কোমল প্ৰাণ (ৰঞ্জন জ্যোতি বৰ্মন)

“ঐ নিগনিৰ দৰে ক’লৈ পলাইছ? মূৰ পোলোকা মৰা স্বভাৱটো এৰিবৰ হ’ল, কৱ, পৰীক্ষা কেনে হ’ল?”
মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ দিনা স্কুলত বাঘ যেন দেখা হেড-মাষ্টৰ ভট্ট-ছাৰক দেখি ৰাষ্টাত পলাব ধৰোতে হেড-ছাৰে কোমলক তিৰস্কাৰ কৰিছিল।

নিগনি-কোমলৰ স্কুলত জোকোৱা নাম। হেড-ছাৰে বাৰু নামটো কেনেকৈ জানিলে? কোমল আচৰিত হৈছিল।

কোমল প্ৰাণ শৰ্মা সৰুৰে পৰা স্বভাৱত অতিপাত কোমল আছিল, কলিজাটো আছিল তেওঁৰ নিগনিৰ লেখীয়া। তেওঁ ভয় কৰা বস্তুবোৰৰ তালিকাখনো কমটি নাছিল, যেনে- মকৰা, জেঠি, ভুমিকম্প, বজ্ৰপাত, কুকুৰ, ভকৰা-ছাগল, কাৰেন্ট, ইলেকট্ৰিক-ইষ্ট্ৰি, মৰামৰি, কাজিয়া-পেচাল, গেছ-চিলিণ্ডাৰ আৰু ক’ত যে কিমান। এই ভয়াতুৰ চৰিত্ৰৰ বাবে লগৰীয়াই মৰমতে দিয়া নামটো কোমলৰ গাত খাপ খাই ধৰিছিল।

নিগনি নামেৰে জীৱনপাত কৰা শৰ্মাৰ বৰ্ত্তমানৰ জীৱনত এই প্ৰানীবিধৰ হঠাতে হোৱা যোগসূত্ৰই শৰ্মাক অতীত জীৱন-ক্ৰমবোৰৰ মাজেৰে দিবাস্বপ্নৰ দৰে ঘূৰাবলৈ লওঁতেই তেঙতেঙীয়া কাণৰ পৰ্দা-ভেদি যোৱা মাতত তেওঁ বৰ্ত্তমানলৈ ঘূৰি আহিল।

-“কিনো চিন্তা কৰিছে, হেৰি? চকু মেলিয়ে সপোন দেখিছে নেকি?”

ঘৈণীয়েক বিজুলীৰ মাতত খকমককৈ সাৰ পালে কোমল প্ৰাণ শৰ্মাই।
ঘৈণীয়েকে যোৱা কেইবাদিনৰ পৰা বজাৰৰ পৰা নিগনি ধৰা ফান্দ এখন আনিব কৈ আছে। ঘৰত দুৰ্ঘোৰ নিগনি হৈছে। চাৰিওফালে দৌৰি থাকে। মাজে মাজে ভৰিটো খুন্দা মাৰেহি। ৰাতি কুৰুত-কুৰুত কৈ আলমাৰিৰ ওপৰত ৰখা কাৰ্টুন কেইটাত নিৰ্বিঘ্নে মেল-মিটিং কৰি থাকে। এজনে বুদ্ধি দিছিল-বিহ দি মাৰিব-শৰ্মাই নুশুনিলে, বাপৰে, নিগনি মাৰিব পায়নে, স্বয়ং বিঘ্নেশ্বৰৰ বাহন যি!

ঘৈণীয়েকে বুদ্ধি দিলে ফান্দ আনিবলৈ, নিগনি ধৰি নি দূৰৈত এৰি দি আহিব। কথাটো শুনি পুতেকে অংকু জাপ মাৰি উঠিল। নিগনি ভালকৈ দেখাই নাই সি, টিভিত “টম-এণ্ড-জেৰি” চাই চাই নিগনি চাবলৈ হেনো তাৰ খুব মন গৈ আছিল।

-“কি চিন্তা কৰিছে, যাওঁক বজাৰলৈ সোনকালে, ফান্দ এখন আনকগৈ। আৰু শুনক, যি দাম কয় তাকে পতককৈ দি নিদিব, অলপ দৰাব, আজিকালি দোকানীয়ে যিখনহে ফান্দ পাতি থৈ দিয়ে দোকানত”-ঘৈণীয়েকে নিৰ্দেশ দিলে।

কোমল প্ৰাণৰ সংসাৰ পৰিবাৰৰ কথামতে চলে। বাহিৰৰ সমাজত শৰ্মাৰ যেনে ভাবমূৰ্ত্তি, ঘৰতো তেনেকুৱাই। মানে নিগনিসূলভ, অতিপাত নিৰীহ। গতিকে ঘৈণীয়েকৰ কথা শুনি চলোতে কোনোবাই ঠাট্টা-বিদ্ৰুপ কৰিলেও শৰ্মাৰ সেইবোৰক লৈ বিশেষ দুঃচিন্তা নাই। “নিজা-নিজা কাম, নিজে-নিজে কৰি যোৱা ভাই”-বোলা বাক্যশাৰীৰ তেওঁ নিৰৱ-সমৰ্থক।

ফান্দ আনিলে। দিনে চাৰি-পাঁচটাকৈ আটক হ’ল।
খটক্ কৈ শব্দ হ’লেই শৰ্মা, ঘৈণীয়েক, পুতেক তিনিও ফান্দখনলৈ দৌৰি আহে, ফান্দখন আগুৰি লৈ আটায়ে নিগনি নিৰীক্ষণ কৰে।

-“মা, আজিৰটো ধুনীয়া, নহয়নে?”, অংকুৱে ফান্দৰ নিগনিটো দেখুৱাই মাকক সোধে।
-“ধেৎ, নিগনিৰ কিবা ধুনীয়া থাকে নেকি?”, মাকে কয়।
-“থাকেতো, কালিৰকেইটা কেনে ভোকোলা আছিল, এইটো চোৱাচোন, কিমান ধুনীয়া, দীঘল।”

ঘৰৰ ভিতৰত শৰ্মানী আটাইতকৈ স্মাৰ্ট, তাৰ পিছত ক্লাছ-থ্ৰীত পঢ়া পুতেক অংকু, আৰু শেষত শৰ্মা-চবতকৈ নজনাটো।

-“নিগনিবোৰ কমা নাই দেখোন, সদায়েটো এৰি আছো।” -শৰ্মাই ক’লে।
-“ক’ত এৰিছে?”, ঘৈণীয়েকে সুধিলে।
-“জপনাৰ মুখত।”
-“ধেত্তেৰি সেইকাৰণে! নিগনিবোৰ আহি আকৌ ঘৰতে সোমাইছে। এতিয়াৰ পৰা বৰুৱাহঁতৰ ঘৰৰ সমুখৰ চ’কটোৰ দাঁতিৰ ঘাঁহনিখিনিত এৰি দিব। কাষৰ জাৰণিৰে নিগনি জংগললৈ গুচি যাব।”
ঘৈণীয়েকে নিৰ্দেশ দিলে।

-“তাত এৰি দিলে যদি আকৌ বৰুৱানীয়ে দেখে ? মহা অথন্তৰ এখন নঘটিবনে ? বৰুৱা-বৰুৱানীয়ে যদি খেদি আহি কয়- ভাল বস্তুটো দিব নোৱাৰেই, লোকৰ ঘৰলৈ নিগনি খেদিছে।”
-“এটা কাম কৰিব, ৰাতি হ’লে ক’ত দেখিব, তাতেই মনে মনে এৰি থৈ আহিবগৈ।”

নিগনি পেলাবলৈ শৰ্মাই ৰাতিলৈ ৰ’বলগীয়া হ’ল।
ৰাতি হ’লে তেওঁ বৰুৱাহঁতৰ সমুখৰ চ’কটোৰ পথৰ কাষতে নিগনি এৰি দি আহে। ঘৰলৈ আহি ফান্দত ৰুটি বা কিবা অলপ গাঠি দি ফান্দখন আকৌ পাতে। আধা ঘন্টামানৰ ভিতৰতে আকৌ এটা পৰে। সেইটোও পেলাই দি আহি ফান্দখন লগাব পায়হে, কিছু সময়ৰ ভিতৰত আকৌ পৰে। এনেকে তিনি-চাৰিটামান নিগনি ৰাতি বাৰ বাজিমানলৈকে পৰিয়ে থাকে আৰু তেৱো এৰিবলৈ বাহিৰ ওলায়ে থাকে।
নেপেলালে যদি ফান্দতে মৰে, মহাপাপ লাগিব-শৰ্মাৰ ভয়।
নিগনি এৰা কাৰবাৰটো শৰ্মাৰ এটা “হাৰমাল” যেন হৈ উঠিল।

এসপ্তাহলৈ শৰ্মাই ৰাতি-ৰাতি নিগনি বিসৰ্জন কাৰ্যসূচী চলালে।
নিগনি নকমিল। কমিব ক’ত বাঢ়িল যেন হে লাগিল।
তাৰ পিছৰ দিনকেইটাত নিগনি মিনিটে-মিনিটে পৰা হ’ল।
আচৰিত কথা।
কথাটো কি?
ৰহস্য ভেদ হ’ল, কথাটো অংকুৰ মুখেৰে ওলাল। স্কুলৰ পৰা আহি সি নিগনি “ধৰা-এৰা”, “ধৰা-এৰা” খেলটো খেলে। ইপিনে মাকে দুপৰীয়াৰ ভাগৰ মাৰিবলৈ বিচনাত এটোপনি মাৰে সেই সময়তে।

ফান্দখনলৈ নিগনিৰ ভয় ভাঙি গ’ল।
“নামাৰে, ইহঁতে ধেমালিহে কৰে কিবা” – নিগিনিয়ে যেন তেনেকৈ ভবা আৰম্ভ কৰিলে।

এদিন আলমাৰিৰ ওপৰৰ কাৰ্টুনকেইটা নমাই চফা কৰোতে গণ্ডাই গণ্ডাই নিগনি বাহিৰ হ’ল। নিগনিবোৰে যেনি-তেনি জপিয়ালে, দুই-একে আহি গায়ে-চায়েও বগালে।

শৰ্মাই যাঃ যাঃ বুলি জপিয়াইছে, ঘৈণীয়েকে মস্ত ঝাড়ু এপাত লৈ বিচনাত, দূৰৰ পৰা ভয়ে ভয়ে, অংকুৱে খিলখিলাই হাঁহি হালি পৰিছে, কৈছে-“নিগনিয়ে মানুহক ভয় কৰে নে মানুহেই নিগনিক ভয় কৰে, ধৰিবই পৰা নাই, হিঃ হিঃ হিঃ।”

এটাও ধৰা নহ’ল, ধৰিবনো কেনেকৈ, নিগনি এনেয়ে ধৰা-খোৱা প্ৰাণীনে ?

যি হওঁক বাহটো ভাঙিলো বুলি সন্তুষ্টি এটা লৈ মাজৰ কোঠালীত সোমাই শৰ্মাৰ ফান্দখন চকুত পৰিল, দেখিলে-দুটা নিগনি একেলগে ফান্দৰ ভিতৰত, ৰুটিৰ টুকুৰা ভক্ষণত ব্যস্ত। ওপৰৰ শলখাদাল টানকৈ লাগি আছে বাবে ফান্দখন বন্ধ হৈ যোৱা নাই।
তেওঁ আগবাঢ়িল। নিগনিৰ ভয়-ভীত নোহোৱা হৈ গৈছে, ফান্দত সোমাব পালে যেন ভালেই পায়। তেওঁ হাতখন আগুৱাই দিলে, নাই নিগনি নপলাল, তেওঁ শলখাদাল এৰুৱাই দিয়াত দুয়োটা বন্দী হৈ পৰিল।

তাৰ পিছত আটাইকেইজন বহি গ’ল, ফান্দখন মাজত।
শৰ্মানীয়ে কৈছে- “এৰি দিয়া নিগনিবোৰে যদি ঘূৰি আহি আকৌ ঘৰ সোমাইছেহি, কেনেকৈ নো নিগনি নোহোৱা হ’ব ?”
শৰ্মাই ক’লে-“হ’বই নোৱাৰে, বৰুৱাহঁতৰ ঘৰৰ কাষৰ পৰা, ইমান দূৰ, কেনেকে আহিব হে, অসম্ভব।”
-“যদি আহিছে, কোনে জানে?”
-“আইদিয়া!”, অংকুৱে চিঞৰি দিলে।
-“কি?”, মাক-বাপেক দুয়ো একেলগে সুধিলে।
সি ক’লে-“নিগনিবোৰ আমি মাৰ্ক কৰি দিম, আৰু মাৰ্ক কৰা নিগনিয়ে যদি ফান্দত পৰা দেখো আমি গম পাই যাম, এৰি দিয়া নিগনিবোৰেই আহি আকৌ ঘৰ সোমাইছেহি।”

শৰ্মাই প্ৰশংসাসূচক চাৱনিৰে পুতেকলৈ চাই শলাগিলে-“কিন্তু মাৰ্ক কেনেকৈ কৰা যায়?”
-“আছে, তাৰো ব্যৱস্থা আছে”, বুলি ঘৈণীয়েকে ৰঙা চিয়াঁহীৰ দোৱাতটো আনি পুতেকক ক’লে-“দ্ৰপাৰটো আন।”
দ্ৰপাৰেৰে দিয়া ৰঙা চিয়াঁহীবোৰ নিগনিকেইটাৰ গায়ে মূৰে লাগিল। সঁচাকৈ, সিহঁতক চিনি পোৱা গ’ল।

-“যাওক, এৰি দি আহক এতিয়া।”
-“ৰ’বা।” অংকুই ৰখালে।
মাক-দেউতাক দুয়ো তালৈ চালে।
সি ক’লে-“ৰং বোৰ শুকুৱাব দিয়া, নুশুকালে নিগনি যি চালাক, মচি পেলাব।”
-“হয়, হয়।”, শৰ্মা-শৰ্মানী হয়ভৰ দি ৰং শুকাব দি বহি থাকিল।
-“চেকেণ্ড টাইম যদি চিন দিয়া নিগনি ফান্দত দেখো, সুদাই নেৰো বাপ্পেক, কোবাই মাৰিইইই।” কথাখিনি শেষ নকৰি ধৰ্মভীৰু শৰ্মাই লগুণদাল হাতেৰে স্পৰ্শ কৰিলে-ইচ, পাপ-লগা কথাবোৰ যে কিয় কৈ পেলাওঁ।

অংকুৱে ক’লে-“দেখিছা কি আইদিয়া, সেই কাৰণে “টম-এন্ড-জেৰি” চাব লাগে। কাৰ্টুন চালেহে মূৰলৈ আইদিয়া আহে।” ০০০০০

পিছৰ দিনবোৰতো নিগনি ফান্দত পৰিয়ে থাকিল।
নিগনি ফচিলেই তেওঁলোকে টৰ্চ মাৰি, ৰ’দত পৰীক্ষা কৰি চাই, নাই, একো চিন-টিন নাই।কথা কি? ক’ৰ পৰা আহে নিগনিবোৰ !

দেওবাৰৰ দুপৰীয়াৰ কথা।
শৰ্মাই ৰাষ্টাত বৰুৱাক লগ পালে, বৰুৱা বজাৰৰ পিনৰ পৰা আহি আছিল।
-“বজাৰলৈ গৈছিল বৰুৱা?”, শৰ্মাই মাত দিলে।
-“নক’ব, বুজিছেনে, নিগনিৰ বৰ উৎপাত হৈছে। নিগনি মৰা দাৱাই আনিলোগৈ। আৰু এটা কথাহে শৰ্মা, বৰ আচৰিত দেখিলো দেই!”
-“কি?”, শৰ্মাই সুধিলে।
-“নিগনিবোৰৰ গায়ে-মূৰে ৰঙা-ৰঙা চিন হে!”
শৰ্মাৰ মাত হৰিল, ভয় খালে, কেনেবাকৈ যদি গম পাই যায় কি হ’ব তেওঁৰ, কেনেকুৱা গালি খাব লাগিব।

-“চাওকচোন, মোবাইলত ফটো তুলি ৰাখিছো, দেখিছে, এয়া চাওঁক।”
মোবাইলত তোলা নিগনিৰ ফটোখন দেখুৱাই বৰুৱাই মোবাইলটো শৰ্মাৰ হাতত দি ক’লে-“ভালকৈ চাওক।”
শৰ্মাই মোবাইলটো সোহাতৰে লব লওতে নিজৰ ৰঙা চিয়াঁহী লগা আঙুলিকেইটা দেখি ভাবিলে-সৰ্ব্বনাশ, ফঁচিলো এতিয়া।
লৰালৰিকৈ তেওঁ মোবাইলটো বৰুৱাক ওভোতাই ক’লে-“অ’, হয়-হয়, আমাৰ ঘৰতো ওলাইছিল এনেকুৱা দুটামান।”
-“ওলাইছিল ? পিচে কি কৰিলে নিগনিকেইটা?”
-“এৰি দিলো, মানে মাৰি পেলাই এৰি দিলো।”, শৰ্মাই মিছা কোৱাকে শ্ৰেয় বুলি ভাবিলে। তেওঁ এৰা নিগনি বৰুৱাহঁতৰ ঘৰত সোমোৱা বুলি জনাজাত হোৱাতকৈ মিছা এষাৰ মতাই বহুগুণে শ্ৰেয়। তেওঁ চাৰ্টৰ ওপৰেৰে লগুনদাল চুলে-মিছাত যেন দোষে নুচুৱে।

এই নিগনিৰ বাহবোৰ নাভাঙিলে নহ’ব-শৰ্মাই ভাবিলে।

-“কি হ’ল, কি কথা পাতিছে?”, আন এজন প্ৰতিবেশী হাজৰিকা আহি মাত দিলে।
-“নিগনি ওলাইছে, ৰঙা ফুট ফুট থকা।”, বৰুৱাই উত্তৰ দিলে।
-“তাকে কয়- ‘কালৰো কাল বিপৰীত কাল’, মোৰ আকৌ চাওঁকচোন, এই ডাব-নাৰিকলবোৰ ৰাতি কোনে চোৰ কৰি নিয়ে।”
শৰ্মাই ভাবিলে-ঘৰে ঘৰে যে কিমান ভিন ভিন সমস্যা।
-“এইবাৰ আকৌ নাৰিকল চোৰ ওলাল নেকি?”, বৰুৱাই ক’লে।
-“নিগনিয়ে হ’ব।”, অন্যমনস্ক শৰ্মাই মাত দিলে।
-“হাঁ!!!”, বৰুৱা আৰু হাজৰিকা দুয়োজনে একেলগে চালে শৰ্মালৈ

০০০০০০

শৰ্মাই ঘৰলৈ আহি তেওঁলোকৰ স্টোৰ ৰূমত সোমাল। নিগনিৰ ঘাটি হৈ আছে। ব’ৰ্ডৰ চুইচটো টিপিলে-নজ্বলিল।
ঘৈণীয়েকে ক’লে-“বাল্বটো নাই, কাহানিবাই ফিউজ গৈছিল, ৰ’ব, নতুন এটা আনি থোৱা আছে, দিছো।”
শৰ্মাই চেয়াৰ এখনত উঠি বাল্বটো লগাব চালে। বহু চেষ্টা কৰিও তেওঁ বাল্বটো লগাব পৰা নাই।
ঘৈণীয়েকে চিঞৰিছে-“মানুহ আৰু আপুনি, বাল্বটোকে লগাব পৰা নাই, চাওঁ নামক, মই উঠো।”
শৰ্মাই ক’লে-“তুমি উঠিলে প্লাষ্টিকৰ চকীখন ভহৰি যাব।”
চাইজক লৈ ধেমালী? ঘৈণীয়েক বিজুলীৰ সহ্য নহয়।
ঘৈণীয়েকে চকু ডাঙৰ কৰাত তেওঁ ক’লে-“নহয় মানে, তোমাৰ ওজন বেছি বোলা নাই, চকীখন পাতল যে, তাকে কৈছো।”
ঘৈণীয়েক শান্ত হ’ল।
শৰ্মাই ভাবিলে-ভাল বাচিলো, নহ’লেতো আজি!

শ্ৰীমান কোমল প্ৰাণ শৰ্মা চুটি চাপৰ, ক্ষীণ-মীণ, ঘৈণীয়েক শ্ৰীমতী বিজুলী দেৱী তাৰ ওলোটা।
শৰ্মা মৃদুভাষী, ঘৈণীয়েক উগ্ৰভাষী।
ক’বলৈ গলে শৰ্মা যদি নিগনি, ঘৈণীয়েক এটা ৰাও-ৰাও কৈ থকা বাঘ।
শৰ্মাতকৈ বিজুলী দেৱী এক ইঞ্চিমান ওখ হ’ব।

শৰ্মাৰ মনত পৰিল বিয়াৰ পিছত কইনা চাবলৈ আহি শৰ্মাৰ বন্ধু এজনে শৰ্মাক কৈছিল-“কইনা ঠিকে আছে বন্ধু, হৃষ্ট-পুষ্ট, কিন্তু তোমাত কৈ এক চাইজ ডাঙৰ হ’ল নেকি!”

শৰ্মাই বাল্বটো লগাবলৈ যেন যুদ্ধত হে নামিল। নাই, কোনোপধ্যে নালাগে।
ঘৈণীয়েকক স্মাৰ্ট দেখুৱাব পোৱা সুযোগটো হেৰুৱাই শৰ্মাই নিৰ্বুদ্ধি নহ’ল, লাহেকৈ তেওঁ ক’লে-“বাল্বটো এক চাইজ ডাঙৰ নেকি?”
ঘৈণীয়েকে ক’লে-“ইচ হয় নেকি, সিদিনা ইলেক্ট্ৰিচিয়ান ৰাজবংশীয়ে আনি দিছিল, কিনো বেচাইজৰ বাল্ব আনি দিলে সি। নামি আহক, সি আহিলে ফিৰাই আনিব দিম।”

শৰ্মাৰ বাল্বৰ লগত যুজি গৰম লাগি গৈছিল, ফেনৰ চুইচটো দিলে, নাই ফেন নুঘুৰে।
-“কাৰেন্ট গ’ল।”, ঘৈণীয়েকে মাত দিলে।
-“কি যে ঝামেলা নহয়, তাৰ চিঙি যায়।”, শৰ্মাই বিতৃষ্ণাৰে ক’লে।

অংকু সোমাই আহিল, ক’লে-“তাঁৰ চিঙিল? হ’ল আৰু চোৱা।”
শৰ্মাই তালৈ চাই কলে-“কি হ’ল?”
সি সেমেনা সেমেনি কৰিলে।
-“পাপা, হেপ্পি নিউ ইয়েৰ!”
শৰ্মাই অন্যমনস্ক হৈ পৰিছিল, পুতেকৰ কথাত তেওঁ ক’লে-“অ’ হেপ্পি নিউ ইয়েৰ, থেংকিউ।”
কৈ উঠি ভাবিলে এইটোতো অক্টোবৰৰ মাহহে, হেপ্পি-নিউ-ইয়েৰ বুলিলে যে?
-“কি হেপ্পি নিউ ইয়েৰ অ’ ?”
-“পাপা, চিনেমা, নতুন।”
-“এহ্ হয় নেকি, কোন আছে?”
-“শ্বাহৰুক খান আছে।”, ঘৈণীয়েকে শৰ্মাৰ ভাতৰ থালখন টেবুলত থৈ ক’লে।
-“কোনটো আছিল অ’ শ্বাহৰুক খান?”, শৰ্মাই সোধে।

এইবাৰ আহিল শৰ্মানীৰ চিনেমাৰ জ্ঞান দেখুওৱাৰ সুযোগ। কাৰো আগতে তেওঁ এই বিষয়টো সহজে পাৰ হৈ যাব নিদিয়ে। চিনেমা, নাচ-গান আদিত সুবিধা পালেই তেওঁ জ্ঞানৰ উদ্গীৰণ ঘটায়।
-“এই যে আমজাদ খান বুলি এজন আছিল, পুৰণা এক্টৰ, তেওঁৰে পুতেক শ্বাহৰুক খান।”
অপাৰ-বিশ্বাসেৰে শৰ্মানীয়ে কৈ কৈ ভাজিকোৰাচ শৰ্মাৰ কাহীৰ কাষত দিলে।
-“অ’ জানো জানো, আমজাদ খান। কিন্তু তেওঁৰ আচল নামটো গব্বৰ সিংহে, তেওঁৰ পুতেক আকৌ খান কেনেকে হ’ব পাৰে?”, শৰ্মাই ভাত খাই খাই ক’লে।
-“পাৰে পাৰে, চিনেমাত পাৰে। চিনেমাত কিয়, এনেয়ো পাৰে। আপুনি দেখোন শৰ্মা লিখে, অংকুৱে ভৰদ্বাজ উপাধিহে লিখে স্কুলত।”
-“অ’, অ’, আৰু এজন যে আছিল, কি খান, বাৰ মাহে যে উদি-মুদি থাকে, নামটো কি আছিল?”, শৰ্মাই ভাত এমোকোৰা চোবাই সুধে।
-“চালমান খান।”, পুতেকে এইবাৰ মাত দিলে।
উত্তৰ দিয়াৰ সুযোগটো পুতেকে ল’লেই যেতিয়া শৰ্মানীয়ে বৰ্ণনাকে কৰিলে-“অ চালমান খান, অসমীয়াত ক’লে শালমন হয়। নামটো শালমন হ’লে কি হ’ল, মানুহটো যে কি ধুনীয়া!”
-“সিওঁ কিবা হয় নেকি।”
-“কাৰ?”
-“শ্বাহৰুক নে কি, তাৰ।”
-“অ’ অ’, মাহীয়েক নে পেহীয়েকৰ পুতেক, কিবা এটা হয়, ক’ৰবাত পাইছিলো, মোৰ আকৌ বেয়া স্বভাৱ এটা আছে নহয়, পঢ়ি উঠি কথাবোৰ নোট কৰি নথও।” ঘৈণীয়েকে আফচোচ কৰিলে।
-“আৰু এজন আছে, কাজিৰঙালৈ আহিছিল যে, কি আছিল নামটো, সিওঁ চাগে কিবা সম্পৰ্কতে পৰে?”
-“অ’, আমীৰ খান, ভায়েক হয় আকৌ, তাকো নাজানে নে?”
ঘৈণীয়েকে ঠাট্টাৰ সুৰত কয়।

-“এই গোটেই ফিল্ম জগতত চবে চবৰে লগত কিবাকৈ হলেওঁ সম্পৰ্কীয় হয়েই। কাৰ ভনীয়েকক কোনে বিয়া কৰাই, কাৰ পতিৰ লগত কাৰ দ্বিতীয় বিবাহ হয়, কাৰ দ্বিতীয় পত্নীক কোনে তৃতীয় পত্নী কৰি নিলে-মুঠতে এটা বিৰাট খেলি-মেলি।”, শৰ্মাই খোৱা বন্ধ কৰি হাতখন কাঁহীৰ ওপৰত ৰাখি ক’লে।
-“আমাৰ অসমীয়া চিনেমাই ভাল।”

ঘৈণীয়েকে গম পায় এইবাৰ শৰ্মাই কি কথা উলিয়াব। তথাপি শৰ্মানীৰ চিনেমা “ফেভেৰিট চাবজেক্ট” বাবে শুনি বেয়া নাপায়।

শৰ্মাই ক’লে-“চিনেমা চাইছিলো সোন-মইনা। এয়াহে চিনেমা।”
শৰ্মানীয়ে জানিও সোধে-“দুখ লগা আছিল বোলে খুউব।”
-“কৈছাহে আৰু। আমাৰ নতুন টাউন-হ’লত পাঁচমাহ লাগিছিল একেৰাহে, সদায় চাওঁ, মুঠ এশ বিশবাৰ চাইছো চিনেমাখন। ঐ শুনিছ অংকু, টোটেল হান্দ্ৰেদ টুৱেন্টি বাৰ।”

-“ৰ’বা পাপা, পাঁচমাহ মানে ফাইভ ইন্টু থাৰ্টি, ৱান ফিফটি দেয়জ হে হয়, সদায় চাইছিলা বোলে, কেনেকে ৱান-টুৱেন্টি হ’ল?”
-“এমাহ মাজতে পৰীক্ষা হৈছিল অ।”
-“হিঃ হিঃ, কম বস্তু নাছিলা দেই তুমি পাপা।”
-“তহঁতে কি চিনেমা চাৱ এইবোৰ, আমি চাইছিলো বেদেৰ মেয়ে জোস্না, আহ্ কি কৰুণ কাহিনী।”

ঘৈণীয়েক উৎসাহী হৈ পৰে-“শুনিছো, শুনিছো, আমাৰ ঘৰৰ চবে চাইছিল, মোৰ আৰু মাৰ চোৱা নহল, মোৰ পৰীক্ষাৰ বাবে। কাহিনীটো কি আছিল, উমমমম, পাহৰিলো।”
-“ফাটাফাটি কাহিনী, বেদৰ মেয়ে মানে বেদ বোলা সৰু ল’ৰা এটা, এই ধৰা আমাৰ অংকুৰ সমানেই।”
পুতেক আৰু ঘৈণীয়েকে মুখ মেলি চাই থাকে শৰ্মাৰ মুখলৈ, তেওঁৰ অতীত ৰোমন্থনৰ মজাৰ লগে লগে তেওঁলোকো মজি যায়।

-“পিছত?” অংকুৱে সোধে।
শৰ্মাই ভাত চোৱাই, পুতেক আৰু মাকে তেওঁৰ বৰ্ণনা শুনিব ৰৈ থাকে।
-“পিছত সেই বেদ বোলা ল’ৰাটোৰ মাক মানে জোস্নাই সাপৰ লগত কেনেকুৱা একটিং কৰে। বাপৰে, এই চা, মনত পৰি গাৰ নোম সিয়ৰি উঠিছে।”
-“কোৱাচোন, তাৰ পিছত?”, অংকুৰ কৌতূহল বাঢ়ি যায়।
-“’চাও বিজুলী, অকণ দাইল দিয়াচোন।”
-“তাৰ পিছত, কোৱা-কোৱা ?”, অংকু অধৈৰ্য হয়।
-“ৰহ্ পাহৰিছো এতিয়া, বজাৰত চিদিখন বিচাৰিম দে, পালে চাবি বাৰু”

০০০০০

ধাৰাষাৰ গতিত নিগনি ফান্দত পৰি আছে।
আজিকালি সিহঁতে ফান্দৰ দৰ্জাখন বন্ধ থাকিলেও সোমাও সোমাও কৰি কাষতে ঘুৰাপকা কৰি থাকে। ফ্ৰিতে খাব পায় যে!

সন্ধিয়া শৰ্মা অফিচৰ পৰা আহিছে। শৰ্মানীয়ে মালপোৱা বনাইছে। মনটো ফুৰ্টি লাগি থাকিলে বিজুলীয়ে মালপোৱা ভাজে।

-“কি বনাইছে এইবোৰ, একো একো নালাগে।”- অংকুৱে চিঞৰ-বাখৰ লগাইছে।
শৰ্মানীয়ে চাহৰ সৈতে মালপোৱা দি শৰ্মাকো খাবলৈ দিছে। শৰ্মাই এটা মুখত দি ভাবিছে-“হে প্ৰভু, কি এইবোৰ।”
ঘৈণীয়েকে তেওঁলৈ চাই আছিল।
শৰ্মাই লাহেকৈ ক’লে-“বেয়া হোৱা নাই। অলপ মিঠা কম হৈছে নেকি।”
-“তাকেই, গুৰ দি কৰিছিলো, ময়োতো খাইছো, ক’তনো বেয়া হ’ল, অংকুৱে এনেয়ে চিঞৰি থাকে, আচলতে তাৰ মেগি খাবৰ মন।”
-“এটা কাম কৰা নহ’লে, সি নাখায় যদি মালপোৱাকেইখন লৈ আনা।”
-“আপুনি খাব নেকি?”, উৎসাহেৰে সুধিলে বিজুলীয়ে।
-“নহয় মানে ফান্দত টোপ দিবলৈ ভাল হ’ব, বিস্কুট-তিস্কুট দিলে পটককৈ খাই লৰ মাৰে, মালপোৱা কেইখন ভাল হৈছে, লেকেটিয়া হৈছে, পতককৈ নিচিঙে, টোপত দিবলৈ বঢ়িয়া হ’ব।”
ঘৈণীয়েকে কেৰাকৈ চাই আঁতৰিল। ভালে নে বেয়াই পালে শৰ্মাই ধৰিব নোৱাৰিলে।

“খটপ্”!!
মালপোৱা খাব আহি ফান্দত পৰিল এটা।
বিৰক্তিৰে শৰ্মাই ফান্দখনলৈ চালে।
শৰ্মানীয়ে ৰাতি হেপ্পি-নিউ-ইয়েৰ চাব, পুতেকৰ লগত একেলগে কম্পুটাৰত, সোনকালে ৰন্ধা-বঢ়া কৰি উঠি আজৰি হ’বলৈ চাইছে।

মাক-পুতেক দুয়ো এসময়ত বহি গ’ল চিনেমা লগাই।
শৰ্মাই পেপাৰখন পঢ়িলে, টিভিও চালে অলপ। অসমীয়া চিৰিয়েলৰ ৰাপ আছে, চাই ভাল পায়, তাকো দুখনমান চালে।
এঘাৰটা বাজিল। মাক-পুতেক চিনেমাত ব্যস্ত। শৰ্মাই ভাবিলে- নিগনিটো আজি দূৰলৈ গৈ এৰি দি আহোগৈ।

শৰ্মাই ফান্দখন হাতত লৈ ওলাল, ফান্দৰ ভিতৰত নিগনি, বাহিৰত এন্ধাৰ।
বৰুৱাহঁতৰ সমুখৰ চ’কটো পাই শৰ্মাই তাৰ আগৰ চ’কটোলৈ গৈ ফান্দখন তাতেই খুলিব বুলি ভাবি আগবাঢ়িল। গৈ তেওঁ হাজৰিকাহঁতৰ ঘৰৰ সন্মুখ পালে, তেনেতে চ’কৰ কাষতে থকা ডেকাহঁতৰ ঘৰৰ সমুখৰ পৰা তেওঁলোকৰ বিলাতী কুকুৰটোৰ ভুকভুকনি শুনি তেওঁৰ বুকুখন কঁপি গ’ল।

নাই, সেইপিনে নাযাও, এইখিনিতে ৰাষ্টাৰ দাঁতিতে এৰো- বুলি ৰাষ্টাৰ দাঁতিত বহি লৈ ফান্দখনৰ শলাদাল এৰাব পাইছেহে মাত্ৰ, ক’ৰ পৰা কেইজনমান আহি তেওঁক জপতিয়াই ধৰিলে। ধৰিয়ে বস্তা এখন মূৰেৰে সোমাই দি তেওঁক একো নেদেখা কৰি দিলে। শৰ্মাই চিঞৰিব লওঁতেই এজনে মুখত চেপা মাৰি ধৰিলে।

-“ধৰিছো ধৰিছো, ক’ত পলাবি?”
-“ঐ ই কিবা চাকু-তাকুৱো লৈ আছে, চাবি ঐ, মোৰ হাতত লাগি চাল এৰিছে।”
-“আন আন, ইয়াক পোহৰলৈ আন।”
-“ব’ল আগবাঢ়”- এজনে শৰ্মাক থেলি থেলি আগবঢ়াই নিব ধৰিলে।
-“ধৰিলি?”, এজনে সুধিলে।
মাতটো শৰ্মাৰ চিনাকি যেন লাগিল। কথা ক’ব নোৱাৰি তেওঁ উকমুকাই দিলে।
“আন-আন, এইখিনিত পোহৰত ঠিয় কৰাই বস্তাখন আঁতৰ কৰি দে, ভালকৈ ধৰিবি হ’লে, নহ’লে একে উজাৰে দৌৰ দিব।”

তিনিজনমানে শৰ্মাক টেপা মাৰি ধৰিলে। শৰ্মাৰ ৰাজহাড় গুড়ি হ’ব যেন লাগিল।
বস্তাখন ডাঙি দিয়া হ’ল।
-“আৰে এয়াচোন শৰ্মা। ধেই, তহঁতে কাক ধৰি আনিলি?”
চকু ডাঙৰ কৰি হাজৰিকাই বাকীকেইটালৈ চাই সুধিলে।

ক্ষন্তেক সময় কাৰো মাত বোল নাই।
শৰ্মাই উহ-আহ লগালে।
-“চাওঁ চাওঁ, এৰ, এৰ, ইচ ৰাম।”
এজনে মাত দিলে- “আমি কি জানো, ৰাষ্টাৰ দাঁতিত খোচমোচ কৰি বহি আছিল, চোৰে হ’ব বুলি ধৰি পেলালো।”

-“ইচ ইচ, শৰ্মা আপুনিনো কি কৰি আছিল দাঁতিত? আহক, আহকচোন- তেওঁ শৰ্মাক ধৰি ধৰি তেওঁলোকৰ বাৰাণ্ডালৈ লৈ গ’ল।”
-“ঐ ৰিংকু, পানী এগিলাচ আনচোন।”
শৰ্মাক একেলগে তিনিজনমানে হেচি ধৰা বাবে তেওঁ বুকুত দুখ পাইছিল, বুকুখন পিহি পিহি ক’লে-“হ’ব দিয়ক, নালাগে, মই যাওঁ।”
-“ধেৎতেৰি শৰ্মা, আপুনিনো এই ৰাতিখন কিয় ওলাইছিল, মই বুলো সেই ডাব-চোৰকে ধৰো, ইহঁতকেইটাকো মাতি আনি খুপি আছিলো এন্ধাৰত, ডাবচোৰ ধৰিবলৈ।”

-“মই মানে..মানে।”, শৰ্মাৰ মাতটো ওলাল।
-“অ’ বুজিলো বুজিলো। শ্ৰীমতীৰ লগত লাগি ওলাই আহিল হ’বলা, ইচ, নাপায়- নাপায়। নালাগিব, যাওঁক ঘৰলৈ যাওঁক।”
ইমান পৰে হাজৰিকানীও ওলাই আহিছিল, তেওঁ মাত দিলে-“বৰ বেয়া কথা হ’ল দেই, আপুনি বেয়া নাপাব, বাহিৰত কথাটো নুলিয়ালে হ’ল আৰু।”
হাজৰিকাই জাঙুৰ খাই গেৰগেৰাই ঘৈণীয়েকক ক’লে-“কি উল্টা-পাল্টা কোৱাহে, কথা ক’ব নাজানিলেও কব আহা, ভিতৰলৈ যোৱা। কথা ক’ব আহে।”
শৰ্মাই ভাবিলে-চবৰে ঘৰে ঘৰে একোটা নিগনি আৰু বাঘ থাকেই।

-“শৰ্মা, কিনো কৰিছিল আপুনি ৰাষ্টাৰ কাষত ?”, হাজৰিকাই সুধিলে।
-“বাঘ…মানে বাগৰ দি টোপনি নলগাত ওলাই আহিলো, সৰুপানী চুৱলৈ লাগিছিল।”
-“ইচ ইচ, যাওঁক হেৰি, যাওঁক গৈ এতিয়া ঘৰলৈ, শোৱক গৈ।”

শৰ্মাই কোনোমতে খোজকেইটা পেলাই ওলাই আহিল।
-“আৰু শুনিছে, নালাগিব শ্ৰীমতীৰ লগত, মনে মনে শুই থাকিবগৈ।”
পিছৰ পৰা হাজৰিকাই উপদেশ দিলে।

শৰ্মাই ফান্দখন বিচাৰি পালে, ৰাষ্টাৰ কাষতে পৰি আছিল। জোঁট-পোট লাগি ফান্দখন তাতেই পৰি ৰৈছিল।

ফান্দখনলৈ তেওঁ ঘৰমুৱা হ’ল। ঘৰ পোৱাৰ আগে আগে তেওঁ দেখিলে তেওঁলোকৰ ঘৰৰ কাষৰে কালভাৰ্টটোৰ তলত এটা ছায়ামুৰ্ত্তি। শৰ্মাৰ গাটো চিৰিংকৈ গ’ল।
চিঞৰিব নেকি-তেওঁ ভাবিলে।
নাই, চোৱাই যাওঁকচোন কি কৰে। তেওঁ অলপ-অলপ কৈ আগবাঢ়িল।
-ডাবচোৰে হ’ব।
বেটাই ইয়াতে কালভাৰৰ তলত চোৰ কৰা সামগ্ৰীবোৰ ৰাখে হ’ব পায়।
শৰ্মাই হাতৰ ফান্দখন তেওঁৰ চৌহদৰ বেৰৰ ওপৰেৰে লাহেকৈ ভিতৰলৈ পেলাই দিলে।

তেওঁ আগবাঢ়িল। অলপ ওচৰ পাই দেখিলে ছায়ামুৰ্তিটো ঠিয় দিছে, ভালকৈ চালে-আৰে এইটো বৰুৱা নহয়নে?
-“বৰুৱা”, তেওঁ ওচৰ চাপি মাতি দিলে।
-“হোহ”, বৰুৱা উচপ খাই উঠাৰ দৰে চালে।
-“কি কৰিছে ?”
-“এ মানে মানে, নিগনি এৰিছো।”
বৰুৱাৰ হাতত নিগনি ধৰা ফান্দ।
-“হা!”
-“কি কৰিব আৰু, ঘৰৰ ওচৰত এৰিলে ঘৰত সোমাই, মাৰিলে বোলে বাঢ়েহে, সেয়ে ইয়াতে কালভাৰৰ তলত এৰি দিছো।”, বৰুৱাই ক’লে।
-“ইয়াৰ পৰা যদি আমাৰ ঘৰত সোমায়?”
-“হা! বাদ দিয়ক হে, আপোনাৰ ঘৰত সোমাৱ। কিয় সোমাৱ? আপোনাৰ ঘৰত জানো নিগনি আছে?”
-“নিগনি, আছে মানে নাই, সিমান নাই।”
-“এয়া, নিগনি সদাই নিগনি থকা ঘৰতহে সোমায়।”
-“হলেও”, শৰ্মাই ক’লে।
-“অ হলেও? ঠিক আছে, সিদিনা আমাৰ ঘৰৰ সমুখৰ জাৰণিত আপুনি কি পেলাইছিল?”
-“জাৰণিত? কি পেলাইছিলো ?”
-“নজনাই হ’ল নে, লাল?”, ইংগিত পূৰ্ণভাৱে বৰুৱাই ক’লে।
-“লাল, কি লাল?”, শৰ্মাৰ বুকুখন ঢিপঢিপালে।
-“খাই উঠি লালৰ কোৱাৰ্টাৰৰ বটলবোৰ যে আপুনি তাতে পেলাই নিজ চকুৱে দেখিহে সিদিনা গম পালো।”, বৰুৱাই হো-হোৱাই হাঁহি দিলে।

হে হৰি, আৰু কিমান কি হ’ব মোৰ লগত-শৰ্মাই ভাবিলে, যাওঁক তেওঁ, নিগনি এৰা যে নেদেখিলে বৰুৱাই।

-“আপোনাৰ হে চলে সেইবিধ, আপুনি নিজেই তাত পেলাই।”, শৰ্মাই ক’লে।
-“মই হাফৰ বটলহে পেলাও, কিন্তু মাইনা-কেইটা কোনে পেলাই, কোনে ?”
বৰুৱাই তেওঁক জেৰা কৰিলে।
শৰ্মা মনে মনে ৰ’ল।
-“খাব নেকি এঢোক?”, বৰুৱাই সুধিলে- “একেবাৰে পানী মিক্স কৰাই আছে।”
-“ভয় লাগে হে, এৱো আছে ঘৰত।”, শৰ্মাৰ মুখেৰে ওলাই গ’ল।
-“ইচ, মতা মানুহ হৈয়ো নিগনিৰ কলিজা লৈ থাকেনে? মাৰি দিয়ক দুচিপ, মোৰ দৰে বাঘ হৈ যাওঁক।”
বৰুৱাই পকেটৰ পৰা বটল এটা উলিয়ালেই।

শৰ্মাৰ মনৰ পৰিবৰ্ত্তন হ’ল। তেওঁ ভাবিলে-ঠিকেই, এনেকৈ নিগনি হৈ থাকি লাভ নাই। ঘৰৰ নিগনি খেদাত কৈ নিজৰ মনৰ মাজত ঘূৰমুতিয়াই ফুৰা নিগনিটো খেদিলে হে ভাল কথা হ’ব।যি হয় হওঁক, খায়ে দিওঁ দুঘোট। কিজানি সাহসটো অকণ বাঢ়েয়ে।

কেইঘোটমান একেৰাহে পেটত পেলাই যেতিয়া শৰ্মা ঘৰৰ বাৰাণ্ডাত ঠিয় দিলেগৈ তেতিয়া বাৰ বাজিবৰে হৈছিল। শৰ্মাই ভাবিলে ঘৈণীয়েক ওলাই অহাৰ লগে লগে তেওঁ মুখখন এনেকে হাওঁতকৈ মেলি দিব যাতে ঘৈণীয়েকে দেখি ভয়ত পেপুৱা লাগি যায়।
-হাওঁত-এবাৰ প্ৰেকটিছো কৰিলে তেওঁ।

এনেকৈ ভাবি থাকোতে ঘৈণীয়েকে দৰ্জা খুলিয়ে যিটো গৰ্জনী মাৰিলে তেওঁৰ পিলাই কচি গ’ল।
-“এই ৰাতিলৈ ক’ত ঘুৰি আছিল হা, কাম-বন নাই, মই মৰিছো চব কাম কৰি, তেখেত গৈছে নৈশ ভ্ৰমণত।”

শৰ্মাৰ চকুকেইটা দেখি শৰ্মানী কাষ চাপি আহি গোন্ধ পালে, তেওঁ আচৰিত হ’ল- গিৰিয়েকে সেইবিধ ধৰি আহিছে।
খংত শৰ্মানীয়ে উগ্ৰমূৰ্ত্তী ধাৰণ কৰিলে। তাৰ পৰা আধাঘন্টামান তেওঁ অহৰহ গালি পাৰি পাৰি শৰ্মাক লেবেজান কৰি দিলে। গালি খাই মনে মনে থকাত নিচা বেচি হৈছে বুলি ভাবি ঘৈণীয়েকে এমগ পানীও মুখত মাৰি দিলে।
তাৰ মাজতে গালি পাৰি পাৰি এগিলাচ নেমুপানীও খুৱালে।

দুঘন্টামানৰ পিছত শৰ্মাৰ নিচা আঁতৰিল।
ফান্দখনলৈ মনত পৰিল তেওঁৰ। ভিতৰেৰে গৈ বাৰীৰ পিছফালেৰে বেৰৰ কাষৰ পৰা ফান্দখন উঠাই আনিলে।
ঘৈণীয়েকলৈ চাই ক’লে-“চাওঁ, মালপোৱা এখনৰ আধা দিয়াচোন, ইয়াতে লগাও।”

ৰাতি আঢ়ৈতাত শৰ্মাই ভাত খালে।
বেছিকৈ গালি পৰা বাবে শৰ্মানীৰ বেয়া লাগিছিল। তেওঁৱো কাষত বহি থাকিল।
খোৱা হোৱাত শৰ্মানীয়ে ক’লে-“বিচনাত উঠক।”

ল’ৰাটো সাৰ পাইছিল। সি মাত দিলে-“পাপা, তুমি মাজত শোৱা। মোৰ পিঠিখন পিহি দিয়া।”
শৰ্মাই চুপচাপ নিগনিয়ে ফান্দত সোমোৱাৰ দৰে আঠুৱাৰ ভিতৰ সোমাল।
ল’ৰাটোৰ পিঠিখন অলপ পিহি দিলে। ল’ৰাটো লগে লগে টোপনি গ’ল।
-“চাওঁ, মোৰ কান্ধখন অলপ টিপি দিয়কচোন।”, শৰ্মানীৰ নৰম মাত।
এইবাৰ শৰ্মাই ঘৈণীয়েকৰ পিঠিখন পিটিকিব ধৰিলে।

এটা সময়ত ঘৈণীয়েক সন্তুষ্ট হ’ল, তেওঁ শৰ্মাৰ পিনে বাগৰ সলাই ক’লে-“আহক, কাষ চাপি আহক।”
শৰ্মা কাষ চাপি গ’ল, তেওঁৰ ঠাণ্ডা ভৰিখন শৰ্মানীৰ ভৰিত লাগিল। শৰ্মানী উচপ খাই উঠিল।
-“ধেৎ, মই বেয়া পাওঁ ঠাণ্ডা ভৰি লগালে।”, শৰ্মানীয়ে ক’লে।
শৰ্মাই আকৌ এবাৰ লগাই দিলে, এইবাৰ ইচ্ছা কৰিয়ে দিলে।
শৰ্মানীয়ে জোৰকৈ শৰ্মাৰ নাকত এনে এটা টিপা দিলে যে নাকটো তেওঁৰ ফৰফৰাই গ’ল। আহ-আহ বুলি শৰ্মাই সৰুকৈ চিৎকাৰ কৰিলে যদিও তেওঁ বেয়া নাপালে, ঘৈণীয়েকৰ বিশাল দেহাটোৰ মাজত তেওঁ কুচিমুচি সোমাই পৰিল। শৰ্মানীয়েও তেওঁক সাবটি ধৰিলে।

খটক-কৈ শব্দ এটা হ’ল।
-“পৰিল আকৌ এটা।”, শৰ্মানীয়ে ক’লে।
-“এটা নহয়, দুটা।”
-“দুটা?”
-“অ’, এটা তাত ফান্দত আৰু এটা ইয়াত-মই।”, শৰ্মাই উত্তৰ দিলে।
-“ডাঙৰ নিগনিটো!!”, শৰ্মানীয়ে আকৌ নাকটো টিপিব বিচাৰিলে, শৰ্মাই মূৰটো কম্বলৰ মাজত লুকুৱাই দিলে এইবাৰ।

শৰ্মানীৰ মৰম লাগিল শৰ্মালৈ, সৰু ল’ৰা এটাৰ দৰে শৰ্মাক বুকুৰ মাজত সুমুৱাই ল’লে।
শৰ্মাই ভাবিলে-নিগনি হৈ থাকিয়ো ভালে লাগে দেখোন। অন্ততঃ খাবলৈ পালে আৰু মৰিবলৈ ভয় নাথাকিলে নিগনি হৈ থাকিয়ো মজা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments