কৌতুক আৰু কাইথেলী অঙ্ক: দণ্ডীৰাম দত্তৰ অৱদান – অভিজিত দত্ত

লেখাটিৰ শিৰোনামটিত অঙ্কশাস্ত্ৰৰ এক বিশেষ ক্ষেত্ৰ আৰু এই ক্ষেত্ৰ অধ্যয়ন কৰা এগৰাকী ব্যক্তিক সামৰি ল’বলৈ চেষ্টা কৰা হৈছে৷ অসমৰ এজন নামজ্বলা পণ্ডিতে এই অঙ্কবিধক জনপ্ৰিয় কৰি তুলিছিল‌‌৷ সেই ব্যক্তিজন আছিল লোক সংস্কৃতিৰ এজন একনিষ্ঠ সেৱক৷ সেই ব্যক্তিজনে প্ৰায় এশৰো অধিক পুথি প্ৰণয়ন কৰিছিল৷

বৰ্তমান নলবাৰী জিলাৰ বেলশৰ নামৰ এখন গাঁৱত জন্ম লাভ কৰা এই ব্যক্তি গৰাকীয়ে এসময়ত ‘পণ্ডিত’ নামেৰেও সমাদৰ লাভ কৰিছিল৷

তেওঁৰ নাম আছিল দণ্ডীৰাম দত্ত৷ মানুহজনক দেখিলেই গাঁৱৰ বুঢ়া-মেথাই এটি বিশেষ ঘটনালৈ মনত পেলাইছিল৷ তেওঁ জন্ম হোৱাৰ সময়তেই অসমত বৰ ভূঁইকঁপ এটা আহিছিল৷ সেইয়েহে বহুদিনৰ বিৰতিৰ পাছত গাঁৱৰ কোনো জ্যেষ্ঠ ব্যক্তিয়ে তেওঁক দেখিলেই মনত পেলাইছিল সেই ভূঁইকঁপটোৰ কথা৷

এই লেখাটিত আমি আলোকপাত কৰিবলৈ ওলাইছো দণ্ডীৰাম দত্তই মৌখিক সাহিত্যৰ পৰা লিখিত সাহিত্যৰ ৰূপত প্ৰকাশ কৰা কৌতুক আৰু কাইথেলী অঙ্ক সম্পৰ্কে৷ লেখাটিৰ মাজে মাজে দত্ত ডাঙৰীয়াই কাইথেলী অঙ্ক সম্পৰ্কে কেনেদৰে অহোপুৰুষাৰ্থ কৰি তথ্য সংগ্ৰহ কৰিছিল, সেই বিষয়েও এক আভাস দিবলৈ চেষ্টা কৰা হৈছে৷

১৮৯৭ চনত দত্তই জন্ম গ্ৰহণ কৰিছিল সেইসময়ৰ অবিভক্ত কামৰূপ জিলাৰ নলবাৰী অঞ্চলৰ বেলশৰ নামৰ ঠাইত৷ সেয়া আছিল বিংশ শতিকাৰ প্ৰথম দশক৷ সৰুৰে পৰাই নিজৰ মেধাশক্তিৰ পৰিচয় দিয়া সেই সন্তানটিৰ পিতৃ আছিল স্বৰ্গীয় মাধৱৰাম দত্ত আৰু মাতৃ আছিল জল্টিপ্ৰিয়া দত্ত৷ দণ্ডীৰাম দত্তক সমনীয়াই দণ্ডী বুলি সম্বোধন কৰিছিল৷ সেই দণ্ডীয়ে নিজৰ মেধাশক্তিৰ বলত এক ছাত্ৰ বৃত্তি লাভ কৰি যোৰহাট নৰ্মাল স্কুলত নামভৰ্তি কৰে৷ কালক্ৰমত সেই বিদ্যালয়তেই তেওঁ কৰ্মজীৱনৰ পাতনি মেলে৷ পৰবৰ্তী কালত তেখেতে অসমৰ বিভিন্ন স্থানত শিক্ষকতাৰ বৃত্তিত নিয়োজিত হৈ এজন জনপ্ৰিয় শিক্ষক হিচাবে পৰিগণিত হয়৷

অসমৰ বিশেষকৈ নামনি অসমৰ বিভিন্ন ঠাইত শিক্ষক হিচাবে কৰ্মৰত দত্তই লাহে লাহে আকৰ্ষিত হৈছিল অসমৰ লোক সংস্কৃতিৰ প্ৰতি৷ অসমৰ বিভিন্ন ঠাইত সিচৰতি হৈ থকা সাঁচিপাতৰ পুথিয়ে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷ কালক্ৰমত অসমৰ প্ৰাচীন পুথি তথা সংস্কৃতিৰ অনুসন্ধানত ব্ৰতী হোৱা দত্তই অসম সাহিত্য সভাৰ প্ৰাচীন অনুসন্ধানকাৰী হিচাবে খ্যাতি লাভ কৰিছিল৷ উল্লেখযোগ্য যে তেখেতে উদ্ধাৰ কৰা এই প্ৰাচীন পুথিসমূহ অসম চৰকাৰৰ হাতত হস্তান্তৰ কৰা হয়৷

দণ্ডীৰাম দত্তই অসমৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিছিল৷ তাৰ কাৰণ আছিল মুখ্যতঃ এটা৷ সেইয়া আছিল প্ৰাচীন পুথিসমূহৰ সংৰক্ষণ৷ ‌এই পুথিসমূহ সংৰক্ষণৰ বাবে ৰাজ্যখনৰ দশোদিশে তেওঁ ঘূৰি ফুৰিছিল৷ বিভিন্ন সত্ৰ, সত্ৰাধিকাৰ তথা বিদ্বানসকলক সাক্ষাৎ কৰি তেওঁ তেওঁৰ লক্ষ্যত উপনীত হৈছিল৷ দোকমোকালিৰ বেলিৰ কিৰণত পৃথিৱী আলোকিত হোৱাৰ দৰেই তেওঁৱো যেন উদ্দেশ্য সিদ্ধি কৰি আলোকিত হৈ পৰিছিল‌৷

পিছে জ্ঞানপিপাসু দত্তই অনুসন্ধানৰ সময়ছোৱাত আন এক তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেখেতে নামনি অসমৰ বিভিন্ন স্থানত এক বিশেষ ধৰণৰ অঙ্ক চৰ্চা চলি থকা বুলি জানিব পাৰে৷ মুখে মুখে প্ৰচলিত এই গণিতৰ সহায়ত চকুৰ পলকতে বহু কঠিন প্ৰশ্নৰো উত্তৰ লাভ কৰিব পাৰি বুলি তেওঁ অৱগত হয়৷ বিভিন্নজন সহকৰ্মী তথা বিশিষ্ট ব্যক্তিসকলৰ যোগেৰে তেওঁ এই কথা জানিব পাৰি এই অঙ্ক চৰ্চা কৰাৰ মানস কৰে৷ এই বিশেষ অঙ্ক চৰ্চা সম্পৰ্কে অনুসন্ধান কৰাৰ মানসেৰে দণ্ডীৰাম দত্তই নামনি অসমৰ বিভিন্ন গাওঁ যেনে মাখিবাহা, শুকাইকুছি, সৰভোগ, ঝাউবাৰী আদিৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰে৷

সেই সময়ত গুৱাহাটীৰ পানবজাৰত বৰপেটাৰ পৰা উঠি অহা একাংশ লোকে ঘৰ সাজি নিগাজীকৈ থকাৰ ব্যৱস্থা কৰিছিল৷ এই ঠাইৰ নাম আছিল বৰপেটীয়া পাৰা৷ এই বৰপেটীয়া পাৰাত বাস কৰা স্বৰ্গীয় প্ৰসন্ন নাৰায়ণ চৌধুৰীৰপৰা এই বিশেষ অঙ্ক চৰ্চা মাখিবাহাত প্ৰচলিত হৈ আছে বুলি দণ্ডীৰাম দত্তই জানিব পাৰে৷ স্বৰ্গীয় চৌধুৰীৰ উপদেশমৰ্মে দত্তই মাখিবাহাত সাক্ষাৎ কৰে এই অঙ্ক চৰ্চা কৰা পাৰদৰ্শী লোকসকলক৷ এই লোকসকলৰ মধ্যমণি হিচাবে প্ৰতিষ্ঠা লাভ কৰা স্বৰ্গীয় বুদ্ধি নাৰায়ণ চৌধুৰীয়ে দত্তক এই অঙ্ক সম্পৰ্কে যথেষ্ট তথ্যৰ যোগান ধৰে৷ দণ্ডীৰাম দত্তৰ ভাষাত,

“পৰমপূজ্যপদ শ্ৰীযুত প্ৰসন্ন নাৰায়ণ চৌধুৰী মহাশয়ে এই অঙ্কৰ কথা কৈ উৎসাহ দিয়ে আৰু মাখিবাহা গাঁৱৰ মাননীয় ভূতপুৰ্ব কাইথেলী বিদ্যাৰ বুঢ়া পণ্ডিত স্বৰ্গীয় বুদ্ধি নাৰায়ণ চৌধুৰী মহাশয়ে বহুত অঙ্ক মুখেৰে কয় আৰু আখৰ শিকায়৷ ” ( দত্ত, কাইথেলী অঙ্ক )

দণ্ডীৰাম দত্তই স্বৰ্গীয় বুদ্ধি নাৰায়ণ চৌধুৰীৰপৰা এইবিধ অঙ্কৰ নাম কাইথেলী অঙ্ক বুলি জানিব পাৰে৷ পৰৱৰ্তী সময়ত দত্তই নামনি অসমৰ কেইবাজনো পণ্ডিত যেনে স্বৰ্গীয় চন্দ্ৰকান্ত শৰ্মা (মাখিবাহা), স্বৰ্গীয় দেউৰাজ মহন্ত (সৰ্থেবাৰী), স্বৰ্গীয় ঘনকান্ত অধিকাৰী (পাটবাউসী) আদিক সাক্ষাৎ কৰে আৰু কাইথেলী অঙ্কৰ বিষয়ে তেওঁ খৰচি মাৰি অধ্যয়ন কৰে৷

ইংৰাজ আমোলৰ আগভাগলৈ কায়স্থসকলে মাটিৰ জৰীপ, শষ্য ভাণ্ডাৰত সংৰক্ষণ কৰি ৰখা শষ্যৰ হিচাপ, ঘৰ নিৰ্মাণৰ জোখমাখ, বাঁহ-বেত আদিৰ হিচাপ, ৰাজকীয় সম্পদৰ হিচাপ-নিকাচ আদি বিভিন্ন ধৰণৰ হিচাপ-কৰাৰ উদ্দেশ্যে এই অঙ্কৰ অভ্যাস কৰিছিল বুলি দত্তই কালক্ৰমত জানিব পাৰে৷ এই অঙ্ক চৰ্চাৰ যোগেৰে কাইথেলী অঙ্কৰ বিভিন্ন ভাগ যেনে আঠকঠা দশাংক, বিদ্যাউঠি, পিয়ল, পঞ্চক আদিৰ অভ্যাসো কায়স্থসকলে কৰিছিল বুলিও দণ্ডীৰাম দত্তই তথ্য লাভ কৰে৷

লাহে লাহে দত্ত এই বিশেষ অঙ্ক চৰ্চা সম্পৰ্কে উৎসাহী লোকসকলক অৱগত কৰা জৰুৰী বুলি অনুভৱ কৰে‌৷ সেই সময়তেই অসম ভ্ৰমণ কৰিবলৈ অহা বঙালী ভদ্ৰলোক জনৈক বিজয়ভূষণ ঘোষ চৌধুৰীৰ স’তে তেওঁ এই কাইথেলী অঙ্ক সম্পৰ্ক আলোচনা কৰে৷ দত্তই অৱগত কৰা কাইথেলী অঙ্ক সম্পৰ্কে জানিব পাৰি চৌধুৰী দেৱে তেখেতৰ স’তে নামনি অসমৰ বিভিন্ন ঠাইলৈ গৈ কাইথেলী অঙ্ক সম্বন্ধে জ্ঞান আহৰণ কৰে৷ উল্লেখযোগ্য যে চৌধুৰী দেৱে দণ্ডীৰাম দত্তক কলিকতাৰ কেইজনমান সম্ভ্ৰান্ত তথা বিদ্যানুৰাগী ব্যক্তিৰ স’তে পৰিচয় কৰাই দি তেওঁলোকৰ যোগেৰে এই বিশেষ অঙ্কচৰ্চাক জনপ্ৰিয় কৰাত বিশেষ ভূমিকা পালন কৰে৷

কাইথেলী অঙ্কক সাঁথৰ (riddle)ৰ লগত তুলনা কৰিব পৰা যায়৷ এই অঙ্কই চৰ্চাকাৰীসকলক সততে হাঁহিৰ খোৰাক যোগায় আৰু তেওঁলোকৰ জ্ঞান বৰ্ধনতো বিশেষ অৰিহণা যোগোৱা দেখা যায়৷ সাধাৰণতে মানুহৰ মুখে মুখে প্ৰচলিত এই অঙ্কক কৌতুক অঙ্ক ( Mathematical Zest) বুলিও অভিহিত কৰিব পাৰি৷ আনহাতে যিহেতু এইবিধ অঙ্ক কায়স্থসকলে চৰ্চা কৰি এই বিশেষ ধাৰাটো সংৰক্ষণ কৰি ৰাখিছিল, সেইবাবে অঙ্কৰ এই বিশেষ ধাৰাটোক কাইথেলী অঙ্ক বুলিও কোৱা হয়৷

কাইথেলী অঙ্ক সম্পৰ্কে কৰা এই আলোচনাত নিমোক্ত অঙ্ক তথা পদ দুটামান সন্নিবিষ্ট কৰা হল৷ আমাৰ বিশ্বাস যে সন্নিবিষ্ট অঙ্কসমূহে পাঠকসকলক কাইথেলী অঙ্ক সম্পৰ্কে সম্যক জ্ঞান দিবলৈ সক্ষম হব৷

অঙ্ক: ১

“মাহিনা যতেক বোলে কৰিবা দুগুণ৷
বুৰী বৎ কণ্ঠ তত কৰিবা একুণ৷ ৷
একুণ কৰিলে জানা ৰহয় যে যত৷
দিনে প্ৰতি পৰে নিষ্টে জানিবাহা তত৷ ৷

অঙ্ক: ২

“এক বুঢ়াৰ নটা তিৰী
নটা নটা হ’ল ছলী৷
নটা নটা দিলাক কল
ছলী ক’লে কিমান হ’ল?

পদ: ১

এক মূৰ দুই জিহ্বা কালকুট খায়৷
খৰতৰ বেগে চলে দূৰকো নাযায়৷ ৷

পদ: ২

ইন্দ্ৰৰ অমৰাৱতী বনে পাৰিজাত আছে৷
নিতে দশলক্ষ পুষ্প ফুটি থাকে গাছে৷ ৷
শতেক বৎসৰে কোনে কৰিবে কওনা৷
একৈক পুষ্পৰ মূল্য লক্ষ কোটি সোণা৷ ৷

কাইথেলী অঙ্কই যে অকল সাঁথৰৰ কামহে কৰে, তেনে নহয়৷ বিভিন্ন ব্যাধিত আক্ৰান্ত হ’লে কৰিবলগীয়া আৰু নকৰিবলগীয়া কাৰ্য সম্পৰ্কেও এই কাইথেলী অঙ্কই বিভিন্ন পৰামৰ্শ দান কৰে৷

দণ্ডীৰাম দত্তই এই বিশেষ অঙ্কবিধক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিছিল৷ উল্লেখযোগ্য যে এই কাইথেলী অঙ্ক প্ৰথম অৱস্থাত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আছিল৷ অৱশ্যে বিভিন্ন প্ৰাচীন পুথিতো এই কাইথেলী অঙ্ক সম্পৰ্কে ব্যাখ্যা কৰা হৈছিল৷ নামনি অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি দণ্ডীৰাম দত্তই এই অঙ্ক সম্পৰ্কে যথেষ্ট তথ্য আৱিষ্কাৰ কৰিছিল৷ দত্তৰ এই তথ্য সংগ্ৰহৰ উৎকৃষ্ট নমুনা দেখি তেখেতক অসম চৰকাৰে গৱেষক হিচাবে স্বীকৃতি দি যথাযোগ্য সন্মান প্ৰদৰ্শন কৰে৷

কাইথেলী অঙ্ক অন্বেষনৰ প্ৰক্ৰিয়াৰ সতে দত্ত একাত্ম হৈ পৰিল‌৷ তেও এই বিষয়ৰ ওপৰত ভিত্তি কৰি ‘কাইথেলী অঙ্ক’, ‘কৌতুক’, ‘কৌতুক আৰু কাইথেলী অঙ্ক’ আদিকে ধৰি কেইখনমান গ্ৰন্থ প্ৰকাশ কৰিলে৷ এনেদৰে নামনি অসমত প্ৰচলিত এই বিশেষ গণিত চৰ্চাক তেওঁ জনপ্ৰিয় কৰি তুলিলে‌ তেওঁৰ গ্ৰন্থসমূহৰ যোগেদি৷ দণ্ডীৰাম দত্ত সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলং চহৰত তদানীন্তন প্ৰধানমন্ত্ৰী মাননীয় গোপীনাথ বৰদলৈদেৱৰ আগত কাইথেলী অঙ্ক সম্পৰ্কে ভালেমান তথ্যৰ যোগান ধৰে৷ বৰদলৈদেৱে দত্তৰ এই কাৰ্যক ভূয়সী প্ৰশংসা কৰে৷ সেই সময়ত অসমৰ বুৰঞ্জী বিভাগৰ সঞ্চালকৰ দায়িত্বত থকা ডঃ সূৰ্য্য কুমাৰ ভূঞাই দত্তৰ পৰা কাইথেলী অঙ্ক সম্পৰ্কে জানিব পাৰি ১৯৪৯ চনত এই অঙ্কৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁলৈ দহ হাজাৰ টকাৰ এক অনুদান আগবঢ়ায়৷ অসমৰ উপৰিও কলিকতা আৰু অন্যান্য বিভিন্ন ঠাইত দত্তই কাইথেলী অঙ্ক সম্পৰ্কে বিভিন্নজন অনুসন্ধিৎসু ব্যক্তিক তথ্যৰ যোগান ধৰে৷ উদাহৰণস্বৰূপে কোচ বিহাৰৰ ভিক্টোৰিয়া মহাবিদ্যালয়ৰ সেই সময়ৰ অধ্যক্ষ সুকুমাৰ গাঙ্গুলীয়ে দত্তৰ ব্যুৎপত্তি সম্পৰ্কে জানিব পাৰি তেওঁক বিশেষভাবে উৎসাহিত কৰে৷ দণ্ডীৰাম দত্তই ১৯৫৪ চনত কল্যাণীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ ৫৯তম অধিবেশনতো কাইথেলী অঙ্ক সম্পৰ্কে এক ব্যাখ্যা আগবঢ়াই ইয়াক জনপ্ৰিয় কৰি তোলে৷ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু উপস্থিত থকা এই অধিবেশনত দত্তই প্ৰদৰ্শন কৰা কাইথেলী অঙ্কই বহুল প্ৰচাৰ লাভ কৰে৷ উল্লেখযোগ্য যে এই অধিবেশনত পণ্ডিত জৱাহৰলাল নেহৰুই দত্তক ‘অঙ্কৰ যাদুকৰ’ উপাধি প্ৰদান কৰি সন্মানিত কৰে৷

প্ৰায় এশৰো অধিক পুথি প্ৰণয়ন কৰা দণ্ডীৰাম দত্তই অকল যে কাইথেলী অঙ্ক সম্পৰ্কে অধ্যয়ন কৰি ইয়াক জনপ্ৰিয় কৰি তুলিছিল, তেনে নহয়৷ অসমৰ বিভিন্ন ঠাইত সিচৰতি হৈ থকা প্ৰাচীন সাঁচিপতীয়া পুথিসমূহ তেওঁ সংগ্ৰহ কৰি অসমীয়া লোকসংস্কৃতিক চহকী কৰি থৈ গৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ অধীনত তেওঁ এই সাঁচিপতীয়া পুথিসমূহ সংগ্ৰহ কৰিছিল৷

আজীৱন কাইথেলী অঙ্ক আৰু সাঁচিপতীয়া পুথি সংগ্ৰহত নিয়োজিত হৈ থকা দণ্ডীৰাম দত্তই ১৯৮৬ চনত মৃত্যুবৰণ কৰে৷ যদিও তেওঁৰ দ্বাৰা সংগৃহীত আৰু প্ৰচাৰিত কাইথেলী অঙ্ক সম্পৰ্কে আজিকোপতি বহুলভাবে আলোচনা কৰা হোৱা নাই, তেওঁৰ গ্ৰন্থসমূহ বিশদভাবে অধ্যয়ন কৰি কাইথেলী অঙ্ক সম্পৰ্কে পঢ়ুৱৈ সকলে বহু তথ্য লাভ কৰিবলৈ সক্ষম হয়৷

সহায়ক গ্ৰন্থ:

অসমীয়া:

১৷ দণ্ডীৰাম দত্ত: কাইথেলী অঙ্ক

২৷ দণ্ডীৰাম দত্ত: কৌতুক আৰু কাইথেলী অঙ্ক

৩৷ দণ্ডীৰাম দত্ত: কৌতুক আৰু কাইথেলী অঙ্কৰ গৱেষণা

৪৷ দণ্ডীৰাম দত্ত: কৌতুক (খুহুতীয়া হাঁহি ধেমালিৰ)

৫৷ হৰিনাৰায়ণ দত্তবৰুৱা৷ (সম্পাদিত): প্ৰাচীন কামৰূপীয় কায়স্থ – সমাজৰ ইতিবৃত্ত

বাংলা:

১৷ দণ্ডীৰাম দত্ত: কৌতুক ( বঙ্গভাষায়)

ইংৰাজী:

১৷ Dandiram Dutta: Kautuk (Translated by Tarini Kanta Bhattacharya)

তথ্যদাতাৰ নাম:

১৷ শ্ৰীৰমা দত্ত

২৷ শ্ৰীউদয় বৰ্মন

৩৷ শ্ৰীসত্য তালুকদাৰ

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
11 months ago

[…] ৪) কৌতুক আৰু কাইথেলী অঙ্ক : দণ্ডীৰাম দত্তৰ অৱদান। লেখক: অভিজিত দত্ত। সাহিত্য ডট অৰ্গ্‌, জুন, ২০১৯। […]

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক