কৌতুহল (পিনাকপাণি বৰুৱা)

ৰে’লখনে গতি লোৱাৰ লগে লগে খিৰিকীখনেদি সোমাই অহা বতাহজাকে দীপক চুই গ’ল ৷ পঢ়ি থকা উপন্যাসখনৰ পৰা মূৰটো তুলি সি বাহিৰলৈ চালে৷ ৰে’ল লাইনৰ কেইমিটাৰমান মাথো আঁতৰত থকা বিজ্ঞাপনৰ বৰ্ডখনত লিখা বাক্যশাৰী তাৰ চকুত পৰিল – ‘এইডচ স্পৰ্শৰ দ্বাৰা নিবিয়পে’৷ বৰ্ডখনৰ পৰা দৃষ্টি আঁতৰাই সমুখৰ দিশে চাওতেই সি প্ৰথমেই তাৰ ফালে একেথৰে চাই থকা সেই ধুনীয়া চকুযুৰি দেখা পালে৷ চকুযুৰি কঢ়িয়াই থকা চেহেৰাটো চকুযুৰিতকৈও ধুনীয়া আছিল৷ প্ৰতিবাৰেই ধুনীয়া ছোৱালী এজনী দেখিলেই দীপৰ মনত এক চিৰ-পৰিচিত হুমুনিয়াহৰ ভাব জাগি উঠে৷ তাৰ নিজৰ ভাগ্যত থকা সুন্দৰতাখিনিৰ কথা মনত পৰে৷ দেউতাকৰ মৃত্যুৰ পাছত মাক ঘৰত অকলশৰীয়া হৈ পৰিছিল৷ মাকৰ নিসংগতা দূৰ কৰাৰ স্বাৰ্থতে খৰধৰকৈ সি বিয়াত বহিছিল৷ এজনী সুন্দৰী সংগীৰ সৈতে জীৱন পাৰ কৰাৰ সপোনটো তেতিয়াই তাৰ মনত পোত খাইছিল৷

ছোৱালীজনীয়ে বহু পৰ ধৰি দীপৰ ফালে চাই ৰ’ল৷ পিছে তাই তাৰ নক্সাহীন চেহেৰাৰ মাজত কিহৰ সন্ধান কৰিছিল সি একোকেই বুজি পোৱা নাপালে৷ তাই যেন দীপৰ চকুৰ পৰা তাইৰ চকুৰ গভীৰতালৈ কিবা এটা আজুৰি লৈ যাব বিচাৰিছিল৷ ইয়াৰ পূৰ্বে এনেদৰে ইমান ধুনীয়া ছোৱালী এজনীৰ দৃষ্টি বান্ধোনত পৰাৰ কথা দীপৰ মনত নপৰে৷ কিবা এটা অনামী কৌতুহলেৰে তাৰ মন ভৰি পৰিল৷

 

: তুমি মোক কেনেবাকৈ চিনি পোৱা নেকি বাৰু? -দীপে সুধিলে৷

: মোক সুধিছে? – তাই আচৰিত হোৱাৰ দৰে সুধিলে৷

: মোৰ সমুখত আৰু কোনোবা বেলেগ মানুহ বহি আছে নেকি?

: ঠিকেই কৈছে, মই পিছে আপোনাক চিনি নাপাও৷ কিয়বা সুধিলে?

: অতপৰে মোৰ ফালে চাই থকাৰ বাবে আকৌ৷

 

উত্তৰ শুনি তাইৰ ওঁঠত এক ৰহস্যময়ী হাঁহি বিৰিঙি উঠিল৷

: চোৱাৰ বাবে বেয়া পালে নেকি? – তাই হাঁহিটোক মুখতে জিলিঙাই ৰাখি সুধিলে৷

: বেয়ানো কিয় পাম বাৰু? –দীপেও একেধৰণৰ হাঁহি এটা মৰাৰ চেষ্টা কৰি চালে৷

: পিছে আপোনাৰ নাম?

: দীপাংকৰ, তোমাৰ?

: সুনয়না৷

নামটো কৈ তাই কিছু পৰৰ বাবে নীৰব হৈ ৰৈছিল, দীপেও উচিত প্ৰশ্নৰ সন্ধান অব্যাহত ৰাখি অলপ পৰ মনে মনে বহি থাকিল৷

 

: কিবা চাকৰি কৰে আপুনি? -নীৰৱতা ভাঙি সুনয়নাই সুধিলে৷

: মই জিলা পুথিভঁৰালত চাকৰি কৰো৷ – দীপে হাতত থকা কিতাপখন দেখুৱাই ক’লে৷

: খুবেই ভাল৷ এটা সময়ত মোৰো খুব কিতাপ পঢ়াৰ চখ আছিল৷

: তেনেহলে কেতিয়াবা আমাৰ পুথিভঁৰাললৈ আহিবা আকৌ৷

: নিশ্চয়, পিছে আপোনালোকৰ পুথিভৰালত মই পঢ়িব পৰা ধৰণৰ কিতাপ ৰাখে জানো?

: সকলো ধৰণৰ কিতাপেই আছে৷

 

তাই পুনৰ ওঁঠ চেপি হাঁহিলে৷ হাঁহিটো দেখি দীপক ইতিকিং কৰাৰ দৰে লাগিল৷ দীপে একো বুজি নাপালে৷

 

: তুমি মোলৈ বাৰু কিয় চাই আছিলা? –তাৰ মনত ইমানপৰে উকমুকাই থকা প্ৰশ্নটো সি অভদ্ৰৰ দৰে সুধি পেলালে৷ ৷

: আপুনি দেখাত ধুনীয়া যে সেই বাবে!- পুনৰ সেই একে হাঁহি৷ দীপৰ খঙ উঠি গ’ল৷

: মোৰ ঘৰত আইনা নাই বুলি ভাবিছা নেকি? সঁচাকৈ কোৱাচোন৷ – তাৰ মাতত খঙৰ সুৰ৷

: মিছা কোৱা নাই, মোৰ বাবে সকলো মানুহেই ধুনীয়া৷

 

তাইৰ কথাবোৰ দীপৰ অলপো মুৰত নোসোমালে৷  পিছে সেইবুলি কথা পাতি সি বেয়া পোৱা নাই৷ তাইৰ হাঁহিটোৰ কাৰণ বিচাৰি অধিক গভীৰতালৈ যোৱাৰ তাৰ ইচ্ছা আছিল, পিছে ৰেলগাড়ীখনৰ উকিটোৱে বাধা দিলে৷

 

: মোৰ নামিবৰ হ’ল, আপোনাৰ সৈতে চিনাকি হৈ ভাল লাগিল ৷– এইবুলি কৈ তাই বেগৰ ভিতৰত কিবা এটা বিচাৰিবলৈ ধৰিলে৷ পিছ মুহূৰ্ততে বেগটোৰ পৰা ক’লা চছমা এযোৰ আৰু ফলডিং ষ্টিক এদাল বাহিৰ হ’ল৷ চছমাযোৰ পিন্ধি ষ্টিকদাল মাটিত লগাই তাই নামিবলৈ সাজু হ’ল৷

 

লগে লগে দীপৰ কাষত বহি থকা মানুহজনীও নামিবলৈ সাজু হ’ল৷ সুনয়না সেই মানুহজনীৰ লগতেই দবাটোৰ পৰা নামি গ’ল৷

##

(প্ৰখ্যাত লেখক ৰাস্কিন ব’ণ্ডৰ গল্প ‘The eyes have it’-ৰ পৰা কিছু পৰিমাণে অনুপ্ৰাণিত)

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
4 years ago

barhia