি”(বাঢ়নী) ৰে চোতালখন প্ৰতীকি ৰূপত সাৰি চোতালৰ জাবৰবোৰ নিজৰ কুলাখনত উঠাই লয়। এনেদৰে চাৰিবাৰ মান কৰি গাঁৱৰ অন্য ঘৰলৈ ৰাওনা হয়।
‘হুদুম খুটিটো’ পোতা আগৰ ঠাইখিনি বিশুদ্ধ চিত্তে পৰিষ্কাৰ -পৰিচ্ছন্ন কৰি মহিলা সকলে লগত লৈ যোৱা নাঙল যুঁৱলি ধুই মচি নিকা কৰি সেইবোৰত সেন্দূৰৰ ফোঁট লগাই দিয়ে আৰু সিহঁতে নিজে নিজে কোনোবাই বলধৰ ৰূপ কোনোবাই হালোৱাৰ ৰূপ ধৰি হালবোৱাৰ অভিনয় কৰে। মাটি চহ হ’লে কল পুলিটো গাঁত খান্দি পোতে পিছত ইতিমধ্যে সাতখন গৃহস্তৰ পৰা “মাগন” কৰি সংগ্ৰহ কৰা পানী ছটিয়াই দিয়ে। গাঁতটোৰ ভিতৰত সাতঘৰৰ পৰা মাগি অনা পানী, মকৰাৰ জাল, এটা সন্তান থকা মাতৃৰ স্নানকৃত পানী, ফেচকুলা চৰাইৰৰ বাঁহ, ঢোৰা কাউৰীৰ বাঁহ, গণিকাৰ দ্বাৰৰ মৃত্তিকা, হাতী দাঁতৰ মাটি, ঢেঁকীধোৱা পানী, পতিতাৰ যৌনকেশ, ঘূৰ্ণীবতাহত উৰা বস্তু, বুঢ়ীমানুহৰ কাপোৰৰ সূতা আদি দিয়া হয় লগতে ষোল্লটা কল থকা একাখি “মনুৱা” বা আঠিয়া কল, ফল, মূল, দৈ, গাখীৰ, গুড়, চেনি, চাউল, পানীৰে পূৰ্ণ ঘট য’ত ৰঙা মাৰ্কিন কাপোৰ মেৰিয়াই ৰখা হয়, তামোল-পাণ, ধূপ-ধুনা, শলিতা, চাকি, সৰিয়হতেল, পাত, বাৰবিধ শস্য আৰু আমৰ পল্লৱ ৰখা হয়।
লোকবিশ্বাস মতে ‘হুকুম খুটি ‘ পোতাৰ লগে লগে বৰষুণ হয় আৰু তিনিদিনৰ ভিতৰত বৰষুণ নহলে আতীসকলে পূজাখন পুনৰায় পুনাংগ ৰূপত আৰম্ভ কৰিব লাগে। সৰ্বজনীন এই পূজাত কোনো বৈদিক নিয়ম বা আচাৰ নাই আৰু সম্পূৰ্ণ লৌকিক পদ্ধতিৰ দ্বাৰা ৰাজবংশী মহিলা সকলে এই পূজা ভাগ কৰে। লৌকিক আচাৰনুসৰি পূজা শেষ কৰি ‘হুদুমখুটি’ ৰ চাৰিওফালে চক্ৰাকাৰে ঘূৰি ঘূৰি গোটেই ৰাতি মহিলাসকলে নগ্ন হৈ যৌনধৰ্মী গীতসমূহ গাই বৃষ্টি কামনাৰে ‘হুদুম দেওঁৰ’ ওচৰত আকুলচিতে প্ৰাৰ্থনা জনায়। অন্ধকাৰাছন্ন ৰাতি সম্পূৰ্ণ উলংগ হৈ লাজ -দ্বিধা নোহোৱাকৈ অন্তৰৰ আনন্দত শ্লীল-‌অল্লীলতাৰ পৰিধি অতিক্ৰমি কৰি পৰস্পৰে-পৰস্পৰক সাৱটি মৈথুন আৰু সংগমৰ অভিনয় কৰে। বিশ্বাস কৃষক সমাজৰ বসুধা হ’ল নাৰী প্ৰকৃতি, হুকুম বা বৰুম বা ইন্দ্ৰ হ’ল তাইৰ পতি। এই স্বামীদেৱতাৰ বীৰ্যৰ সদৃশ বৰষুণ পৰিলে স্ত্ৰী-ৰূপী বসুন্ধৰা উৰ্বৰা হয়। চৌদিশ শস্য, ফল-ফুলেৰে নদন-বদন হৈ পৰে। কেইটিমান ‘হুকুম দেও” পূজাৰ গীত হ’ল, , ,
“হুকুম দেও হুকুম দেও
হাগা আচ্ছি পানী দেও
আমাৰ দেশত নাই পানী
হাগা-টিকা বাৰা- বাণী। । “
সেইদৰে
“হিল হালিছে মোৰ কোমৰটা
শিৰশিৰাইছে গাও
কুণ্ঠকনা গেছে এলা হুদুমেৰ দেখা পা‌ওঁ, , , , । “
সৃষ্টিৰ আধাৰস্বৰূপ নাৰীৰ উদ্দাম নৃত্য-গীতে বৃষ্টিৰ আৱাহন আৰু ইয়াৰ ফলত বৰষুণ হোৱাটো অৱশ্যাম্ভাবী। এনে বিশ্বাস হৃদয়ত লৈ কোচৰাজবংশী সকলে “হুকুম দেও” পূজা কৰে। য’ত গোৱা গীতবোৰ কৃষক সমাজত বহুভাৱে প্ৰচলিত। এই গীতবোৰ সম্পূৰ্ণ ৰাজবংশী ভাষাত বিৰচিত। এই গীতসমূহ আৰু পূজাৰ সমগ্ৰ ধৰণ-কৰণ তথা নীতি-নিয়ম সমূহ ৰাজবংশী সমাজৰ এক লোককৃষ্টি। ইয়াৰ সংৰক্ষণ আৰু যথোচিত পালনত গুৰুত্ব নিদিলে হয়টো ই কালক্ৰমত হেৰাই থাকিব।
সহায়ক গ্ৰন্থ: ➖
১)প্ৰান্তিক
২)গোৱালপৰীয়া লোক সংস্কৃতি আৰু লোকগীত-ড০ ধীৰেন দাস।
৩) চান্দৰ ডিঙা -স্মৃতিগ্ৰন্থ (অসম সাহিত্য সভা)
নমামি ব্ৰহ্মপুত্ৰ স্মৃতিগ্ৰন্থ (ধুবুৰী, ২০১৭)
৪)স্মৃতিগ্ৰন্থ-ৰূপালী জয়ন্তী সদৌ অসম লেখিকা সমাৰোহ সমিতি (২০১৯)।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
4 months ago

নতুন কথা জানিলো।।। ৱেবছাইট ত এনে মূল্যবান তথ্যমূলক আৰু জ্ঞানবৰ্ধক লিখনি প্ৰকাশ প্ৰকাশ কৰা (তাকো অসমীয়াত) আজিৰ তাৰিখ ত অত্যন্ত জৰুৰী। লিখকলৈ অলেখ ধন্যবাদ।

3 months ago

If some one needs expert view about running a blog after that i suggest him/her to visit this webpage, Keep up the good work. Romy Lindsey Laufer

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক