:: ক্লিক :: (অমিতাভ মহন্ত)

নিৰ্মল ষ্টুডিঅ’…

সৰু গাঁওখনত ফটো উঠিবলৈ আৰু বেলেগ বিকল্প নাই৷ মবাইল ফোন, ডিজিকেম, ৭০-৮০ হাজাৰ টকীয়া এছ এল আৰৰ কথা মানুহে সপোনতো ভাবিব পৰা হোৱা নাই৷

অতি প্ৰয়োজন নহ’লে গাঁৱৰ মানুহে ফটো উঠাটো বৰ দৰকাৰী বুলি নাভাবে৷ গতিকেই বিয়া বাৰু আদি বাদ দি বাকী সময়ত কেটেঙা নিৰ্মলৰ কেমেৰাৰ গাঁৱৰ ঘৰবোৰত বৰকৈ প্ৰৱেশ নঘটে৷ সেয়াও অৱস্থাসম্পন্ন মানুহৰ ঘৰৰ বিয়া বাৰু হ’লেহে৷ বাকী সৰস্বতী পূজা, পাছপোৰ্ট ফটো, নতুন দৰা-কইনাৰ ফটোৰ বাবেহে নিৰ্মলৰ ষ্টুডিঅ’৷

তাইৰ প্ৰথম প্ৰেম!! পিছে নিৰ্মলৰ লগত নহয়, কেমেৰাৰ লগতহে৷ কিন্তু সেয়া প্ৰেম কৰাৰ বয়স নাছিল, না নিৰ্মলৰ লগত, না কেমেৰাৰ লগত৷ তাইৰ দহ বছৰ হৈছেহে মাত্ৰ৷ কোনো চৰকাৰী কামত তাইক এতিয়াও ফটোৰ দৰকাৰ হোৱা নাই৷ আৰু তাইৰ মাক দেউতাকো ষ্টুডিঅ’লৈ গৈ ফটো উঠিবলৈ ইমান চৌখিন নাছিল৷ গতিকেই ৰশ্মিতাৰ বাবে নিজা এখন ফটো সপোনেই হৈ থাকিল৷

লাহে লাহে পৰিস্থিতি উন্নত হ’বলৈ ধৰিলে৷ বিয়া বাৰু, অন্নপ্ৰসন্ন আদিত কেমেৰাৰ উপস্থিতি ঘূনুক ঘানাককৈ বাঢ়িবলৈ ধৰিলে৷ কিন্তু তেতিয়ালৈ তাইৰ এখন ফটো উঠাৰ সপোন পূৰ্ণ হোৱা নাছিল৷ তাই আছিল কেৱল এক সুযোগৰ সন্ধানত৷ কোনো অনুষ্ঠানত এক কেমেৰাৰ সন্ধানত৷ সুযোগ পালেই তাই দৌৰ মাৰি থিয় দিয়ে কেমেৰাৰ সন্মূখত৷ এইফালে “সাজন”ৰ সঞ্জয় দত্তৰ লুক নকল কৰিবলৈ আপ্ৰাণ চেষ্টা কৰা নিৰ্মলৰ বাহাদুৰি কি চাবা৷ সৰু ল’ৰা ছোৱালীয়ে ফটো উঠিবলৈ চেষ্টা কৰিলেই ঢেকুৰা কুকুৰৰ দৰে ঘেং ঘেঙাই উঠে- অই ছোৱালী গুচ, গুচ, তঁহতৰ পাল পিছত৷

তাতেও সফল নহৈ অৱশেষত ৰশ্মিতাক টানি ফ্ৰেমৰ বাহিৰ কৰি দিয়া ঘটনাও নঘটা নহয়৷

নিৰ্মলক দোষ দি পিছে কি হ’ব? সিয়ো নিৰুপায়৷ বেছিভাগ বিয়াতে জোৰোণৰ পৰা আৰম্ভ কৰি আঠমঙলালৈ কেৱল দুটা ৰীলেৰে সি কাম চলাব লগা হয়৷ গতিকেই আজে-বাজে ফটো তুলি সি গৃহস্থৰ গালি কেইটা কিয়নো শুনিব৷

পিছে তাই জানো কম? স্কুলত তাৰ গুণ্ডামি সকলোৰে মুখে মুখে৷ মনে মনে আকৌ ৰশ্মিতা কেমেৰাৰ ফালে আগুৱাই যায়৷ এইবাৰো কেমেৰামেনৰ বিষাক্ত দৃষ্টিৰ পৰা তাই সাৰি নাযায়৷ নিৰ্মলৰ কাণমলায়ো তাইক নিৰাশ কৰিব নোৱাৰে৷ তাই যে যিকোনো উপায়েৰে ফটো উঠি লগৰবোৰক দেখুৱাবই লাগিব৷ নহলে স্কুলত নিজৰ সন্মান ৰক্ষা কৰাটোৱেই ডাঙৰ কথা হৈ পৰিছে৷ কিন্তু নিৰ্মল নাচোৰবান্দা৷ শেষত ৰশ্মিতাৰ ফটো উঠা নহয়গৈ৷

এইখন বিয়াটো তাইৰ ফটো উঠা নহ’ল৷ হতাশ হৈ ঘৰলৈ উভতিল তাই৷ পিছে ঘৰলৈ উভটি আহিয়েই তাই পালে মন ভাল লাগি যোৱা খবৰটো৷ গুৱাহাটীত থকা বাবুল মামাৰ বিয়া৷ কোন বাবুল মামা তাই চিনি নাপায়৷ পিছে ঘৰত হৈ থকা কথা বতৰাত এইখিনিয়েই গম পাইছে যে বাবুল মামা বৰ ধনী আৰু গুৱাহাটীত প্ৰকাণ্ড ঘৰ এটা আছে৷ তাই মনে মনে হিচাপ কৰি পেলালে, এইবাৰ বাবুল মামাৰ বিয়াত তাইৰ নিজা ফটো এখন হোৱাটো খাটাং৷ ফূৰ্তিত গোটেই ৰাতি তাইৰ টোপনিয়েই নাহিল৷

অভ্যৰ্থনাৰ দিনা সিহঁত বাবুল মামাৰ ঘৰ পালেগৈ৷ টিংকলত দেখা ৰাজমহলৰ দৰে ঘৰ, সজাই পৰাই আটকধুনীয়া কৰি পেলোৱা হৈছে৷ তাইৰ বয়সৰেই কেইজনীমানে বহি বহি বেলুন ফুলাই আছে৷ কোন হয় তাই ধৰিব নোৱাৰিলে, বৰ বেছি অহা যোৱা নাই যে৷

তাই আগুৱাই গৈ ফুলাবলৈ এটা বেলুন হাতত ল’লে৷ ক’ৰপৰা জানো এজনী দৌৰি আহি দপদপাই উঠিল,
– অই ছোৱালী বেলুন কিয় লৈছ? একদম নুচুবি৷ যা এতিয়া ইয়াৰ পৰা৷ আমাৰ সজোৱা নোহোৱালৈ একদম হাত নিদিবি৷

ছোৱালীবোৰে বেলুন ফুলাব পৰা নাই৷ এটা বেলুন ফুলাওতে এ-যুগ লাগিছে৷ কিনো হয় তাইক এটা ফুলাব দিলে, এবাৰতে ডাঙৰকৈ ফুলাই দিব পাৰিব তাই৷
ইফালে সিফালে ঘূৰি ফুৰোতেই কেমেৰামেন জনক দেখি আকৌ আগুৱাই গ’ল তাই৷
– অ’ দাদা, ফটো কেতিয়া তুলিব?

উত্তৰ দি দি ইতিমধ্যে বিৰক্ত হৈ পৰিছিল কেমেৰামেন৷ নাক মুখ কোঁচাই উত্তৰ দিলে,
– কৈছো নহয় ৰাতি উঠিবা৷ এতিয়া দিগদাৰ নকৰিবা৷

ৰাতি অনুষ্ঠান আৰম্ভ হ’ল৷ চাৰিওফালে পোহৰৰ খেলা৷ ৰশ্মিতাৰ চকু চাট মাৰি ধৰিছে৷ দৰা কইনা বহা আসনৰ ওচৰে পাজৰে ঘূৰি আছে ৰশ্মিতা৷ অপেক্ষা মাঁথো এটা সুঁযোগৰ৷ কিন্তু গুৱাহটীয়া কেইটাৰ ওস্তাদিত তাই দৰা কইনাৰ ওচৰলৈ যাব সুযোগেই পোৱা নাই৷ বাবুল মামায়ো তাইক এবাৰো ওচৰলৈ যাবলৈ কোৱা নাই৷ তাইৰ পিছে তাকে লৈ অভিমান কৰিবলৈ মুঠেও সময় নাই৷ তাইৰ আপেক্ষা কেৱল এটা ক্লিকলৈ৷

ৰাইজে লাইন পাতি ফটো উঠিছে৷ চাৰিওফালে আনন্দৰ নিজৰা বৈ গৈছে৷ ৰশ্মিতা কিন্তু এই সকলোৰে পৰা আতৰত, লক্ষ্য কেৱল সেই আকাংঙ্খিত ক্লিকটোৰ৷ চকুত কাকুতি মিনতি৷ কোনোবাই কিয় আহি নকয়, ‘ যা ৰশ্মি, ফটো এখন উঠিল”৷ কিন্তু নাই, কাৰো মতি গতিয়েই নাই৷

হঠাৎ আহিল এক সুৱৰ্ণ সুযোগ৷ দেউতাকে বাবুল মামালৈ বুলি অনা উপহাৰটো দিবলৈ আনি আছে৷ দৌৰ মাৰি তাই দেউতাকৰ ওচৰলৈ গ’ল৷ দেউতাকৰ লগত তায়ো যাব উপহাৰটো দিবলৈ৷ তাই দেখিছে উপহাৰ দিয়া সকলোৰে ফটো তুলিছে৷ এনেকুৱা সুযোগ আৰু নাহে৷

হাঁহিলে তাইৰ কিছুদিন আগত সৰি যোৱা দাঁতৰ ফাঁকটো দেখা যায়৷ উপহাৰটো দি থকা মূহুৰ্তত তাই সজাগ হৈ থাকিল, কেমেৰামেনে স্মাইল বুলি কলেই যেন সেই ফাঁকটো দেখা নাযায়৷

পলকহীন দৃষ্টি৷ পলক পেলালেই যে তাইক অন্ধ যেন দেখিব৷ পল্লবীৰ দৰে চকু মুদা ফটো হ’লে লগৰবোৰে তাইক কমখন জোকাবনে৷

এক, দুই, তিনি……ক্লিক!!! আস কি এক অদ্ভুত শিহৰণ৷

বিয়া শেষ৷ সিঁহত ঘৰলৈ আহিল৷ ইতিমধ্যে তাইৰ ফটোৰ কথা স্কুলত জনাজাত হৈ পৰিছে৷ কিবা কথাত তাইৰ চকু জাপ খাই যোৱা নাছিলতো? মাজে মাজে এই ভয়ে তাইক বিতত কৰি তোলে৷ হে ভগৱান, যেনে তেনে ফটোখন ভাল কৰি দিয়া৷

দেউতাক অফিচৰ কামত গুৱাহাটীলৈ গৈছে৷ বাবুল মামাই বোলে ফটোখন দি পঠাব৷ গোটেই ৰাতি তাইৰ টোপনি নাহিল৷ পিছদিনা দেউতাক পাবহি৷ মাকক এবাৰ সেইদিনা স্কুল নাযাওঁ বুলি কৈ চাইছিল যদিও ধমকিৰ কোবত চুপ চাপ স্কুললৈ ওলাল৷

সেইদিনা স্কুল তালফাল৷ লগৰবোৰ বাদেই, অনিমা বাইদেউকো তাই কৈ দিলে ফটোৰ কথা৷ ইমান ফূৰ্তি তাইৰ কেতিয়াও লগা নাছিল চাগে৷
স্কুল ছুটীৰ পিছত আজি ৰ’বলৈ সময় নাই৷ দৌৰি দৌৰি ঘৰ পালে তাই৷ আহিয়েই হাত ভৰি নুধোৱাকৈ বেগ দলিয়াই দেউতাকৰ বেগ খুচৰিলে৷

পালে পালে৷ একেবাৰতেই বেগত ফটোখন পালে৷ হয়, এইখনেই হয়৷ এয়া বাবুল মামা, কাষত হাঁহি এটা মাৰি দেউতাক৷ এয়া তাই নিজহাতে বান্ধি নিয়া উপহাৰটো, এয়া যোৱাবাৰ বিহুত দেউতাকে তাইক দিয়া ট্ৰেণ্ডী হাতঘড়ীটো৷ স্কুলত এনেকুৱা ঘড়ী আৰু কাৰোৱেই নাই৷ বেলেগে চিনি উলিয়াবলৈ সময় লাগিলেও বাবুল মামাক উপহাৰ দি অৱস্থাত উঠা তাইৰ হাতখন চিনি পাবলৈ তাইৰ এক চেকেণ্ডো নালাগিল৷

ফটোত সকলোৱে হাঁহি আছে৷ ইমান হাঁহিমুখীয়া ফটোখন দেখিও কিয় বা চকুপানী ৰখাব পৰা নাই তাই!!!!

(ছাঁ লৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments