কোন দিশে আমাৰ অসমীয়া ভাষাটো আজি ধাৱমান ?? (মল্লিকা কলিতা)

বুৰঞ্জী লেখক এডৱাৰ্ড ব্ৰাউনৰ মতে, ‘একোটা ভাষাৰ মৃত্যু হেনো একোটা জাতিৰ মৃত্যুৰে আগজাননী’ । ভাষা হ’ল এখন দেশৰ, এটা জাতিৰ প্ৰাণ তথা পৰিচয় । ভাষাক বাদ দি মানব জাতিৰ অস্তিত্ব কল্পনা কৰা সপোনৰো অগোচৰ । কবি গ্যেটেই কৈছিল : ‘ যি মানুহে নিজৰ মাতৃভাষা ভালকৈ জানিব বা শিকিব নোৱাৰে, তেওঁ আন কোনো ভাষাকে ভালকৈ জানিব বা শিকিব নোৱাৰে’ । শিক্ষাৰ মূল লক্ষ্য-উদ্দেশ্য আৰু সেই উদ্দেশ্যক সুদূৰ-প্ৰসাৰী কৰাৰ ক্ষেত্ৰত ভাষাৰ অৱদান অপৰিসীম । সভ্য সমাজত ভাষাই হ’ল মানুহৰ ভাগ্য স্বৰূপ । মানুহৰ সাংস্কৃতিক বিকাশ সম্পূৰ্ণৰূপে ভাষাৰ ওপৰত নিৰ্ভৰশীল । ভাষাই কেবল ভাব প্ৰকাশেই নকৰে, ভাব-চিন্তাৰ জন্মও দিয়ে ভাষাইহে । দাৰ্শনিক উইৎগেনষ্টিনে প্ৰকাশ কৰিছে- ‘My language is my Universe’ । অসমীয়া ভাষা জ্ঞানৰ মান কিয় দ্ৰুতগতিত তললৈ নামি আহিছে, সেয়াহে বিচাৰ্যৰ বিষয় বৰ্তমান ।
অসমীয়া ভাষা অনা-অসমীয়াৰ মুখত ভুলকৈ শুনা গ’লে বেয়া নালাগে ; কিন্তু অসমীয়াই দহোটা ভুল শব্দৰে, ইংৰাজী, হিন্দী, বাংলা, পাঞ্জাৱী সকলো মিহলাই বাক্য এটা ক’লে বিহ খোৱাৰ আৰু প্ৰয়োজন নহয় । এনে জাতিৰ পৰা সৃষ্টিমূলক কাম-কাজ, সাহিত্যকৰ্ম আশা কৰা ভুল । কথিত ভাষাত আজি অজস্ৰ ইংৰাজী শব্দই যেনে-স্কুল, কলেজ, কাপ-প্লেট, বাছ, বেগ আদিয়ে খোপনি পুতি বহি ল’লে ।
আধুনিক ভোগবাদে জন্ম দিছে বস্তুবাদিতাৰ । সকলোকে ঘৰ লাগে, গাড়ী লাগে, দামী অলংকাৰ-বেংকত মোটা জমা ধনৰাশী, পদমৰ্যদা লাগে । বিলাসবহুল জীৱনৰ প্ৰতি লালাসিত প্ৰায়খিনিয়ে । সৰুৰে পৰা সেয়ে পিতৃ-মাতৃয়ে নিজ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি মোহাচ্ছন্ন কৰায় । প্ৰতিযোগিতাৰ দৌৰত টিকি থাকিবলৈ ইংৰাজী যে মুখ্যত তেওঁলোকৰ মানত । একচামৰ ভুল ধাৰণা অসমীয়া শিকিলে কি হ’ব নাইবা অসমীয়া মাধ্যমত পঢ়িলে সন্তানৰ ভৱিষ্যত সুৰক্ষিত নহ’ব । আমি ৰাস্তা ঘাটবোৰ বহলাই গৈ আছোঁ, কিন্তু মনৰ আকাশখন বহলাব পাৰিছোঁনে বাৰু?
অভিভাৱকে সন্তানক পৈতৃক গাঁওখনৰ বোকা-মাটি, ধাননি-পথাৰ খনৰ নান্দনিক দৃশ্যৰ পৰা আতঁৰাই বিদেশমুখী কৰিছে । সুদূৰ আমেৰিকাৰ পৰা আহি নেথন ব্ৰাউন, ব্ৰন্সনে অসমীয়া ভাষা উদ্ধাৰ কৰি বহু কষ্টেৰে আমাক আমাৰ মাতৃভাষা ফিৰাই দিছিল । ফৰাচী, জাপানী সকলে নিজ ভাষা-সংস্কৃতিক লৈয়েই বিশ্বত বিজয় ধ্বজা উৰুৱাইছে ।
এটাতকৈ অধিক ভাষা জনাটো নিশ্চয়কৈ দোষৰ বিষয় হ’ব নোৱাৰে । কিন্তু আন ভাষা আয়ত্ব কৰিবলৈ যাওঁতে মাতৃভাষাৰ বিকৃতকৰণ সুস্থ ব্যক্তি মাত্ৰেই বিৰুদ্ধাচৰণ কৰিব । ভাষাক সন্মান কৰিব নোৱাৰিলেও ধ্বংস কৰাৰ অধিকাৰ কাৰো নাই । কোনো অসমীয়াই ভুলকৈ হিন্দী বা ইংৰাজী ভাষা কোৱাটো লজ্জাৰ কথা নহয়, কিন্তু ভুল মাতৃভাষা কোৱাটো অপৰাধ ।
হোটেলৰ কাৰিকৰ, আলধৰা ল’ৰা, বাছৰ হেন্দিমেন আদিয়ে যেতিয়া ‘ভাত এটা দে’, ‘চাহ দুটা দি যা’ বুলি কয় আমিও অনুৰূপ ধৰণে কিয় ক’বলৈ যাব লাগে ? ‘তোমাৰ বাবে ৰখি থাকিলোঁ’, ‘ক’ত যোৱা?’, ‘নগাঁৱত যাওঁ, নলবাৰীত যাওঁ’ বোলাতকৈ শুদ্ধকৈ ইংৰাজী কোৱাই শ্ৰেয় । মাতৃভাষা অসমীয়াক মহা-প্ৰয়াণৰ দিশে ধাৱমান কৰোৱাৰ অভিযোগত আমি সকলোৱে কম বেছি পৰিমাণে অভিযুক্ত আজি । এফ-এম ৰেডিঅ’, আকাশবাণী কেন্দ্ৰ, বৈদ্যুতিন মাধ্যমৰ ঘোষক-ঘোষিকাই অশুদ্ধ হিন্দী বা বাংলা ভাষা কোৱা শুনিবলৈ আমি কাহানিও নাপাওঁ ।
দূৰদৰ্শনৰ ব্যক্তিগত অসমীয়া বাতৰি পৰিৱেশন কেন্দ্ৰৰ বাতৰি পঢ়োতাই ৭০% শতাংশই ইংৰাজী শব্দ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় । আনকি নামকেইটাও ইংৰাজীতে নামাকৰণ কৰা হৈছে: নিউজ লাইভ, ডি ৱাই ইত্যাদি । অন্ততঃ নিজৰ ভাষাৰ প্ৰতি আনুগত্য ৰাখিব লাগিব । অলপতে অনলাইন অভিধান ‘শব্দ’ৰ মূল ব্যক্তি বিক্ৰম মজিন্দাৰ বৰুৱাৰ এটি সাক্ষাত্কাৰ পঢ়ি জানিবলৈ পাইছিলোঁ যে– মেক্সিক’ত সকলোৱে স্পেনিচ কয়, গতিকে সেই ভাষাটো তাত সকলোৱে বাধ্যতামূলকভাবে শিকে । তাত তেওঁলোকে ইংৰাজী জানিলেও নকয়, নিজা ভাষাটোহে কয় । আবুধাবি, মালয়েছিয়াতে হওঁক তেওঁলোকৰ নিজৰ ভাষা নিয়ন্ত্ৰণৰ এখন চৰকাৰী অথ’ৰিটি আছে । আমাৰ অসমীয়া বাতৰিকাকত, দূৰদৰ্শনৰ ব্যক্তিগত বাতৰি প্ৰতিস্থানসমূহে যাৰ যি মন যায় তেনেকৈয়ে লিখে । ভাষাটো শুদ্ধকৈ ব্যৱহাৰ কৰিবলৈ সেই দেশবোৰত কিন্তু পুলিচৰ নিচিনাকৈ ভাষা নিয়ন্ত্ৰণৰ এটা বাহিনী থাকে । ছাইনব’ৰ্ডেই হওঁক নাইবা বাতৰিকাকত কিম্বা দূৰদৰ্শনৰ ঘোষক-ঘোষিকাই হওঁক, সকলোৰে ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ কৰি থাকে, ভুলটো শুধৰাই দিয়ে । আৰবীলোকে কেতিয়াও কম্পিউটাৰক কম্পিউটাৰ বুলি নকয়, তেওঁলোকে তাৰ প্ৰতিশব্দ উলিয়াই লৈছে আৰু তাক নিজ ভাষাত ব্যৱহাৰ কৰিছে । ন ন প্ৰযুক্তিবিদ্যা ওলোৱাৰ লগে লগে নিতৌ ন ন শব্দ আমি পাইছোঁহক । কিন্তু আমি আমাৰ ভাষাত সেই শব্দবোৰৰ প্ৰতিশব্দ সৃষ্টি কৰি ব্যৱহাৰ কৰিলেহে অসমীয়া ভাষা আৰু চহকী হ’ব । উদাহৰণস্বৰূপে প্ৰশান্ত মহাসাগৰ, ভূমধ্য সাগৰ, বিদ্যুত, বিজুলীচাকি আদি বহুত ধুনীয়া ধুনীয়া অসমীয়া প্ৰতিশব্দ ওলাইছিল এটা সময়ত । বৰ্তমান আমাৰ ভাষাটোক সবল নেতৃত্বৰে আগবঢ়াই নিবলৈ কোনো অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তিবিশেষ নোহোৱাটোৱে কি সূচাইছে আমি চিন্তা কৰিবৰ হ’ল ।
কোটি টকা খৰছ কৰা হয় ‘সাহিত্য সভা’ৰ নামত । কিন্তু দুৰ্ভাগ্যজনক যে বৰ্তমান সময়ত সেই সভাখন ক্ষমতাৰ ৰাগীত মত্ত এচামৰ আঙুলিৰ ঠাৰতহে নাচে ।
অসমীয়া লোক কিতাপ পঢ়া লোক । হিউৱেন চাঙে কামৰূপলৈ আহি ৬৪১খ্ৰী:ত এই কথা অনুকিয়াই গৈছে । কোনো এজন মিছনেৰীয়ে কৈ থৈ গৈছিল যে যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ নৈ বৈ থাকিব তেতিয়ালৈকে অসমীয়া ভাষা থাকিবই । পিছে আজি দুদিনমান আগত এখন আগশাৰীৰ বাতৰিকাকতত এখন চিঠিৰ শিৰোনামে আমাক দুখ দিলে কাৰণ পত্ৰলিখকে লিখিছিল ‘ এনেকৈ চলি থাকিলে অসমীয়া ভাষা অতি সোনকালে ৰসাতললৈ যাব’ । পত্ৰলিখকে নিজেও দুখ নিবেদন কৰিছে এনেদৰে লিখিবলৈ লগা হোৱাত । পত্ৰলিখকৰ এনেদৰে লিখাৰ কাৰণ হ’ল এটি প্ৰবন্ধৰ শিৰোনাম-‘সুপ্ৰিয়াৰ আকাশ চুৱা সপোন’ । লেখকজনে ‘চুৱা’ শব্দটোৰে ‘চোৱা’ শব্দটো যাৰ মানে হ’ল স্পৰ্শ কৰা(to touch)বুজাব গৈছিল । কিন্তু চুৱা মানে-‘ৰজস্বলা’, ‘ভাত খাই এৰি থোৱা কাঁহীখন, যেনে চুৱা কাঁহী, সেই এৰেহা পেলোৱা ঠাই যেনে: ‘চুৱা পিতনি’ক বুজায় । ভাষাৰ নগ্ন ৰূপ সচেতন ব্যক্তি মাত্ৰেই নকৰিব নিশ্চয়কৈ ।
১২ফেব্ৰুৱাৰীত ‘কৰুণাধাৰা’ৰ পঞ্চম প্ৰতিষ্ঠা দিৱসৰ সভাখনত য’ত একেলগে অসমীয়া সাহিত্য কৰ্মৰ বাবে এটা বঁটাও আগবঢ়োৱা হৈছিল মঞ্চৰ বেনাৰখন আছিল ইংৰাজী ভাষাত লিখা । বিশেষকৈ সেই মঞ্চত ‘কৰুণাধাৰা’ৰ মুখ্য উপদেষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞি আৰু বৰ্তমানে সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত জি এল আগৰৱালা সমাসীন । সাহিত্য সভাৰো দাবী- ৰাজ্যৰ সৰ্বস্তৰত ৰাজ্যিক ভাষা অসমীয়া ব্যৱহাৰ কৰা হওঁক । যদি এনেধৰণৰ অনুষ্ঠানতে অসমীয়া ভাষা উপেক্ষিত হয়, তেনেহ’লে আৰু দূষিব কাক?

-মল্লিকা কলিতা
অল-খোৰ, কাটাৰ

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
মাধূৰ্য
6 years ago

অসমীয়া ভাষা চিৰজীৱি হওক ৷ প্ৰতি জন অসমীয়াই ইয়াৰ দায়িত্ব লোৱাতো প্ৰধান কৰ্তব্য ৷