"ক'-ইনচিডেন্স" (-ধীৰাজ কলিতা)

বিদেশৰ কোনোবা চহৰ এখনত দুই বন্ধু একেলগে থাকি দুটা বেলেগ বেলেগ কোম্পানীত চাকৰি কৰিছিল। এদিনাখনৰ কথা, ১ম বন্ধু জনে বোৱাৰী পুৱাতে নাইট ডিউটি কৰি নিজৰ কোঠালৈ উভতি আহি থাকোঁতে মনত পৰিলে যে কোঠাৰ তলাটোৰ ছাবি নিব পাহৰিছে। ৰুমমেট তেতিয়াও ডিউটিত, এঘন্টামান পিছতহে আহি পাব। গতিকে সি সিদ্ধান্ত ল’লে যে ৰুমমেট আহি পোৱালৈকে এঘন্টামান সময় নিজৰ কোঠাৰ ওছৰতে থকা পাৰ্কখনত বহি অলপ জিৰনি লব। অফিচৰ গাড়ীখনে তাক ৰুমৰ ওচৰতে নমাই দিয়াৰ পিছত খোজকাঢ়ি গৈ পাৰ্কখনৰ বেঞ্চ এখনত বহিলে। সেই ৰাতিপুৱাই কোনোবাই খোজ কাঢ়িছে, মুকলি আকাশৰ তলত বহি কোনোবাই গানৰ ৰেৱাজ কৰিছে, কোনোবাই কিতাপ পঢ়িছে, যোগাসন কৰিছে……ইত্যাদি। সি গৈ কাষৰ বেঞ্চ খনত বহিলে। অলপ পিছত অচিনাকী ৩০-৩৫ বয়সীয়া মানুহ এজন আহি তাক কলে,”ছাৰ মই বৰ সমস্যাত পৰিছো ,মোক অলপ সহায় কৰক”  কি বুলি সোধাত মানুহজনে কলে,”মই এই চহৰখনত প্ৰথম বাৰৰ বাবে আহিছে। পুৱতি নিশা ট্ৰেইনেৰে আহি ইয়াৰে হোটেল এখনত থাকিবলৈ ল’লো। কাপোৰ সলাই,বেগখন ৰাখি মুখ হাত ধুব গৈ দেখো যে মই টুথপেষ্ট অনা নাই। মই পলম নকৰি মানিবেগৰ পৰা দৌৰাদৌৰিকে ২ ডলাৰৰ নোট এখন উলিয়াই হোটেলৰ তললৈ আহিলো, টুথপেষ্ট এটা কিনিম বুলি। গোটেই দোকান বন্ধ,কিছুমানত আকৌ টুথপেষ্ট নাই। কোনোৰকম সেই গলিটোৰ এখন দোকানত পালো। কিন্তু কথা হ’ল এতিয়া মই হোটেল খনৰ পৰা বহুত দূৰ গুছি আহিলো,প্ৰায় ৪০-৪৫ মিনিট খোজ কাঢ়িলো মই। এতিয়া হোটেল খনৰ নাম মোৰ মনত নাই, ৰাস্তাটোৱো মনত নাই।” সি ক’লে মই কেনেকৈ সহায় কৰিম আপোনাক? মানুহজনে কলে, “আপুনি মোক ১০ ডলাৰ এটা দিয়ক,মই সৌ পি.চিঅ’ টোৰ পৰা ঘৰলৈ ফোন এটা কৰো। ভাইটিয়ে বুকিং কৰিছিল হোটেল খন,তাক ফোন কৰিলে সি কিজানি কৈ দিব পাৰিব “। মানুহজনৰ কথাত সি অকণো বিশ্বাস নকৰি সুধিলে,”ক’ত আপোনাৰ টুথপেষ্ট? দেখাওঁক।” মানুহজনে থতমত খাই দুই পকেটত ইফাল সিফাল বিছাৰি টুথপেষ্ট দেখুৱাব নোৱাৰি লাজত ৰঙাচিঙা পৰি গ’ল। তাৰ খং উঠি ধমকি দিলে মানুহজনক,” এই চহৰত মই যোৱা ৫ বছৰে আছো। তহঁতৰ দৰে বহুত ভণ্ড অসহায় মানুহক লগ পাওঁ। আজি আপুনি ভুল মানুহৰ পালত পৰিলে। এক মিনিটত মোৰ চকুৰ আগৰ পৰা আঁতৰ হওঁক,নহলে পুলিছ মাতিম”। মানুহজনে দু:খ মনে অসহায় চাৱনী এটাৰে উক্ত স্থান ত্যাগ কৰিলে।

ঠিক পিছ মুহুৰ্ত্ততে সি দেখা পালে যে সি বহা বেঞ্চখনৰ অলপ দূৰত পেকেটৰ সৈতে এটা টুথপেষ্ট পৰি আছে। মনটো বেয়া লাগিল তাৰ,”চেহঃ ৰাতিপুৱাই পুৱাই মানুহজনক মিছাতে ইমান বেয়াকে ক’লো “। সি হাতত টুথপেষ্টটো লৈ মানুহ জনক বিচাৰি পাই নেকি বুলি অলপ বেগাই খোজ ল’লে। ৰাতিপুৱাৰ ৰাস্তা, ভিৰ কম। অলপ দূৰত মানুহজনক দেখি দৌৰি গৈ সি কলে,”ডাঙৰীয়া ক্ষমা কৰিব। মই নজনাকৈ আপোনাক ইমান বেয়াকে ক’ব নালাগিছিল। আচলতে ইয়াতে বহুতে ঠগবাজি দুষ্ট মানুহ আছে। সেয়ে মই আপোনাক ভুল বুজিলো। এইয়া লওঁক ৫০ ডলাৰ আৰু টুথপেষ্ট। আপুনি ঘৰত ফোন কৰি হোটেলৰ ঠিকনা জানি টেক্সি এখন লৈ হোটেললৈ যাওঁকগৈ।” মানুহজনন বিদায় দি সি আগৰ ঠাইলৈ আহি দেখে যে সি বহি থকা বেঞ্চখনৰ চাৰিওফালে বুঢ়া মানুহ এজনে কিবা বিচাৰি আছে। কি বুলি সোধাত বুঢ়া মানুহজনে কলে,”মই টুথপেষ্টটো ইয়াতে কৰবাত থৈ ৱাছ ৰুমলৈ গৈছিলো। এতিয়া দেখোন বিচাৰি নাই পোৱা।”
(শুনা কাহিনী)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক