“ক্লিক…ক্লিক” (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

ক্লিক…ক্লিক”

দিগন্ত কুমাৰ ভট্টাচাৰ্য

আগতে পিকনিকলৈ ওলালে খাদ্যবস্তু, ঠাইৰ বাচনিৰ লগতে আন এটা বিষয়ে আলোচনাত ঠাই পাইছিল -‘কেমেৰা’।
‘কেমেৰা কাৰ আছে?’
‘মোৰ বৌৰ ককায়েকৰ খুলশালীজনৰ লগৰ এজনৰ এটা আছে কেমেৰা। আনিব পাৰিম’।
‘ৰীল এটা হ’লে হ’ব নে?’
‘নাই নহ’ব। কমেও দুটা লাগিব। মাধুৰীহঁতৰ গ্ৰুপৰ পাঁচজনীক দুখনকৈতো ছিংগল উঠাবই লাগিব। যোৱাবাৰ বেয়াই পাইছে।’

…নাই, এতিয়া আৰু সেই দিন নাই। ফ’টো এখন তুলিবলৈ বা উঠিবলৈ কেমেৰা বিচাৰি হাবাথুৰি খাব নালাগে। ৰীল শেষ হ’ব পাৰে বুলি ভয়ে ভয়ে হিচাপ কৰি ক্লিক নকৰিলেওঁ হয়। এতিয়া প্ৰায় সকলোৰে হাতে হাতে ডিজিকেম, মোবাইল কেমেৰা। বাৰ্থ ডে’, বিয়া-তোলনী বিয়া, পিকনিক অথবা মৃতকৰ আদ্যশ্ৰাদ্ধই হওঁক, যেতিয়াই মন যায় ক্লিক কৰি গ’লে হ’ল। তাৰ পিছত ক্ষন্তেকতে সেই সুখ-দুখবোৰ দেশ-বিদেশৰ বন্ধু-বান্ধৱৰ লগত বিতৰন কৰিবলৈ আমাৰ জুকেৰবাৰ্গ ডাঙৰীয়াৰ সৃষ্ট ফে’চবুক আছেই নহয়! ফ’টো উঠিবলৈ এতিয়া আৰু কাৰণ নালাগে, আনে মতামত দি নিজেই কাৰণবোৰ আপোনাৰ আগত ডাঙি ধৰিব।
এনেই চেনী হাঁহি এটা মাৰিছে…ক্লিক…”হেপ্পী হেপ্পী!”। প্ৰেয়সীৰ লগত কাজিয়া, মুখখনত চিআইডি ছিৰিয়েলৰ এচিপি প্ৰদুম্ন্যৰ দৰে বহু দিন ধৰি কোষ্ঠ্যকাঠিন্যত ভূগি থকা টাইপ এক্সপ্ৰেছন এটা আনি চকুলো নিগৰাইছে…ক্লিক…”ছ’ চেড!”। মস্ত তন্দুৰী চিকেন এটাৰ আধা খাই পেটটো গেৰেলা কৰি বহি আছে…ক্লিক…..”য়াম্মি য়াম্মি!”। নাখাই শুকাইছে বা খাবলৈ নাপাই শুকাইছে…ক্লিক…”শ্লিম, ট্ৰিম…ডায়েটিং?”। মুঠতে চাৰিওফালে ক্লিক আৰু ক্লিক, লগতে সেই ফ’টো দৰ্শন কৰি অভিজ্ঞসকলৰ এক্সপাৰ্ট ক’মেন্ট !

কেতিয়াবা ভাবোঁ এই ফে’চবুক যদি পোন্ধৰ বছৰমান আগতে ডিজিকেম বা মোবাইল কেমেৰা সুলভ নৌহওঁতে জনপ্ৰিয় হ’লহেঁতেন, ফে’চবুকৰ ৱাল, পৃষ্ঠা চাগে উকা উকা লাগিলহেঁতেন। ফ’টো এলবাম এটা ‘বনাবলৈ’ কম কষ্ট হ’লহেঁতেনে নে! আৰু প্ৰ’ফাইল ফ’টো এখন সলনি কৰিবলৈ কম চিন্তা কৰিব লাগিলহেঁতেন নে? নিজৰ কেমেৰাৰে ফ’টো এখন উঠিলে বিভিন্ন প’জ দি প্ৰ’ফাইল ফ’টো কৰোঁ বুলি, এতিয়া ৰখি থাকক আৰু গোটেই ৰীলটো শেষ হোৱালৈ। তাৰ পিছত ৰীলটো ধুৱা(ডেভেলপ কৰা), ফ’টো স্কেন কৰা, স্কেন কৰা ফ’টো আপলোড কৰা…উস: কিমান যে দীঘলীয়া প্ৰ’চেছ! ষ্টুডিঅ’বোৰে “প্ৰ’ফাইল ফ’টো” বুলি বিভিন্ন অ’ফাৰেৰে এটা নতুন পেকেজ আগবঢ়ালেহেঁতেন গ্ৰাহকলৈ। ফ’টো উঠোওৱাৰ পৰা আৰম্ভ কৰি ফে’চবুকত আপলোড কৰালৈকে সকলো ষ্টুডিঅ’তে কৰাৰ সুবিধা থাকিব। ফে’চবুকৰ প্ৰফাইল পিকচাৰ ভাই, নৰ্মেল ফ’টো নহয়। গতিকে ষ্টুডিঅ’বোৰে চান্স বুজি গোটেই পেকেজটোৰ দাম কমেও এশ/দুশতো কৰিলেইহেঁতেন।

প্ৰায় প্ৰতিদিনেই হ’ব ষ্টুডিঅ’ৰ সন্মুখত স্কুল-কলেজৰ ল’ৰা-ছোৱালী, যুৱক-যুৱতীৰ ভিৰ! গুৱাহাটীত থাকি পঢ়া-শুনা কৰা ছোৱালীজনীলৈ মাকে চিঠি লিখিব, “আইজনী অ’, এইবাৰ দেউতাৰাই দৰমহা পোৱা নাই। পইচা অলপ কমকৈ পঠাইছোঁ। তই এইবাৰ এখনতকৈ বেছি প্ৰ’ফাইল ফ’টো নুঠিবি দেই। ৰত্নে ঠিকাদাৰৰ জীয়েকে কৈছে তই হেনো যোৱামাহত পাঁচবাৰ ফ’টো সলনি কৰিছিলি।..এনেকুৱা নকৰিবি অ'”। ছোৱালীয়ে উত্তৰ দিব, “লাগিলে দুপৰীয়াৰ সাঁজ নাখাওঁৱেই..মাহত এবাৰ-দুবাৰ নতুন প্ৰ’ফাইল পিক্ চেঞ্জ নকৰিলে লগৰবোৰে চিকটা বুলি হাঁহে…মইহে জানো কিমান লাজ পাওঁ”। বিয়া ঠিক হোৱাৰ পিছত কইনাৰ মাকক ওচৰ-চুবুৰীয়াই ক’ব -“অ’ ৰুমাৰ মাক, শুনিছো হ’ব লগা জোঁৱাই বোলে বেচ পঢ়া-শুনা কৰা! অৱস্থাও হেনো খুব ভাল…ফে’চবুকৰ প্ৰ’ফাইল ফ’টোৰ এলবামটোত অকল নিজৰেই বোলে এশখন মান ফ’টো আছে!”
যিসকলে আকৌ পোক-পৰুৱা, চৰাই-চিৰিকতি, মহ-মাখিৰ ফ’টো তুলি এলবাম সাজি আপলোড কৰে, সেইসকলক সকলোৱে সমীহ কৰিলেহেঁতেন আৰু পেটে পেটে অলপ হিংসা -“ইস, এওঁলোকক নোচোৱা কিয়! আমি এখন ফ’টো আপলোড কৰিবলৈ মৰিছোঁ, এওঁলোকে শই শই মহ-মাখিৰ ফ’টো তুলি আপলোড কৰে! দুজনমানৰতো প্ৰ’ফাইল ফ’টোও চৰাই-পৰুৱাৰ। কিছু খৰছ কৰিব পাৰে দেই ভাই!”
আগতে বিয়াৰ দিনা কান্ধত কেমেৰাৰ বেগটো ওলোমাই ফ’টোগ্ৰাফাৰজন আছিল আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু। তেওঁক দেখিলেই কাপোৰ-চুলি ঠিক কৰি কেনেকৈ নিজকে ধুনীয়াকৈ প্ৰদৰ্শন কৰি ফ’টোত ওলাব পাৰি তাৰ প্ৰচেষ্টা আৰম্ভ হৈ যায়। ফ’টোগ্ৰাফাৰে ফ’টো উঠোৱাৰ প’জ ল’লে খোৱা-লোৱা কামটোও সাময়িকভাবে স্থগিত ৰাখি মুখত এটি মিচিকিয়া হাঁহি অনাৰ চেষ্টা কৰে, নহ’লে পিছত মেল খাই থকা মুখখন ফ’টোত কম বেয়া লাগিবনে? এতিয়া সেইবোৰ চিন্তা নাই। ক্লিক কৰাৰ পিছতে চাই লওঁক ফ’টোখন। মুখ মেল খাইছে, চকু এটা জাপ খাইছে বা হাঁহি মাৰোতে দাঁতৰ ফাঁকত ডাইলৰ বুটৰ টুকুৰা এটা স্পষ্টকৈ দেখা গৈছে – কোনো কথা নাই, লগে লগে ডিলিট কৰিলে হ’ল। আগতে বিয়াৰ পিছত বিয়াৰ ফ’টোবোৰ চোৱাটোও আন এটা উৎসৱ যেন আছিল, কম উৎকন্ঠা আছিল নে! এতিয়া সেই দিন নাই। হোমত জুই লগাৰ পিছত কইনাৰ ভায়েকে আখৈ তুলিব নৌপাওঁতেই বিয়াৰ ফ’টো ফে’চবুকত আপলোড হৈ যায়।

“..আংকল, আংকল”।
মূৰ তুলি চালোঁ কাষৰ ঘৰৰ ল’ৰাটো, বাৰবছৰ মান বয়সৰ। দহবছৰৰ বয়সৰ ওপৰৰ কোনোবাই ‘আংকল’ বুলি সম্বোধন কৰিলে মোৰ মুখখনো কোষ্ঠ্যকাঠিন্যত ভোগা ব্যক্তিৰ দৰেই হয়। তথাপিও হাঁহিলোঁ, কাষত মাক যে ৰৈ আছে।
“আংকল মাৰ মোবাইলটোৰে ফ’টো এখন উঠাওঁ দেই! পিছফালৰপৰা উঠাম…আপুনি ঘূৰি দিয়ক। ‘লেপি’টোত কনচেনট্ৰেট কৰক। ফে’চবুকত আপলোড কৰি লিখিম-‘ভট্ট আংকল বিজি অ’ন ফে’চবুক!’..আপোনাক টেগ কৰি দিম।”
মই মূৰটো ঘূৰালোঁ, সি পিছফালে গ’ল। মোৰ মূৰৰ পিছফালৰ চুলিকেইডালে ফ’টো উঠিবলৈ পাম বুলি হালি-জালি নাচিবলৈ আৰম্ভ কৰিলে। অলপ পিছত সৰুকৈ শব্দ এটা হ’ল…. ‘ক্লিক!’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক