ক্লীৱত্বৰ ডেৰটা দশক (দেৱব্ৰত গগৈ)

সমগ্ৰ অসমীয়া সমাজখনেই ডেৰটা দশক সৰ্ম্পূণ কৰিলো ক্লীৱত্বৰ মাজেৰে । হয়, আমি সকলোৱে  মাথোন ক্লীৱত্ব আৰু কাপুৰুষালিৰ আচৰণ কৰিছো এই ডেৰটা  দশকত   । পৰিষ্কাৰ দিনৰ পোহৰত , মহানগৰৰ মাজ-মজিয়াত , ৰাজপথৰ ওপৰত , জনসমাগমৰ মাজত , পুত্ৰৰ সন্মুখতেই পৰাগদাক গুলীয়াই  হত্যা কৰিলে আৰু যোৱা ডেৰটা দশকত হত্যাকাৰী কোন , হত্যা কৰাৰ ষড়যন্ত্ৰ কাৰ আছিল তাৰ নিশ্চিত এটা উত্তৰ আমি উলিয়াব নোৱাৰিলো । হত্যাকাৰীক কৰায়ত্ত কৰাটো দুৰৰে কথা ।  এটা জাতি বা এখন সমাজ হিচাবে  এইয়া আমাৰ  ক্লীৱত্ব  আৰু কাপুৰুষালি যদি নহয় তেন্তে কি হয় ?

এটা জাতি বা এখন সমাজৰ  উত্তৰণৰ স্বাৰ্থত কেতিয়াবা এজন ব্যক্তিৰ বিশেষ প্ৰয়োজন হয়  আৰু প্ৰয়াত  সাংবাদিক পৰাগকুমাৰ দাসও তেনে এজন মানৱীয়েই  আছিল অসমীয়া সমাজখনৰ বাবে । চুকাফা , শংকৰদেৱ  , লাচিত , আজানপীৰ বা চিলাৰায়ে সচেতনভাবে অসমীয়া জাতি বা সমাজখনক গঢ়া নাছিল । সচেতনভাবে গঢ়া নাছিল  বুলি এইবাবেই কৈছো কিয়নো তেখেতসকলৰ জীৱিতকালত এই অসমীয়া জাতি বা সমাজখনে মাথো পোখাহে মেলিবলৈ আৰম্ভ কৰিছিল । সেয়ে এই মনীষীসকলে অসমীয়া জাতিটোৰ এটা সৰ্ম্পূণ আভাস তেওঁলোকৰ জীৱিত কালত পোৱা নাছিল  কিন্ত তেখেতসকলে কৰি থৈ যোৱা বিশেষ কামবোৰৰ দ্বাৰা জাতিটো পাছৰ কালত ঠন ধৰি উঠিছিল । নিজৰ মগজুক অকণো আবেগৰ  প্ৰশ্ৰয়ত পৰিবলৈ নিদিয়াকৈ দাবী কৰো যে পৰাগদাৰ আৰু ওপৰত ঊল্লেখিত  ব্যক্তিসকলৰ মাজত পাৰ্থক্য তথা সাদৃশ্য মাথোন সেইটোৱেই আছিল । পৰাগদাই সচেতনভাবে অসমীয়া জাতি আৰু  সমাজখনৰ ভৱিষ্যত নিৰাপত্তা তথা  উত্তৰণৰ বাবে কৰ্মত ব্ৰতী হৈছিল ।

পৰাগদা  কেৱল এজন সাংবাদিকেই আছিলনে ? যদিহে কোনোবাই তেনেকৈ কয় বা ভাবে তেন্তে সেইয়া হব পৰাগদাৰ প্ৰতি চৰম অপমান । পৰাগদা আছিল অসমৰ নতুন চিন্তা শক্তি আৰু মগজু । কোনোবাই যদিহে কয় যে পৰাগ কুমাৰ দাস এজন আলফাৰ সৰ্মথনকাৰী আছিল তেন্তে কওঁতাজন পৰাগদাৰ কৰ্মৰাজিৰ প্ৰতি সৰ্ম্পূণ অজ্ঞ এজন ব্যক্তি হব লাগিব ।  স্থিতাৱস্থাক আঁতৰাই নতুনক বাট মোকালাই দিবলৈ সদায়েই আগ্ৰহী আছিল পৰাগদা আৰু সেয়ে তেওঁ  আলফাৰ আৰ্দশ আৰু দাবীৰ প্ৰতি সহৰ্মমিতা দেখুৱাইছিল কিন্ত সেইবুলি  আলফাৰ হঠকাৰী কাৰ্য্যকলাপক কেতিয়াও মধ্যবিত্তীয় সুবিধাবাদেৰে সৰ্মথন কৰা নাছিল । জাতিটোৰ বাবে পৰাগদাৰ মৃত্যু কিমান বৃহৎ ক্ষতি,  সেই কথাটো অনুধাবন কৰিয়েই   প্ৰয়াত শৰত চন্দ্ৰ সিংহই পৰাগদাৰ  নিথৰ  মুখমণ্ডলত হাত ফুৰাই হুকহুকাই কান্দি উঠিছিল ।

প্ৰশ্ন হয় , জাতিটোৰ বাবে ইমান প্ৰয়োজনীয়  এজন ব্যক্তিক আমি কিয় বচাই ৰখিব নোৱাৰিলো ?   ইয়াৰ কাৰণ বিশ্লেষণ কৰিবলৈ গলে দেখা পাম যে স্বাধীনোত্তৰ  অসমত ভাৰতীয় শাসক গোষ্ঠী আৰু ইয়াৰ ছত্ৰছায়াত থকা বণিয়া , আমোলা বা ৰাজনীতিৰ দালালসকলে পৰাগদাই হাতত  লোৱা কৰ্মৰাজিৰ পৰা যিমান প্ৰত্যাহবানৰ  সন্মুখীন হৈছিল আন কোনো ব্যক্তি পৰা তেনেধৰণৰ প্ৰত্যাহবান  পোৱা নাছিল । পৰাগদাৰ  যুক্তিভৰা  লিখনি আৰু প্ৰতিটো ঘটনাৰ সঠিক পদক্ষেপ আৰু পৰ্য্যালোচনাই ভাৰতীয় শাসক গোষ্ঠীক আৰু স্থিতাৱস্থাক বাহাল ৰাখিবলৈ বিচৰা অসমীয়া ব্যক্তিসকলক ব্যতিব্যস্ত কৰি তুলিছিল । শেষত আহিল সেই বিশেষ সময়খিনি ।  বিপ্লব তথা সন্ত্ৰাসবাদ দমনৰ নামত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই অসমৰ  জনগণৰ ওপৰত যি এক অত্যাচাৰী শাসন চলাইছিল তাৰ প্ৰতিবাদ কৰিবলৈ পৰাগদাই সকলো শ্ৰেণীৰ মানুহকে একত্ৰিত কৰিব পাৰিছিল । বিপৰীত মেৰুত  অৱস্থান কৰা বিভিন্নজন বুদ্ধিজীৱী একেলগ হৈ একেটাসুৰত  হিতেশ্বৰ শইকীয়াৰ স্বৈৰাচাৰী  শাসনক প্ৰতিবাদ কৰিছিল আৰু ই সম্ভৱ হৈছিল একমাত্ৰ পৰাগদাৰ বাবেই । আজিৰ তাৰিখত অসম গণ পৰিষদক ইয়াৰ অনুগামী বা সৰ্মথনকাৰীয়ে  এ.ইউ.ডি.এফৰ লগত নিৰ্বাচনী  মিত্ৰতা কৰিবলৈ নিদিয়ে । তেনে কথা ওলালেই আনকি সংবাদ মাধ্যমও জাঙুৰ খাই উঠে আৰু সেয়ে কংগ্ৰেছে অসমত যোৱা দুটা বিধানসভা নিৰ্বাচনত  অনায়াসে জিকি আছে কিন্ত  মন কৰিব লগীয়া কথাটো হ’ল  যে বদৰুদ্দিন আজমলে অসম গণ পৰিষদক বিৰোধ কৰি দলটো গঠন কৰা নাছিল । কিন্ত 1985  চনত  এ.ইউ.ডি. এফৰ পিতৃদল হিচাবে জনাজাত ইউ. এম. এফৰ জন্মই হৈছিল অসম গণ পৰিষদক বিৰোধিতা  কৰি আৰু ইয়াৰ মাথোন এটা দশকৰ পাছত অৰ্থাৎ 1996 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত এই দুয়োটা দলৰ মাজত নিৰ্বাচনী মিত্ৰতা হৈছিল , লগতে মিত্ৰতা হৈছিল অসম আন্দোলনক বিৰোধ কৰা কমিউনিষ্ট পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজত ।  এই  সকলোবোৰ সম্ভৱ হৈছিল একমাত্ৰ পৰাগদাৰ বাবেই । পৰাগদাৰ যুক্তিভৰা  লেখনিৰ বাবেই সকলো আহি এখন মঞ্চত গোট খাইছিলহি আৰু লগতে আছিল কাৰ্বি , বড়োৰ জনজাতীয়  ৰাজনৈতিক শক্তিবোৰ । আমাৰ সকলোৰে সপোনত ভাহি থকা সুন্দৰ অসম আৰু শক্তিশালী অসমীয়া জাতিটোৰ এক থুনুক-থানাক  ৰূপ পৰাগদাই যেন সকলোকে দেখুৱাব পাৰিছিল সেইসময়ত আৰু সেইয়াই কাল হলগৈ পৰাগদাৰ  বাবে । ছল্লিশৰ  দেওনা পাৰ নোহোৱা এজন অতি চোকা বুদ্ধিৰ ব্যক্তিয়ে   ইমান কম বয়সতেই যদি ইমান ডাঙৰ এটা পৰিৰ্ৱতনৰ আগজাননী দিব পাৰে তেন্তে আৰু অধিক অভিজ্ঞ হলে এই মানুহজনে চলিত শাসন ব্যৱস্থাটোকে যুক্তিসহকাৰে  পৰিৰ্ৱতন কৰি  দিব পাৰিব  ঠিক একে এটা আশংকাই হল সেই স্থিতাৱস্থাক সৰ্মথন কৰা মানুহখিনিৰ । পৰাগদাৰ কৰ্মৰাজিৰ এই সৰু ফলাফলতেই  ভয় কৰিলে ভাৰতীয় শাসকসকলে , ভাৰতীয় বণিয়া আৰু ৰাজনীতিৰ দালালবোৰে । পৰাগদাই ভাৰতীয় বনিক গোষ্ঠীক কেনেকৈ শংকাত পেলাইছিল তাক সৰু উদাহৰণেৰে কব  পাৰি । 1990চনত কিবা বিশেষ কাৰণত ফাঁচীবজাৰৰ অনা-অসমীয়া বণিয়াসকলে বন্ধৰ আহ্বান কৰিছিল । লগে লগে আছুকে ধৰি অন্য কিছুমান সংগঠনে জোৰকৈ ফাঁচী-বজাৰৰ  দোকানবোৰ খুলিছিলগৈ কিন্ত পৰাগদাই ইয়াৰ  বিৰোধিতা কৰি কৈছিল যে ফাঁচী বজাৰৰ দোকানবোৰ বন্ধ হৈয়েই  থাকিবলৈ দিয়ক , কাৰণ ব্যৱসায়ী গোষ্ঠীটোৰ আন্দোলনৰ বাবেই ফাঁচীবজাৰখন এদিনলৈ বন্ধ থকাৰ ফলত আমাৰ সৰ্বসাধাৰণ ৰাইজৰ সঞ্চিত কেইলাখমান টকা  উপভোগ্য সামগ্ৰী  ক্ৰয়ৰ নামত  পুঁজিপতি গোষ্ঠীটোৰ জৰিয়তে অসমৰ বাহিৰলৈ নোযোৱাকৈ থাকিল  ।   সঁচাই এনেধৰণৰ চিন্তা কৰিছিল বাবেই পৰাগদা আছিল অনন্য । ব্ৰহ্মপুত্ৰক সদব্যৱহাৰৰ বাবে পৰাগদা আগ্ৰহী আছিল । সেয়ে আমি পৰাগদাৰ  সম্পাদিত “আগান”ত  পঢ়িবলৈ পাইছিলো কেনেকৈ ব্ৰহ্মপুত্ৰক আন্তঃৰাষ্ট্ৰীয়  জলপথ হিচাবে ব্যৱহাৰ কৰি উত্তৰ-ভাৰতীয় ট্ৰাক লবীৰ আধিপত্য অসমত নাইকীয়া কৰিব পাৰি , লগতে বহু পৰিমাণে কমাব  পাৰি শ্ৰীৰামপুৰ গেটৰ দুৰ্নীতি ।   সঁচাকৈয়ে  পৰাগদাৰ প্ৰতি  তেওঁলোকে ভয় খালে  আৰু সেয়ে  চিৰদিনৰ বাবে স্তব্ধ কৰি পেলালে পৰাগদাৰ কলম ।

 

কোনোবাই  যদি কাৰোবাক হত্যা কৰে তেন্তে আমি হত্যাকাৰীজনক দোষী সাব্যস্ত কৰিম নে হত্যাকাৰীজনে ব্যৱহাৰ কৰা অস্ত্ৰপাতক ? পৰাগদাৰ ক্ষেত্ৰতও তেনেকুৱাই  হৈছে । দিন দুপৰতে  পৰাগদাক হত্যা কৰা ঘাটক কেইজন পৰাগদাৰ হত্যাকাৰী নহয় , হত্যাকাৰীৰ  অস্ত্ৰহে তেওঁলোক । তেন্তে হত্যাকাৰী কোন হয় ? ইয়াৰ তদন্ত কৰিবলৈ আগবাঢ়িল ভাৰতৰ বিখ্যাত তদন্তকাৰী সংস্থাটো । যিয়েনেকি প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ ষড়যন্ত্ৰকাৰীক  বছৰচেৰেক নৌহওতেই চিনাক্ত কৰিব পাৰিছিল কিন্ত পৰাগদাৰ বেলিকা তেওঁলোকে ডেৰদশককৈও অধিক সময় লৈও কাকো চিনাক্তই কৰিব পৰা নাই এতিয়ালৈকে । অসম চৰকাৰৰ  পৰা আমি এইক্ষেত্ৰত একো আশা নকৰো ,আশা নকৰো সেইসকল ভাগৰুৱা বিপ্লবীৰ পৰা যিসকলৰ বিষয়ে  পৰাগদাই “বুধবাৰ” , “আগান” , “অসমীয়া-প্ৰতিদিন” ৰ পৃষ্ঠা যুক্তিভৰা লেখনিৰে ভৰাই  পেলাইছিল । কাৰণ এইসকল ভাগৰুৱা বিপ্লবীৰ আগত সংবাদ মাধ্যমে পৰাগদাৰ হত্যাৰ ঘটনা সৰ্ম্পকত কিবা সুধিলেই  কয় “ সকলো হত্যাৰে উচিত বিচাৰ লাগে” আৰু এনেকৈয়ে তেওঁলোকে পৰাগদাৰ  মৃত্যুক  এটা  সাধাৰণ হত্যাৰ ঘটনাৰ শাৰীত থৈ দিছে । তেওঁলোকে পৰাগদাক দিয়া শ্বহীদ উপাধিৰ দ্বাৰা তেখেতৰ  হত্যাৰ তদন্তকাৰী সংস্থাকও পৰাগদা যে কোনো নিষিদ্ধ ঘোষিত বিপ্লবী সংগঠনৰ এজন  সাধাৰণ  সৰ্মথনকাৰী তাক  প্ৰতিপন্ন কৰিবলৈ সহজ কৰি দিছে ।

এই  ডেৰ দশকতে বহুবোৰ সলনি হল । পৰাগদাৰ এসময়ৰ সহকৰ্মীয়ে পৰাগদাৰ ঘাটকৰ হৈ ওকালতিত নামিল ।  পৰাগদাৰ হাতত ধৰি সাংবাদিকতা শিকা ধূৰ্ত সাংবাদিকে পৰাগদাৰ  ঘাটকবোৰক নিৰ্দোষী সজোৱাৰ অপচেষ্টা কৰি সিহঁতৰ  সাত্‍ক্ষাকাৰ বৰ্তমান  চৰকাৰৰ জয়গান গোৱা বেচৰকাৰী নিউজ চেনেলত প্ৰচাৰ কৰিলে ।  পৰাগদাৰ সোঁৱৰণত বটাঁ প্ৰদান কৰা অনুষ্ঠানতেই অসমৰ প্ৰতিষ্ঠিত বুদ্ধিজীৱীয়ে পৰাগদাই অস্ত্ৰক সৰ্মথন কৰিছিল বুলি ঘোষণা কৰাৰ ধৃষ্টতা প্ৰৰ্দশন কৰে আৰু পৰাগদা IAS অফিচাৰহে  হব লাগিছিল বুলি যুক্তি দাঙি ধৰে ।

এজন সৰ্বগ্ৰহণযোগ্য নেতা হোৱাৰ বাবে যিখিনি গুণৰ প্ৰয়োজন সেই আটাইখিনি পৰাগদাৰ আছিল বুলি আমি এতিয়াও বিশ্বাস কৰো ।

অসম তথা অসমীয়া জাতি আৰু সমাজখনৰ পৰা বিছিন্ন হৈ যাবলৈ ইচ্ছা কৰি থকা অসমৰ প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ নেতাসকলে পৰাগদাক আস্থাত লৈছিল । পৰাগদাই  প্ৰতিষ্ঠা  কৰিবলৈ আগবাঢ়ি অহা অসমীয়া সমাজখনৰ প্ৰতি তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিল কাৰণ  সেই সমাজখনত  থাকিলহেঁতেন  প্ৰতিটো জনগোষ্ঠীৰ প্ৰতি সম-মৰ্য্যদা । তাতোকৈও ডাঙৰ কথা আছিল যে অসমৰ অভিবাসী মুছলমান সমাজখনৰ দুখ-দুৰ্দশাৰ সঠিক বৰ্ণনা সমাজৰ আগত পৰাগদাৰ নিচিনাকৈ আন কোনো সাংবাদিক বা বুদ্ধিজীৱীয়ে কৰিব পৰা নাই ।

পৰাগদাৰ হত্যাৰ তদন্ত প্ৰক্ৰিয়া যিমানেই লেহেমীয়া হব সিমানেই আমি ভাৰতীয় শাসন ব্যৱস্থাটোত থকা দুৰ্বল দিশ সমূহ উদঙাই দেখুৱাব পাৰিম ।  তদন্তৰ ফলাফল যিয়েই নহওক আমি মানুহজনক ঘুৰাই নাপাও কিন্ত আমি তেখেতক আমাৰ মাজত জীয়াই ৰাখিব কিয় নোৱাৰিম ? নিশ্চয়কৈ পাৰিব লাগে । কিন্ত পাৰিছোনে ?

পৰাগদাৰ যুক্তিভৰা  লেখনিবোৰৰ গুৰুত্ব আজিৰ দিনত বেছিকৈ প্ৰয়োজন হৈছে । বৰ্তমান যি সামাজিক অৱশয় তাক ৰুধিবলৈ এই অমুল্য লেখনিবোৰৰ পুনৰ  মুদ্ৰণ আৰু প্ৰচাৰ অতিকৈ দৰকাৰী হৈ পৰিছে । পৰাগদাৰ  কৰ্মৰাজিৰ বহুল  প্ৰচাৰৰ  বাবে আজিৰ দিনত তেখেতৰ অনুগামীসকল আগবাঢ়ি অহাটো সময়ৰ আহ্বান । বছৰটোত পৰাগদাৰ স্মৃতি ৰক্ষাৰ নামত এখনি তৰ্ক প্ৰতিযোগিতা আয়োজন কৰা বা সাংবাদিকসকলক পৰাগদাৰ নামত বটাঁ প্ৰদান কৰাটোৱেই  পৰাগদাৰ কৰ্মৰাজিক সন্মান জনোৱাটো নুবুজাই নিশ্চয় ।   পৰাগদাৰ বহল ব্যক্তিত্বৰ  ডেউকাখনৰ তলত থাকি সৎ সাংবাদিক আৰু একোজন দায়িত্ব্শীল নাগৰিক হবলৈ শিকা লোকসকলে এইক্ষেত্ৰত নেতৃত্ব লব লাগে ,  নহলে আমি ভাবিবলৈ বাধ্য হম যে তেওঁলোকও বিশ্বায়নে লৈ অহা ভোগবাদী সমাজখনত উটি ভাহি গৈছে বুলি ।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
biplob baruah
8 years ago

দাদা, আপুনাৰ এই লেখা পঢ়ি বহু অনুপ্ৰেৰণা পালো।পৰাগদাৰ হত্যাৰ সময়ত মই হাইস্কুলৰ দেওনা পাৰেই হোৱা নাছিলো। কিন্তু তেওঁৰ আদৰ্শকে এতিয়াৰে পৰা মই অনুসৰন কৰিম বুলি বদ্ধপৰিকৰ। তেও আজিৰ দিনত জীয়াই থকা হ’লে আমি অসমীয়াবোৰে নিজৰ মাজতে খোৱাকামূৰা কৰি বহিৰাগত বনিকক বৰ পীৰা পাৰি নিদিলোহয়।

পৰাগদা আপোনাক শত শত নমন।