কোন দিশে আমি ..কোন দিশে আমাৰ শিক্ষা ( ময়ূৰ বৰা )

kun-dise-siksha-bibostha__moyur-bora

আজি কিছুদিনৰ আগতে ভাৰতৰ অগ্ৰণী ছফটৱেৰ কোম্পানী ইনফ’চিছৰ প্ৰতিষ্ঠাতা তথা প্ৰাক্তন মুৰব্বী নাৰায়ণ মূৰ্তিয়ে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ হতাশাজনক অৱস্থাৰ কথা ব্যক্ত কৰিছিল৷ তেওঁৰ মতে বৰ্তমানৰ নগৰকেন্দ্ৰিক নিগনি দৌৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত মেধাৰ পৰিচয় বেছিভাগ ক্ষেত্ৰতে প্ৰতিফলিত নহয় আৰু তাৰ নেতিবাচক প্ৰভাৱে সমগ্ৰ ভাৰতৰ শিক্ষা ব্যৱস্থাক ইতিমধ্যে ছানি ধৰিছে৷ সংবাদ মাধ্যমত বেছি গুৰুত্ব লাভ কৰা তেওঁ কোৱা কথাটো হ’ল– যোৱা ষাঠি বছৰত বিজ্ঞানৰ মৌলিক আৱিষ্কাৰৰ ক্ষেত্ৰত ভাৰতৰ অৱদান প্ৰায় নাই বুলিয়েই ক’ব পাৰি৷ বহু মানুহ স্তমভিত হৈ পৰিলেও নাৰায়ণ মূৰ্তিৰ বক্তব্যৰ সত্যতা কোনেও নুই কৰিব নোৱাৰে৷ প্ৰাচীন ভাৰতত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ আকৰ্ষণীয় বিকাশ হৈছিল বুলি সততে জয়ঢোল বজাই থকা এচাম প্ৰাচীনপন্থী লোকে বৰ্তমান সময়ত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জগতখনত অপ্ৰয়োজনীয়ভাৱে টিঘিলঘিলাই সমগ্ৰ পৰিৱেশ দূষিত কৰি তুলিছে৷ তেওঁলোকৰ দৌৰাত্ম্যই কিদৰে সমগ্ৰ ব্যৱস্থাটোক বিষাক্ত কৰি তুলিছে সেই কথালৈ তেওঁলোকৰ নিজৰ কাণষাৰটো নায়েই, বৰং আনে সোঁৱৰাই দিলেও তেওঁলোক ক্ষুদ্ধ হয়৷
হিন্দু ধৰ্মক সংকীৰ্ণভাৱে সংজ্ঞায়িত কৰি আৰু হিন্দী ভাষাক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে বলপূৰ্বকভাৱে প্ৰতিষ্ঠা কৰিবলৈ উৎকণ্ঠিত হৈ থকা এই শিবিৰটো যোৱা এটা বছৰত ৰাজনৈতিকভাৱে শক্তিশালী হৈ উঠিছে৷ এওঁলোকৰ চিন্তা ইমানেই আওপুৰণি আৰু গোড়া যে বেদত উল্লেখ থকা এখন নদীক পুনৰুদ্ধাৰ কৰিবলৈ হাৰিয়ানা চৰকাৰক ৫০ কোটি টকাৰ পুঁজি আবণ্টন দিবলৈকো বাধ্য কৰিছে৷ প্ৰাচীন ভাৰত সকলো দিশতে আগবঢ়া আছিল আৰু ইছলাম ধৰ্মাৱলম্বী ৰজাই শাসন কৰা মধ্যযুগীয় ভাৰত সকলো ক্ষেত্ৰতে পিছপৰি ৰৈছিল– এনে এটা ভ্ৰান্ত ধাৰণাক নিজৰ ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ হকে ব্যৱহাৰ কৰিবলৈ তৎপৰ হৈ থকা শিবিৰটোৰ বাবে ভাৰতৰ আধুনিক শিক্ষা ব্যৱস্থা বহু পৰিমাণে ক্ষতিগ্ৰস্থ হৈছে৷ আধুনিক ভাৰতৰ বিজ্ঞান শিক্ষা আগতেও বেছি সন্তোষজনক নাছিল৷ কিন্তুু কলা শাখা অৰ্থাৎ মানৱিক বিদ্যাৰ বিষয়সমূহৰ মাজত থকা উদাৰচিতীয়া চিন্তাৰ প্ৰভাৱে এটা সময়লৈকে ৰক্ষণশীল আৰু অযুক্তিকৰ চিন্তাক দূৰতে বিদূৰ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তুু ভাৰতীয় জনতা দলৰ চৰকাৰ কেন্দ্ৰ আৰু ভালেকেইখন ৰাজ্যত গঠন হোৱাৰ পাছত সেইটো শিবিৰৰ ঋণাত্মক ভাবাদৰ্শৰ মেৰপাকে কলাশাখাৰ বিষয়কো প্ৰদূষিত কৰিছে৷ বিজ্ঞানমনস্ক ভাবধাৰাক প্ৰচাৰ আৰু জনপ্ৰিয় কৰাৰ দৰে মহৎ উদ্দেশ্যৰ কথা বিশ্বৰ বহু কম দেশৰ সংবিধানতহে পৰিলক্ষিত হয়৷ কিন্তুু ভাৰতৰ বহু মানুহক ৰাষ্ট্ৰৰ উদাসীনতা, ৰাজনীতিকৰ অন্ধবিশ্বাস আৰু এচাম সংবাদ মাধ্যমৰ বিভ্ৰান্তিমূলক শিতান ( যেনে– ৰাশিফল, জ্যোতিষীৰ ভৱিষ্যদ্বাণী আদি) আৰু কেতবোৰ বিজ্ঞাপনে বাৰুকৈয়ে অশিক্ষিত কৰি ৰাখিছে৷ সাধাৰণ মানুহ আজি দিশহাৰা, কিয়নো বিজ্ঞানৰ অধ্যাপকে দেৱীৰ আগত পশু বলি দিয়ে, হাতৰ দহোটা আঙুলিত পাৰিলে এক ডজনমান আঙঠি পিন্ধে আৰু বাৰটা মাহত তেৰটা ধৰ্মীয় উৎসৱ পালন কৰে৷ সেয়েহে সংবিধানত আকৰ্ষণীয়ভাৱে উপস্থাপন কৰি থ’লেও কাৰ্যক্ষেত্ৰত আওপুৰণি আৰু পূতিগন্ধময় কুসংস্কাৰত দেশৰ বহু মানুহ কিলবিলাই আছে৷ এনেবোৰ কথাৰ প্ৰেক্ষাপটত এট প্ৰশ্ন অৱধাৰিতভাৱে আহি পৰে৷ ভাৰতৰ বৰ্তমানৰ শিক্ষা তথা সমাজ ব্যৱস্থা যদি ইমানেই হতাশাজনক, তেনেহ’লে অসমৰ ইমানবোৰ ছাত্ৰ- ছাত্ৰী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হৈয়েই বাহিৰলৈ ঢাপলি মেলে কিয়? প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াৰ এটা বস্তুনিষ্ঠ উত্তৰ উলিয়াব পাৰিলেহে অসমৰ আৰ্থ-সামাজিক অস্থিৰতাৰ গতি-প্ৰকৃতিৰ বিষয়ে উমান ল’ব পাৰিম৷
সামগ্ৰিকভাৱে নিৰীক্ষণ কৰিলে স্পষ্ট হয় যে ভাৰতৰ কেইখনমান ঠাইত শিক্ষা ব্যৱস্থা তুলনামূলকভাৱে অসমতকৈ বহুত উন্নত৷ ইয়াৰ মূল কাৰণ অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ বৌদ্ধিক নিস্তেজতা নহয়৷ উপযুক্ত পৰিৱেশ পালে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে যিকোনো সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত মোটামুটিভাৱে ভাল ফলেই দেখুৱায়৷ কিন্তুু সাধাৰণীকৰণ কৰি ক’বলৈ হ’লে আমাৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ইঞ্জিনিয়াৰিং বা মেডিকেলৰ এটা ছীটৰ বাবে উৎকণ্ঠিত হৈ থাকে৷ কলা শাখাৰ প্ৰতি আগ্ৰহ পৰীক্ষাত ভাল নম্বৰ পোৱা(সকলো সম-মেধাসম্পন্ন নহ’বও পাৰে) ল’ৰা-ছোৱালীৰ কম৷ গতিকে এক বিশেষ ধৰণৰ অসন্তুলিত অৱস্থাই অসমৰ শিক্ষা ব্যৱস্থাক ভিতৰি ভিতৰি দুৰ্বল কৰি তুলিছে৷ বিশ্বৰ উন্নত শিক্ষানুষ্ঠানৰ লগত ৰিজালে ভাৰতৰ কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানো বেছি আগবঢ়া নহয়৷ তথাপি তেনেবোৰ ঠাইত অসমৰ তুলনাত এক শান্তিময় আৰু সংঘাতহীন পৰিস্থিতিয়ে এটা সুন্দৰ শৈক্ষিক পৰিৱেশৰ জন্ম দিছে__ য’ত পঢ়িলে কোনো এজন ছাত্ৰ-ছাত্ৰী জ্ঞানৰ দৌৰত বেছি আগ নাবাঢ়িলেও কোনো কোম্পানীত চাকৰি পাব পৰাকৈ যোগ্য হৈ উঠে৷ সেইটো কথাৰ গইনা লৈয়েই অসমৰ অভিভাৱকে ব্যক্তিগতভাৱে ধাৰ কৰি হ’লেও বা বেংকৰ ঋণ লৈ হ’লেও নিজৰ ল’ৰা-ছোৱালীক ৰাজ্যখনৰ বাহিৰত সুশিক্ষা দিবলৈ যত্ন কৰে৷
আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল অসমৰ আৰ্থ-সামাজিক অস্থিৰ পৰিৱেশৰ আঁৰত কোনবোৰ কথা লুকাই আছে? প্ৰকৃত শিক্ষাৰ আলোকেৰে যাৰ জীৱন উদ্ভাসিত তেনে লোকে এই বিষয়ে যুক্তিসিদ্ধ প্ৰশ্ন উত্থাপন কৰা উচিত৷ পৰিতাপৰ বিষয়, আজি অসমৰ পৰীক্ষাত ভাল নম্বৰ পোৱা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে তেনেবোৰ প্ৰশ্ন সোধাৰ বাবে আগ্ৰহী নহয়৷ কোনো এক ব্যাখ্যাতীত দ্বিধাগ্ৰস্ততাই তেওঁলোকক বাধাগ্ৰস্ত নকৰে৷ বৰং তেনে প্ৰশ্ন সোধাৰ বাবে বিবেক বা অন্তৰৰ কোনো দাবী তেওঁলোকে অনুভৱ নকৰে৷ তাতো নিশ্চয়কৈ বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাৰ বিফলতা লুকাই আছে৷
অসমৰ বৰ্তমান পৰিস্থিতিৰ বাবে দায়ী অসমীয়া মানুহৰ চিন্তাৰ তৰলতা, আলস্য ভাব, নিষ্ঠাহীনতা আৰু লগতে কিছুক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত মাহীআই সুলভ আচৰণ৷ কিন্তুু দোষটো আনলৈ ঠেলাৰ আগতে আমি নিজকে সোধা উচিত আমাৰ দোষ ক’ত৷ অসমত এনে আহুকলীয়া প্ৰশ্ন সোধাৰ দৃষ্টান্ত অতিকৈ কম আৰু যিসকল লোকে যুক্তিৰ আধাৰত তেনে ধৰণৰ সাৰ্থক প্ৰশ্ন শক্তিশালীভাৱে তুলিবলৈ সক্ষম হৈছিল, তাৰ ভিতৰত নিৰ্ভীক সাংবাদিক আৰু মানৱধিকাৰ কৰ্মী পৰাগ কুমাৰ দাস আছিল অন্যতম বাটকটীয়া৷ তেওঁৰ ভাবাদৰ্শৰে উদ্ভাসিত হৈ যোৱাটো শতিকাৰ শেষৰ দুটা দশকত তেনে ধৰণেৰে প্ৰশ্ন কৰা এদল তেজাল যুৱক-যুৱতী ওলাইছিল৷
কিন্তুু বিভিন্ন কাৰণত এতিয়া তেওঁলোক নিষ্প্ৰভ হৈ পৰাটো সমাজৰ বাবে হতাশাজনক খবৰ৷ আমাৰ অধিকাংশ ল’ৰা-ছোৱালীয়ে চকুৰ আগৰ সমাজখনৰ ভাল-বেয়া কোনো কথালৈ উৎকণ্ঠিত নহয়৷ তেওঁলোকৰ উৎকণ্ঠা কেৱল নিজক এজন সফল ব্যক্তি হিচাপে গঢ়ি তুলিবলৈহে৷ তেনেকুৱা অধিকাংশ ’সফল’ ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যৎ সমাজলৈ অৱদান আগবঢ়াই কেৱল আয়কৰ প্ৰদানৰ যোগেদি৷ অত্যন্ত দুৰ্ভাগ্যজনক কথা যে তেনে ধৰণৰ ’সফল’ ছাত্ৰ-ছাত্ৰী গঢ়ি তুলিবলৈকো বহু সময়ত ৰাজ্যখনৰ বাহিৰলৈ যোৱাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে৷
অসমৰ এচাম মানুহৰ আৰু বিশেষকৈ নগৰীয়া অসমীয়া মধ্যবিত্তৰ নিজৰ শিপাক চিনি নোপোৱা চেতনাহীন যিটো অৱস্থা তাৰ লগত কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ অসমবিৰোধী পদক্ষেপে ৰাজ্যখনৰ আৰ্থ-সামাজিক জীৱনক ধ্বংসস্তুপত পৰিণত কৰিছে৷ অৱধাৰিতভাৱে তাৰ ভংয়কৰ কু প্ৰভাৱে অসমৰ শিক্ষা ব্যৱস্থাটোক জোকাৰি পেলাইছে৷ সৰলীকৰণ কৰি ক’ব পাৰি–চৰকাৰীখণ্ডৰ মাতৃভাষা মাধ্যমৰ নগৰৰ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ অনুপাতে শিক্ষক-শিক্ষয়ত্ৰীৰ সংখ্যা বেছি৷ আনহাতে গ্ৰাম্য বহু বিদ্যালয়ত শিক্ষক-শিক্ষয়ত্ৰী বহু কম যদিও ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি৷ ব্যক্তিগত খণ্ডৰ অভিজাত আৰু ভাল স্কুলকেইখনত শিক্ষাৰ গুণগত মান কিছু উচ্চ যদিও নিজৰ মাতৃভাষা আৰু কৃষ্টি-সংস্কৃতিৰ প্ৰতি তেওঁলোক সম্পূৰ্ণ উদাসীন৷ ফলত তাৰপৰা উৰ্ত্তীণ হৈ অহা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই শিপাহীন৷ দেখাকদেখি কাঠফুলাৰ দৰে গঢ় লৈ উঠা ইংৰাজী মাধ্যমৰ বহুত স্কুলত ল’ৰা-ছোৱালীয়ে ইংৰাজীও ভালকৈ নিশিকে আৰু মাতৃভাষাও ভালকৈ নিশিকে৷ সাতে-সোতৰই মিলি আমাৰ শিক্ষা ব্যৱস্থাৰ বৰ্তমানৰ ৰূপটো অতিকৈ দুখলগা হৈ পৰিছে৷
এতিয়া আহোঁ অসমৰ আৰ্থ-সামাজিক অস্থিৰতাৰ বাহ্যিক কাৰণসমূহলৈ৷ স্বৰাজোত্তৰ অসমৰ বুৰঞ্জী বস্তুনিষ্ঠভাৱে নিৰীক্ষণ কৰিলে স্পষ্ট হয় কিদৰে ভাৰত চৰকাৰৰ কেতবোৰ পক্ষপাতদুষ্ট আচৰণে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকে অন্যায় কৰি আহিছে৷ এইক্ষেত্ৰত বেছি বিশ্লেষণলৈ নগৈ আমি কেইটামান বাস্তৱ সত্যকহে উনুকিয়াম৷ ভাৰতৰ মুঠ খাৰুৱা তেলৰ বুজন এটা অংশ অসমৰ মাটিৰ গৰ্ভত আছে যদিও এটা শোধনাগাৰৰ বাবে আমি আন্দোলন কৰিবলগীয়া হৈছিল৷ আন্দোলনৰ ফলশ্ৰুতিত নুনমাটিত এটা শোধনাগাৰ হ’ল যদিও ইয়াৰ বিপৰীতে বিহাৰৰ বাৰাউনীত স্থাপিত শোধনাগাৰটো আছিল বহু ডাঙৰ আৰু প্ৰযুক্তিৰ ফালৰ পৰাও উন্নত৷ দ্বিতীয়তে যি সময়ত গংগা নদীৰ ওপৰত ছয়খনকৈ দলং আছিল, বহ্মপুত্ৰৰ ওপৰত এখনো দলং নিৰ্মাণ হোৱা নাছিল৷ প্ৰণিধানযোগ্য যে ১৯৬২ চনৰ চীনৰ ভাৰত আক্ৰমণৰ পাছতহে শৰাইঘাট দলং নিৰ্মাণ হৈছিল৷ স্বাধীনতাৰ প্ৰাকমুহূৰ্তত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ চকীখনৰ বাবে উদ্বাউল হৈ থকা জৱাহৰলাল নেহৰুৱে অসমক পূৱ পাকিস্তানৰ লগত চামিল হ’বলৈ এৰি দিছিল৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বলিষ্ঠ নেতৃত্ব আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ অকুণ্ঠ সহযোগ অবিহনে বৰ্তমানৰ অসমখন বাংলাদেশৰ মাজত থাকিলেহেঁতেন৷ আনকি গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন আৰু ৰে’লপথ ব্ৰডগজ কৰিবলৈ অসমে দীৰ্ঘদিনীয়া দাবী কৰিবলগীয়া হৈছিল৷ এনে আৰু বহু উদাহৰণ দাঙি ধৰিব পাৰি যদিও বাহুল্যৰ ভয়ত তেনে কৰাৰ পৰা বিৰত থাকিলোঁ৷
পৰিশেষত ক’বলৈ হ’লে অসমৰ আৰ্থ-সামাজিক অস্থিৰতাৰ কাৰণ কিছু পৰিমাণে আমি নিজে আৰু কিছু পৰিমাণে কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনামূলক পদক্ষেপবোৰ৷ কোনটো কাৰণৰ অৱদান বেছি সেই কথা বিজ্ঞানসন্মত গৱেষণা অবিহনে কোৱাটো দিগদাৰ৷ সেই অস্থিৰতাৰ বাবেই আমাৰ বহু ছাত্ৰ-ছাত্ৰী উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পাছত ভাৰতৰ আন আন উন্নত ঠাইলৈ ঢাপলি মেলে৷ উন্নত স্থানৰ ’উন্নত’ শিক্ষাই বহু ল’ৰা-ছোৱালীকে নিজৰ ভৰিত থিয় হ’ব পৰা কৰে৷ কিন্তুু মৌলিক গৱেষণা আৰু নিজৰ ভিতৰখনক আৱেগশূন্যভাৱে জুমি চাবলৈ তেনে ’উন্নত’ শিক্ষায়ো ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত নকৰে৷ সামগ্ৰিকভাৱে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সন্মুখত ই এটা প্ৰচণ্ড প্ৰত্যাহবান৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments