কোনেও নোকোৱা কথাটো তই ক… – নূপুৰ হাজৰিকা

( লোক-কবিতাৰ আৰ্হিত)

আঁহতৰ খোৰোঙৰ গুণ গুণ মৌবাহ

মূধত পাৰৰ ৰুণ

নুবুজা

ভাৱনাত নাহৰ তলমূৰ —

বৰদৈচিলা আহে বুলি

সামৰি-সুতৰি আহিলোঁ

আউল লগা তাঁতখন!

চকুত চকু থ আৰু ক

কাণে কাণে ক

সদায় কৈ থকা কথাটো

কেতিয়াও নোকোৱা কথাটো,

বাৰে বাৰে ৰৈ যোৱা আধৰুৱা কথাটো!

জানিছিলি, নৈখন বলিয়া৷

থিয় গঁড়া খহাদি খহিছ তই,

মন বালিময়,

নৈয়ে নোকোৱা কথাটো তই ক

কঠুৱা শিলে নমনা কথাটো তই ক৷

পানীপিয়া চৰায়ে পানী পানীকৈ চিঞৰা কথাটো তই ক

বহু দেশ ভ্ৰমি বসন্তৰ কুলিয়ে

কি ক’লেহি কুঁহিপাতক,

তই ক৷

দেওলগা হাৱিৰ ফুল নানিবি

দেওলগা হাৱিৰ মাত,

দেওলগা হাৱিৰ উম, নানিবি৷

তাহানি য’ত মৌবাহ পকিছিল

ভৰিত হুলে বিন্ধিছিল

হুলেৰে হুল

বিষেৰে বিষ টনাটনি!

চিৰিংকৈ উজাই অহা বিষ,

নাজানিছিলোঁ,

ফু মাৰি যে উলিয়াব পাৰি

চকুৰ কূটা!

ফু মাৰি যে জাৰিব পাৰি বিষ!

ৰাতি এডোখৰ ঢোল নে পেঁপাই কালিকা লগায়,

উথপথপ তৰাই গাতে বাচি দিয়ে মোৰ

পোহৰৰ কিংখাপ!

জলঙাৰে জুমি চাবি —

এন্ধাৰ ক’লাত

চিক্ মিক্ ৰূপালী মুদ্ৰা প্ৰহৰ!

কি আদিম কৌশলেৰে

তুঁহ জুঁইত সঁপি দিম

তোৰ কালসৰ্পৰ মোট,

এটা এটাকৈ জাহ যাব দুখৰ সাধুবোৰ !

চা ঐ, যাদু বসন্ত

এন্ধাৰে নুৰিওৱা অন্ধ সাঁথৰ

লাহে

লাহে

খুলি যা

ভাঙি চা!

জপাৰ

পুৰণি পাটকাপোৰ কিযোৰত

গুণাৰ ছিগা তৰা,

ভাঁজে ভাঁজে কেতেকীৰ সুৱাস,

ফুটুকী পখিলা হৈ উৰি আহ তই

কেঁচা হালধি ঘঁহি বেলি ওলোৱা পৰত

আমি উৰি যাম       

ৰং সলাম

ৰূপ সলাম

সৌ ডালত ওলমিম কপৌ হৈ

সৌ ডালত ওমলিম কপৌ হৈ!

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক